প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পঞ্জাৱৰ ফিৰোজপুৰত সংঘটিত দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
06 JUN 2026 6:22PM by PIB Guwahati
পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"পঞ্জাৱৰ ফিৰোজপুৰ জিলাত সংঘটিত হোৱা এক দুৰ্ঘটনাৰ খবৰ পাই গভীৰভাৱে দুখ পাইছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি মোৰ সমবেদনা। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো।"
পিএমএনআৰএফৰ পৰা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকাকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব
PM @narendramodi"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269939)
आगंतुक पटल : 7