প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, কিছুসংখ্যক প্ৰকল্প দেশলৈ উৎসৰ্গা কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
চাৰিশৰীয়া প্ৰৱেশ-নিয়ন্ত্ৰিত বদোদৰা-মুম্বাই এক্সপ্ৰেছৱে’ৰ গুৰুত্বপূৰ্ণ পেকেজসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
৫৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুত্বপূৰ্ণ অংশসমূহ চাৰি শৰীয়া ঘাইপথলৈ উন্নীত কৰা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে; জনজাতীয় অঞ্চলসমূহত সংযোগ উন্নীত কৰাৰ লগতে ষ্টেচু অৱ ইউনিটিলৈ যাতায়ত ত্বৰান্বিত কৰাৰ বাবে গ্ৰহণ কৰা হৈছে এই প্ৰকল্প
ডমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
ডমনৰ নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
লক্ষদ্বীপ কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে ৮৮৫ কোটি টকাৰ বন্দৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
04 JUN 2026 10:03AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।
ইয়াৰ পাছত প্ৰধানমন্ত্ৰীয়ে ডমনলৈ যাত্ৰা কৰি সন্ধিয়া প্ৰায় ৬ বাজি ১৫ মিনিটত ডমনৰ নমো বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰিব। ইয়াৰ পাছতে ডমনৰ নমো চিকিৎসালয়খন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা হ’ব। তাৰ পিছত সন্ধিয়া প্ৰায় ৭ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে ডমনত প্ৰায় ২,৯৭০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ বাবে প্ৰায় ৮৮৫ কোটি টকাৰ চাৰিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।
চুৰাটত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে চুৰাটত পথ, শক্তি আৰু ঔদ্যোগিক খণ্ডত ১৮,৮00 কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।
প্ৰধানমন্ত্ৰীয়ে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজত উচ্চ গতিৰ পৰিবহণ, ৰচদ পাতি সৰবৰাহৰ দক্ষতা আৰু অৰ্থনৈতিক সংযোগ বৃদ্ধি কৰাৰ বাবে বদোদৰা-মুম্বাই এক্সপ্ৰেছৱে’ৰ ষষ্ঠ আৰু সপ্তম পেকেজ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। প্ৰধানমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব য’ত জনজাতীয় অঞ্চলসমূহত সংযোগ বৃদ্ধি কৰিবলৈ আৰু ষ্টেচু অৱ ইউনিটিলৈ যাতায়ত ত্বৰান্বিত কৰিবলৈ ৫৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুত্বপূৰ্ণ অংশসমূহ চাৰি শাৰীলৈ উন্নীত কৰা হ’ব ।
প্ৰধানমন্ত্ৰীয়ে লগতে চুৰাটত কেন্দ্ৰীয় পৰীক্ষাগাৰ আৰু অত্যাৱশ্যকীয় আনুষংগিক সেৱাৰ সুবিধা সহ বিশেষ ব্যৱস্থা থকা, আধুনিক মাধ্যমিক স্বাস্থ্যসেৱা প্ৰদান কৰিব পৰা ২০০ খন বিচনা যুক্ত ইএচআইচি চিকিৎসালয়ও উদ্বোধন কৰিব । ইয়াত বৃত্তিগত আঘাত আৰু চিকিৎসা জৰুৰীকালীন অৱস্থাৰ সময়োপযোগী ব্যৱস্থাপনা নিশ্চিত কৰিবলৈ ২৪ x ৭ জৰুৰীকালীন আৰু ট্ৰমা যত্নৰ সুবিধাও আছে। প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাজ্যিক সঞ্চালন ব্যৱস্থাৰ অধীনত বিদ্যুৎ স্থানান্তৰ ক্ষমতা বৃদ্ধিৰ বাবে গুজৰাটত সঞ্চালন নেটৱৰ্ক সম্প্ৰসাৰণকে ধৰি গুৰুত্বপূৰ্ণ উপযোগিতা আৰু ঔদ্যোগিক আন্তঃগাঁথনি প্ৰকল্পসমূহ উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপো উদ্বোধন কৰিব, যাৰ ভিতৰত আছে ভালচাডত পুনৰ্গঠিত সংস্কাৰ-আধাৰিত বিতৰণ খণ্ড আঁচনিৰ অধীনত আধুনিক বিদ্যুৎ বিতৰণ উন্নয়ন, দহেজ পেট্ৰ 'লিয়াম, ৰাসায়নিক আৰু পেট্ৰোকেমিকেল বিনিয়োগ অঞ্চল (পি. চি. পি. আই. আৰ.) আৰু চাৰিগাম গুজৰাট ঔদ্যোগিক উন্নয়ন নিগম (জি. আই. ডি. চি.) ত উন্নত প্ৰবাহ নিষ্কাশন আৰু চিকিৎসা আন্তঃগাঁথনি, তথা জাম্বুছাৰ বাল্ক ড্ৰাগ পাৰ্কত অত্যাৱশ্যকীয় বিন্যাসৰ সুবিধা ।
ডমনত প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে ডমনত প্ৰায় ২,৯৭০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। স্বাস্থ্যসেৱা, অসামৰিক বিমান পৰিবহণ, পৰ্যটন, আন্তঃগাঁথনি, সংযোগ আৰু জনকল্যাণকে ধৰি বিভিন্ন খণ্ডত বিস্তৃত হৈ থকা এই প্ৰকল্পসমূহে কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী তথা ডমন আৰু ডিউৰ সামগ্ৰিক উন্নয়নত এক গুৰুত্বপূৰ্ণ উৎসাহ যোগাব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে ডমনত অন্যান্য প্ৰকল্পৰ লগতে নমো বিমানবন্দৰ আৰু নমো চিকিৎসালয়ৰ নতুন টাৰ্মিনেল বিল্ডিঙকে ধৰি প্ৰায় ১,৩৪০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু উৎসৰ্গা কৰিব। নতুন বিমানবন্দৰ টাৰ্মিনেলে আঞ্চলিক বিমান সংযোগ যথেষ্ট বৃদ্ধি কৰিব আৰু অঞ্চলটোত অৰ্থনৈতিক বিকাশত সহায় কৰিব। নমো চিকিৎসালয়ক প্ৰতিদিনে প্ৰায় ১৫০০ ওপিডি ৰোগীৰ সেৱা আগবঢ়াবলৈ ডমনৰ জিলা চিকিৎসালয় হিচাপে বিকশিত কৰা হৈছে আৰু ই জনসাধাৰণৰ বাবে মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধা শক্তিশালী কৰিব।
প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১,৬৩০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধান প্ৰকল্পসমূহৰ ভিতৰত আছে আইকনিক ব্ৰীজ, ডমন কনভেনশ্যন চেণ্টাৰ আৰু দমনৰ এনআইএফটি কেম্পাছ আদি। এই প্ৰকল্পসমূহে আধুনিক আন্তঃগাঁথনি শক্তিশালী কৰিব, পৰ্যটন বৃদ্ধি কৰিব, বিনিয়োগ বৃদ্ধি কৰিব, নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব আৰু জনসাধাৰণৰ জীৱনৰ মান উন্নত কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ বাবে প্ৰায় ৮৮৫ কোটি টকাৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত আছে কালপেনী দ্বীপ আৰু কদমত দ্বীপ দুয়োটাৰে পূব আৰু পশ্চিম দিশত থকা বন্দৰ সুবিধাসমূহৰ উন্নয়ন। এই বহুমুখী জেটিৰ বিকাশে ৩০০ মিটাৰ দৈৰ্ঘ্যৰ ক্ৰুজ জাহাজকে ধৰি বৃহৎ যাত্ৰীবাহী জাহাজৰ বছৰজুৰি নিৰাপদে ৰখাৰ সুবিধা প্ৰদান কৰিব। এই প্ৰকল্পসমূহে নিৰাপদ আৰু দক্ষ যাত্ৰী তথা কাৰ্গো পৰিচালনা সক্ষম কৰিব আৰু মাছ পৰিচালনা, ইন্ধন বিতৰণ, বৰফ যোগান তথা নাও মেৰামতিৰ বাবে সংহত সুবিধা প্ৰদান কৰিব। এই পদক্ষেপসমূহে সামুদ্ৰিক সংযোগ শক্তিশালী কৰিব, স্থানীয় মাছমৰীয়াসকলৰ জীৱিকাত সহায় কৰিব, পৰ্যটনৰ প্ৰসাৰ ঘটাব আৰু দ্বীপসমূহৰ আৰ্থ-সামাজিক বিকাশত অৰিহণা যোগাব।
***
MJPS/SS/PRK/DD
(रिलीज़ आईडी: 2268794)
आगंतुक पटल : 12