প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় অৰ্থনীতিৰ ইতিবাচক বিকাশৰ ওপৰত আলোকপাত কৰে

प्रविष्टि तिथि: 05 JUN 2026 8:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আলোকপাত কৰে যে ভাৰতৰ বিকাশৰ গতি শক্তিশালী হৈয়ে আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫-২৬ বিত্তীয় বৰ্ষত ৭.৭ শতাংশ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ৭.৮ শতাংশ জিডিপি বৃদ্ধিৰ হাৰে অৰ্থনীতিৰ শক্তি, সংস্কাৰৰ সফলতা আৰু ১.৪ বিলিয়ন ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটায়।

শ্ৰী মোদীয়ে কয় যে চৰকাৰে জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতা  অধিক উন্নত কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে যুৱ প্ৰজন্মৰ বাবে সুযোগ বৃদ্ধিৰ বাবে নিৰন্তৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰিছে :

"ভাৰতৰ বিকাশৰ গতি শক্তিশালী হৈয়ে আছে!

২০২৫-২৬ বিত্তীয় বৰ্ষত ৭.৭ শতাংশ আৰু ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিকত ৭.৮ শতাংশ জিডিপি বৃদ্ধিয়ে আমাৰ অৰ্থনীতিৰ শক্তি, সংস্কাৰৰ সফলতা আৰু ১.৪ বিলিয়ন ভাৰতীয়ৰ কঠোৰ পৰিশ্ৰমৰ প্ৰতিফলন ঘটায়।

আমি জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায়ৰ সহজতা অধিক উন্নত কৰাৰ বাবে কোনো প্ৰতিবন্ধকতা নাৰাখোঁ আৰু আমাৰ যুৱক-যুৱতীসকলৰ বাবে সুযোগ সম্প্ৰসাৰণত দ্বিধাগ্ৰস্ততা সৃষ্টি হবলৈ নিদিওঁ।"

 

***

 

 

MJPS/SS/PRK/KD


(रिलीज़ आईडी: 2269618) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Gujarati , Tamil , Kannada , Malayalam