|
ক্ৰমিক নং
|
শিৰোনাম
|
সংক্ষিপ্ত বিৱৰণ
|
|
১.
|
আই আৰ ই এল (ইণ্ডিয়া) লিমিটেড আৰু ভিয়েটনামৰ ইনষ্টিটিউট ফৰ টেকন’লজি অৱ ৰেডিঅ’ এক্টিভ এণ্ড ৰেয়াৰ এলিমেণ্টছ (আই টি আৰ আৰ ই)ৰ মাজত পাৰস্পৰিক সহযোগিতাৰ বুজাবুজি চুক্তি
|
এই বুজাবুজিৰ চুক্তিয়ে বিভিন্ন নতুন প্ৰযুক্তিৰ লগতে বিৰল পৃথিৱীৰ উপাদানৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰণৰ বাবে দুয়োপক্ষৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিক আনুষ্ঠানিক ৰূপ দিব।
|
|
২.
|
ভাৰতৰ সংস্কৃতি মন্ত্ৰালয় আৰু ভিয়েটনামৰ সংস্কৃতি, ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰালয়ৰ মাজত ২০২৬-৩০ বৰ্ষৰ বাবে সাংস্কৃতিক বিনিময় কাৰ্যসূচী
|
১৯৭৬ চনত ভাৰত আৰু ভিয়েটনামৰ মাজত এক সাংস্কৃতিক চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ অধীনৰ নিৰ্দিষ্ট কাৰ্যকলাপ আৰু বিনিময় পাঁচ বছৰৰ বাবে বৈধ সাংস্কৃতিক বিনিময় কাৰ্যসূচী (চিইপি)ৰ পৰিকাঠামোৰ ভিতৰত ৰূপায়ণৰ বাবে সন্মতি প্ৰকাশ কৰা হৈছে।
|
|
৩.
|
ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই) আৰু ষ্টেট বেংক অব ভিয়েটনাম (এছ বি ভি)ৰ মাজত ধনাদায় ব্যৱস্থা আৰু ডিজিটেল ধনাদায়ৰ উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিৰ লক্ষ্য হৈছে বিত্তীয় উদ্ভাৱন আৰু ডিজিটেল ধনাদায়ৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক পৰিকাঠামো স্থাপন কৰা।
|
|
৪.
|
ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ঔষধ মানক নিয়ন্ত্ৰণ সংস্থা (চিডিএছচিঅ’) আৰু ভিয়েটনামৰ স্বাস্থ্য মন্ত্ৰালয়ৰ ড্ৰাগ এডমিনিষ্ট্ৰেচন অব ভিয়েটনামৰ মাজত চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজি চুক্তি
|
এই বুজাবুজিৰ চুক্তিয়ে ঔষধ, জৈৱিক সামগ্ৰী, চিকিৎসা সঁজুলি আৰু প্ৰসাধন সামগ্রীকে ধৰি চিকিৎসা সামগ্ৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে এক পৰিকাঠামো স্থাপন কৰিব।
|
|
৫.
|
মুম্বাইৰ বৃহন মুম্বাই পৌৰ নিগম আৰু হো চি মিন চিটি পিপলছ কমিটিৰ মাজত বন্ধুত্ব আৰু সহযোগিতা স্থাপনৰ বুজাবুজি চুক্তি
|
এই চুক্তিৰ লক্ষ্য হৈছে দুয়োখন মহানগৰক নগৰ ব্যৱস্থাপনা আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত দক্ষতা শ্বেয়াৰ কৰিবলৈ সক্ষম কৰাৰ বাবে আনুষ্ঠানিক পৰিকাঠামো স্থাপন কৰা।
|
|
৬.
|
আই চি চি আৰ আৰু ইউনিভাৰছিটি অৱ ছায়েন্স এণ্ড এডুকেচন-দা নাং বিশ্ববিদ্যালয়ৰ মাজত ভাৰতীয় অধ্যয়নৰ আই চি চি আৰ আসনৰ বাবে বুজাবুজি চুক্তি
|
এই বুজাবুজিৰ চুক্তিয়ে ভিয়েটনামৰ দা নাং বিশ্ববিদ্যালয়ত আই চি চি আৰ আসন সৃষ্টি কৰিব।
|
|
৭.
|
ৰাজগীৰৰ নালন্দা বিশ্ববিদ্যালয় আৰু হানইৰ হো চি মিন নেচনেল একাডেমী অব পলিটিক্স (এইচচিএমএ)ৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে ভিয়েটনামক ক্ষমতা বিকাশ আৰু প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ বাবে ভাৰতৰ দীৰ্ঘদিনীয়া পদক্ষেপসমূহক শক্তিশালী কৰিব।
|
|
৮.
|
ডিজিটেল প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ভিয়েটনামৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে ডিজিটেল প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে দ্বিপাক্ষিক দায়বদ্ধতাক শক্তিশালী কৰি তুলিব।
|
|
৯.
|
এন পি চি আই ইণ্টাৰনেচনেল পেমেণ্টছ লিমিটেড (এন আই পি এল) আৰু নেচনেল পেমেণ্টছ কৰ্পোৰেচন অব ভিয়েটনাম (এন এ পি এ এছ)ৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে ভাৰতৰ এন আই পি এল আৰু ভিয়েটনামৰ এন এ পি এ এছৰ মাজত ক্ৰছ ব’ৰ্ডাৰ কিউ আৰ ক’ড আন্তঃব্যৱহাৰযোগ্যতাৰ ওপৰত প্ৰাতিষ্ঠানিক সংযোগ স্থাপন কৰিব, যাতে ধনাদায় সম্ভৱ হয়।
|
|
১০.
|
ৰাজহুৱা খণ্ডৰ অডিটৰ ক্ষেত্ৰত ভাৰতৰ নিয়ন্ত্ৰক আৰু মহালেখাগাৰ কাৰ্যালয় আৰু ভিয়েটনামৰ ৰাজ্যিক অডিট কাৰ্যালয়ৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে ভাৰত আৰু ভিয়েটনামৰ দুটা অডিট প্ৰতিষ্ঠানৰ মাজত ২০১০ চনৰ বুজাবুজি চুক্তিক নৱীকৰণ কৰে আৰু ইয়াক অধিক সৰল আৰু গতিশীল কৰি তুলিব।
|
|
১১.
|
পৰ্যটনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতৰ পৰ্যটন মন্ত্ৰালয় আৰু ভিয়েটনামৰ ক্ৰীড়া, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰালয়ৰ মাজত বুজাবুজি চুক্তি।
|
এই বুজাবুজি চুক্তিয়ে দুয়োখন দেশৰ জনসাধাৰণৰ মাজৰ সম্পৰ্কক অধিক উৎসাহিত কৰিব।
|
|
১২.
|
ভাৰতীয় অধ্যয়নৰ আই চি চি আৰ আসন সৃষ্টিৰ বাবে আই চি চি আৰ আৰু ইউনিভাৰছিটি অব ছ’চিয়েল ছায়েন্সেছ এণ্ড হিউমেনিটিজৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে ইউনিভাৰছিটি অব ছ’চিয়েল ছায়েন্সেছ এণ্ড হিউমেনিটিজত আই চি চি আৰৰ এখন আসন সৃষ্টি কৰিব।
|
|
১৩.
|
চাম পাণ্ডুলিপিৰ ডিজিটাইজেচনৰ বাবে সংস্কৃতি মন্ত্ৰালয়ৰ জ্ঞান ভাৰতম আৰু ইউনিভাৰছিটি অব ছ’চিয়েল ছায়েন্সেছ এণ্ড হিউমেনিটিজ, ভিয়েটনাম নেচনেল ইউনিভাৰছিটি, হো চি মিন চিটি (ইউএছএছএইচ, ভিএনইউএইচচিএম)ৰ মাজত বুজাবুজি চুক্তি
|
এই বুজাবুজি চুক্তিয়ে বৰ্তমান ভিয়েটনামত সংৰক্ষিত ভাৰতীয় মূলৰ চাম পাণ্ডুলিপিৰ জৰীপ, নথিপত্ৰ, সংৰক্ষণ, ডিজিটেলাইজেচন আৰু অনলাইন প্ৰচাৰৰ বাবে এনএমএম, ইন্দিৰা গান্ধী নেচনেল চেণ্টাৰ ফৰ আৰ্টছ আৰু ইউএছএছএইচ, ভিএনইউএইচচিএমৰ মাজত প্ৰাতিষ্ঠানিক সংযোগ স্থাপন কৰিব।
|