পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
চৰকাৰী মালিকানাধীন তেল কোম্পানী (অ’এমচি)ৰ ৪৮টা খুচুৰা বিপণীত মুকলি কৰা হৈছে ই৮৫; টকা ৰাহি কৰক, পৰিৱেশ ৰক্ষা কৰক, বৈদেশিক মুদ্ৰা সঞ্চয় কৰক!
E85 চালিত বাহন চলি আছে ভাৰতীয় কৃষকৰ কঠোৰ পৰিশ্ৰম আৰু ঘামৰ দ্বাৰা থলুৱাভাৱে উৎপাদিত ইথানলৰ ওপৰত : শ্ৰী হৰদীপ সিং পুৰী
থলুৱাভাৱে উৎপাদিত ইথানলৰ অৰ্থনৈতিক লাভ গ্ৰাহকৰ মাজলৈ আগবঢ়াই নিবলৈ E85 ৰ মূল্য নিয়মীয়া পেট্ৰ’লৰ তুলনাত প্ৰতি লিটাৰত প্ৰায় ২০ টকা কম ৰখা হৈছে
E85ৰ প্ৰকৃত শক্তি এইটোৱেই যে ইয়াত কোনো আমদানিকৃত তেল, কোনো বিদেশী খনিজ নাই; এয়া কেৱল ভাৰতৰ উৎপাদন, ভাৰতৰ প্ৰগতি
प्रविष्टि तिथि:
05 JUN 2026 7:57PM by PIB Guwahati
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে আজি ২০২৬ চনৰ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নতুন দিল্লীৰ ভাৰতীয় তেলৰ খুচুৰা বিপণীত E85 ইন্ধন মুকলি কৰে। উক্ত অনুষ্ঠানত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া আৰু ৰাজহুৱা খণ্ডৰ অ’এমচি (তেল বিপণন কোম্পানী)ৰ চি এম ডিসকলো উপস্থিত থাকে।
E85 হৈছে উচ্চ ইথানল মিশ্ৰিত ইন্ধন, য’ত ৮০-৮৫ শতাংশ ইথানল আৰু ১৪-১৯ শতাংশ পেট্ৰ’ল থাকে। ইয়াক বিশেষভাৱে ফ্লেক্স-ইন্ধনযুক্ত বাহনত ব্যৱহাৰৰ বাবে ডিজাইন কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে ফ্লেক্স-ফুৱেল বাহন (এফএফভি) গ্ৰহণক প্ৰসাৰিত কৰা। এই বাহনসমূহ E২০ৰ পৰা E১০০লৈকে ইথানল মিশ্ৰণত চলিব পাৰে, যাৰ ফলত গ্ৰাহকৰ এটা মিশ্ৰণত সীমাবদ্ধৰ প্ৰয়োজনীয়তা নাইকিয়া হয়।
দেশজুৰি ৰাজহুৱা খণ্ডৰ অ’এমচিৰ ৪৮টা খুচুৰা বিপণী (আৰ অ’)ৰ পৰা আৰম্ভ হৈছে, যিয়ে ফ্লেক্স ইন্ধনযুক্ত বাহন চালকসকলক এই পৰিষ্কাৰ ইন্ধন প্ৰদান কৰিছে। এই পদক্ষেপক দেশজুৰি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে। ২০২৬ চনৰ ডিচেম্বৰৰ ভিতৰত ইয়াক ৫০০ আৰ অ’লৈ আৰু ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত প্ৰায় ৫,০০০ আৰ অ’লৈ সম্প্ৰসাৰিত কৰা হ’ব। ইয়াৰ ফলত ভাৰতত ২০৩০-৩১ চনৰ ভিতৰত মুঠ ইথানল মিশ্ৰণৰ মাত্ৰা প্ৰায় ২৬ শতাংশত উপনীত হোৱাত সহায় কৰিব।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে শক্তিৰ উপলব্ধতা, ব্যয়সাধ্য আৰু বহনক্ষমতাৰ "শক্তি ত্ৰিলেমা"ৰ (শক্তি সম্পৰ্কীয় তিনিটা প্ৰত্যাহ্বান) সফলতাৰে ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষমতা প্ৰমাণ কৰিছে। তদুপৰি ভাৰতে সুস্থিৰ ইন্ধন যোগান নিশ্চিত কৰিছে আৰু বিশ্বৰ শক্তি বজাৰৰ হ্ৰাস-বৃদ্ধিৰ পৰা গ্ৰাহকক সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰিছে। তেওঁ উল্লেখ কৰে যে ভাৰতত ইন্ধনৰ মূল্যবৃদ্ধি ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ পিছত আটাইতকৈ কম।
তেওঁ গুৰুত্ব সহকাৰে উল্লেখ কৰে যে ২০১৪ চনত ইথানল মিশ্ৰণ ১.৫৩ শতাংশৰ পৰা আজি ২০ শতাংশলৈ বৃদ্ধি পাইছে, নিৰ্ধাৰিত সময়তকৈ পাঁচ বছৰ আগতেই এই লক্ষ্যত উপনীত হৈছে। তেওঁ কয় যে এই পৰিৱৰ্তনে ১.৮৪ লাখ কোটি টকাতকৈ অধিক বৈদেশিক মুদ্ৰা ৰাহি কৰিছে আৰু খাৰুৱা তেলৰ আমদানি প্ৰায় ৩০২ লাখ মেট্ৰিক টন হ্ৰাস কৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে ভাৰতৰ কৃষকসকলৰ অৱদানৰ দ্বাৰা, যিসকলে এতিয়া "খাদ্য প্ৰদানকাৰী"ৰ পৰা দেশৰ "শক্তি প্ৰদানকাৰী" স্বৰূপ হৈ পৰিছে।
E85ৰ সুবিধাসমূহ:
- E85ৰ দাম নিয়মীয়া পেট্ৰ’লৰ তুলনাত প্ৰতি লিটাৰত প্ৰায় ২০ টকা কম, যাতে ঘৰুৱাভাৱে উৎপাদিত ইথানলৰ অৰ্থনৈতিক লাভ গ্ৰাহকৰ মাজলৈ প্ৰেৰণ কৰিব পৰা যায়।
- E85ত চলা ফ্লেক্স-ইন্ধন বাহনে নিয়মীয়া পেট্ৰ’ল বাহনৰ তুলনাত প্ৰায় ৬১ শতাংশ সেউজ গৃহ গেছৰ নিৰ্গমণ হ্ৰাস কৰিব পাৰে।
- প্ৰায় ১০৮ৰ ৰিচাৰ্চ অক্টেন নম্বৰ (আৰ ও এন)ৰ সৈতে ইথানলে উন্নত নক ৰেজিষ্টেন্স প্ৰদান কৰে, যাৰ ফলত ইঞ্জিনসমূহে অধিক কম্প্ৰেছন অনুপাত আৰু অধিক নিখুঁত ইগনিচন টাইমিঙত কাম কৰিব পাৰে।
- অধিক ইথানলৰ মিশ্ৰণৰ ফলত পৰিষ্কাৰ আৰু উন্নত দহন হয়, কণা পদাৰ্থৰ নিৰ্গমন শূন্যৰ ওচৰলৈ হ্ৰাস পায় আৰু চহৰসমূহৰ বায়ুৰ গুণাগুণ উন্নত হয়।
- ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে কয় যে যদিহে নতুন দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ ৫০ শতাংশ ফ্লেক্স ইন্ধনযুক্ত বাহনলৈ ৰূপান্তৰিত কৰা হয় তেন্তে ইয়াৰ ফলত ৩১২ কোটি লিটাৰতকৈ অধিক ইথানলৰ চাহিদা সৃষ্টি হ’ব পাৰে আৰু ই কৃষকসকলক প্ৰত্যক্ষভাৱে প্ৰায় ১২,৪০৩ কোটি টকা যোগান ধৰিব। তেওঁ কয় যে এই পৰিৱৰ্তনে বছৰি প্ৰায় ১৫,১৫১ কোটি টকা বৈদেশিক মুদ্ৰা ৰাহি কৰিব পাৰে আৰু CO2 নিৰ্গমণ ৬৬.৪ লাখ মেট্ৰিক টন হ্ৰাস কৰিব পাৰে।
ভাৰতৰ ফ্লেক্স ইন্ধন যাত্ৰা বিশ্বৰ সফলতাৰ পৰা অনুপ্ৰাণিত আৰু দেশৰ প্ৰয়োজন তথা শক্তিৰ অনুকূল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰাজিলে দশক দশক ধৰি উচ্চ ইথানল মিশ্ৰণৰ দীৰ্ঘায়ু প্ৰমাণ কৰি আহিছে আৰু বৰ্তমান তাত ৮০%তকৈ অধিক লঘু বাহন ফ্লেক্স ইন্ধন প্ৰযুক্তিৰে চলি আছে।
মন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ ফ্লেক্স ইন্ধন-সঙ্গতিপূৰ্ণ দুচকীয়া, চাৰিচকীয়া বাহন আৰু এতিয়া E85 ইন্ধন মুকলি কৰাটোৱে ভাৰতৰ প্ৰাৰম্ভিক পৰীক্ষাৰ পৰা সুসংগঠিত ৰাষ্ট্ৰীয় ফ্লেক্স ইন্ধন পৰিৱেশতন্ত্ৰলৈ অগ্ৰগতিৰ সংকেত দিয়ে। তেওঁ ৰাজ্যসমূহক এই পৰিৱৰ্তনক সমৰ্থন কৰা E85 ইন্ধন আৰু ফ্লেক্স ইন্ধনযুক্ত বাহনৰ বাবে কৰ নীতি প্ৰণয়ন কৰিবলৈ আহ্বান জনায়।

ইথানল মিশ্ৰিত ইন্ধনৰ বিষয়ে ভুল ধাৰণা দূৰ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে-
- E85 ইন্ধন বিশেষভাৱে ডিজাইন কৰা ফ্লেক্স ইন্ধনযুক্ত বাহনৰ বাবেহে, গতানুগতিক পেট্ৰ’ল বাহনৰ বাবে নহয়।
- সমগ্ৰ দেশতে E২০ মানক ইন্ধন হোৱাৰ পিছৰে পৰা ইথানল সংযোজনৰ বাবে ইঞ্জিন বিকল হোৱা বা বাহন স্থৱিৰ হোৱাৰ এটাও উদাহৰণ নাই।
- E২০-সামঞ্জস্যপূৰ্ণ বাহনে বিশেষকৈ চহৰত গাড়ী চলোৱাৰ সময়ত উন্নত ত্বৰণ আৰু গতি প্ৰদান কৰে।
- ভাৰতত E২০ ইন্ধনৰ ব্যৱহাৰে বাহনৰ বীমাৰ বৈধতাত কোনো প্ৰভাৱ পেলোৱা নাই।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ক্ৰয় খৰচ হ্ৰাস আৰু বৰ্তমানৰ ইন্ধনৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰাৰ ক্ষমতাৰ বাবে ইভিৰ তুলনাত ফ্লেক্স ইন্ধনযুক্ত বাহনসমূহ অত্যন্ত প্ৰতিযোগিতামূলক হৈয়েই আছে। তেওঁ উল্লেখ কৰে যে ইভি প্ৰযুক্তি আমদানিকৃত বেটাৰী আৰু অত্যাৱশ্যকীয় খনিজ পদাৰ্থৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল যদিও E85 চালিত বাহনসমূহ ঘৰুৱাভাৱে উৎপাদিত ইথানলৰ দ্বাৰা চলি থাকে, যিটো ভাৰতীয় কৃষকৰ কঠোৰ পৰিশ্ৰম আৰু ঘামৰ জৰিয়তে উৎপাদিত হয়।
ভাষণৰ সামৰণিত মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতি লিটাৰ ইথানলে আমদানিকৃত জীৱাশ্ম ইন্ধনৰ ঠাই লয় আৰু E85ৰ প্ৰতিটো টোপালেই ‘আত্মনিৰ্ভৰ ভাৰত’ৰ মনোভাৱক মূৰ্ত কৰি তোলে।
"ইয়াৰ প্ৰতিটো টোপালেই ভাৰতক প্ৰতিনিধিত্ব কৰে, প্ৰতিটো টোপালেই আমাৰ কৃষকক প্ৰতিনিধিত্ব কৰে, প্ৰতিটো টোপালেই ভাৰতৰ ভৱিষ্যতক প্ৰতিনিধিত্ব কৰে"!
****
Tejaswi/KD
(रिलीज़ आईडी: 2269610)
आगंतुक पटल : 30