গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬; সংবিধান (১৩১সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬; আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন (সংশোধনী) বিধেয়ক, ২০২৬ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়ে

প্ৰধান বিৰোধী দলটোৱে সদায় মহিলাৰ অধিকাৰৰ বিৰোধিতা কৰি আহিছে-সেয়া শ্বাহ বানোৰ গোচৰেই হওক, তিনি তালাকৰ বিলুপ্তিয়েই হওক বা লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ সংৰক্ষণেই হওক

১৯৭৬ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত, তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ক্ষমতা বৰ্তাই ৰাখিবলৈ সীমা নিৰ্ধাৰণ বন্ধ কৰিছিল আৰু আজিও ই হৈছে মুখ্য বিৰোধী দল যিয়ে সীমা নিৰ্ধাৰণ বন্ধ কৰাৰ বাবে কাম কৰি আছে

তিনি দশক ধৰি নাকচ হোৱাৰ পাছত মোদী চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক আখৰ আৰু আত্মাৰে উত্থাপন কৰিছিল, কিন্তু বিৰোধীয়ে ইয়াক গৃহীত হ’বলৈ দিয়া নাছিল

বিৰোধীয়ে কেৱল ২০২৯ চনৰ লোকসভা নিৰ্বাচনতে নহয়, প্ৰতিটো পৰ্যায়ত, প্ৰতিটো নিৰ্বাচনত আৰু প্ৰতিখন স্থানতে ‘মহিলাৰ ক্ষোভ’ৰ সন্মুখীন হ'ব লাগিব

আমি যি বিৰোধিতাৰ সন্মুখীনেই নহও কিয়, মহিলা সবলীকৰণৰ বাবে চেষ্টা আমি অব্যাহত ৰাখিম আৰু বিধায়িনী প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ প্ৰতিনিধিত্ব নিশ্চিত কৰিম

प्रविष्टि तिथि: 17 APR 2026 10:18PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত সীমা নিৰ্ধাৰণ বিধেয়ক, ২০২৬; সংবিধান (১৩১সংখ্যক সংশোধনী) বিধেয়ক, ২০২৬; আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আইন (সংশোধনী) বিধেয়ক, ২০২৬ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়ে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই আলোচনাত ৫৬  গৰাকী মহিলা সদস্যকে ধৰি ১৩০ গৰাকী সদস্যই অংশগ্ৰহণ কৰে। তেওঁ কয় যে বিতৰ্কৰ সময়ত বিৰোধী মিত্ৰজোঁটে স্পষ্টভাৱে মহিলা সংৰক্ষণ বিধেয়কৰ বিৰোধিতা কৰিছিল। তেওঁ কয় যে এই বিৰোধিতা, ৰূপায়ণৰ পদ্ধতিৰ বিষয়ে নহয়, কেৱল মহিলা সংৰক্ষণৰ বিষয়ে। তেওঁ কয় যে ইয়াৰ উদ্দেশ্য হৈছে ‘এজন ব্যক্তি, এটা ভোট, এটা মূল্য’ নীতি ৰূপায়ণ কৰা, যিটো সংবিধান সভাৰ দ্বাৰা আমাৰ গণতন্ত্ৰৰ ভেটি হিচাপে স্থাপন কৰা হৈছিল।

শ্ৰী অমিত শ্বাহে কয় যে সংবিধানে সময়ে সময়ে সীমা নিৰ্ধাৰণৰ ব্যৱস্থা কৰিছে আৰু এই প্ৰক্ৰিয়াৰ জৰিয়তে অনুসূচীত জাতি তথা অনুসূচীত জনজাতিৰ বাবে আসনৰ সংখ্যা বৃদ্ধি পাইছে। তেওঁ কয় যে সীমা নিৰ্ধাৰণৰ বিৰোধিতা কৰাসকলে প্ৰকৃততে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে আসন বৃদ্ধিৰ বিৰোধিতা কৰিছে। তেওঁ কয় যে সংবিধানে চৰকাৰক এক সমতাযুক্ত, সামগ্ৰিক আৰু ব্যৱহাৰিক গণতান্ত্ৰিক পৰিকাঠামো সৃষ্টিৰ দায়িত্ব প্ৰদান কৰিছে আৰু বৰ্তমান এই দায়িত্ব শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰৰ ওপৰত ন্যস্ত। শ্ৰী শ্বাহে কয় যে যুক্তৰাষ্ট্ৰবাদৰ ভাৰসাম্য বজাই ৰখা, জনসংখ্যাৰ অনুপাতত লোকসভাত প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু ৰাজ্যসমূহৰ ক্ষমতাৰ ভাৰসাম্য বজাই ৰখাটোও সীমা নিৰ্ধাৰণৰ মূল উদ্দেশ্য। তেওঁ লগতে কয় যে সীমা নিৰ্ধাৰণে নতুন ভৌগোলিক বাস্তৱিকতা, প্ৰশাসনিক পৰিৱৰ্তন, নগৰীকৰণ, পথ আৰু ৰে’লপথৰ জৰিয়তে সংযোগ বৃদ্ধি আৰু নতুন জিলাৰ সৃষ্টিৰ কথাও বিবেচনা কৰে। শ্ৰী শ্বাহে উল্লেখ কৰে যে এই সকলোবোৰ নীতি সংবিধানৰ ৮১,৮২ আৰু ১৭০ নম্বৰ অনুচ্ছেদত সন্নিবিষ্ট কৰা হৈছে আৰু সেইবোৰ কাৰ্যকৰী কৰিবলৈ শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে এই সাংবিধানিক সংশোধনী আনিছে। তেওঁ কয় যে মহিলা সবলীকৰণৰ প্ৰচাৰ, সমান প্ৰতিনিধিত্ব নিশ্চিত কৰা আৰু এক সমতাযুক্ত যুক্তৰাষ্ট্ৰবাদৰ গাঁথনি গঢ়ি তোলাৰ দায়িত্ব পালনৰ বাবে এই বিধেয়কসমূহ উত্থাপন কৰা হৈছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে নাৰী শক্তি বন্দন আইনে নিৰ্ধাৰণ কৰিছে যে ২০২৬ চনৰ পাছত অনুষ্ঠিত হোৱা লোকপিয়লৰ পৰৱৰ্তী সময়ত হ’বলগীয়া সীমা নিৰ্ধাৰণ অনুশীলনত মহিলাৰ বাবে সংৰক্ষণ নিশ্চিত কৰা হ’ব। তেওঁ কয় যে ১৯৭১ চনত বিৰোধী দলৰ চৰকাৰে এই প্ৰক্ৰিয়াটো বন্ধ কৰি দিছিল আৰু সেয়েহে ইয়াক উল্লেখ কৰিবলগীয়া হৈছে। তেওঁ লগতে কয় যে ১৯৭১ চনৰ পৰা আসনৰ সংখ্যা বন্ধ হৈ আছে আৰু আজি ১২৭ টা সমষ্টি আছে য'ত প্ৰত্যেকতে ২ নিযুতৰো অধিক ভোটাৰ আছে। এই সমষ্টিসমূহত ‘এজন ব্যক্তি, এটা ভোট, এটা মূল্য’ নীতি সম্পূৰ্ণৰূপে উলংঘন কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ১৯৭২ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথমে আসনৰ সংখ্যা ৫২৫ ৰ পৰা ৫৪৫ লৈ বৃদ্ধি কৰি সীমা নিৰ্ধাৰণ বিধেয়ক উত্থাপন কৰিছিল আৰু তাৰ পাছত সেইবোৰ বন্ধ কৰি দিছিল। তেওঁ কয় যে ১৯৭৬ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত ৪২ সংখ্যক সংশোধনী অনা হয়। যিয়ে ক্ষমতা বজাই ৰাখিবলৈ সীমা নিৰ্ধাৰণ বন্ধ কৰিছিল। সেই সময়তো মুখ্য বিৰোধী দলে দেশৰ জনসাধাৰণক সীমা নিৰ্ধাৰণৰ পৰা বঞ্চিত কৰিছিল আৰু আজিও সেই একেই দলেই ৰাষ্ট্ৰখনক ইয়াৰ পৰা বঞ্চিত কৰি আছে। তেওঁ কয় যে ২০০১ চনত ৮৪ সংখ্যখ সংশোধনী প্ৰণয়ন কৰা হয়, যিয়ে ২০২৬ চনলৈকে আসনৰ সংখ্যা বন্ধ কৰি দিছিল। ১৯৭৬ চনৰ পৰা ২০২৬ চনলৈকে-৫০বছৰৰ সময়ছোৱাত-দেশৰ জনসাধাৰণে জনসংখ্যাৰ অনুপাতত প্ৰতিনিধিত্ব লাভ কৰা নাছিল। শ্ৰী শ্বাহে উল্লেখ কৰে যে এই সীমা ২০২৬ চনত শেষ হয়, কিন্তু সীমা নিৰ্ধাৰণ কৰা হ'লেও ২০২৯ চনৰ আগতে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব নোৱাৰি, কিয়নো সীমা নিৰ্ধাৰণ আয়োগে প্ৰতিটো সমষ্টিতে ৰাজহুৱা শুনানি অনুষ্ঠিত কৰাটো প্ৰয়োজনীয়।

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৭৬ চনত দেশৰ জনসংখ্যা আছিল ৫৪ কোটি ৭৯ লাখ, কিন্তু বৰ্তমান ই হৈছে ১৪০ কোটি। তেওঁ কয় যে সদনত সদস্যৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে সদনৰ কৰ্মদিনৰ সংখ্যাও বৃদ্ধি কৰাটো চৰকাৰৰ দায়িত্ব। তেওঁ কয় যে চৰকাৰে প্ৰতিখন ৰাজ্যতে আসনৰ সংখ্যা ৫০শতাংশ বৃদ্ধি কৰিছে যাতে কোনো ৰাজ্যৰ অনুকূল অনুপাতৰ অংশীদাৰিত্ব প্ৰভাৱিত নহয়। তেওঁ উল্লেখ কৰে যে কিছুমান সদস্যই প্ৰশ্ন উত্থাপন কৰিছিল যে সময়মতে লোকপিয়ল কিয় অনুষ্ঠিত কৰা হোৱা নাছিল। শ্ৰী শ্বাহে ব্যাখ্যা কৰে যে লোকপিয়ল ২০২১ চনৰ বাবে নিৰ্ধাৰিত আছিল, কিন্তু দেশখনে সেই সময়ত শতিকাৰ আটাইতকৈ ডাঙৰ মহামাৰী-ক’ভিড-19-ৰ সন্মুখীন হৈছিল, যাৰ ফলত ইয়াক পৰিচালনা কৰাটো অসম্ভৱ হৈ পৰিছিল। তেওঁ লগতে কয় যে মহামাৰী হ্ৰাস হোৱাৰ পাছতো দেশখন সুস্থিৰ অৱস্থালৈ ঘূৰি আহিবলৈ যথেষ্ট সময় লাগিছিল। শ্ৰী শ্বাহে লগতে কয় যে যেতিয়া ২০২৪ চনত লোকপিয়ল প্ৰক্ৰিয়া আৰম্ভ হৈছিল, তেতিয়া কিছুমান দলে জাতিভিত্তিক লোকপিয়লৰ বাবে বৈধ দাবী উত্থাপন কৰিছিল। সকলো অংশীদাৰৰ সৈতে আলোচনা কৰাৰ পাছত জাতিভিত্তিক লোকপিয়ল অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। তেওঁ কয় যে চলিত লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰা হ’ব। তেওঁ লগতে কয় যে প্ৰধান বিৰোধী দলৰ কাৰ্যকালত পূৰ্বৰ লোকপিয়লত জাতি গণনা অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, ধৰ্মৰ বিষয়ে কেতিয়াও সোধা হোৱা নাছিল। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সিদ্ধান্ত লৈছে যে ২০২৬চনৰ লোকপিয়ল জাতি গণনাৰ সৈতে সম্পন্ন কৰা হ 'ব।

 

শ্ৰী অমিত শ্বাহে কয় যে এই বিধেয়কখন উত্থাপন হোৱাৰ পাছৰে পৰা বিৰোধীয়ে ভুল ধাৰণা বিয়পাবলৈ আৰম্ভ কৰিছে। তেওঁ কয় যে প্ৰথম ভুল ধাৰণাটো আছিল যে চৰকাৰে জাতিভিত্তিক লোকপিয়ল বিলম্বিত কৰিবলৈ এই সাংবিধানিক সংশোধনী অনা হৈছে। তেওঁ কয় যে আন এটা ভুল ধাৰণা প্ৰচাৰ কৰা হৈছে যে দক্ষিণৰ ৰাজ্যসমূহৰ প্ৰতি অন্যায় কৰা হ’ব। শ্ৰী শ্বাহে দৃঢ়তাৰে কয় যে এই সদনৰ ওপৰত উত্তৰৰ ৰাজ্যসমূহৰ দৰে দক্ষিণৰ ৰাজ্যসমূহৰো অধিকাৰ আছে। তেওঁ লগতে কয় যে এই সদনৰ ওপৰত লক্ষদ্বীপৰ উত্তৰ প্ৰদেশ, গুজৰাট আৰু বিহাৰৰ দৰে একে অধিকাৰ আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়ে উত্তৰ-দক্ষিণ আখ্যানৰ জৰিয়তে দেশক বিভাজন কৰাৰ চেষ্টা কৰা উচিত নহয়, কিন্তু এনে বিভাজনৰ উৰ্ধ্বলৈ অহা উচিত। তেওঁ কয় যে যিসকলে সংবিধানৰ ওপৰত শপত গ্ৰহণ কৰিছে তেওঁলোকে এতিয়া উত্তৰ আৰু দক্ষিণৰ মাজত বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে, যাক অনুমতি দিয়া নহ'ব। শ্ৰী শ্বাহে গুৰুত্ব আৰোপ কৰি কয় যে সংসদত শপত গ্ৰহণ কৰা প্ৰতিজন সদস্যই ভাৰতৰ একতা আৰু অখণ্ডতা বৰ্তাই ৰাখিবলৈ আৰু সমগ্ৰ ৰাষ্ট্ৰৰ কল্যাণৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ লগতে কয় যে কোনো সদস্যই নিজৰ সমষ্টি, ৰাজ্য, ধৰ্ম বা জাতিৰ নামত শপত গ্ৰহণ নকৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে দেশক বিভাজন কৰি কোনেও ক্ষমতা লাভ কৰিব নোৱাৰে।

 

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিনিধিত্বৰ ক্ষেত্ৰত দক্ষিণৰ ৰাজ্যসমূহে ক্ষতিগ্ৰস্ত হ’ব বুলি সীমা নিৰ্ধাৰণ আয়োগ আৰু সাংবিধানিক সংস্কাৰৰ সন্দৰ্ভত এক আখ্যান প্ৰচাৰ কৰা হৈছে, যিটো সঁচা নহয়। তেওঁ কয় যে বৰ্তমান কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, তামিলনাডু আৰু কেৰালাত মুঠ লোকসভা আসনৰ সংখ্যা ১২৯, যি দেশৰ মুঠ ৫৪৩খন লোকসভা আসনৰ ২৩.৭৬ শতাংশ। তেওঁ কয় যে যদি এই আসনসমূহ ৫০ শতাংশ বৃদ্ধি কৰা হয় আৰু পাঁচখন ৰাজ্যৰ মাজত আবণ্টন কৰা হয়, তেন্তে এই সংখ্যা ১২৯ ৰ পৰা ১৯৫ লৈ বৃদ্ধি পাব। তেওঁ লগতে কয় যে সীমা নিৰ্ধাৰণৰ পাছত যেতিয়া দেশত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৮১৬ লৈ বৃদ্ধি হ'ব, তেতিয়া দক্ষিণৰ ৰাজ্যসমূহক আবণ্টিত আসনৰ অংশ হ' ব ২৩.৮৭ শতাংশ। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে মুঠ লোকসভা আসনত এই দক্ষিণৰ পাঁচখন ৰাজ্যৰ বৰ্তমানৰ অংশ হৈছে ২৩.৭৬ শতাংশ, যি সীমা নিৰ্ধাৰণৰ পিছত সামান্য বৃদ্ধি হৈ ২৩.৮৭ শতাংশ হ'ব।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে সদনৰ কিছুমান সদস্যই মুছলমান মহিলাকো সংৰক্ষণ দিয়া উচিত বুলি আন এটা ভুল ধাৰণা প্ৰচাৰ কৰিছিল। তেওঁ কয় যে ভাৰতৰ সংবিধান, চৰকাৰ আৰু তেওঁৰ দলৰ নীতি স্পষ্ট যে সংবিধানে ধৰ্মৰ ভিত্তিত সংৰক্ষণৰ অনুমতি নিদিয়ে। সংৰক্ষণ জন্মগতভাৱে প্ৰদান কৰা হয় আৰু আন কোনো ধৰণে আহৰণ কৰিব নোৱাৰি। শ্ৰী শ্বাহে কয় যে ধৰ্মৰ ভিত্তিত সংৰক্ষণ প্ৰদানৰ বাবে সংবিধানত ক’তো কোনো ব্যৱস্থা নাই। তেওঁ লগতে কয় যে বিৰোধী মিত্ৰশক্তিৰ নেতাসকলে তুষ্টিকৰণৰ ৰাজনীতিৰ বাবে দেশত মুছলমান সংৰক্ষণৰ দাবী উত্থাপন কৰাৰ লগতে সংবিধানৰ কথাও কৈছে। তেওঁ কয় যে ধৰ্মৰ ভিত্তিত সংৰক্ষণ কেতিয়াও দিয়া নহ’ব।

 

শ্ৰী অমিত শ্বাহে কয় যে যদি কোনো দল আছে যি এই দেশত অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) আটাইতকৈ ডাঙৰ বিৰোধী হৈ আহিছে, তেন্তে ই হৈছে প্ৰধান বিৰোধী দল। তেওঁ কৈছিল যে ১৯৫৭  চনত অ'বিচিৰ বাবে সংৰক্ষণৰ পৰামৰ্শ দিয়া কাকা কালেলকাৰ আয়োগৰ পৰামৰ্শসমূহ গ্ৰহণ কৰা হৈছিল, কিন্তু বিৰোধী দলৰ নেতৃত্বত তেতিয়াৰ চৰকাৰে প্ৰতিবেদনখন স্থগিত ৰাখিছিল। তেওঁ কয় যে যেতিয়া মণ্ডল আয়োগৰ প্ৰতিবেদন দাখিল কৰা হৈছিল, তেতিয়া বিৰোধী দলৰ চৰকাৰেও ইয়াক শীতল ভাণ্ডাৰত ৰাখিছিল। ১৯৯০ চনত ভি পি সিঙৰ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতহে মণ্ডল আয়োগৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰা হৈছিল। তেওঁ লগতে কয় যে সেই সময়ত বিৰোধী দলৰ জ্যেষ্ঠতম নেতাই মণ্ডল আয়োগৰ বিৰোধিতা কৰি তেওঁৰ জীৱনৰ আটাইতকৈ দীঘলীয়া ভাষণ দিছিল। শ্ৰী শ্বাহে লগতে কয় যে বিৰোধী দলেও ১৯৫১ আৰু ১৯৭১ দুয়োটা বৰ্ষত জাতিভিত্তিক লোকপিয়লৰ বিৰোধিতা কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে বিৰোধীৰ বাবে নিৰ্বাচনত জয়লাভ কৰাটো সৰ্বোপৰি, কিন্তু চৰকাৰৰ বাবে ৰাষ্ট্ৰ আৰু ইয়াৰ জনসাধাৰণ প্ৰথম। তেওঁ কয় যে ৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব আৰু অংশগ্ৰহণ নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে সংবিধান ৰূপায়ণৰ বাবে দায়বদ্ধতা, স্বচ্ছতা, সমান সুযোগ আৰু ন্যায়ৰ সুৰক্ষা অত্যাৱশ্যকীয়। তেওঁ কয়, সমগ্ৰ দেশৰ জনসাধাৰণ বিৰোধীৰ চিন্তাৰ বিষয়ে অৱগত  আৰু আজিৰ পৰা দেশৰ মহিলাসকলেও জানিব যে বিৰোধী দলে তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈছে।

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ১৯৯২ চনত পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত চৰকাৰে ৭২ সংখ্যক আৰু ৭৩ সংখ্যক সাংবিধানিক সংশোধনী আনে আৰু পঞ্চায়তত মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণ প্ৰদানৰ প্ৰশংসনীয় কাম কৰে। তেওঁ কয় যে তাৰ পাছত, ১৯৯৬ চনত শ্ৰী এইচ ডি দেৱেগৌড়া প্ৰধানমন্ত্ৰী হৈছিল আৰু ৮১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক ১৯৯৬ চনৰ ছেপ্টেম্বৰত উত্থাপন কৰা হৈছিল, যাৰ কিছুমান দলে বিৰোধিতা কৰিছিল। পৰৱৰ্তী সময়ত, বিধেয়কখন পৰীক্ষা কৰিবলৈ গীতা মুখাৰ্জী সমিতি গঠন কৰা হৈছিল। সমিতিখনে ইয়াৰ প্ৰতিবেদন দাখিল কৰাৰ সময়ত একাদশ লোকসভা ভংগ হৈছিল আৰু বিধেয়কখন বাতিল হৈছিল। তেওঁ লগতে কয় যে ১৯৯৮ চনত ৮৪ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক অনা হয়, কিন্তু সেই দলসমূহে পুনৰ ইয়াৰ বিৰোধিতা কৰে আৰু পৰিস্থিতিয়ে আনকি বিধেয়কখন সদনত উত্থাপন কৰিবলৈও অনুমতি দিয়া নাছিল; দ্বাদশ লোকসভা ভংগ হোৱাৰ লগে লগে ইয়াৰ ম্যাদ শেষ হৈছিল। শ্ৰী শ্বাহে লগতে কয় যে ১৯৯৯ চনৰ পৰা ২০০৩ চনলৈকে ৮৫ সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, কিন্তু আকৌ এবাৰ ই একেটা দলৰ বিৰোধিতাৰ সন্মুখীন হৈছিল আৰু বাতিল হৈছিল।

তেওঁ কয় যে ২০০৮ চনৰ পৰা ২০১৪ চনলৈকে মনমোহন সিঙে ১০৮  সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন কৰিছিল আৰু ইয়াক ৰাজ্যসভাত উত্থাপন কৰিছিল। বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈছিল, কিন্তু ই কেতিয়াও লোকসভালৈ গৈ পোৱা নাছিল। শ্ৰী শ্বাহে কয় যে তেওঁৰ দলে ইয়াৰ বিৰোধিতা কৰা নাছিল; বৰঞ্চ চৰকাৰক সমৰ্থন কৰা দলসমূহে ইয়াৰ বিৰোধিতা কৰিছিল। এইটোৱে স্পষ্টভাৱে ইংগিত দিয়ে যে চৰকাৰৰ নিৰ্দেশত, শাসক মিত্ৰশক্তিৰ অংশ হোৱা দলসমূহে লোকসভাত বিধেয়কখন উত্থাপন কৰিবলৈ অনুমতি দিয়া নাছিল।

 

শ্ৰী অমিত শ্বাহে কয় যে ২০২৩ চনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইচ্ছাকৃতভাৱে মহিলা সংৰক্ষণ বিধেয়ক উত্থাপন কৰিছিল, তেওঁ জানিছিল যে ২০২৪ চনত নিৰ্বাচন অনুষ্ঠিত হ’ব। তেওঁ কয় যে যিকোনো ৰাজনৈতিক নাটক থকা সত্ত্বেও বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিব নোৱাৰিব। যেতিয়া নতুন সংসদ ভৱন উদ্বোধন কৰা হৈছিল, নাৰী শক্তি বন্দন আইন সৰ্বসম্মতিৰে গৃহীত হোৱা প্ৰথমখন বিধেয়ক আছিল আৰু ৰাজ্যসভাতো গৃহীত হৈছিল। তেওঁ কয় যে যেতিয়া ইয়াক কাৰ্যকৰী কৰাৰ সময় আহিছে, বিৰোধীয়ে আকৌ এবাৰ ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে, যিটো দেশৰ মহিলাসকলে কেতিয়াও পাহৰিব নোৱাৰিব। তেওঁ লগতে কয় যে বিৰোধী দলবোৰে নিৰ্বাচনৰ সময়ত মহিলাৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান লোকে প্ৰশ্ন কৰে যে পৰিৱৰ্তনৰ প্ৰয়োজনীয়তা কি। তেওঁ কয় যে প্ৰথম লোকসভালৈ ২২ গৰাকী মহিলা নিৰ্বাচিত হৈছিল; ষষ্ঠত ১৯  গৰাকী; অষ্টমত ৪৪ গৰাকী; চতুৰ্দশত ৫১ গৰাকী; সপ্তদশত অভিলেখ সংখ্যক ৭৮ গৰাকী; আৰু অষ্টাদশ লোকসভালৈ ৭৫ গৰাকী মহিলা সদস্য নিৰ্বাচিত হৈছে। তেওঁ কয় যে এই সংখ্যাই ৰাজনীতিত অংশগ্ৰহণ কৰিবলৈ দেশৰ মহিলাসকলৰ বৰ্ধিত উৎসাহ প্ৰতিফলিত কৰে।

শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে মহিলাৰ সংৰক্ষণ অনুসৰণ কৰাৰ সময়ত ‘মহিলা নেতৃত্বাধীন উন্নয়ন’ নীতি আখৰ আৰু আত্মা দুয়োটাতে অনুসৰণ কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ প্ৰথম মন্ত্ৰী পৰিষদত ১০ গৰাকী মহিলা আছিল। তেওঁ উল্লেখ কৰে যে সুষমা স্বৰাজ দিল্লীৰ, শ্ৰীমতী উমা ভাৰতী  মধ্যপ্ৰদেশৰ আৰু শ্ৰীমতী বসুন্ধৰা ৰাজে ৰাজস্থানৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছিল। আনহাতে শ্ৰীমতী আনন্দিবেন পেটেল গুজৰাটৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছিল। তেওঁ কয় যে ৭০ বছৰত মুখ্য বিৰোধী দলে কেতিয়াও এই ৰাজ্যসমূহক এগৰাকী মহিলা মুখ্যমন্ত্ৰী দিয়া নাছিল। তেওঁ লগতে কয় যে চৰকাৰে কৰিছিল। শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দেশৰ প্ৰথমগৰাকী জনজাতীয় মহিলা ৰাষ্ট্ৰপতি। শ্ৰী শ্বাহে কয় যে চৰকাৰে এখন বিধেয়ক উত্থাপন কৰিছে যিটো তিনি দশক ধৰি নাকচ হৈ আছিল। অৱশ্যে, এইটো দুৰ্ভাগ্যজনক যে পূৰ্বতে বিধেয়কখন গৃহীত হোৱাত বাধা দিয়া একে বিৰোধীয়ে পুনৰ এবাৰ সংৰক্ষণ আৰু চৰ্তৰ সৈতে ইয়াৰ বিৰোধিতা কৰিছে। গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে প্ৰায় ১৪ লাখ মহিলাই সমগ্ৰ দেশৰ পঞ্চায়তসমূহত নিৰ্বাচিত প্ৰতিনিধি হিচাপে কাম কৰিছে। তেওঁ লগতে কয় যে তেওঁলোকে যি বিৰোধিতাৰ সন্মুখীন হওঁক, মহিলাসকলৰ সবলীকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিব আৰু বিধায়িনী প্ৰতিষ্ঠানসমূহত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিব।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে কেৱল মহিলা সংৰক্ষণ বিধেয়কৰেই বিৰোধিতা কৰা হোৱা নাই। তেওঁ কয় যে যেতিয়া ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰা হৈছিল, তেতিয়া বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিছিল। যেতিয়া ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছিল তেতিয়া ইয়াৰ বিৰোধিতা কৰা হৈছিল। নাগৰিকত্ব সংশোধনী আইনৰ (চি এ এ) বিৰোধিতা কৰা হৈছিল। তিনি তালাক বিলুপ্তকৰণৰ বিৰোধিতা কৰা হৈছিল। জি এছ টি প্ৰৱৰ্তনৰ বিৰোধিতা কৰা হৈছিল। আয়ুষ্মান ভাৰত আঁচনিৰ বিৰোধিতা কৰা হৈছিল। নতুন সংসদ ভৱন নিৰ্মাণৰ বিৰোধিতা কৰা হৈছিল। মীনপালন মন্ত্ৰালয় আৰু সহযোগিতা মন্ত্ৰালয় গঠনৰ বিৰোধিতা কৰা হৈছিল। চিফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) পদ স্থাপনৰ বিৰোধিতা কৰা হৈছিল। নক্সালবাদ নিৰ্মূলৰ প্ৰচেষ্টাৰ বিৰোধিতা কৰা হৈছিল। সন্ত্ৰাসবাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ বিৰোধিতা কৰা হৈছিল। চাৰ্জিকেল ষ্ট্ৰাইকৰ বিৰোধিতা কৰা হৈছিল। বিমান আক্ৰমণৰ বিৰোধিতা কৰা হৈছিল। অপাৰেচন সিন্দূৰৰ বিৰোধিতা কৰা হৈছিল। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে যি কৰে, বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰে। তেওঁ লগতে কয় যে আজি যেতিয়া দেশৰ মহিলাসকলৰ বাবে সংৰক্ষণ প্ৰৱৰ্তন কৰা হৈছে, তেতিয়া ইয়াৰ বিৰোধিতা কৰা উচিত নাছিল, কিন্তু বিৰোধীসকলেও ইয়াৰ বিৰোধিতা কৰিছে।

 

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীয়ে ইয়াৰ বিৰোধিতা কৰিছে কাৰণ ইয়াক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনিছে। তেওঁ লগতে কয় যে যদি মহিলা সংৰক্ষণ কাৰ্যকৰী কৰা হয়, ই মহিলাৰ মাজত প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তা বৃদ্ধি কৰিব আৰু বিৰোধীয়ে বিশ্বাস কৰে যে মহিলা ভোটাৰসকলে ইতিমধ্যে তেওঁক অধিক সমৰ্থন কৰাৰ প্ৰৱণতা আছে-সেয়েহে সংৰক্ষণক সমৰ্থন কৰিবলৈ তেওঁলোকৰ অনিচ্ছা। তেওঁ লগতে কয় যে ২০২৩ চনত সদনৰ সকলো দল আৰু সদস্যই মহিলাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি বিৰোধীয়ে ইয়াৰ পৰা আঁতৰি আছে। তেওঁ মন্তব্য কৰে যে শ্বাহ বানো গোচৰ আৰু তিনি তালাকৰ দৰে বিষয়ত বিৰোধীয়ে পিছুৱাই যোৱাৰ উদাহৰণ উল্লেখ কৰি এইটো প্ৰথমবাৰৰ বাবে নহয়,  প্ৰতিবাৰে মহিলা সংৰক্ষণৰ প্ৰস্তাৱ দিয়াৰ লগে লগে বিৰোধী পিছুৱাই গৈছে।

শ্ৰী অমিত শ্বাহে কয় যে তেওঁলোকৰ নেতাই সকলো সদস্যক নিজৰ বিবেক অনুসৰি ভোটদান কৰিবলৈ আহ্বান জনাইছিল। অৱশ্যে, তেওঁ লগতে কয় যে ইয়াত আনকি ‘আত্মা’ ও অনুপস্থিত যেন লাগিছে-গতিকে ‘আভ্যন্তৰীণ কণ্ঠ’ ক’ৰ পৰা আহিব ? তেওঁ কয় যে ই নিষ্ঠুৰ ৰাজনীতিক প্ৰতিফলিত কৰে। শ্ৰী শ্বাহে লগতে কয় যে নিৰ্বাচনৰ সময়ত বিৰোধী নেতাসকলে য'তেই যাব, তেওঁলোকে দেশৰ মহিলাসকলৰ ক্ষোভৰ সন্মুখীন হ'ব লাগিব।

 

 

****

RK/RR/PR/PS/MK


(रिलीज़ आईडी: 2256898) आगंतुक पटल : 49
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Gujarati , Telugu , Kannada