গৃহ মন্ত্ৰালয়
বাবা বান্দা সিং বাহাদুৰ জীৰ চিৰহিন্দ ফতেহ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শুভেচ্ছা জ্ঞাপন
বাবা বান্দা সিং বাহাদুৰ জী হৃদয়েৰে এজন তপস্বী আৰু বিশ্বাসৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আছিল এজন অপৰাজেয় যোদ্ধা
অগণিত নিষ্ঠুৰতা সহ্য কৰাৰ পাছতো বাবা বান্দা সিং বাহাদুৰ জীয়ে গ্ৰহণ কৰা নাছিল ধৰ্মান্তৰকৰণ
তেওঁৰ জীৱন সদায় ৰাষ্ট্ৰ আৰু বিশ্বাসৰ সুৰক্ষাৰ বাবে হৈ থাকিব অনুপ্ৰেৰণাৰ উৎস
পোষ্ট কৰা হৈছে:
12 MAY 2026 11:07AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি বাবা বান্দা সিং বাহাদুৰ জীৰ চিৰহিন্দ ফতেহ দিৱসৰ শুভ উপলক্ষত তেওঁৰ প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘বিশ্বাসৰ প্ৰতি অটল নিষ্ঠা, মাতৃভূমিৰ প্ৰতি সম্পূৰ্ণ সমৰ্পণ আৰু অন্যায়ৰ বিৰুদ্ধে অসাধাৰণ সাহসৰ মূৰ্তি বাবা বান্দা সিং বাহাদুৰ জীৰ ‘চিৰহিন্দ ফতেহ দিৱস’ৰ শুভ উপলক্ষত আন্তৰিক অভিনন্দন জনাইছো।
বাবা বান্দা সিং বাহাদুৰ জী হৃদয়েৰে এজন তপস্বী আৰু বিশ্বাসৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এজন অপৰাজেয় যোদ্ধা আছিল। তেওঁ কৃষকসকলক সংগঠিত কৰি অন্যায়ৰ বিৰুদ্ধে সংগ্ৰামৰ নেতৃত্ব দিছিল, মোগলসকলক পৰাস্ত কৰিছিল আৰু আত্মসন্মান, সাহস তথা বিশ্বাসৰ সুৰক্ষাৰ এক অমৰ বাৰ্তা দিছিল। অগণিত নিষ্ঠুৰতা সহ্য কৰাৰ পাছতো তেওঁ ধৰ্মান্তৰকৰণ মানি লোৱা নাছিল। তেওঁৰ জীৱন সদায় ৰাষ্ট্ৰ আৰু বিশ্বাসৰ সুৰক্ষাৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।’
*****
RK/PR/PS/SC/DD
(ৰিলিজ আই ডি : 2260163)
অতিথি কক্ষ : 11
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam