তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

শ্ৰী অশ্বিনী বৈষ্ণৱে এমএনআইটি জয়পুৰত অত্যাধুনিক কোৱাণ্টাম আৰু কৃত্ৰিম বুদ্ধিমত্তা পৰীক্ষাগাৰ স্থাপনৰ ঘোষণা কৰে


লেম ৰিচাৰ্চৰ ‘ছেমিভাৰ্ছ’ ছেমিকণ্ডাক্টৰ প্ৰশিক্ষণ প্লেটফৰ্মৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে

प्रविष्टि तिथि: 11 JUN 2026 5:22PM by PIB Guwahati

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি, ৰে’ল তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি জয়পুৰস্থিত মালব্য ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানত (এমএনআইটি) এক অত্যাধুনিক কোৱাণ্টাম কম্পিউটিং আৰু কোৱাণ্টাম যোগাযোগ পৰীক্ষাগাৰ স্থাপনৰ ঘোষণা কৰে।

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ (মেইটী) ইলেক্ট্ৰনিক্স আৰু আইচিটি একাডেমিক প্ৰকল্পৰ অধীনত এই পৰীক্ষাগাৰ স্থাপন কৰা হ’ব।

পৰীক্ষাগাৰটোৱে কোৱাণ্টাম কী বিতৰণ (কিউকেডি), কোৱাণ্টাম কম্পিউটিং ছিমুলেশ্যন আৰু কোৱাণ্টাম চেন্সিং হাৰ্ডৱেৰৰ উপাদানসমূহৰ ক্ষেত্ৰত স্বদেশী সক্ষমতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

শিক্ষাৰ্থী আৰু অধ্যাপকসকলক সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমানৰ প্ৰযুক্তিগত বিপ্লৱ কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ দ্বাৰা পৰিচালিত হৈ আছে যদিও পৰৱৰ্তী বৃহৎ প্ৰযুক্তিগত বিপ্লৱৰ নেতৃত্ব দিব কোৱাণ্টাম প্ৰযুক্তিয়ে।

তেওঁ কয় যে এই প্ৰকল্পৰ অধীনত সম্পাদিত হ’বলগীয়া কামসমূহ দেশৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ হ’ব। পৰীক্ষাগাৰটোৱে কোৱাণ্টাম কী বিতৰণ (কিউকেডি) সম্পৰ্কীয় গৱেষণাও আগবঢ়াব, যি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা অত্যন্ত তাৎপৰ্যপূৰ্ণ।

শ্ৰী বৈষ্ণৱে এমএনআইটি জয়পুৰক কোৱাণ্টাম-উত্তৰ সংকেতলিপি বিজ্ঞানৰ (প’ষ্ট-কোৱাণ্টাম ক্ৰিপ্ট’গ্ৰাফী) ক্ষেত্ৰত নেতৃত্বমূলক ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

লেম ৰিচাৰ্চৰ ‘ছেমিভাৰ্ছ’ প্লেটফৰ্ম

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে ঘোষণা কৰে যে এমএনআইটি জয়পুৰৰ শিক্ষাৰ্থীসকলে লেম ৰিচাৰ্চৰ ‘ছেমিভাৰ্ছ’ প্লেটফৰ্মৰ সুবিধা লাভ কৰিব। এইটো হৈছে ডিজিটেল টুইনভিত্তিক ছেমিকণ্ডাক্টৰ উৎপাদন আৰু প্ৰশিক্ষণ ব্যৱস্থা।

‘ছেমিভাৰ্ছ’ৰ জৰিয়তে শিক্ষাৰ্থীসকলে এতিয়া ৩ডি ৰূপত ছেমিকণ্ডাক্টৰ চিপৰ গঠন অধ্যয়ন কৰিব পাৰিব, চিপ নিৰ্মাণ প্ৰক্ৰিয়া বুজিব পাৰিব আৰু ভাৰ্চুৱেল পৰিৱেশত উৎপাদনৰ বিভিন্ন পৰ্যায়ৰ অনুকৰণ কৰিব পাৰিব।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উদ্যোগখণ্ডৰ অনুমান অনুসৰি বিশ্বজুৰি ১০ লাখতকৈ অধিক ছেমিকণ্ডাক্টৰ ডিজাইন বিশেষজ্ঞৰ চাহিদা আছে। ভাৰতৰ পক্ষে এই ঘাটতি সহজেই পূৰণ কৰা সম্ভৱ। ইতিমধ্যে এনভিডিয়া, কুৱালকম, আৰ্ম আৰু এএমডিৰ দৰে প্ৰতিষ্ঠানসমূহে ভাৰতত ২ নেন’মিটাৰ আৰু ৩ নেন’মিটাৰ প্ৰযুক্তিৰ অত্যাধুনিক ছেমিকণ্ডাক্টৰ চিপ ডিজাইন কৰি আছে। দক্ষ ডিজাইন জনশক্তিৰ বাবেই এই সফলতা সম্ভৱ হৈছে।

শ্ৰী বৈষ্ণৱে কয় যে ‘চিপছ টু ষ্টাৰ্টআপ’ (চি-টু-এছ) কাৰ্যসূচীৰ অধীনত ভাৰত চৰকাৰে দেশৰ ৩২৩খনতকৈ অধিক বিশ্ববিদ্যালয়লৈ ইলেক্ট্ৰনিক ডিজাইন অটোমেশ্যন (ইডিএ) সঁজুলি প্ৰদান কৰিছে। এইসমূহ হৈছে চিনপচিছ, কেডেঞ্চ আৰু ৰেনেচাচৰ দৰে শীৰ্ষস্থানীয় প্ৰতিষ্ঠানৰ বিশ্বমানৰ ছেমিকণ্ডাক্টৰ ডিজাইন সঁজুলি।

এই সঁজুলিসমূহ ব্যৱহাৰ কৰি ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে ডিজাইন কৰা ১০০টাতকৈ অধিক চিপ মোহালিস্থিত ছেমিকণ্ডাক্টৰ লেবৰেটৰী (এছচিএল)-ত উৎপাদন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক এই উন্নত ইডিএ সঁজুলিসমূহৰ পূৰ্ণ সদ্ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।

কৃত্ৰিম বুদ্ধিমত্তা পৰীক্ষাগাৰ

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এমএনআইটি জয়পুৰত কৃত্ৰিম বুদ্ধিমত্তা (এআই) পৰীক্ষাগাৰ স্থাপনৰ ঘোষণাও কৰে। এই পৰীক্ষাগাৰে গৱেষণা আৰু উদ্ভাৱনৰ বাবে উন্নত কম্পিউটিং ক্ষমতা আৰু অত্যাধুনিক সঁজুলিৰ সুবিধা প্ৰদান কৰিব।

এই পৰীক্ষাগাৰটোক ‘ইণ্ডিয়াএআই মিছন’ৰ নেটৱৰ্কৰ সৈতে সংযুক্ত কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। এই সন্দৰ্ভত তেওঁ ডীপফেক বিষয়বস্তু চিনাক্তকৰণ প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি) যোধপুৰে সম্পাদন কৰি থকা কামৰ বিশেষ উল্লেখ কৰে।

মেকাৰ্ছ লেবৰ শুভাৰম্ভ

পৰৱৰ্তী সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজস্থান চৰকাৰৰ শক্তি বিভাগৰ স্বতন্ত্ৰ দায়িত্বপ্ৰাপ্ত ৰাজ্যিক মন্ত্ৰী শ্ৰী হীৰালাল নাগৰ আৰু ৰাজস্থান বিধানসভাৰ সদস্য (চিভিল লাইন্স, জয়পুৰ) শ্ৰী গোপাল শৰ্মাৰ সৈতে এমএনআইটি জয়পুৰত ‘মেকাৰ্ছ লেব’ৰ শুভাৰম্ভ কৰে।

এই ‘মেকাৰ্ছ লেব’ৰ জৰিয়তে শিক্ষাৰ্থীসকলে ছফ্টৱেৰ আৰু হাৰ্ডৱেৰ—উভয় ক্ষেত্ৰতে ব্যৱহাৰিক আৰু অভিজ্ঞতাভিত্তিক প্ৰশিক্ষণ লাভ কৰিব। ইয়াৰ অন্তৰ্গত থাকিব চেন্সৰ, এম্বেডেড ছিষ্টেম, কম্পিউটিং ডিভাইচ আৰু ইলেক্ট্ৰনিক ব্যৱস্থাসমূহৰ প্ৰশিক্ষণ।

ইয়াৰ পূৰ্বে জয়পুৰ ভ্ৰমণৰ সময়ত শ্ৰী বৈষ্ণৱে শিক্ষাৰ্থী আৰু অধ্যাপকসকলৰ সৈতে মতবিনিময় কৰে। শিক্ষাৰ্থীসকলে কৃত্ৰিম বুদ্ধিমত্তা, ৰ’ব’টিক্স, ড্ৰ’ন, গাঁথনিগত অভিযান্ত্ৰিকী আৰু কোৱাণ্টাম-উত্তৰ সংকেতলিপি বিজ্ঞান সম্পৰ্কীয় বিভিন্ন প্ৰকল্প আৰু প্ৰয়োগৰ প্ৰদৰ্শন কৰে।

 

*****

/AA


(रिलीज़ आईडी: 2271932) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Gujarati , Kannada