ৰাষ্ট্ৰপতি সচিবালয়
ভাৰত-চাইপ্ৰাছ সম্পৰ্কত প্ৰযুক্তি আৰু উদ্ভাৱন আটাইতকৈ দূৰদৰ্শী ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পোষ্ট কৰা হৈছে:
22 MAY 2026 9:23PM by PIB Guwahati
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি (২২ মে’, ২০২৬) ৰাষ্ট্ৰপতি ভৱনত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী নিকোছ ক্ৰিষ্টোডৌলিডেক আদৰণি জনায়। তেওঁ চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীৰ সন্মানাৰ্থে এক নৈশভোজৰো আয়োজন কৰে।
ৰাষ্ট্ৰপতি নিকোছ ক্ৰিষ্টোডৌলিডে আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আদৰণি জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিশ্বাস আৰু সদিচ্ছাৰ ওপৰত প্ৰতিষ্ঠিত ভাৰত আৰু চাইপ্ৰাছৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। আমাৰ দ্বিপাক্ষিক সম্পৰ্কক এক কৌশলগত অংশীদাৰিত্বৰ পৰ্যায়লৈ উন্নীত কৰা হৈছে, যিয়ে ভাৰত-চাইপ্ৰাছ সম্পৰ্কৰ বৰ্ধিত পৰিপক্কতা, গভীৰতা আৰু পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে।
প্ৰতিৰক্ষা আৰু নিৰাপত্তা, প্ৰযুক্তি, বিত্তীয় সেৱা, সংযোগ আৰু সামুদ্ৰিক সহযোগিতাৰ দৰে অগ্ৰণী খণ্ডসমূহৰ সহযোগিতা বৃদ্ধিৰ সৈতে ভাৰত-চাইপ্ৰাছ সম্পৰ্কই এক নতুন পৰ্যায়ত প্ৰৱেশ কৰা বুলি জানিবলৈ পাই ৰাষ্ট্ৰপতিগৰাকীয়ে সন্তোষ প্ৰকাশ কৰে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰতত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অন্যতম প্ৰধান উৎস হিচাপে চাইপ্ৰাছ আজিও পৰিগণিত হৈ আহিছে। চাইপ্ৰাছৰ কোম্পানীসমূহে ভাৰতৰ সৈতে বাণিজ্য আৰু বিনিয়োগৰ সম্পৰ্ক সম্প্ৰসাৰণৰ ক্ষেত্ৰত বৰ্ধিত আগ্ৰহ দেখুৱাইছে। ভাৰতৰ বিশাল বজাৰ, ডিজিটেল ৰূপান্তৰ, আন্তঃগাঁথনি আৰু উৎপাদন ক্ষমতাই চাইপ্ৰাছৰ কোম্পানী আৰু বিনিয়োগকাৰীসকলৰ বাবে অপাৰ সুযোগ প্ৰদান কৰিছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে প্ৰযুক্তি আৰু উদ্ভাৱন ভাৰত-চাইপ্ৰাছ সম্পৰ্কৰ আটাইতকৈ দূৰদৰ্শী ক্ষেত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতৰ যুৱ প্ৰতিভা, প্ৰযুক্তিগত ক্ষমতা আৰু ষ্টাৰ্ট-আপ পৰিস্থিতিতন্ত্ৰই চাইপ্ৰাছৰ উদ্ভাৱনী পৰিস্থিতিতন্ত্ৰক পৰিপূৰক হিচাপে সহায় কৰিব পাৰে। তেওঁ দৃঢ়তাৰে কয় যে অৰ্ধপৰিবাহী, নৱীকৰণযোগ্য শক্তি, সেউজ শক্তি, মহাকাশ, বহনক্ষম উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন খণ্ডসমূহত সহযোগিতাৰ প্ৰচুৰ সম্ভাৱনা আছে।
ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইউৰোপীয় ইউনিয়ন কাউন্সিলৰ অধ্যক্ষতাৰ সময়ছোৱাত চাইপ্ৰাছে ভাৰত আৰু ইউৰোপৰ মাজত বিশেষকৈ ভাৰত-ইউৰোপীয় ইউনিয়ন মুক্ত বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পিছত অৰ্থনৈতিক সহযোগিতা অধিক সম্প্ৰসাৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত চাইপ্ৰাছে আগবঢ়োৱা সমৰ্থনক ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰশংসা কৰে। তেওঁ চাইপ্ৰাছৰ সাৰ্বভৌমত্ব, একতা আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাৰতৰ অটল সমৰ্থন পুনৰ দোঁহাৰে।
দুয়োগৰাকী নেতাই একমত হয় যে ভাৰত আৰু চাইপ্ৰাছৰ মাজৰ ঘনিষ্ঠ সহযোগিতাই আমাৰ জনসাধাৰণলৈ অপাৰ কল্যাণ কঢ়িয়াই আনিব পাৰে।
Please click here to see the President's Speech-



***
MJPS/SS/PRK/DB
(ৰিলিজ আই ডি : 2264698)
অতিথি কক্ষ : 8