ভাৰতীয় নিৰ্বাচন আয়োগ
ভোটগণনা কেন্দ্ৰত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ নিৰ্বাচন আয়োগৰ কিউ আৰ (QR) ক'ডভিত্তিক পৰিচয় পত্ৰ ব্যৱস্থা
পোষ্ট কৰা হৈছে:
30 APR 2026 4:18PM by PIB Guwahati
১। ভোটগণনা কেন্দ্ৰত কোনো অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশ ৰোধ কৰাৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচন আয়োগে ECINET-ত এটা কিউ আৰ (QR) ক'ড ভিত্তিক ফটো পৰিচয় পত্ৰ মডিউলৰ ব্যৱস্থা কৰিছে।
২। অহা ৪ মে’, ২০২৬ত অনুষ্ঠিত হ’বলগীয়া অসম, কেৰালা, তামিলনাডু, পশ্চিম বংগ আৰু পুডুচেৰী বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু ৫খন ৰাজ্যৰ ৭টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোট গণনাৰ পৰা এই ব্যৱস্থা আৰম্ভ কৰা হ’ব। পৰৱৰ্তী সময়ত লোকসভা আৰু বিধানসভাসমূহৰ সকলো সাধাৰণ নিৰ্বাচন আৰু উপ-নিৰ্বাচনত এই ব্যৱস্থা কাৰ্যকৰী কৰা হ’ব।
৩। ভাৰতীয় নিৰ্বাচন আয়োগে যোৱা এবছৰত গ্ৰহণ কৰা ৩০টাতকৈও অধিক পদক্ষেপৰ ধাৰাবাহিকতা ৰক্ষা কৰি এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ পূৰ্বে বি এল অ’সকলৰ বাবে কিউ আৰ ক'ড ভিত্তিক ফটো পৰিচয় পত্ৰৰ প্ৰৱৰ্তন কৰা হৈছিল।
৪। ভোটগণনা কেন্দ্ৰত পৰিচয় পৰীক্ষাৰ বাবে এক ত্ৰি-স্তৰীয় সুৰক্ষা ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে। প্ৰথম আৰু দ্বিতীয় স্তৰত ৰিটাৰ্ণিং অফিচাৰৰ দ্বাৰা জাৰি কৰা ফটো পৰিচয়-পত্ৰসমূহ পৰীক্ষা কৰা হ’ব। গণনা কক্ষৰ একেবাৰে ওচৰত থকা তৃতীয় তথা আটাইতকৈ ভিতৰৰ সুৰক্ষা স্তৰত কেৱল কিউ আৰ ক'ড স্কেনিঙৰ জৰিয়তে সঠিক পৰীক্ষণৰ পিছতহে প্ৰৱেশৰ অনুমতি দিয়া হ'ব।
৫। নতুন কিউ আৰ ক'ড ভিত্তিক ফটো পৰিচয় পত্ৰসমূহ নিৰ্বাচন আয়োগৰ দ্বাৰা গণনা কেন্দ্ৰ আৰু প্ৰেক্ষাগৃহত প্ৰৱেশৰ বাবে অনুমতি প্ৰদান কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ ভিতৰত ৰিটাৰ্ণিং বিষয়া, সহকাৰী ৰিটাৰ্ণিং বিষয়া, গণনা কৰ্মী, কাৰিকৰী কৰ্মী, প্ৰাৰ্থী, নিৰ্বাচনী এজেণ্ট আৰু গণনা এজেণ্ট আদি অন্তৰ্ভুক্ত।
৬। সংবাদ মাধ্যমৰ অনুমোদিত লোকসকলৰ সুবিধাৰ বাবে প্ৰতিটো গণনা কেন্দ্ৰৰ গণনা কক্ষৰ ওচৰতে এটা সংবাদ কোষ স্থাপন কৰা হ’ব।
৭। আয়োগৰ প্ৰচলিত নিয়মাৱলীৰ অধীনত নির্বাচন আয়োগে প্ৰদান কৰা অনুমতি পত্ৰৰ ভিত্তিত সংবাদ মাধ্যমৰ লোকসকলক প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হ’ব।
৮। জিলা নিৰ্বাচনী বিষয়া আৰু ৰিটাৰ্ণিং বিষয়াসকলক এই ব্যৱস্থাৰ কাৰ্যকৰী ৰূপায়ণৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ ভিতৰত নিৰ্দিষ্ট চেকপইণ্টত প্ৰশিক্ষিত কৰ্মী নিয়োগ কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে, যাতে সুচল আৰু সুৰক্ষিত প্ৰৱেশ নিয়ন্ত্ৰণ সুনিশ্চিত কৰিব পৰা যায়।
৯। ভোটগণনা প্ৰক্ৰিয়াত স্বচ্ছতা, নিৰাপত্তা আৰু দক্ষতাৰ উচ্চ মানদণ্ড বজাই ৰাখিবলৈ সকলো মুখ্য নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া, ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলক এই নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
********
PK/GDH/RP/KD
(ৰিলিজ আই ডি : 2257153)
অতিথি কক্ষ : 8