গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মিছন দৃষ্টি নিৰ্মাণৰ বাবে গেলেক্সআই( GalaxEye)ৰ যুৱ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনায়
অপটিকেল কেমেৰা আৰু সৰ্বস্তৰৰ বতৰ-অনুকূল ৰাডাৰৰ সংমিশ্ৰণেৰে তৈয়াৰী এইটোৱেই হৈছে বিশ্বৰ প্ৰথমটো অপ্টোছাৰ (OptoSAR) উপগ্ৰহ
ভাৰতত ব্যক্তিগতভাৱে নিৰ্মিত এই সৰ্ববৃহৎ উপগ্ৰহ উৎক্ষেপণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীজীৰ মহাকাশ শক্তিখণ্ডত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব
ই আমাৰ যুৱক-যুৱতীসকলৰ প্ৰতিভাক বিশ্ব মঞ্চত চিৰস্মৰণীয় কৰি তুলিছে
শ্ৰী অমিত শ্বাহে গেলেক্সআইৰ সমগ্ৰ দলটোলৈ ভৱিষ্যতৰ সকলো অভিযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে
পোষ্ট কৰা হৈছে:
03 MAY 2026 8:15PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অপ্টিকেল কেমেৰা আৰু সৰ্বস্তৰৰ বতৰ-অনুকূল ৰাডাৰৰ সংমিশ্ৰণেৰে নিৰ্মাণ কৰা বিশ্বৰ প্ৰথমটো অপ্টোছাৰ উপগ্ৰহ মিছন দৃষ্টিৰ বাবে গেলেক্সআইৰ যুৱ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছে।
এক্স প্লেটফৰ্মৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “অপটিকেল কেমেৰা আৰু সৰ্বস্তৰৰ বতৰ-অনুকূল ৰাডাৰৰ সংমিশ্ৰণেৰে বিশ্বৰ প্ৰথমটো অপ্টোছাৰ উপগ্ৰহ মিছন দৃষ্টি নিৰ্মাণৰ বাবে গেলেক্সআইৰ আমাৰ যুৱ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন। ভাৰতত ব্যক্তিগতভাৱে নিৰ্মিত সৰ্ববৃহৎ উপগ্ৰহটোৰ উৎক্ষেপণে আমাৰ পৃথিৱীখন কেনেকৈ পৰ্যবেক্ষণ কৰা হয় তাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাব আৰু বিশ্ব মঞ্চত আমাৰ যুৱক-যুৱতীসকলৰ দক্ষতাক প্ৰতীয়মান কৰি তুলিব। মোদীজীৰ মহাকাশ শক্তিখণ্ডত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰা আপোনালোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।”
***
RK / RR / PS /KD
(ৰিলিজ আই ডি : 2257704)
অতিথি কক্ষ : 10