গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ত্ৰিপুৰাত বি এছ এফৰ লংকামুৰা সীমান্ত আউটপোষ্ট পৰিদৰ্শনকালত সীমান্তৰক্ষীৰ সৈতে মত-বিনিময় কৰি জোৱানসকলৰ মনোবল বৃদ্ধি কৰে
অসীম ধৈৰ্য, অদম্য পৰিশ্ৰম আৰু ভাৰত মাতৃৰ প্ৰতি অপৰিসীম ভক্তিৰ প্ৰতীক সন্মানীয় 'গুৰুজী'ৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধঞ্জলি জ্ঞাপন কৰিলোঁ আৰু আৰ এছ এছক গঢ় দিয়া গুৰুজী ‘ৰাষ্ট্ৰ প্ৰথম’ আদৰ্শৰ বাবে এক চিৰস্থায়ী প্ৰেৰণাৰ উৎস হৈয়েই আছে
বিশ্ব পৰিবেশ দিৱসত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আগৰতলাত “আগৰ” গছৰ পুলি ৰোপণ কৰি এখন সেউজ আৰু পৰিবেশ-সচেতন ভাৰতৰ বাৰ্তা প্ৰেৰণ কৰে
২০১৯ চনৰ পৰা চি এ পি এফৰ জোৱানসকলে ৭.৫০ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে, অহা বছৰ ২ কোটি গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে। প্ৰতিজন সৈনিকে পৰিয়ালৰ একোজন সদস্য হিচাপে একোজোপা গছৰ যত্ন লৈ আছে
মাদক দ্ৰব্যই হওক, মানৱ সৰবৰাহে হওক, অস্ত্ৰ সৰবৰাহে হওক অথবা ড্ৰ’নৰ প্ৰত্যাহ্বানেই হওক, ত্ৰিপুৰাৰ পৰা বংগ আৰু বিহাৰলৈকে সীমান্তৰ প্ৰতিটো প্ৰত্যাহ্বান বি এছ এফে সফলতাৰে মোকাবিলা কৰি আছে
পেৰিছ ঘোষণাপত্ৰৰ প্ৰতিটো দফা নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰি ভাৰতে পৰিৱেশ সুৰক্ষাৰ এক গোলকীয় আৰ্হিত পৰিণত হৈছে, ঋগবেদৰ বাৰ্তাক বাস্তৱত কাৰ্যকৰী কৰিছে মোদী চৰকাৰে
গৃহমন্ত্ৰীয়ে কয়, "এজন জোৱানৰ বাবে এটা টিউব-লাইটৰ ব্যৱস্থা কৰিবলৈও মই সময় ব্যয় কৰিবলৈ সাজু"; মোদী চৰকাৰে বিদ্যুৎ, সেউজ শক্তি আৰু বিশুদ্ধ খোৱাপানীৰ জৰিয়তে সীমান্ত আউটপোষ্টৰ দৃশ্যপট ৰূপান্তৰিত কৰিছে
অতি শীঘ্ৰে সীমান্তত আৰম্ভ হ’ব ‘স্মাৰ্ট বৰ্ডাৰ’ পাইলট প্ৰজেক্ট; অত্যাধুনিক প্ৰযুক্তি, ড্ৰোন, চেন্সৰ আৰু স্মাৰ্ট ফেন্সিঙৰ সৈতে এটা স্মাৰ্ট নিৰাপত্তা বিন্যাস সৃষ্টি কৰা হৈছে
সীমান্তৰ নিৰাপত্তা এতিয়া পৃথক নহয়; ডি এম, এছ পি, পাটোৱাৰী, চৰপঞ্চৰ পৰা আৰম্ভ কৰি আধুনিক প্ৰযুক্তি আৰু বি এছ এফৰ জোৱানলৈকে সকলোৰে কঠোৰ পৰিশ্ৰমে যৌথভাৱে লিক-প্ৰুফ নিৰাপত্তা ব্যৱস্থা সৃষ্টি কৰিছে
সীমান্তৰ বেৰৰ ব্যাপক আধুনিকীকৰণ- ৬৫০ কিলোমিটাৰ পুৰণি বেৰৰ সংস্কাৰ, ১১৯ কিলোমিটাৰত নতুন আধুনিক বেৰৰ অনুমোদনৰ প্ৰথম পৰ্যায় আৰম্ভ
प्रविष्टि तिथि:
05 JUN 2026 4:50PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি সীমান্ত সুৰক্ষা বাহিনীৰ লংকামুৰা সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰি বি এছ এফৰ জোৱানৰ সৈতে মত বিনিময় কৰে। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত গছপুলি ৰোপণ অভিযানৰ অংশ হিচাপে আগৰ গছ ৰোপণ কৰে। এই উপলক্ষে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মাণিক সাহা, কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা ব্যুৰোৰ সঞ্চালক, সীমান্ত ব্যৱস্থাপনা সচিব, সীমান্ত সুৰক্ষা বাহিনীৰ সঞ্চালকপ্ৰধানকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষে দিয়া ভাষণত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ গছপুলি ৰোপণ কাৰ্যসূচী ইয়াত অনুষ্ঠিত হয়। ২০১৯ চনৰ পৰা আজিলৈকে আমাৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ জোৱানসকলে ৭.৫০ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। এইবাৰ ৪০ লাখৰ পৰা ৬০ লাখ গছ ৰোপণ কৰা হ’ব আৰু যিবোৰ গছ বাচি নাথাকে সেইবোৰ পুনৰ ৰোপণ কৰা হ’ব। অহা বছৰ চিএপিএফৰ জোৱানসকলে ২ কোটি গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষা আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়াব।
আজি বিশ্ব পৰিৱেশ দিৱসত শ্ৰী অমিত শ্বাহে পৰিৱেশ সুৰক্ষাৰ গুৰুত্ব আৰু এই দিশত মোদী চৰকাৰৰ কাম-কাজৰ ওপৰত আলোকপাত কৰে। শ্ৰী শ্বাহে কয় যে অ’জন স্তৰে সূৰ্যৰ ৰশ্মি মানুহ আৰু অন্যান্য জীৱৰ বাবে উপযোগী কৰি তোলে। তেওঁ কয় যে ইয়াক সুৰক্ষিত কৰাৰ একমাত্ৰ উপায় হ’ল গছৰ সংখ্যা বৃদ্ধি কৰা।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰিৱেশ সুৰক্ষাৰ বাবে একেলগে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই দিশত ভাৰতৰ আৰ্হিক পেৰিছ সন্মিলনত একপ্ৰকাৰ আদৰ্শ আৰ্হি হিচাপে স্বীকৃতি দিয়া হৈছিল। তেওঁ কয় যে পেৰিছ ঘোষণাপত্ৰৰ প্ৰতিটো দিশ আগতেই সম্পূৰ্ণ কৰি আমি ঋগবেদৰ পৰিৱেশ সুৰক্ষাৰ বাৰ্তাৰ প্ৰতি আমাৰ দায়বদ্ধতা বিশ্ববাসীৰ আগত প্ৰমাণ কৰিছোঁ। তেওঁ কয় যে সকলো চি এ পি এফ জোৱানে এজোপা গছক নিজৰ পৰিয়ালৰ সদস্য বুলি গণ্য কৰি অতি ভক্তিৰে ইয়াৰ যত্ন লৈছে। এইটো চৰকাৰী আদেশৰ দ্বাৰা পৰিচালিত কৰ্ম নহয়, বৰঞ্চ স্বাভাৱিক অভ্যাস হ’ব লাগে। কাৰণ এই অভ্যাসেহে আমাক বচাব পাৰে।

শ্ৰী অমিত শ্বাহে কয় যে আজি সীমান্ত সুৰক্ষা বাহিনীৰ ৩৭ নং বেটেলিয়নত থকা জোৱানৰ বাসগৃহৰ ই-উদ্বোধন আৰু বি এছ এফৰ ৯৭ নং বেটেলিয়নত কোৱাৰ্টাৰ গাৰ্ড কমপ্লেক্সৰ ই-আধাৰশিলা সম্পন্ন কৰা হৈছে। তেওঁ কয় যে মোদী চৰকাৰে মাটি ৰক্ষা কৰা আমাৰ জোৱানসকলৰ সুবিধা বৃদ্ধিৰ বাবে বহু কাম কৰিছে। জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ স্বাস্থ্যৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বাবে আৱাসগৃহৰ বাবেও এই চিন্তা কৰা হৈছে। তেওঁ কয় যে বি এছ এফৰ নাম উল্লেখ কৰিলেই দেশবাসীৰ অন্তৰত এক সন্মানৰ ভাব জাগি উঠে আৰু ইয়াৰ পৰা বুজা যায় যে দেশৰ জনসাধাৰণে আপোনাৰ অসুবিধাবোৰ দেখি আৰু অনুভৱ কৰি আছে আৰু লগতে আপোনাৰ তপস্যা, ত্যাগ আৰু সমৰ্পণকো স্বীকাৰ কৰিছে।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে গুৰুত্বপূৰ্ণ সীমান্ত সুৰক্ষিত কৰাৰ দায়িত্ব বি এছ এফৰ। ইমান বিশাল সীমান্তৰ প্ৰতিটো সীমাৰেখাই এক অনন্য প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ উল্লেখ কৰে যে মোদী চৰকাৰে য’তেই সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ) আৰু সশস্ত্ৰ সীমা বল (এছএছবি) নিয়োজিত হয় তাতেই স্মাৰ্ট সীমান্ত নিৰ্মাণৰ সিদ্ধান্ত লৈছে। চাৰিটা দিশৰ নিৰাপত্তা কৌশলৰ অংশ হিচাপে স্থানীয় প্ৰশাসন, প্ৰযুক্তি আৰু সৈনিকৰ অধ্যৱসায়ৰ সংমিশ্ৰণেৰে সীমান্তসমূহক অভেদ্য কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। শ্ৰী শ্বাহে উল্লেখ কৰে যে স্মাৰ্ট সীমান্তৰ ধাৰণাটো চূড়ান্ত পৰ্যায়ত আছে আৰু অতি সোনকালে এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ বিভিন্ন সীমান্তৰ সাত-আঠটা স্থানত একেলগে এই পাইলট প্ৰকল্পটো আৰম্ভ কৰা হ’ব। পাইলট প্ৰজেক্টত সন্মুখীন হোৱা যিকোনো প্ৰাৰম্ভিক সমস্যা সমাধান কৰাৰ পিছত আমি সমগ্ৰ সীমান্ত স্মাৰ্ট বৰ্ডাৰ হিচাপে গঢ়ি তোলাৰ দিশত আগবাঢ়িম। এই ধাৰণাত জিলা দণ্ডাধীশ, আৰক্ষী অধীক্ষক, গাঁওবাসী আৰু সৰপঞ্চেও ভূমিকা ল’ব। সীমান্ত অঞ্চলৰ স্থানীয় প্ৰশাসনক এই ধাৰণাত একত্ৰিত নকৰালৈকে আমি সীমান্তক অভেদ্য কৰি তুলিব নোৱাৰোঁ। যদি আমি বিচ্ছিন্নভাৱে সীমান্ত নিৰাপত্তাৰ কল্পনা কৰোঁ, তেন্তে ই কেতিয়াও সফল নহ’ব।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে দেশৰ সীমা সুৰক্ষাৰ বাবে ত্ৰিপুৰা সীমান্ত আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ । তেওঁ কয় যে সীমান্তৰ বেৰ আধুনিকীকৰণৰ বাবে আমি ১১৯ কিলোমিটাৰ নতুন ফেন্সিঙৰ অনুমোদন জনাইছোঁ, য’ত ১৫ বছৰৰ ওপৰৰ প্ৰায় ৬৫০ কিলোমিটাৰ ফেন্সিঙো আছে। তেওঁ কয় যে সীমান্তৰ আউটপোষ্টসমূহলৈ বিদ্যুৎ যোগান, সেউজ শক্তিৰ পদক্ষেপ, সৈনিকৰ বাবে বিশুদ্ধ খোৱাপানীকে ধৰি সৈনিকৰ সুবিধাৰ বাবে প্ৰকল্পসমূহ কেৱল আৰম্ভ কৰাই নহয়, এয়া সম্পূৰ্ণ হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ত্ৰিপুৰা তিনিওফালৰ সীমান্তৰেখাৰে আগুৰি থকা এখন স্পৰ্শকাতৰ ৰাজ্য। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সকলোৰে বাবে এটা লক্ষ্য নিৰ্ধাৰণ কৰিছে : ২০৪৭ চনৰ ভিতৰত ভাৰতক সম্পূৰ্ণৰূপে বিকশিত কৰা। ২০৪৭ চনৰ ভিতৰত সম্পূৰ্ণ উন্নয়ন লাভ কৰিবলৈ হ’লে প্ৰথমে ভাৰতক সুৰক্ষিত কৰিব লাগিব। দেশৰ যুৱক-যুৱতীসকলৰ মাজত চোৰাং ব্যৱসায়, মানৱ সৰবৰাহ, ড্ৰাগছৰ অপব্যৱহাৰৰ পৰা আমি দেশখনক ৰক্ষা কৰিব লাগিব। ভাৰত চৰকাৰে সকলো সামগ্ৰীৰ সুৰক্ষা প্ৰদান কৰা স্মাৰ্ট ছিকিউৰিটি গ্ৰীড তৈয়াৰ কৰাৰ কাম হাতত লৈছে। শ্ৰী শ্বাহে কয় যে এতিয়া ফেন্সিঙৰ সমগ্ৰ ধাৰণা আৰু আমাৰ কৰ্ম সংস্কৃতি সলনি কৰাৰ প্ৰয়োজন হৈছে। আমাৰ সমাজখনক প্ৰভাৱিত কৰা সকলো প্ৰদূষণৰ পৰা দেশ আৰু ইয়াৰ সীমান্ত ৰক্ষা কৰাটো আমাৰ দায়িত্ব হ’ব। তেওঁ কয় যে সীমান্ত সুৰক্ষাৰ বাবে স্মাৰ্ট ফেন্সিং আৰু চতুৰ্ভুজ নিৰাপত্তা ব্যৱস্থাৰ ধাৰণাটো পৰৱৰ্তী দিনত সীমান্ত পহৰা দিয়া প্ৰতিটো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কৰ্ম সংস্কৃতি হিচাপে গঢ়ি তুলিবলৈ আৰম্ভ কৰা হৈছে।

গছপুলি ৰোপণ অভিযানৰ অংশ হিচাপে আজি কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ), অসম ৰাইফলছ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এনএছজি), দিল্লী আৰক্ষী, নাৰ্কোটিক কণ্ট্ৰোল ব্যুৰো (এনচিবি), নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰো (এনচিআৰবি), নেচনেল ইনভেষ্টিগেচন এজেন্সী (এনআইবি), ব্যুৰো অব পিপল ৰিছাৰ্ছ এণ্ড ডেভেলপমেণ্ট (বিপিআৰএণ্ডডি), নেচনেল ডিজেষ্টাৰ ৰেছপন্স ফৰ্চ (এনডিআৰএফ), নেচনেল ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটীকে ধৰি গৃহ মন্ত্ৰালয়ৰ সকলো কাৰ্যালয় (এনডিএমএ) আৰু আন্তঃৰাজ্যিক পৰিষদ সচিবালয়ে (আইএছচিএছ) সমগ্ৰ দেশতে ৫ লাখতকৈ অধিক গছপুলি ৰোপণ কৰে।
********
RK/PR/PS/KD
(रिलीज़ आईडी: 2269629)
आगंतुक पटल : 8