গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ উচ্চ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশৰ সম্ভাব্য বান আৰু গ্ৰীষ্মপ্ৰবাহৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতিৰ বিষয়ে বিস্তৃত পৰ্যালোচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি শূন্য দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি ৰূপায়ণৰ বাবে কাম কৰিব লাগিব

দেশৰ প্ৰতিখন ৰাজ্যতে বান সংকট ব্যৱস্থাপনা দল (এফ চি এম টি) গঠন কৰিব লাগে

গ্ৰীষ্মপ্ৰবাহৰ ফলত কৃষি খণ্ডৰ ক্ষতি হ্ৰাস কৰিবলৈ আমাৰ বতৰ সম্পৰ্কীয় পৰিকল্পনা তৃণমূল পৰ্যায়তে কাৰ্যকৰী কৰা উচিত

দুৰ্যোগৰ ক্ষেত্ৰত এন ডি এম এৰ নিৰ্দেশনাসমূহ মানি চলাটো ৰাজ্য, জিলা আৰু পৌৰসভা পৰ্যায়ত পৰ্যালোচনা কৰিব লাগে

পানী সংগ্ৰহ আৰু বান্ধ পৰীক্ষণ প্ৰকল্পৰ জৰিয়তে জল সংৰক্ষণ তথা পানীৰ স্তৰ উন্নীত কৰাৰ বাবে অধিক সা-সুবিধাৰ অন্বেষণ

পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাৰ লক্ষ্যৰে কৰা প্ৰচেষ্টাসমূহ অধিক বহুমাত্ৰিক কৰি তুলিবলৈ কেম্পা (চিএএমপিএ) পুঁজি ব্যৱহাৰ কৰা উচিত

কমেও ৬০টা দুৰ্বল হ্ৰদৰ বাবে আগতীয়া সতৰ্কবাণী ব্যৱস্থা বিকশিত কৰাৰ লক্ষ্যৰে কাম কৰা আৰু সকলো ৰাজ্যতে ৰাজ্যিক পৰ্যায়ৰ সংহত জলাশয়ৰ কাৰ্য্যকলাপ ৰূপায়ণ কৰা

বতৰৰ পূৰ্বাভাস আৰু সতৰ্কবাণীসমূহ ব্যাপক আৰু ফলপ্ৰসূভাৱে প্ৰচাৰ কৰা উচিত

পোষ্ট কৰা হৈছে: 10 MAY 2026 6:47PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ উচ্চ পৰ্যায়ৰ বৈঠকত সম্ভাব্য বান আৰু গ্ৰীষ্মপ্ৰবাহৰ সৈতে মোকাবিলা কৰিবলৈ দেশৰ প্ৰস্তুতি সন্দৰ্ভত বিস্তৃত পৰ্যালোচনা কৰে।

বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (এনডিএমএ)ৰ সহযোগত জম্মু-কাশ্মীৰ, লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, আৰু ছিকিমৰ ৩০টা দুৰ্বল হ্ৰদৰ বাবে আগতীয়া সতৰ্কবাণী ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনাত কমেও ৬০টা হ্ৰদ অন্তৰ্ভুক্ত হ’ব লাগে। শ্ৰী শ্বাহে লগতে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত এক সংহত বান পূৰ্বাভাস ব্যৱস্থা থাকিব লাগে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে দেশৰ প্ৰতিখন ৰাজ্যতে বান সংকট ব্যৱস্থাপনা দল (এফচিএমটি) গঠন কৰি সক্ৰিয় কৰিব লাগে। তেওঁ কয় যে দুৰ্যোগৰ ক্ষেত্ৰত এন ডি এম এৰ নিৰ্দেশনাই উন্নত সজাগতা আৰু ‘সমগ্ৰ চৰকাৰ’ দৃষ্টিভংগীৰ সূচনা কৰিছে যদিও ৰাজ্য, জিলা আৰু পৌৰসভা পৰ্যায়ত এই নিৰ্দেশনাসমূহ মানি চলাৰ পৰ্যালোচনা কৰা উচিত। তেওঁ কয় যে বনজুই, গ্ৰীষ্মপ্ৰবাহ, বানপানীৰ সৈতে মোকাবিলা কৰাৰ বাবে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা আৰু এন ডি এম এৰ নিৰ্দেশনাসমূহ কিমানখন ৰাজ্যই মানি চলিছে সেই বিষয়ে এন ডি এম এয়ে অধ্যয়ন কৰিব লাগে।

গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আমি শূন্য দুৰ্যোগ ব্যৱস্থাপনা পদ্ধতি ৰূপায়ণৰ বাবে কাম কৰিব লাগিব। তেওঁ কয় যে পানী সংগ্ৰহ আৰু বান্ধ পৰীক্ষণ প্ৰকল্পৰ জৰিয়তে জল সংৰক্ষণ আৰু জলস্তৰ উন্নত কৰাৰ বাবে অধিক সা-সুবিধা বিচাৰি উলিয়াব লাগে। আমাৰ লক্ষ্য হ’ব লাগে গ্ৰীষ্মপ্ৰবাহৰ ফলত কৃষি খণ্ডৰ ক্ষতি কম কৰা আৰু নদীত পৰীক্ষণ বান্ধ নিৰ্মাণ কৰি পানী সংৰক্ষণ কৰা। তেওঁ কয় যে কেম্পা (চিএএমপিএ) পুঁজিৰ সহায়ত পৰিৱেশৰ ভাৰসাম্যৰ বাবে  বহুমাত্ৰিক প্ৰচেষ্টা গ্ৰহণ কৰা।

শ্ৰী অমিত শ্বাহে কয় যে জলবায়ু পৰিৱৰ্তনৰ ফলত বতৰৰ সাল-সলনি আৰু ইয়াৰ ফলত ক্ৰমাৎ বৃদ্ধি পোৱা দুৰ্যোগৰ প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজৰ দৃষ্টিভংগীৰে এখন গুৰু আঁচনি প্ৰস্তুত কৰিব লাগে। তেওঁ বৈঠকত অংশগ্ৰহণ কৰা মন্ত্ৰালয় আৰু বিভাগসমূহৰ বিষয়াসকলক নতুন এপ আৰু পৰ্টেল প্ৰস্তুত কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ এপ আৰু পৰ্টেলসমূহ একত্ৰিত তথা উন্নত কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। তেওঁ বতৰৰ পূৰ্বাভাস আৰু সতৰ্কবাণীৰ ব্যাপক তথা ফলপ্ৰসূ প্ৰচাৰৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আগন্তুক বাৰিষাৰ বাবে আমাৰ পূৰ্বাভাস আৰু অধিক উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা উচিত, বাৰিষাৰ ধন-জন হানিৰ সম্ভাৱনা, আমাৰ পূৰ্বাভাস তথা কৃষি খণ্ডৰ সম্ভাৱ্য ক্ষতিৰ মূল্যায়ন কৰা উচিত।

শ্ৰী অমিত শ্বাহে সভাত অংশগ্ৰহণ কৰা মন্ত্ৰালয় আৰু বিভাগসমূহে কৰি থকা কাম আৰু তেওঁলোকৰ মাজৰ সমন্বয়ক প্ৰশংসা কৰে। তেওঁ উল্লেখ কৰে যে আমাৰ বতৰ সম্পৰ্কীয় পৰিকল্পনাসমূহ তৃণমূল পৰ্যায়ত উপনীত কৰাৰ সময় আহি পৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বান আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ প্ৰভাৱ কমোৱাৰ বাবে প্ৰস্তুতিৰ ওপৰত সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰতি বছৰে বানপানীৰ পূৰ্বৰ প্ৰস্তুতিৰ বিশদ পৰ্যালোচনা কৰে আৰু তেওঁৰ নিৰ্দেশনা অনুসৰি কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰতৰ বতৰ বিজ্ঞান বিভাগ (আই এম ডি) আৰু কেন্দ্ৰীয় জল আয়োগৰ (চি ডব্লিউ চি)ৰ আগতীয়া বৰষুণ আৰু বানপানীৰ পূৰ্বাভাস ৩ দিনৰ পৰা ৭ দিনলৈ বৃদ্ধি কৰা আৰু গ্ৰীষ্মপ্ৰবাহৰ পূৰ্বাভাসৰ মান উন্নত কৰাকো অন্তৰ্ভুক্ত কৰা হৈছে।

সভাত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিল, কেন্দ্ৰীয় গৃহ সচিব, বিভিন্ন মন্ত্ৰালয়ৰ সম্পাদক আৰু জ্যেষ্ঠ বিষয়া, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সদস্য আৰু বিভাগীয় মুৰব্বী, ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনী তথা ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় জল আয়োগ(চি ডব্লিউ চি)ৰ অধ্যক্ষসকল উপস্থিত থাকে। তদুপৰি নেশ্যনেল ৰিম’ট চেন্সিং চেণ্টাৰ (এন আৰ এছ চি) আৰু অন্যান্য আনুষংগিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলেও এই অনুষ্ঠানত অংশ লয়।

***

 

 

RK/PR/PS/KD


(ৰিলিজ আই ডি : 2259649) অতিথি কক্ষ : 5