ভাৰতীয় নিৰ্বাচন আয়োগ
azadi ka amrit mahotsav

বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচন ২০২৬

ই চি আই এন ই টি-ত প্ৰকাশিত ইনডেক্স কাৰ্ড আৰু পাৰিসাংখ্যিক প্ৰতিবেদন

পোষ্ট কৰা হৈছে: 08 MAY 2026 1:24PM by PIB Guwahati

১. ভাৰতৰ নিৰ্বাচন আয়োগে বিধানসভা আৰু উপ-নিৰ্বাচন ২০২৬ ৰ সাধাৰণ নিৰ্বাচনৰ বাবে ইনডেক্স কাৰ্ড আৰু পৰিসাংখ্যিক প্ৰতিবেদন প্ৰকাশ কৰিছে যি ২০২৬ বৰ্ষৰ ৬ মেত সমাপ্ত হৈছিল। নিৰ্বাচন অনুষ্ঠিত হোৱা সকলো ৮৩০খন বিধানসভা সমষ্টিৰ বাবে ইনডেক্স কাৰ্ড আৰু পাৰিসাংখ্যিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে। পশ্চিম বংগৰ ১৪৪-ফল্টা সমষ্টিৰ বাবে ২০২৬ বৰ্ষৰ ২১ মেত পুনৰ ভোটদানৰ দিন নিৰ্ধাৰণ কৰা হৈছে।

. বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ইনডেক্স কাৰ্ডসমূহ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ৭২ ঘণ্টাৰ অভিলেখ সময়ৰ ভিতৰত উপলভ্য কৰা হৈছে। এইটো মনত ৰাখিব পাৰি যে ডিজিটেল আপডেট আৰু ইনডেক্স কাৰ্ড তথা পাৰিসাংখ্যিক প্ৰতিবেদনৰ দ্ৰুত প্ৰকাশ আয়োগৰ দ্বাৰা যোৱা এটা বছৰত গ্ৰহণ কৰা ৩০ টাতকৈও অধিক পদক্ষেপৰ ভিতৰত এটা। ই চি আই এন ই টি আৰম্ভ হোৱাৰ পূৰ্বে এই প্ৰক্ৰিয়াটোত কেইবা সপ্তাহৰ পৰা কেইবা মাহ সময় লাগিছিল কাৰণ তথ্যসমূহ ফিল্ডৰ বিষয়াসকলে হাতেৰে পূৰণ কৰিছিল।

৩. ইনডেক্স কাৰ্ডসমূহত একাধিক মাত্ৰাত তথ্য থাকে যেনে প্ৰাৰ্থী, ভোটাৰ, ভোটদান কৰা ভোট, গণনা কৰা ভোট, দল অনুসৰি আৰু প্ৰাৰ্থী অনুসৰি ভোটদান কৰা ভোট ইত্যাদি। এই ইনডেক্স কাৰ্ডবোৰ দুয়োটা মঞ্চৰ পৰা প্ৰৱেশ কৰিব পাৰি অৰ্থা ইচিআইএনইটি এপ (নিৰ্বাচনৰ বিষয়ে টেব বৰ্তমানৰ নিৰ্বাচন ইনডেক্স কাৰ্ড) আৰু অফিচিয়েল ই চি আই ৱেবছাইটৰ পৰা। https://www.eci.gov.in/statistical-reports

৪. ইচি. আই.-এ একেসময়তে সাধাৰণ নিৰ্বাচনৰ বাবে ১৪ টা পাৰিসাংখ্যিক প্ৰতিবেদনৰ এটা সংহতি প্ৰকাশ কৰিছে।  এয়া প্ৰথমবাৰৰ বাবে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ৭২ ঘণ্টাৰ ভিতৰত পাৰিসাংখ্যিক প্ৰতিবেদন প্ৰকাশ কৰা হৈছে।

৫. পাৰিসাংখ্যিক প্ৰতিবেদনত ৰাজ্যিক পৰ্যায়ৰ আৰু সমষ্টি অনুসৰি ভোটাদাতাৰ বিৱৰণ, ভোটদান কেন্দ্ৰৰ সংখ্যা, ৰাজ্য/সমষ্টি অনুসৰি ভোটাৰৰ ভোটদান, লিংগ অনুসৰি ভোটদানৰ অংশগ্ৰহণ, দল অনুসৰি ভোটৰ অংশ, সমষ্টিৰ তথ্যৰ সাৰাংশ প্ৰতিবেদন, সমষ্টি অনুসৰি বিশদ ফলাফল আদি বিভিন্ন বিৱৰণ অন্তৰ্ভুক্ত কৰা হৈছে।

৬. পাৰিসাংখ্যিক প্ৰতিবেদন প্ৰকাশ কৰাটো শিক্ষা, গৱেষক আৰু জনসাধাৰণকে ধৰি সকলো অংশীদাৰৰ বাবে নিৰ্বাচন সম্পৰ্কীয় তথ্যৰ স্বচ্ছতা আৰু অভিগম্যতাৰ প্ৰচাৰৰ বাবে ই চি আই ৰ এক স্বতঃস্ফূৰ্ত পদক্ষেপ আৰু ই ইনডেক্স কাৰ্ডত পূৰণ কৰা গৌণ তথ্যৰ পৰা প্ৰস্তুত কৰা হয়।

৭. প্ৰাথমিক তথ্য সংশ্লিষ্ট ৰিটাৰ্ণিং বিষয়াৰ দ্বাৰা ৰক্ষণাবেক্ষণ কৰা বিধিবদ্ধ প্ৰ-পত্ৰত আছে আৰু বিধিবদ্ধ প্ৰ-পত্ৰত ৰখা তথ্যই চূড়ান্ত।

 

**********

PK/GDH/RP/MK


(ৰিলিজ আই ডি : 2259232) অতিথি কক্ষ : 7