কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
২০২৬-২৭ বৰ্ষৰ বাবে কুঁহিয়াৰ কৃষকক প্ৰতি কুইণ্টলত ৩৬৫ টকাকৈ ন্যায্য আৰু পাৰিতোষিক মূল্য প্ৰদানত অনুমোদন জনালে কেবিনেটে
এই সিদ্ধান্তই ৫ কোটি কুঁহিয়াৰ খেতিয়কৰ লগতে চেনি কল তথা আনুষংগিক কামত নিয়োজিত ৫ লাখ শ্ৰমিকক উপকৃত কৰিব
পোষ্ট কৰা হৈছে:
05 MAY 2026 6:43PM by PIB Guwahati
কুঁহিয়াৰ খেতিয়কসকলৰ কথা চিন্তা কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীৰ বৈঠকে ২০২৬-২৭ (অক্টোবৰ - ছেপ্টেম্বৰ) কুঁহিয়াৰৰ বতৰৰ বাবে কুঁহিয়াৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য (এফ আৰ পি) প্ৰতি কুইণ্টলত ৩৬৫ টকা ১০.২৫% মৌলিক পুনৰুজ্জীৱিতকৰণৰ হাৰত অনুমোদন জনাইছে। লগতে ১০.২৫ % ৰ ওপৰত পুনৰুজ্জীৱিতকৰণ প্ৰতিটো ০.১ % বৃদ্ধিৰ বাবে কুইণ্টলত ৩.৬৫ টকা প্ৰিমিয়াম আৰু পুনৰুজ্জীৱিতকৰণৰ প্ৰতিটো ০.১ % হ্ৰাসৰ বাবে ন্যায্য আৰু পাৰিতোষিক মূল্য কুইণ্টলত ৩.৫৬ টকা হ্ৰাস কৰা হৈছে ।কুঁহিয়াৰ খেতিয়কৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে সিদ্ধান্ত লৈছে যে সেইবোৰ চেনি কল য’ত পুনৰুজ্জীৱিতকৰণৰ হাৰ ৯.৫% তকৈ কম, তেনে ক্ষেত্ৰত কোনো ধৰণৰ হ্ৰাস কৰা নহ’ব। এনে কৃষকে ২০২৬-২৭ চনৰ আগন্তুক কুঁহিয়াৰৰ বতৰত কুঁহিয়াৰৰ বাবে কুইণ্টলত ৩৩৮.৩ টকা লাভ কৰিব।
কুঁহিয়াৰৰ বতৰ ২০২৬-২৭ৰ বাবে কুঁহিয়াৰৰ উৎপাদন ব্যয় (এ২ +এফএল) কুইণ্টলত ১৮২ টকা। ১০.২৫% পুনৰুজ্জীৱিতকৰণৰ হাৰত কুইণ্টলত ৩৬৫ টকাৰ এই ন্যায্য আৰু পাৰিতোষিক মূল্য উৎপাদন ব্যয়তকৈ ১০০.৫% বেছি। ২০২৬-২৭ চনৰ কুঁহিয়াৰৰ বতৰৰ ন্যায্য আৰু পাৰিতোষিক মূল্য ২.৮১% আৰু ই বৰ্তমানৰ ২০২৫-২৬ চনৰ কুঁহিয়াৰৰ বতৰতকৈ বেছি। অনুমোদিত ন্যায্য আৰু পাৰিতোষিক মূল্য চেনি কলৰ দ্বাৰা ২০২৬-২৭ চনৰ কুঁহিয়াৰৰ বতৰত (১ অক্টোবৰ, ২০২৬ৰ পৰা আৰম্ভ হোৱা) কৃষকৰ পৰা কুঁহিয়াৰ ক্ৰয়ৰ সময়ত প্ৰযোজ্য হ’ব।
চেনি খণ্ডটো এটা গুৰুত্বপূৰ্ণ কৃষিভিত্তিক খণ্ড , যিয়ে প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক তথা তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলৰ লগতে চেনি কলত প্ৰত্যক্ষভাৱে নিয়োজিত প্ৰায় ৫ লাখ শ্ৰমিক আৰু কৃষি শ্ৰমিক তথা পৰিবহণ আদি আনুষংগিক কামত নিয়োজিতসকলৰ জীৱিকাৰ ওপৰত প্ৰভাৱ পেলায়।

পৃষ্ঠভূমি:
কৃষি ব্যয় আৰু মূল্য আয়োগৰ পৰামৰ্শৰ ভিত্তিত আৰু ৰাজ্য চৰকাৰ তথা অন্যান্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰি ন্যায্য আৰু পাৰিতোষিক মূল্য নিৰ্ধাৰণ কৰা হৈছে।
বিগত ২০২৪-২৫ চনৰ কুঁহিয়াৰৰ বতৰত ১,০২,৬৮৭ কোটি টকাৰ অনাদায় হৈ থকা ধনৰ ভিতৰত ২০.০৪.২০২৬ তাৰিখলৈ প্ৰায় ১,০২,২০৯ কোটি টকা কুঁহিয়াৰ কৃষকক প্ৰদান কৰা হৈছে। তেনেদৰে প্ৰায় ৯৯.৫% কুঁহিয়াৰৰ বাবদ দিবলগীয়া ধন আদায় দিয়া হৈছে। চলিত কুঁহিয়াৰৰ বতৰ ২০২৫-২৬ত ১,১২,৭৪০ কোটি টকাৰ কুঁহিয়াৰৰ বাবদ আদায় দিবলগীয়া ধনৰ ভিতৰত ২০.০৪.২০২৬ তাৰিখলৈ প্ৰায় ৯৯,৯৬১ কোটি টকা কুঁহিয়াৰ কৃষকক প্ৰদান কৰা হৈছে । এনেদৰে প্ৰায় ৮৮.৬% কুঁহিয়াৰৰ বাবদ দিবলগীয়া ধন আদায় দিয়া হৈছে।
***
MJPS/DM
(ৰিলিজ আই ডি : 2258247)
অতিথি কক্ষ : 8