প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নেদাৰলেণ্ডৰ মহামহিম ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমাক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

পোষ্ট কৰা হৈছে: 16 MAY 2026 8:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হেগৰ পেলেচ হুইছ টেন বছত নেদাৰলেণ্ডৰ মহামহিম ৰজা উইলেম-আলেকজেণ্ডাৰ আৰু ৰাণী মাক্সিমাক সাক্ষাৎ কৰে

প্ৰধানমন্ত্ৰী আৰু মহামহিম ৰজা আৰু ৰাণীয়ে দুয়োখন দেশৰ  জনসাধাৰণৰ মাজত সম্পৰ্ক গভীৰ কৰি তোলাকে ধৰি ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক সুদৃঢ় কৰাৰ বিষয়ত মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৯ চনত মহামহিমদ্বয়ৰ ভাৰত ভ্ৰমণৰ কথাও গৌৰৱেৰে  স্মৰণ কৰে। তেওঁলোকৰ এই ভ্ৰমণে পাৰস্পৰিক সদিচ্ছাৰ পোষকতা কৰাৰ লগতে  দ্বিপাক্ষিক সম্পৰ্কক গতি প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শিক্ষা, উদ্ভাৱন, অৰ্ধপৰিবাহী, ডিজিটেল, জল আৰু সেউজ অংশীদাৰিত্বৰ ক্ষেত্ৰত চলি থকা দ্বিপাক্ষিক পদক্ষেপক লৈ দুয়োখন দেশৰ নেতাসকলে সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰতি মহামহিমদ্বয়ৰ থকা  সদিচ্ছাৰ প্ৰশংসা  কৰাৰ লগতে তেওঁৰ এই ভ্ৰমণৰ সময়ত তেওঁক আগবঢ়োৱা উষ্ম আতিথ্যৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। মহামহিমদ্বয়ে  প্ৰধানমন্ত্ৰী মোদীৰ সন্মানাৰ্থে  এক  দিবা ভোজৰো আয়োজন কৰে।

 

***

MJPS/SS/VJ/DM


(ৰিলিজ আই ডি : 2261893) অতিথি কক্ষ : 16