গ্ৰামোন্নয়ণ মন্ত্ৰালয়
azadi ka amrit mahotsav

গ্ৰাম্য উন্নয়নৰ বাবে কেন্দ্ৰই মুকলি কৰিলে ১.২৫ লাখ কোটি টকা ; ১ জুলাইৰ পৰা আৰম্ভ হ’ব নতুন কাঠামো

শ্ৰী শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত ৰাজ্যিক গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ ভি বি জি ৰাম জি ৰূপায়ণ সন্দৰ্ভত বৈঠক
গ্ৰাম্য উন্নয়ন পৰিৱৰ্তনৰ ক্ষেত্ৰত ৰাজ্যসমূহৰ প্ৰস্তুতিৰ বিষয়ে পৰ্যালোচনা শ্ৰী শিৱৰাজ সিং চৌহানৰ

গ্ৰাম্য নিয়োগ আৰু গাঁৱৰ উন্নয়ন ত্বৰান্বিত কৰিবলৈ ৯৫,৬৯২ কোটি টকাৰ বৃহৎ অন্তৱৰ্তীকালীন আবণ্টন

' কোনো এজনো শ্ৰমিকেই কাম নোপোৱাকৈ নাথাকে ': শ্ৰী শিৱৰাজ সিং চৌহানে ১ জুলাইৰ গ্ৰাম্য পৰিৱৰ্তনৰ বিষয়ে পৰ্যালোচনা কৰে

গাঁৱ পঞ্চায়তসমূহে নতুন কাঠামোৰ অধীনত গ্ৰাম্য উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ক আগুৱাই নিব

এমজিএনৰেগাৰ অধীনত ইতিমধ্যে আবণ্টন দিয়া হৈছে ৩০,০০০ কোটি টকা; পৰিৱৰ্তনৰ সময়ত কোনো শ্ৰমিক নিবনুৱা হৈ নাথাকিব বুলি কয় শ্ৰী শিৱৰাজ সিং চৌহানে

ৰাজ্যসমূহে ডিবিটি, ই-কেৱাইচি আৰু ফেত অথেনটিকেচনে দ্ৰুত অগ্ৰগতি লাভ কৰিছে; শ্ৰী শিৱৰাজ সিং চৌহানে এইবিষয়ত জাৰি কৰিলে কাৰ্যকৰীকৰণৰ নিৰ্দেশনা

২৬ খন ৰাজ্যই বাজেটৰ ব্যৱস্থা কৰিছে; বাকী চাৰিখন ৰাজ্যক প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ আহ্বান জনালে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

प्रविष्टि तिथि: 09 JUN 2026 6:57PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়ন দপ্তৰৰ  মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সভাপতিত্বত আজি ৰাজ্যিক গ্ৰামোন্নয়ন মন্ত্ৰীসকলৰ ‘বিকশিত ভাৰত জিআৰএএমজি ’ ৰূপায়ণ সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত ভাৰত চৰকাৰে গ্ৰাম্য কৰ্মসংস্থাপন, শ্ৰমিকৰ সুৰক্ষা আৰু গাঁৱৰ সামগ্ৰিক উন্নয়নক সতেজ গতি প্ৰদানৰ বাবে ব্যাপক আৰ্থিক আৰু নীতিগত পদক্ষেপৰ কথা ঘোষণা কৰিছে।

ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দি শ্ৰী চৌহানে কয় যে ২০২৬ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী হ’বলগীয়া ঐতিহাসিক নতুন ব্যৱস্থাই কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ সম্পূৰ্ণ মসৃণ, শ্ৰমিককেন্দ্ৰিক পৰিৱৰ্তন নিশ্চিত কৰিব লাগে। এই বৈঠকত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী চন্দ্ৰশেখৰ পেম্মাছানীয়েও অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বৈঠকত কয় যে এয়া কেৱল আঁচনিৰ পৰিৱৰ্তন নহয়, কোটি কোটি শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ সৈতে জড়িত বিষয়ৰ পৰিৱৰ্তন। তেওঁ স্পষ্টভাৱে কয় যে "এজনো শ্ৰমিকে এদিনো কাম  নোপোৱাকৈ থাকিব নালাগিব" । তেওঁ লগতে কয় যে নিয়োগ সৃষ্টি, মজুৰি প্ৰদান বা বিধিগত অধিকাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যাঘাত  জন্মিবলৈ দিয়া নহ'ব।

তেওঁ জনায় যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে এম জি এনৰেগাৰ অধীনত ৩০,০০০ কোটি টকা আবণ্টন দিছে। ইয়াৰ উপৰি  আজি ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ ৯৫,৬৯২ কোটি টকাৰ অন্তৱৰ্তীকালীন আবণ্টন মুকলি কৰা হয়। ইয়াৰ লগে লগে মুঠ আবণ্টনৰ পৰিমাণ  ১.২৫ লাখ কোটিতকৈ অধিক হ’ব।শ্ৰী চৌহানে কয় যে এই ধনৰাশি সমগ্ৰ দেশৰ প্ৰায় ২.৮০ লাখ গ্ৰাম পঞ্চায়তত উপনীত হ’ব, যাৰ ফলত প্ৰতিখন পঞ্চায়তে কেইবা লাখ টকাৰ ধন লাভ কৰাটো নিশ্চিত হ’ব। তেওঁ লগতে কয় যে এই ধন আইনখনৰ বিধানৰ অধীনত চিনাক্ত কৰা ক্ষেত্ৰসমূহত উন্নয়নমূলক কামৰ বাবে ধন ব্যৱহাৰ কৰিব লাগে,  যাতে নিয়োগ সৃষ্টি আৰু গ্ৰাম্য সম্পত্তিৰ সৃষ্টি দুয়োটাই নিশ্চিত হয়।

কেন্দ্ৰীয় চৰকাৰে কেৱল পুঁজি প্ৰদান কৰাই নহয়, সময়মতে মজুৰি প্ৰদান, শ্ৰমিকৰ অধিকাৰ সুৰক্ষা আৰু নিৰৱচ্ছিন্ন উন্নয়নমূলক কাম-কাজ সুনিশ্চিত কৰিব বিচাৰিছে বুলিও তেওঁ কয়। তেওঁ ৰাজ্যসমূহক পৰ্যাপ্ত সংখ্যক কামক আগতীয়া অনুমোদন দিবলৈ আহ্বান জনায়,  যাতে ১ জুলাইৰ পৰাই আঁচনি  কাৰ্যকৰীকৰণ দ্ৰুতগতিত আৰম্ভ কৰিব পৰা যায়।  ডিজিটেল আৰু প্ৰশাসনিক প্ৰস্তুতিৰ বিষয়ত মন্তব্য কৰি শ্ৰী চৌহানে কয় যে বহু ৰাজ্যই ডিবিটি, এছএমএছ ভিত্তিক তথ্য ব্যৱস্থা, ই-কেৱাইচি আৰু ফেচ অথেনটিকেচনৰ দৰে প্ৰক্ৰিয়াত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে, যিয়ে নতুন ব্যৱস্থাৰ সফল ৰূপায়ণৰ ইংগিত দিয়ে।

 

তেওঁ  উল্লেখ কৰে যে  ইতিমধ্যে ২৬খন ৰাজ্যই ‘বিকশিত ভাৰত – গ্ৰামীণ ভাৰত’ৰ উদ্দেশ্য মনত ৰাখি বাজেটৰ ব্যৱস্থা কৰিছে, আনহাতে ঝাৰখণ্ড, কৰ্ণাটক, তেলেংগানা আৰু মিজোৰামক এই প্ৰক্ৰিয়া অতি সোনকালে সম্পূৰ্ণ কৰিবলৈ আহ্বান জনোৱা হৈছে। এই ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকললৈ ব্যক্তিগতভাৱে চিঠি  লিখিব বুলিও তেওঁ কয়। ৰাজ্যসমূহক নিৰ্দেশ দি তেওঁ অতি সোনকালে ৰাজ্য পৰ্যায়ৰ অধিসূচনা জাৰি কৰিবলৈ কয়। মিজোৰাম, পুডুচেৰী আৰু অন্ধ্ৰ প্ৰদেশক অধিসূচনা জাৰি কৰাৰ বাবে শলাগ লৈ তেওঁ আন ৰাজ্যসমূহক এই প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ আহ্বান জনায়। তেওঁ ৰাজ্যসমূহক কৃষিৰ শীৰ্ষ ঋতুৰ বিষয়ে অৱগত কৰিবলৈ, ১০০ শতাংশ ই-কেৱাইচি নিশ্চিত কৰিবলৈ আৰু জিলা তথা  ব্লক পৰ্যায়ত সামৰ্থ্য বিকাশ আৰু সজাগতা কাৰ্যসূচী আয়োজন কৰিবলৈ নিৰ্দেশ দিয়ে।

শ্ৰী শিৱৰাজ সিং চৌহানে কয় যে এই প্ৰস্তাৱসমূহৰ ভিত্তিত গাঁও পঞ্চায়ত আৰু  গাঁও সভাৰ জৰিয়তে কাম নিৰ্বাচন কৰি চূড়ান্ত কৰা হ’ব। লগতে ১ জুলাইলৈকে এম জি এনৰেগাৰ অধীনত কৰ্মসংস্থাপন আৰু মজুৰি প্ৰদানৰ ক্ষেত্ৰত কোনো ধৰণৰ নাটনি  বা ব্যাঘাত জন্মিব নালাগিব বুলিও তেওঁ নিৰ্দেশ দিয়ে।

বৈঠকৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে বিভিন্ন ৰাজ্যৰ বাবে অন্তৱৰ্তীকালীন আবণ্টনৰ কথা ঘোষণা কৰে। আবণ্টনসমূহ হ’ল এনেধৰণৰ - অন্ধ্ৰ প্ৰদেশ ৭,৭০৭.২১ কোটি টকা , অৰুণাচল প্ৰদেশ  ৫৬০.৭০ কোটি টকা , অসম ১,৯২৯.৭ কোটি টকা , বিহাৰ ৬,৭১৫.৮৩ কোটি টকা , ছত্তীশগড় ৩,৩৫৪.৮৫ কোটি টকা , গোৱা ৩.৭০ কোটি টকা , গুজৰাট ১,৫৪০.৫৪ কোটি টকা, হাৰিয়ানা ২,৭০৫.৬৪  কোটি টকা, হিমাচল প্ৰদেশ ১, ২০৩.২৮ কোটি টকা,  ঝাৰখণ্ড ২,৭০৫.৬৪ কোটি টকা,  কৰ্ণাটক ৫,৭০৯.৯ কোটি টকা, কেৰালা ৩, ১৩৬.৪৪ কোটি টকা, মধ্যপ্ৰদেশ ৬,২৫২.০৩ কোটি, মহাৰাষ্ট্ৰ ৪,৪২০.৩২ কোটি টকা, মণিপুৰ ৫৮১.৯৯ কোটি টকা, মেঘালয় ১,১৫৫.০৯ কোটি টকা,  মিজোৰাম ৬১১.৬৫ কোটি টকা, নাগালেণ্ড ২৮৭.৮৫ কোটি টকা, ওড়িশা  ৩,৭৬৩.৮০ কোটি টকা আৰু পঞ্জাৱত ১,৩৩১.৬১ কোটি  টকা।

একেদৰে ৰাজস্থানৰ বাবে ৭,৫৮১.৮৭ কোটি টকা, ছিকিমৰ বাবে ৯৭.৫৭ কোটি টকা, তামিলনাডুৰ বাবে ৭,৫৮৫.৪৯ কোটি টকা, তেলেংগানা ৩,৮২৫.৩১ কোটি টকা, ত্ৰিপুৰাৰ বাবে ১,০৪১.৭ কোটি টকা, উত্তৰ প্ৰদেশৰ বাবে ৯,৭২১.৪৮ কোটি টকাআবণ্টন দিয়া হৈছে। উত্তৰাখণ্ড ৬২৬.৪৩ কোটি টকা আৰু পশ্চিম বংগ ৮,৫০৮.০০ কোটি টকা দিয়া হৈছে।  , যাৰ ফলত ৰাজ্যসমূহৰ বাবে মুঠ আবণ্টন ৯২,৫৫০.১৭ কোটিলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত পুডুচেৰীক ৪০.৫৬ কোটি টকা, জম্মু আৰু কাশ্মীৰৰ বাবে ১,১৫১.২ কোটি টকা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জক ৪.৪৪ কোটি টকা, লাডাখৰ বাবে  ৮৫.৯৮ কোটি টকা, দাদৰা আৰু নগৰ হাভেলী তথা  দমন আৰু দিউ ৯.০২ কোটি টকা আৰু লাক্ষাদ্বীপক আবণ্টন দিয়া হৈছে ০.৩২ কোটি টকা, কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে মুঠ আবণ্টন ১, ২৯১.৫২ কোটি টকালৈ বৃদ্ধি পাইছে। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এই ব্যৱস্থাৰ উপৰি  কেন্দ্ৰীয় প্ৰশাসন আৰু সামাজিক নিৰীক্ষণৰ বাবে ১,৮৫০.৬২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, যাৰ ফলত মুঠ অন্তৱৰ্তীকালীন আবণ্টন ৯৫,৬৯২.৩১ কোটি টকালৈ বৃদ্ধি পাইছে। ইয়াৰ ফলত আঞ্চলিক উন্নয়ন ত্বৰান্বিত হ’ব।

শ্ৰী চৌহানে কয় যে এই পদক্ষেপ  হৈছে "বিকশিত ভাৰত"ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে  "বিকশিত গাঁও" গঢ়াৰ এক গুৰুত্বপূৰ্ণ আহিলা। ইয়াৰ সফলতা ৰাজ্যসমূহৰ প্ৰতিশ্ৰুতি, প্ৰস্তুতি আৰু সক্ৰিয় অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও তেওঁ কয়।

অহা ২৮ আৰু ২৯ জুনত নতুন দিল্লীৰ পুছা  ইনষ্টিটিউটত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন সন্মিলনত সকলো ৰাজ্যকে অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনায়, য’ত এই পদক্ষেপৰ ফলপ্ৰসূ ৰূপায়ণৰ সন্দৰ্ভত বিতং আলোচনা কৰা হ’ব। শ্ৰী শিৱৰাজ সিং চৌহানে আস্থা প্ৰকাশ কৰে যে সকলো ৰাজ্যৰ সহযোগত আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এই পদক্ষেপে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ পৰিৱৰ্তন আৰু কোটি কোটি শ্ৰমিকক বহনক্ষম কৰ্মসংস্থাপন আৰু উন্নত জীৱিকা প্ৰদানৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিব।

*****

RC/PU/ DM


(रिलीज़ आईडी: 2271208) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam