পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
অসাধু লোকৰ দ্বাৰা ক’লা বিপণন আৰু ডিজেলৰ অবৈধ মজুতকৰণ ৰোধৰ বাবে নিয়ন্ত্ৰণ আদেশ জাৰি চৰকাৰৰ
प्रविष्टि तिथि:
12 JUN 2026 2:57PM by PIB Guwahati
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে অসাধু লোকৰ দ্বাৰা ডিজেলৰ ক'লা বিপণন আৰু মজুতকৰণ ৰোধ কৰিবলৈ "মটৰ স্পিৰিট এণ্ড হাই-স্পীড ডিজেল (খুচৰা বিপণীৰ জৰিয়তে যোগানৰ অস্থায়ী নিয়ন্ত্ৰণ) আদেশ, ২০২৬" জাৰি কৰিছে।
এই নিয়মসমূহ অস্থায়ীভিত্তিত প্ৰথম অৱস্থাত ৯০ দিনৰ বাবে প্ৰযোজ্য কৰা হৈছে যাতে সকলো খুচুৰা গ্ৰাহকৰ বাবে ডিজেলৰ উপলব্ধতা নিশ্চিত কৰিব পৰা যায়।
বৰ্তমান কিছুমান খুচুৰা বিপণী অস্বাভাৱিক আৰু অসমান চাহিদা বৃদ্ধিৰ সন্মুখীন হৈছে, কাৰণ পাইকাৰী ডিজেলৰ বিক্ৰী পি এছ ইউ তেল বিপণন কোম্পানীসমূহৰ খুচুৰা বিপণীলৈ স্থানান্তৰিত হৈছে। ইয়াৰ কাৰণ হৈছে পাইকাৰী আৰু খুচুৰা ডিজেলৰ মূল্যৰ পাৰ্থক্যৰ বাবে ঔদ্যোগিক আৰু প্ৰত্যক্ষ, প্ৰতিষ্ঠানিক আৰু বাণিজ্যিক গ্ৰাহকে নিজৰ নিৰ্দিষ্ট গ্ৰাহক পাম্পৰ পৰা খুচুৰা বিপণীলৈ ক্ৰয় স্থানান্তৰ কৰাটো। আন এটা কাৰণ হ’ল ব্যক্তিগত তেল বিপণন কোম্পানীসমূহে নিৰ্ধাৰণ কৰা অধিক দামৰ ফলত ২০২৬ চনৰ মে’ মাহত তেওঁলোকৰ এইচ এছ ডি (উচ্চ গতিৰ ডিজেল) বিক্ৰী প্ৰায় ৫৮% হ্ৰাস পাইছে।
যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২০২৬ চনৰ মে’ মাহৰ তথ্য অনুসৰি ৩২৭খন জিলাত ১০%তকৈ অধিক আৰু ৮০খন জিলাত ৩০%তকৈ অধিক বৃদ্ধিৰ সৈতে পিএছইউ অ’এমচিসমূহৰ খুচুৰা বিপণীসমূহৰ জৰিয়তে ডিজেলৰ বিক্ৰী যথেষ্ট বৃদ্ধি পাইছে।
খুচুৰা বিপণীসমূহত যোগানত ব্যাঘাত জন্মা অসুবিধাৰ পৰা খুচুৰা গ্ৰাহকক সুৰক্ষিত কৰাৰ বাবে এই নতুন নিয়মসমূহ বিশেষভাৱে প্ৰৱৰ্তন কৰা হৈছে। এই ব্যৱস্থাসমূহে সাধাৰণ নাগৰিকক প্ৰভাৱিত নকৰে, কিয়নো গাড়ী বা দুচকীয়া বাহনৰ বাবে ২০০ লিটাৰৰ সীমা যিকোনো ব্যক্তিগত বাহনৰ বাবে প্ৰয়োজনীয়তকৈ বহু বেছি।
এই ব্যৱস্থাসমূহৰ জৰিয়তে বৃহৎ/পাইকাৰী গ্ৰাহকক লক্ষ্য কৰি লোৱা হৈছে, যিসকলে মূল্যৰ বৰ্ধিত শোষণ কৰিবলৈ খুচুৰা বিপণীৰ পৰা ডিজেল ক্ৰয় কৰিব নালাগে। চৰকাৰে লক্ষ্য কৰিছে যে বৃহৎ পৰিমাণৰ ডিজেল ক্ৰয় কৰি জেৰী কেনত সেয়া পুনৰ বিক্ৰী কৰা হৈছে। এই আদেশে ডিজেলৰ কলা বিপণন আৰু জমাকৰণৰ সৈতে জড়িত ক্ৰেতা/অপাৰেটৰ, ডিলাৰ আৰু বিষয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাত সহায় কৰিব।
খুচুৰা বিপণীৰ পৰা পাইকাৰী গ্ৰাহকলৈ ইন্ধন সৰবৰাহ ৰোধ কৰিলে খুচুৰা গ্ৰাহকৰ বাবে ব্যৱস্থাটোত অধিক যোগান থকাটো নিশ্চিত হ’ব।
পশ্চিম এছিয়াত চলি থকা অশান্তিৰ মাজত খুচুৰা গ্ৰাহকক সুৰক্ষা দিবলৈ চৰকাৰী তেল বিপণন কোম্পানীসমূহে (অএমচি) বৰ্তমান পেট্ৰ’ল, ডিজেল আৰু ঘৰুৱা এল পি জি বিক্ৰীৰ ফলত দৈনিক প্ৰায় ৫০০ কোটি টকাৰ লোকচান ভুগিছে। খুচুৰা গ্ৰাহকক সুৰক্ষা দিয়া আৰু পৰিয়াল, কৃষক আৰু অন্যান্য গ্ৰাহকৰ বাবে ইন্ধন সুলভ কৰি ৰখাৰ বাবে এই ক্ৰমান্বয়ে মূল্য সকাহ কাৰ্যকৰী কৰা হৈছে। এই সকাহ ঔদ্যোগিক আৰু পাইকাৰী যোগানৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, য’ত আন্তঃৰাষ্ট্ৰীয় বজাৰৰ মূল্যৰ দ্বাৰা ইয়াৰ দাম নিৰ্ধাৰণ কৰা হয়; এই কাৰণেই খুচুৰা ডিজেল পাইকাৰী ডিজেলতকৈ প্ৰতি লিটাৰত প্ৰায় ৪০ টকা সস্তা।
পাইকাৰী গ্ৰাহকে উচ্চ গতিৰ ডিজেল (এইচ এছ ডি)ৰ ডাইভাৰচনে স্থানীয় যোগানৰ বাধাৰ সৃষ্টি কৰিছে আৰু শেষ ব্যৱহাৰকাৰীৰ খুচুৰা গ্ৰাহক তথা অত্যাৱশ্যকীয় সেৱাসমূহৰ বাবে ব্যাঘাত জন্মাব পাৰে।
এই আদেশৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এতিয়া চৰকাৰী মালিকানাধীন তেল বিপণন কোম্পানীসমূহ– ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেড, ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেড আৰু হিন্দুস্তান পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডক তলত দিয়া কামসমূহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে।
- খুচুৰা বিপণীসমূহে কেৱল বাহনৰ টেংক বা পিইএছঅ’ অনুমোদিত পাত্ৰতহে ডিজেল বিতৰণ কৰিব, প্ৰতিদিনে প্ৰতিজন গ্ৰাহক/বাহনৰ সৰ্বোচ্চ সীমা ২০০ লিটাৰ।
- খুচুৰা বিপণীৰ পৰা ক্ৰয় কৰা ডিজেল পুনৰ বিক্ৰী কৰিব নোৱাৰিব।
- ঔদ্যোগিক আৰু প্ৰত্যক্ষ, প্ৰতিষ্ঠানিক আৰু বাণিজ্যিক গ্ৰাহকে খুচুৰা বিপণীৰ পৰা ইন্ধন ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু তেওঁলোকে গ্ৰাহকৰ পাম্পৰ পৰা তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব।
- তেল বিপণন কোম্পানী (অ’এমচি) আৰু খুচুৰা বিপণী ব্যৱসায়ীসকলে নিষেধাজ্ঞাসমূহ মানি চলাটো নিশ্চিত কৰাৰ লগতে অৰ্ডাৰৰ বিধানসমূহ আওকাণ কৰাৰ যিকোনো প্ৰচেষ্টা ৰোধ কৰাৰ বাবে দায়বদ্ধ হ’ব।
- সাধাৰণ মানুহৰ স্বাৰ্থ ৰক্ষাৰ বাবে ক’লা বিপণন বা অকৰ্তৃত্বশীল সৰবৰাহৰ দৰে যিকোনো অসৎ কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে।
এই আদেশ উলংঘা কৰিলে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫, আৰু প্ৰযোজ্য আইনৰ অধীনত শাস্তি আৰু অন্যান্য আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
"মটৰ স্পিৰিট আৰু হাই-স্পীড ডিজেল (খুচৰা বিপণীৰ জৰিয়তে যোগানৰ অস্থায়ী নিয়ন্ত্ৰণ) অৰ্ডাৰ, ২০২৬"ক স্পষ্টভাৱে নিৰ্দিষ্ট, বৰ্তমানৰ বজাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ ডিজাইন কৰা অস্থায়ী ব্যৱস্থা হিচাপে সংজ্ঞায়িত কৰা হৈছে।
এইটো কোনো ৰেচন ব্যৱস্থা নহয় আৰু দেশত পেট্ৰ’ল বা ডিজেলৰ অভাৱ নাই। উল্লেখযোগ্য যে ভাৰত বিশ্বৰ চতুৰ্থ বৃহত্তম শোধনাগাৰ আৰু শোধিত পেট্ৰলিয়াম সামগ্ৰীৰ পঞ্চম বৃহত্তম ৰপ্তানিকাৰক হৈয়ে আছে। চৰকাৰে নিৰৱচ্ছিন্ন ইন্ধন যোগান নিশ্চিত কৰা, গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা আৰু সময়োপযোগী তথা সক্ৰিয় ব্যৱস্থাৰ জৰিয়তে শক্তিৰ সুৰক্ষা বৰ্তাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
***
TM/KD
(रिलीज़ आईडी: 2272370)
आगंतुक पटल : 6