প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ১৮ বছৰ অনুৰ্ধ ভাৰতীয় পুৰুষ হকী দলক পুৰুষৰ ১৮ বছৰ অনুৰ্ধ এছিয়া কাপ ২০২৬ জয় কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে
प्रविष्टि तिथि:
06 JUN 2026 6:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ যুৱ হকী খেলুৱৈসকলৰ এক অনন্য সাফল্যৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে ১৮ বছৰ অনুৰ্ধ ভাৰতীয় পুৰুষ হকী দলক ২০২৬ চনৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনত ব্যতিক্ৰমী দক্ষতা আৰু দলীয় শৃংখলা প্ৰদৰ্শন কৰিছিল, যাৰ ফলত ফাইনেলত এক স্মৰণীয় জয়ৰ শিখৰত উপনীত হ'বলৈ সক্ষম হয় । প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে এই জয়ে যুৱক-যুৱতীসকলৰ মাজত হকীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক প্ৰতিফলিত কৰিছে। তেওঁ দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"আমাৰ যুৱ হকী খেলুৱৈসকলৰ এক সুন্দৰ সাফল্য!
২০২৬ চনৰ পুৰুষৰ ১৮ বছৰ অনুৰ্ধৰ এছিয়া কাপ জয় কৰাৰ বাবে ১৮ বছৰ অনুৰ্ধ ভাৰতীয় পুৰুষৰ হকী দললৈ অভিনন্দন।গোটেই প্ৰতিযোগিতাখনত দলটোৱে ব্যতিক্ৰমী দক্ষতা আৰু দলীয় শৃংখলা প্ৰদৰ্শন কৰি ফাইনেলত স্মৰণীয় জয়ৰ শিখৰত উপনীত হয়। এই জয়ে আমাৰ যুৱক-যুৱতীসকলৰ মাজত হকীৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাকো প্ৰতিফলিত কৰিছে। দলটোক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভেচ্ছা জনাইছো।"
***
MJPS/SS/PRK/DM
(रिलीज़ आईडी: 2269855)
आगंतुक पटल : 9