গৃহ মন্ত্ৰালয়
ভগৱান বিৰচা মুণ্ডাৰ প্ৰয়াণ দিৱসত শ্ৰদ্ধাঞ্জলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
ভগৱান বিৰচা মুণ্ডা আছিল জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক চেতনাৰ এক অমৰ প্ৰতীক
ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু জনজাতীয় গৌৰৱৰ প্ৰতি তেওঁৰ উৎসৰ্গা আজিও কোটি কোটি দেশবাসীৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে
प्रविष्टि तिथि:
09 JUN 2026 1:01PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ভগৱান বিৰচা মুণ্ডাক তেওঁৰ প্ৰয়াণ দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, “জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক চেতনাৰ অমৰ প্ৰতীক ভগৱান বিৰচা মুণ্ডাই 'উলগুলান আন্দোলন'ৰ জৰিয়তে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণশিঙা বজাইছিল। তেওঁ জনজাতীয় সমাজক তেওঁলোকৰ অধিকাৰ আৰু ঐতিহ্য ৰক্ষাৰ বাবে সংগঠিত কৰিছিল আৰু জল, অৰণ্য তথা ভূমিৰ সংৰক্ষণক এক গণ আন্দোলনৰ ৰূপ দিছিল। ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে তেওঁৰ সংগ্ৰাম আৰু জনজাতীয় গৌৰৱৰ প্ৰতি তেওঁৰ উৎসৰ্গা আজিও কোটি কোটি দেশবাসীৰ বাবে অনুপ্ৰেৰণা হৈ আছে। ধৰ্তি আবা ভগৱান বিৰচা মুণ্ডাৰ প্ৰয়াণ দিৱসত মই তেখেতক কোটি কোটি প্ৰণাম জনাইছোঁ।”
*****
RK/PR/PS/SC/DB
(रिलीज़ आईडी: 2270699)
आगंतुक पटल : 6