গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ দ্বাৰা আহমেদাবাদৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত (NID) ‘উদ্ভাৱন আৰু ইনকিউবেচন কেন্দ্ৰ’ মুকলি

দেশত ডিজাইন সংস্কৃতিৰ প্ৰসাৰ আৰু ইয়াৰ বাণিজ্যিক সম্ভাৱনাক এশ শতাংশ বাস্তৱায়িত কৰাই হৈছে NID-ৰ মূল উদ্দেশ্য

এতিয়াৰে পৰা ছেমিকণ্ডাক্টৰ চিপকে ধৰি হাই-টেক ডিজাইন খণ্ডলৈকে নিজৰ পৰিসৰ সম্প্ৰসাৰণ কৰিব ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানে

ডিজাইনৰ প্ৰতি আগ্ৰহ থকা প্ৰতিভাশালী ব্যক্তিসকলক এক শক্তিশালী মঞ্চ প্ৰদান কৰিব ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ ‘ইনকিউবেচন এণ্ড ইনোভেশ্যন চেন্টাৰ’এ

ঔদ্যোগিক উদ্যান হওক বা যিকোনো কাৰিকৰী প্ৰকল্পৰ বিকাশ—ভাৰতত ডিজাইনৰ শৃংখলা ইতিমধ্যে বিদ্যমান, কেৱল ইয়াক স্বীকৃতি দিয়া আৰু অন্বেষণ কৰাৰহে প্ৰয়োজন

সংগীত, ডিজাইন বা অন্য যিকোনো কলা সংস্কৃতিয়েই নহওক কিয়, ইয়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিলেহে যিকোনো ক্ষেত্ৰৰ সম্ভাৱনীয়তাক এশ শতাংশ অন্বেষণ কৰিব পৰা যায়

পোষ্ট কৰা হৈছে: 17 MAY 2026 5:38PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদস্থিত ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানত (NID) ‘উদ্ভাৱন আৰু ইনকিউবেচন কেন্দ্ৰ’ (IIC) উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ূষ গোৱেল, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, উপমুখ্যমন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

সমাবেশত উপস্থিত ৰাইজক সম্বোধন কৰি শ্ৰী অমিত শ্বাহে কয় যে NID হৈছে এক এনে প্ৰতিষ্ঠান যিয়ে সৃজনীশীলতা, উদ্ভাৱন আৰু উদ্যমিতাক সংযোগ কৰে। শ্ৰী শ্বাহে কয় যে পৰম্পৰাগতভাৱে ডিজাইনক এটা শৃংখলা হিচাপে গণ্য কৰা হয়, কিন্তু তাৰো উৰ্ধ্বত, এয়া হৈছে এক কলা যিয়ে বস্তুবোৰক এক পৰিশোধিত আৰু অৰ্থপূৰ্ণ ৰূপত উপস্থাপন কৰে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিগৰাকী ব্যক্তিৰে কিছু পৰিমাণে ডিজাইন সম্পৰ্কীয় জ্ঞান বা অনুভূতি থাকে—এই ধাৰণাৰেই NID প্ৰতিষ্ঠা কৰা হৈছিল, কিন্তু দৈনন্দিন জীৱনৰ চাপৰ বাবে ডিজাইনৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পৰা সম্ভাৱনা থকা বহু লোকে ইয়াক গুৰুত্বসহকাৰে আগবঢ়াই নিবলৈ সক্ষম নহয়। তেওঁ কয় যে NID প্ৰতিষ্ঠা কৰাৰ অন্যতম উদ্দেশ্য আছিল ডিজাইনৰ প্ৰতি জন্মগত প্ৰৱণতা থকা লোকসকলক এক মঞ্চ প্ৰদান কৰা আৰু তেওঁলোকৰ সম্ভাৱনীয়তাক সমাজৰ সমূখলৈ অনাত সহায় কৰা। শ্ৰী শ্বাহে কয় যে ৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা যিকোনো ক্ষেত্ৰৰ সম্ভাৱনীয়তাক সম্পূৰ্ণৰূপে অন্বেষণ কৰিবলৈ হ’লে ইয়াক এক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব লাগিব। সেয়া গীত ৰচনা, সংগীত বা ডিজাইনেই নহওক কিয়, এই সকলোবোৰেই একো একোটা কলাৰ ৰূপ, কিন্তু অৱশেষত এইবোৰক বৃত্তি হিচাপেও গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে। শ্ৰী শ্বাহে কয় যে গুজৰাটত NID এই বাবেই প্ৰতিষ্ঠা কৰা হৈছিল, যাতে ডিজাইন আৰু কলাৰ বাণিজ্যিক সম্ভাৱনাক ইয়াৰ সৰ্বোচ্চ পৰিসৰলৈকে অন্বেষণ কৰিব পৰা যায়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লগতে কয় যে NID-য়ে ডিজাইন খণ্ডত পৰিশোধন বা উৎকৰ্ষতাক উৎসাহিত কৰিব লাগিব। তেওঁ কয় যে ‘উদ্ভাৱন আৰু ইনকিউবেচন কেন্দ্ৰ’ৰ প্ৰতিষ্ঠা এক প্ৰশংসনীয় পদক্ষেপ হ’লেও, ডিজাইনক কেৰিয়াৰ হিচাপে বাছনি কৰা যুৱক-যুৱতীসকলক তেওঁলোকৰ পেছাগত চিন্তা আৰু আকাংক্ষাসমূহ পূৰণ কৰিব পৰা সুযোগসমূহৰ সৈতে সংযোগ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ। তেওঁ আৰু কয় যে এই উদ্দেশ্যৰ বাবে এটা সুকীয়া শাখা সৃষ্টি কৰিব লাগিব, কিয়নো ডিজাইনাৰসকল সৃজনীশীলতাতহে বিশেষজ্ঞ হয়, বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত নহয়। শ্ৰী শ্বাহে কয় যে অনাগত বছৰবোৰত NID য়ে এই দুয়োটা ক্ষেত্ৰৰে পেছাদাৰীসকলক একগোট কৰিব লাগিব। তেতিয়াহে ভাৰতে দেশৰ ডিজাইন সম্ভাৱনীয়তাক সম্পূৰ্ণৰূপে অন্বেষণ কৰিবলৈ সক্ষম হ’ব আৰু যুৱ প্ৰজন্মক কোনো দ্বিধাবোধ নোহোৱাকৈ ডিজাইনক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব পাৰিব।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিটো খণ্ডতে ডিজাইনৰ গুৰুত্ব আছে। আনকি এখন বৃহৎ ঔদ্যোগিক উদ্যান নিৰ্মাণৰ ক্ষেত্ৰতো ডিজাইনৰ প্ৰয়োজন হয়। ভাৰতত ডিজাইনৰ শৃংখলা ইতিমধ্যে বিদ্যমান; ইয়াক কেৱল স্বীকৃতি দিয়াৰ আৰু অন্বেষণ কৰাৰহে প্ৰয়োজন। আমি হাই-টেক ডিজাইনৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব, সেয়া লাগিলে ছেমিকণ্ডাক্টৰেই হওক বা ছিপ নিৰ্মাণেই হওক। ডিজাইনৰ গুণগত মান, প্ৰকৃতি আৰু আগ্ৰহ থকা সেই সকলোবোৰ ক্ষেত্ৰ অন্বেষণ কৰিব লাগিব। ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানে এই ক্ষেত্ৰসমূহক কেৰিয়াৰৰ সৈতে সংযোগ কৰাৰ দায়িত্ব ল’ব লাগে। ইয়াক আগুৱাই লৈ যাবলৈ সকলো চৌহদতে একোটা সমৰ্পিত শাখা সৃষ্টি কৰিব লাগে।

শ্ৰী অমিত শ্বাহে কয় যে ডিজাইন যাতে সমাজৰ প্ৰতিটো খণ্ড আৰু দৈনিক জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে, তাৰ বাবেও গুৰুত্বপূৰ্ণ প্ৰচেষ্টাৰ প্ৰয়োজন। পাটান পাটোলাৰ (Patan Patola) প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে যিসকলে এই পৰম্পৰাগত বস্ত্ৰশিল্প কলা দেখিছে, তেওঁলোকে ইয়াৰ ডিজাইনত, বিশেষকৈ ৰঙৰ সংমিশ্ৰণত থকা অসাধাৰণ নিখুঁততা, সূক্ষ্মতা আৰু বৈজ্ঞানিক দৃষ্টিভংগী অনুভৱ কৰিব পাৰিব। তেওঁ কয় যে ভাৰতত ইতিমধ্যে ডিজাইন আৰু কাৰুশিল্পৰ এনে চহকী পৰম্পৰা বিদ্যমান, কিন্তু এইবোৰক অধিক অন্বেষণ কৰাৰ প্ৰয়োজন আছে। এয়া সম্ভৱ হ’বলৈ হ’লে অধিক সংখ্যক যুৱক-যুৱতীয়ে ডিজাইনক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিব লাগিব। শ্ৰী শ্বাহে কয় যে ডিজাইনৰ উপকাৰিতা বা উপযোগিতা সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈ আৰু এই খণ্ডটোক অধিক সম্প্ৰসাৰিত কৰিবলৈও প্ৰচেষ্টা চলাব লাগিব।

****

RK/PR/PS/SC


(ৰিলিজ আই ডি : 2262189) অতিথি কক্ষ : 5