আয়ুষ
দীৰ্ঘায়ু আৰু মংগল কামনাৰে ভাৰতৰ সামগ্ৰিক দৃষ্টিভংগীক আলোকপাত কৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬, বিষয়বস্তু ‘সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ’
‘যোগে সুন্দৰ আৰু স্বাস্থ্যসন্মতভাৱে বয়স বৃদ্ধিৰ কলাৰ শিক্ষণ প্ৰদান কৰে’: কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাধৱ
বিগত দশকত যোগ আৰু সুস্থ বয়স বৃদ্ধিৰ ওপৰত বিশ্বত বৈজ্ঞানিক অধ্যয়ন উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে
प्रविष्टि तिथि:
01 JUN 2026 5:50PM by PIB Guwahati
২০২৬ চনৰ ২১ জুনত পালন হ’বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (আইডিৱাই)ৰ বিষয়বস্তু ‘সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ’-এ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্থতাক প্ৰসাৰিত কৰাৰ বাবে এক সামগ্ৰিক পদ্ধতি হিচাপে যোগক ক্ৰমবৰ্ধমান গোলকীয় স্বীকৃতিক প্ৰতিফলিত কৰে। ভাৰতৰ প্ৰাচীন প্ৰজ্ঞাত শিপাই থকা আৰু মহাদেশসমূহে আকোৱালি লোৱা যোগে সুস্থ আৰু সক্ৰিয় জীৱন যাপনৰ এক বিশ্বাসযোগ্য পথ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই বিষয়বস্তুৱে সজীৱতা, স্থিতিস্থাপকতা আৰু স্বাধীনতাক লাভান্বিত কৰাৰ ক্ষেত্ৰত যোগৰ পৰিবৰ্তনশীল সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে, একে সময়তে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সামগ্ৰিক সুস্থতাৰ মূল স্তম্ভ হিচাপে ইয়াৰ ভূমিকা শক্তিশালী কৰিছে।
এই বিষয়বস্তুৰ তাৎপৰ্য সন্দৰ্ভত ভাষণ দি আয়ুষৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাধৱে কয়, ‘এইবাৰৰ আইডিৱাইৰ বিষয়বস্তু ‘সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ’-এ আজি অপৰিসীম প্ৰাসংগিকতা লাভ কৰিছে। যেনেকৈ আয়ুস বৃদ্ধি অব্যাহত আছে, আমি সুন্দৰ আৰু স্বাস্থ্যসন্মতভাৱে বয়স বৃদ্ধিৰ কলা শিকিব পৰাটো অতি প্ৰয়োজনীয়— এই ধাৰণা ভাৰতৰ প্ৰাচীন সভ্যতাৰ সুন্দৰ উদাহৰণ, য’ত আমাৰ ঋষি আৰু যোগীসকলে যোগ আৰু আধ্যাত্মিক অনুশাসনৰ শক্তিৰ দ্বাৰা দীৰ্ঘায়ু আৰু সুস্বাস্থ্য বজাই ৰাখিছিল।’
এই বিষয়বস্তুৱে কেৱল আয়ুস বৃদ্ধি কৰাই নহয়, ‘স্বাস্থ্যকাল’ বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে — সুস্বাস্থ্যৰে কটোৱা জীৱনৰ সময়ছোৱা। শাৰীৰিক ভংগীমা, শ্বাস-প্ৰশ্বাসৰ অনুশীলন, ধ্যান আৰু মননশীলতাৰ সংমিশ্ৰণৰ জৰিয়তে যোগে সমগ্ৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটোত গতিশীলতা, মানসিক সুস্থতা আৰু আৱেগিক স্থিতিস্থাপকতা বজাই ৰখাৰ এক বিশ্লেষণাত্মক পদ্ধতিৰ শিক্ষণ আগবঢ়ায়।
ক্ৰমবৰ্ধমান বৈজ্ঞানিক স্বীকৃতি
সুস্থ বয়স বৃদ্ধিত যোগৰ ভূমিকাই বিশ্বৰ বৈজ্ঞানিক সমাজৰ ক্ৰমান্বয়ে দৃষ্টি আকৰ্ষণ কৰিছে। পাবমেড চেণ্ট্ৰেলত উপলব্ধ তথ্য অনুসৰি যোৱা দশকত ‘সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ’ৰ সৈতে জড়িত শৈক্ষিক প্ৰকাশনসমূহে যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
২০১৪ চনত এই বিষয়ত মাত্ৰ ১৮৩ খন গৱেষণাপত্ৰ প্ৰকাশ পোৱাৰ বিপৰীতে ২০২৫ চনলৈকে এই সংখ্যা ১,২০৭লৈ বৃদ্ধি পাইছে। ২০২০ চনত প্ৰকাশ পোৱা গৱেষণাপত্ৰৰ সংখ্যা ৫০০ প্ৰকাশন অতিক্ৰম কৰি ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে, যিয়ে বয়স বৃদ্ধিৰ সৈতে জড়িত শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাত যোগৰ ভূমিকা সম্পৰ্কে বিস্তাৰিত বৈজ্ঞানিক অধ্যয়নৰ প্ৰতি আগ্ৰহক প্ৰতিফলিত কৰিছে।
যোগৰ বৈজ্ঞানিক অধ্যয়নৰ প্ৰতি ক্ৰমাবৰ্ধমান আগ্ৰহে ভাৰতৰ পৰম্পৰাগত জ্ঞান ব্যৱস্থাৰ ভিতৰত দীৰ্ঘদিনীয়া বুজাবুজিক সমৰ্থন কৰি প্ৰমাণ কৰে যে সুস্থ বয়স বৃদ্ধিৰ বাবে শাৰীৰিক, মানসিক আৰু সামাজিক কল্যাণক সামৰি লোৱা সুষম পদ্ধতিৰ প্ৰয়োজন।
প্ৰবীণ নাগৰিকৰ অৰ্থনীতিত উদীয়মান সুযোগ
সুস্থ বয়স বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়াৰ বিষয়টো বিশ্বৰ ‘প্ৰবীণ নাগৰিকৰ অৰ্থনীতি’ৰ দ্ৰুত বৃদ্ধিৰ সৈতেও মিল আছে, যিয়ে জ্যেষ্ঠ নাগৰিকসকলক যোগান ধৰা সামগ্ৰী আৰু সেৱাসমূহ সামৰি লৈছে। ভাৰতত জ্যেষ্ঠকেন্দ্ৰিক অৰ্থনীতি— স্বাস্থ্যসেৱা, যতন সেৱা, পুনৰ্বাসন, সহায়ক জীৱন-যাপন, ডিজিটেল স্বাস্থ্য আৰু বৃদ্ধাৱস্থাৰ যতনকে ধৰি প্ৰায় ৭৩,০০০ কোটি টকা বুলি অনুমান কৰা হৈছে আৰু অনাগত বছৰবোৰত এই পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
৪৫–৬৪ বছৰ বয়সৰ ব্যক্তিসকলে বিশ্বজুৰি গ্ৰাহকৰ এটা ডাঙৰ অংশক ক্ৰমান্বয়ে প্ৰতিনিধিত্ব কৰাৰ লগে লগে প্ৰতিৰোধমূলক স্বাস্থ্য সমাধান আৰু সুস্থ জীৱনশৈলীৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই প্ৰেক্ষাপটত যোগাসনে এক উপযোগী আৰু সুলভ পদ্ধতি হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে সুস্থ বয়স বৃদ্ধি আৰু সক্ৰিয় জীৱন-যাপনত সহায় কৰে।
আয়ুষ মন্ত্ৰালয়ৰ পদক্ষেপ
আয়ুস মন্ত্ৰালয়ে যোগক বছৰজুৰি স্বাস্থ্য যতন অনুশীলন হিচাপে প্ৰচাৰ কৰাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত নিজৰ ভূমিকা শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ ভিতৰত মন্ত্ৰালয়ৰ প্ৰমাণভিত্তিক ‘অসংক্ৰামক ৰোগ (এনচিডি) আৰু লক্ষ্য গোটৰ বাবে ১০টা যোগ প্ৰট’কল’, য’ত বিশেষভাৱে জ্যেষ্ঠ নাগৰিকৰ জনসংখ্যাৰ বাবে প্ৰস্তুত কৰা এটা নিৰ্দিষ্ট প্ৰট’কল অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰট’কলে বয়স অনুসৰি যোগাসনৰ জৰিয়তে নমনীয়তা, ভাৰসাম্য, গতিশীলতা, শ্বাস-প্ৰশ্বাসৰ কাৰ্য্য আৰু আৱেগিক সুস্থতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ উপৰি দৈনিক যোগাভ্যাসক উৎসাহিত কৰাৰ বাবে মন্ত্ৰালয়ে ‘যোগ ৩৬৫’ উদ্যম প্ৰচাৰ কৰিছে। এই উদ্যমৰ লক্ষ্য হৈছে প্ৰযুক্তি-সক্ষম মঞ্চ আৰু ঘৰুৱা অনুশীলন মডিউলৰ জৰিয়তে যোগক সুলভ কৰি তোলা, যাৰ ফলত দৈনন্দিন যোগাভ্যাসত ব্যাপক অংশগ্ৰহণ সম্ভৱপৰ হ’ব।
আন এক গুৰুত্বপূৰ্ণ উদ্যম ‘যোগ সমাৱেশ’-এ যোগৰ উপকাৰিতা যাতে সমাজৰ দুৰ্বল আৰু অভাৱগ্ৰস্ত শ্ৰেণীৰ মাজলৈ যায়, তাৰ প্ৰতি দৃষ্টি নিবদ্ধ ৰাখিব বিচাৰে। চকীত বহি যোগাসন, কম প্ৰভাৱযুক্ত কাৰ্যসূচী আৰু সম্প্ৰদায়ভিত্তিক স্বাস্থ্য যতন আদি কাৰ্যসূচীৰ জৰিয়তে এই পদক্ষেপৰ লক্ষ্য হৈছে জ্যেষ্ঠ নাগৰিকসকলক স্বাধীনতা, সামাজিক অংশগ্ৰহণ আৰু সামগ্ৰিক সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰা।
উদ্ভাৱনৰ জৰিয়তে সুস্থ বয়স বৃদ্ধিত সমৰ্থন
আইডিৱাই ২০২৬ৰ বিষয়বস্তু জ্যেষ্ঠ লোকৰ জনসংখ্যাৰ প্ৰয়োজনসমূহ পূৰণৰ বাবে ব্যাপক চৰকাৰী প্ৰচেষ্টাৰো পৰিপূৰক। ছিনিয়ৰকেয়াৰ এজিং গ্ৰ’থ ইঞ্জিন (SAGE)ৰ দৰে পদক্ষেপে বয়োজ্যেষ্ঠ লোকসকলৰ যতনৰ ক্ষেত্ৰত উদ্ভাৱন, উদ্যোগীকৰণ আৰু ষ্টাৰ্ট-আপৰ অংশগ্ৰহণক উৎসাহিত কৰিছে।
যোগৰ উপকাৰিতাৰ প্ৰতি সজাগতা বৃদ্ধিৰ লগে লগে স্বাস্থ্য যতন পেছাদাৰী, যতন লোৱা লোক, ডিজিটেল স্বাস্থ্য প্ৰদানকাৰী আৰু জ্যেষ্ঠ লোকৰ যতনৰ ক্ষেত্ৰত কাম কৰা সম্প্ৰদায়-সংস্থাসমূহৰ বাবেও সুযোগৰ উন্মেষ ঘটিছে। জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য যতনৰ ওপৰত ক্ৰমবৰ্ধমান গুৰুত্বই সুস্থ বয়স বৃদ্ধিৰ সামগ্ৰিক আৰু অ-চিকিৎসাকেন্দ্ৰিক দিশসমূহ সমৰ্থন কৰিব পৰা প্ৰশিক্ষিত পেছাদাৰীৰ চাহিদাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।
সুস্থ বয়স বৃদ্ধিৰ এক সামগ্ৰিক পথ
সমগ্ৰ বিশ্বই পৰিবৰ্তিত জনগাঁথনিগত বাস্তৱৰ সৈতে খাপ খুৱাই লোৱাৰ লগে লগে ‘সুস্থ বয়স বৃদ্ধিৰ বাবে যোগ’ বিষয়বস্তুৱে সময়োপযোগী বাৰ্তা প্ৰদান কৰিছে। প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সক্ৰিয় জীৱনশৈলী আৰু সামগ্ৰিক সুস্থতাক প্ৰসাৰিত কৰি যোগে সকলো বয়সৰ লোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে এক ব্যৱহাৰিক পথ প্ৰদৰ্শন কৰে।
২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে সমগ্ৰ বিশ্বই প্ৰস্তুতি চলোৱাৰ সময়তে এই বিষয়বস্তুৱে সুস্থ, সক্ৰিয় আৰু সুন্দৰ বয়স বৃদ্ধিক সমৰ্থন কৰা ঐতিহাসিক পৰম্পৰাৰ অংশীদাৰিত্ব হোৱাত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ দৃঢ় কৰিছে।


***
SR/SV/SG/NB
(रिलीज़ आईडी: 2267897)
आगंतुक पटल : 10