আয়ুষ
azadi ka amrit mahotsav

আয়ুষ মন্ত্ৰালয়ে বহুভাষিক আয়ুষ ডিজিটেল সেৱা শক্তিশালী কৰাৰ বাবে ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰে

এই সহযোগিতাৰ লক্ষ্য হৈছে আয়ুষ ডিজিটেল প্লেটফৰ্ম আৰু সেৱাসমূহত এআই-চালিত বহুভাষিক প্ৰৱেশ সক্ষম কৰি তোলা

ভাষিনী (BHASHINI) প্ৰযুক্তিসমূহে ২২টা অনুসূচিত ভাৰতীয় ভাষাৰ সকলোতে আয়ুষ সেৱাসমূহ সমৰ্থন কৰিব

प्रविष्टि तिथि: 14 MAY 2026 5:53PM by PIB Guwahati

উন্নত এআই-চালিত ভাষা প্ৰযুক্তিৰ জৰিয়তে আয়ুষ জ্ঞান ব্যৱস্থাৰ একাধিক ভাৰতীয় ভাষালৈ দ্ৰুত প্ৰতিলিপিকৰণ আৰু অনুবাদ কৰিব পৰাকৈ আয়ুষ মন্ত্ৰালয় তথা ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অধীনস্থ ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগৰ মাজত আজি এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

“ভাষিনী ৰাজ্যম –  ভাষিনী সহযোগী কাৰ্যসূচী” শীৰ্ষক পদক্ষেপৰ অধীনত গ্ৰহণ কৰা  এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি ভাষিনী  মঞ্চক আয়ুষ মন্ত্ৰালয়ৰ বিভিন্ন ডিজিটেল প্লেটফৰ্ম ততআ সেৱাসমূহৰ ক্ষেত্ৰত  একত্ৰিত কৰা।

আয়ুষ  মন্ত্ৰালয়ে আয়ুষ  গ্ৰীডৰ পদক্ষেপৰ জৰিয়তে স্বাস্থ্যসেৱা, সামৰ্থ্য বিকাশ, গৱেষণা, ঔষধৰ প্ৰয়োগ  আৰু আনুষংগিক খণ্ডসমূহত কাম কৰি আছে। আয়ুষ গ্ৰীডৰ অধীনত বিকশিত কেইবাটাও পৰ্টেল, এপ্লিকেচন আৰু এআই-সক্ষম সমাধান ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীৰ অধীনত স্বীকৃতিপ্ৰাপ্ত সকলো ২২টা অনুসূচিত ভাষাতে উপলব্ধ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে , যাতে এইক্ষেত্ৰত সুলভভাবে ইয়াক প্ৰসাৰিত কৰিব পাৰি।

এই সহযোগিতাই আয়ুষ গ্ৰীড পৰ্টেল, এপ্লিকেচন আৰু এআই সঁজুলিকে ধৰি সমগ্ৰ আয়ুষ  ডিজিটেল সমাধানসমূহত ডিজিটেল ইণ্ডিয়া ভাষিনীৰ প্ৰযুক্তিসমূহক একত্ৰিত কৰি বহুভাষিক অভিগম্যতা শক্তিশালী কৰিব আৰু সমগ্ৰ দেশতে ডিজিটেল প্ৰসাৰ সম্প্ৰসাৰিত কৰিব। ডমেইন-নিৰ্দিষ্ট বহুভাষিক পৰিভাষা ব্যৱস্থা বিকশিত কৰা, আয়ুষ ভাষাৰ ডাটাছেট শক্তিশালী কৰা আৰু আয়ুৰ্বেদ, উনানি, সিদ্ধ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, সোৱা-ৰিগপা তথা  হোমিঅ’পেথীৰ সৈতে জড়িত স্বাস্থ্যসেৱা আৰু সুস্থতা সম্পৰ্কীয়  যোগাযোগৰ বাবে প্ৰসংগভিত্তিক এআই মডেল নিৰ্মাণৰ বাবেও কেন্দ্ৰীভূত প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব।

 

এই বুজাবুজি চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰে আয়ুষ মন্ত্ৰালয়ৰ সঞ্চালক ড০ সুবোধ কুমাৰ আৰু ডিজিটেল ইণ্ডিয়া ভাষিনী সংমণ্ডলৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’ শ্ৰী অমিতাভ নাগে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত আয়ুষ মন্ত্ৰালয়ৰ সচিব  বৈদ্য ৰাজেশ কোটেচা আৰু আয়ুস মন্ত্ৰালয়ৰ যুটীয়া সচিব ড০ কবিতা জৈনৰ  উপস্থিতি থাকে। 

আয়ুষ জ্ঞানক প্ৰতিটো ভাৰতীয় ভাষাতে সুলভ কৰি তোলাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই কয়, ‘চিকিৎসাৰ ক্ষেত্ৰত আয়ুষ ব্যৱস্থাই অপৰিসীম সভ্যতাকেন্দ্ৰিক  জ্ঞান তথা  সাংস্কৃতিক গভীৰতা কঢ়িয়াই আনিছে।এই জ্ঞান যাতে প্ৰতিটো ভাৰতীয় ভাষাত সুলভ হৈ উঠে সেয়া নিশ্চিত কৰাটো সৰ্বাংগীন স্বাস্থ্যসেৱা প্ৰদান আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰসাৰৰ বাবে অতি প্ৰয়োজনীয়।ভাষিনীৰ সৈতে এই সহযোগিতাৰ জৰিয়তে আমি বহুভাষিক পদক্ষেপক শক্তিশালী কৰাৰ লক্ষ্য স্থিৰ কৰিছো।  ইয়াৰ লক্ষ্য হৈছে আয়ুষ  পৰিৱেশ তন্ত্ৰৰ সামৰ্থ্যসমূহ, শক্তিশালী ডমেইন-নিৰ্দিষ্ট পৰিভাষা বিকশিত কৰা আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত এআই ব্যৱস্থা বিকশিত  কৰা,  যিয়ে ভাষিক সীমাৰ মাজেৰে নাগৰিকসকলক নিৰৱচ্ছিন্নভাৱে সমৰ্থন কৰিব পাৰে।”

 

তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱাৰ সুলভ  কৰাৰ কৰাৰ ক্ষেত্ৰত বহুভাষিক এআই প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি আয়ুষ মন্ত্ৰালয়ৰ যুটীয়া সচিব ডাঃ কবিতা জৈনে কয়, “আয়ুষ  মন্ত্ৰালয়ে অভিগম্যতা আৰু সেৱা প্ৰদানৰ উন্নতি সাধনৰ বাবে ডিজিটেল প্ৰযুক্তিৰ লাভ অৰ্জনৰ বিষয়ত  ধাৰাবাহিকভাৱে মনোনিৱেশ কৰিছে।

 

ভাষিনীয়ে  প্ৰদৰ্শন কৰা বহুভাষিক এআই সমাধান, বিশেষকৈ পৰা চিকিৎসক-ৰোগীৰ পাৰস্পৰিক মত-বিনিময়ৰ  ব্যৱস্থাৰে নিদানপত্ৰ  সৃষ্টি কৰি  তৃণমূল পৰ্যায়ত স্বাস্থ্যসেৱাৰ সুলভতা শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ পৰিৱৰ্তনশীল সম্ভাৱনাক প্ৰতিফলিত কৰে। এই সহযোগিতাই অধিক অন্তৰ্ভুক্ত আৰু নাগৰিককেন্দ্ৰিক ডিজিটেল স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপকো প্ৰতিনিধিত্ব কৰে।”

ডিজিটেল ইণ্ডিয়া ভাষিনী বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) শ্ৰী অমিতাভ নাগে কয়, ‘ডিজিটেল ৰাজহুৱা সেৱাৰ সমতাপূৰ্ণ সুবিধা নিশ্চিত কৰাৰ বাবে ভাষা অন্তৰ্ভুক্ত এআই ব্যৱস্থা অতি গুৰুত্বপূৰ্ণ।আয়ুষ  মন্ত্ৰালয়ৰ সৈতে এই সহযোগিতাৰ জৰিয়তে আমি বহুভাষিক আৰু কণ্ঠ-সক্ষম স্বাস্থ্যসেৱা পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ পছন্দৰ ভাষাত সহায় কৰিব পৰা যাব।  লগতে এনে পদক্ষেপৰ জৰিয়তে  ভাৰতৰ বৃহত্তৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি  শক্তিশালী কৰাৰ লক্ষ্য ৰাখিছো ।”

 

 

আয়ুষ গ্ৰীড অ’এছডি শ্ৰী নমন গোৱেলে কয় যে যোগ পৰ্টেল আৰু আয়ুষ গ্ৰীড মাষ্টাৰ পৰ্টেল এমএআইএছপিয়ে ইতিমধ্যে ভাষিনী প্লাগইনৰ এটা সংস্কৰণ কৰিছে আৰু সমগ্ৰ দেশৰ ব্যৱহাৰকাৰীসকলৰ পৰা তেওঁলোকৰ স্থানীয় ভাষাত উৎসাহজনকভাবে মতামত লাভ কৰিছে। তেওঁ লগতে কয় যে বুজাবুজি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত আয়ুষ গ্ৰীড পৰিৱেশ তন্ত্ৰৰ অধীনত থকা সকলো পৰ্টেল ভাষিনীত অনব’ৰ্ড কৰা হ’ব, যাৰ ফলত ভাষাৰ বাধা অতিক্ৰম কৰি আয়ুষ সেৱাই দেশৰ সকলো অঞ্চলৰ লোকৰ কাষ চাপিব পাৰিব।

এই পদক্ষেপে দেশৰ বিভিন্ন ভাষিক অঞ্চলত সুলভ আৰু নাগৰিকৰ সংযোগ বৃদ্ধিৰ বাবে আয়ুষ ডিজিটেল প্লেটফৰ্মত ভাষিনী  অনুবাদ এপিআই, বাক্য আৰু কণ্ঠ প্ৰযুক্তিৰ একত্ৰীকৰণৰ সুবিধা প্ৰদান কৰিব। আলোচনাত স্বাস্থ্যসেৱা খণ্ডৰ বাবে শব্দকোষ নিৰ্মাণ আৰু ভৱিষ্যতৰ বহুভাষিক এআই মডেল বিকাশৰ বাবে ভাৰতৰ প্ৰামাণিক আয়ুষ পৰিভাষাৰ বাবে ডিজিটেল ভঁৰাল নমষ্টে পৰ্টেলৰ লাভ  অৰ্জন কৰিব পৰাৰ সুযোগসমূহো অন্বেষণ কৰা হয়।

এই অনুষ্ঠানত  ডিজিটেল ইণ্ডিয়া ভাষিনী  বিভাগে ডিজিটেল অন্তৰ্ভুক্তিৰ উন্নতিৰ লক্ষ্যৰে কেইবাটাও নাগৰিককেন্দ্ৰিক ব্যৱহাৰৰ ক্ষেত্ৰ প্ৰদৰ্শন কৰে। মূল প্ৰদৰ্শনসমূহৰ ভিতৰত আছিল বহুভাষিক বাক্য আন্তঃপৃষ্ঠ ব্যৱহাৰ কৰি এআই-সক্ষম চিকিৎসক-ৰোগীৰ প্ৰেছক্ৰিপচন ব্যৱস্থা, শ্ৰুতলেখৰ জৰিয়তে বাস্তৱ সময়ৰ প্ৰতিলিপি প্ৰস্তুত কৰা আৰু মিটছ অৱ মিটিং প্ৰজন্ম, ব্লু-কলাৰ সমৰ্থনৰ বাবে কণ্ঠভিত্তিক চিভি-নিৰ্মাণ সমাধান, ভাৰতৰ প্ৰাচীন পাণ্ডুলিপি ঐতিহ্যৰ ডিজিটেলাইজেচন আৰু সংৰক্ষণৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা ভাষা প্ৰযুক্তিৰ সঁজুলি।

এই সহযোগিতাই সমগ্ৰ দেশতে এক অন্তৰ্ভুক্ত, সুলভ আৰু নাগৰিককেন্দ্ৰিক আয়ুষ পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিবলৈ উদীয়মান ডিজিটেল প্ৰযুক্তিৰ লাভ অৰ্জনৰ দিশত আয়ুষ  মন্ত্ৰালয়ৰ অবিৰত প্ৰতিশ্ৰুতিৰ কথাই  প্ৰতিফলিত কৰিছে।

*****

SR/SV/SG/DM


(रिलीज़ आईडी: 2261755) आगंतुक पटल : 42
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam