পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল
প্ৰাকৃতিক গেছ যোগানৰ বাবে অগ্ৰাধিকাৰ শ্ৰেণীৰ অধীনত ৰখা হৈছে বস্ত্ৰ আৰু হস্তশিল্প খণ্ড; যোৱা ছমাহৰ গড় ব্যৱহাৰৰ ৮০% যোগান ধৰা হৈছে
২৯বিধ মূল বস্ত্ৰৰ ক্ষেত্ৰত শুল্ক স্থগিত ৰখা হৈছে ; বস্ত্ৰ মন্ত্ৰালয়ে এমএমএফ ভেল্যু চেইন, কটনকে ধৰি অন্যান্য সামগ্ৰীসমূহৰ বাবে শুল্ক আঁতৰোৱাৰ চেষ্টা চলাইছে
বস্ত্ৰ মন্ত্ৰালয়ে তলৰ খণ্ডসমূহক সুৰক্ষিত কৰিবলৈ ই এফ ৱাই আৰু ভি এফ ৱাইৰ ওপৰত এণ্টি ডাম্পিং শুল্ক আঁতৰোৱা/ স্থগিত ৰখাৰ পৰামৰ্শ দিছে
দেশজুৰি ৬৭ হাজাৰতকৈ অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে আৰু ১১৬০ টাতকৈও অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে। লগতে ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ২৭১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে
কালিলৈকে MYPNGD.in ৱেবছাইটৰ জৰিয়তে ৪২,৮০০ৰো অধিক পিএনজি গ্ৰাহকে নিজৰ এলপিজি সংযোগ ত্যাগ কৰিছে
২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা মুম্বাই, কোচি, ভিজাগ, চেন্নাই আৰু মথুৰা শোধনাগাৰে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট ইণ্ডাষ্ট্ৰীজক বিক্ৰী কৰা হৈছে ৮৩০০ মেট্ৰিক টনতকৈ অধিক প্ৰপাইলিন আৰু ৮৭০ মেট্ৰিক বুটাইল এক্ৰিলেট
জাহাজ মন্ত্ৰালয়ে সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ২৪ জনকে ধৰি এতিয়ালৈকে ২৮০০ৰো অধিক ভাৰতীয় নাবিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে
ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচল কৰাৰ ফলত সামগ্ৰিকভাৱে বিমানৰ পৰিস্থিতিৰ উন্নতি ঘটিছে
পোষ্ট কৰা হৈছে:
28 APR 2026 5:35PM by PIB Guwahati
পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নিয়মীয়াকৈ তথ্য প্ৰদান কৰি নাগৰিকসকলক অৱগত কৰি ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত এখন সংবাদমেল অনুষ্ঠিত হয়, য’ত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ আৰু জলপথ, আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় কৰা আৰু মূল খণ্ডসমূহৰ মাজত স্থিতিশীলতা বজাই ৰাখিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তথ্য প্ৰদান কৰে। বস্ত্ৰ মন্ত্ৰালয়েও বস্ত্ৰ খণ্ডৰ সন্দৰ্ভত তথ্য প্ৰকাশ কৰে।
বস্ত্ৰ আৰু হস্তশিল্প খণ্ডৰ তথ্য
পশ্চিম এছিয়াৰ সংকটৰ বাবে বস্ত্ৰ আৰু হস্তশিল্প খণ্ডই সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত বস্ত্ৰ মন্ত্ৰালয়ে অংশীদাৰসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আহিছে। এটা নিৰীক্ষণ কোষ গঠন কৰা হৈছে যিয়ে উদ্যোগটোক সহজ কৰি তুলিবলৈ মন্ত্ৰালয়ে ল’ব পৰা ব্যৱস্থাসমূহত চকু ৰাখিছে। সংকটৰ প্ৰতি সঁহাৰি জনাই গ্ৰহণ কৰা কিছুমান ব্যৱস্থা হ’ল-
নিয়মীয়া অংশীদাৰসকলৰ পৰামৰ্শ
• পৰিস্থিতি নিৰীক্ষণৰ বাবে মন্ত্ৰালয়ে সাপ্তাহিক ভিত্তিত অংশীদাৰসকলৰ সৈতে সময়ে সময়ে বৈঠক অনুষ্ঠিত কৰি আছে। ইয়াৰ ভিতৰত ৰপ্তানি প্ৰসাৰ পৰিষদ (ইপিচি), ঘৰুৱা সংঘ, আঞ্চলিক ক্লাষ্টাৰ সংস্থা (তিৰুপুৰ, চুৰাট, পালি বালোত্ৰা), ৰাজ্য চৰকাৰৰ বিষয়াৰ সৈতে বৈঠক। ডিজি শ্বিপিং, গেইল আৰু অন্যান্য সংস্থাৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ আছে মন্ত্ৰালয়। বাণিজ্য বিভাগৰ ৰেজিলিয়েন্স এণ্ড লজিষ্টিকছ ইন্টাৰভেনচন ফৰ এক্সপ’ৰ্ট ফেচিলিটেশ্যন (RELIEF) আঁচনিৰ ওপৰতো মন্ত্ৰালয়ে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰে।
• তদুপৰি ইপিচিসমূহেও তেওঁলোকৰ স্বতন্ত্ৰ পৰামৰ্শৰ আয়োজন কৰিছিল। কাৰ্পেট ৰপ্তানি প্ৰসাৰ পৰিষদে (CEPC) ৬ এপ্ৰিল, ২০২৬ তাৰিখে সকাহ দিব পৰা ব্যৱস্থাৰ বিষয়ত এখন ৱেবিনাৰ আয়োজন কৰে। পশ্চিম এছিয়াৰ সংকটৰ পৰিপ্ৰেক্ষিতত লজিষ্টিক প্ৰত্যাহ্বানৰ ওপৰত ২০ এপ্ৰিল, ২০২৬ তাৰিখে হস্তশিল্পৰ বাবে ৰপ্তানি প্ৰসাৰ পৰিষদে (ইপিচিএইচ) এক সজাগতা আলোচনা চক্ৰৰ আয়োজন কৰে। আলোচনাসমূহ বিশ্বব্যাপী জাহাজ চলোৱাৰ ব্যাঘাত, বিকল্প ৰুটিং, , লজিষ্টিক পৰিকল্পনা, খৰচ অনুকূলন কৌশল আৰু অনুসৰণৰ বিষয়সমূহৰ ওপৰত কেন্দ্ৰিত আছিল।
• ডি জি শ্বিপিঙৰ দ্বাৰা জাৰি কৰা পৰামৰ্শসমূহ অংশীদাৰসকলৰ মাজত প্ৰচাৰ কৰা হৈছে। জাহাজ লাইনৰ সৈতে জড়িত কিছুমান বিষয় যেনে পশ্চিম এছিয়ালৈ যোগানৰ বাবে জেদ্দাৰ দৰে বিকল্প বন্দৰ ব্যৱহাৰ কৰাটোও অংশীদাৰসকলৰ মাজত প্ৰচাৰ কৰা হৈছে।
উদ্যোগটোৰ বাবে ইন্ধন/প্ৰাকৃতিক গেছৰ যোগান নিশ্চিত কৰা
• বস্ত্ৰ আৰু হস্তশিল্প উদ্যোগলৈ প্ৰাকৃতিক গেছ যোগান ধৰাৰ বাবে বস্ত্ৰ মন্ত্ৰালয়ে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে এই বিষয়টো লৈছিল। ইয়াৰ উত্তৰত গেইলে ইংগিত দিছিল যে বস্ত্ৰ আৰু হস্তশিল্প খণ্ড অগ্ৰাধিকাৰ খণ্ড তৃতীয়/চতুৰ্থ (ঔদ্যোগিক গ্ৰাহক)ৰ অধীনত আছে আৰু যোগান যোৱা ৬ মাহৰ গড় ব্যৱহাৰৰ ৮০% ত ৰখা হৈছে। যোগানত ব্যাঘাত জন্মালে গেইলে মাজে মাজে স্পট মাৰ্কেটৰ পৰা যোগানৰ উৎস বিচাৰিছে।
• মন্ত্ৰালয়ে ক্লাষ্টাৰসমূহত যোগানৰ ওপৰত নিৰীক্ষণ কৰি আছে। কোনো ধৰণৰ অভাৱ হ’লে নিৰীক্ষণ কোষে স্পট মাৰ্কেট ক্ৰয়ৰ বাবে গেইল কৰ্তৃপক্ষৰ সৈতে বিষয়টো সমাধান কৰিব।
বস্ত্ৰ আৰু হস্তশিল্প খণ্ডৰ বাবে সামগ্ৰীৰ ওপৰত শুল্ক আঁতৰোৱা
• মূল্যৰ অস্থিৰতা আৰু তলৰ উদ্যোগৰ বাবে যোগান শৃংখলৰ ধাৰাবাহিকতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ পোহৰত মন্ত্ৰালয়ে বস্ত্ৰ আৰু হস্তশিল্প খণ্ডৰ সামগ্ৰীসমূহৰ ওপৰত শুল্ক আঁতৰোৱাৰ পোষকতা কৰি আহিছে।
• এই প্ৰসংগত ৰাজহ বিভাগে ১.৪.২৬ তাৰিখৰ শুল্ক অধিসূচনা ১২/২০২৬ত এমএমএফ খণ্ডৰ সামগ্ৰীকে ধৰি কেইবাটাও সামগ্ৰীৰ ক্ষেত্ৰত শুল্ক আঁতৰাইছে। বস্ত্ৰ খণ্ডৰ ক্ষেত্ৰত মনোইথাইলিন গ্লাইকল (এমইজি), বিশুদ্ধ টেৰেফ্থালিক এচিড (পিটিএ), পলি(ইথাইলিন টেৰেফ্থালেট) (পিইটি) চিপছ, পলি(বুটিলিন টেৰেফ্থালেট) (পিবিটি), মিথানল, টলুইন, ষ্টাইৰিন, ভিনাইল ক্লৰাইড মনোমাৰ (ভিচিএম),ফেনল, এচিটিক এচিড, ভিনাইল এচিটেট মনোমাৰ (ভিএএম), ইথাইলিনডাইমাইন, মনোইথান’লামাইন/ ডাইইথান’লামাইন, পলিইথাইলিন (পিই), পলিপ্ৰ’পিলিন (পিপি), পলিষ্টাইৰিন (পিএছ), পলিভিনাইল ক্লৰাইড (পিভিচি), এক্ৰিলোনাইট্ৰাইল-বুটাডাইন-ষ্টাইৰিন (এবিএছ), ষ্টাইৰিন-এক্ৰিল’নাইট্ৰাইল (এছএন), পলিভিনাইল এচিটেট (পিভিএ), পলিভিনাইল এলক’হল, ইপ’ক্সি ৰেজিন, পলিয়ুৰেথেন, পলিকাৰ্বনেট, এলকাইড ৰেজিন, অসংপৃক্ত পলিয়েষ্টাৰ ৰেজিন, টলুইন ডাই-আইছ'চাইনেট (TDI), পলিয়ল, আৰু ৰৈখিক এলকাইলবেনজিন।
• দ্বিতীয়তে, মন্ত্ৰালয়ে আন কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত ৰাজহ বিভাগৰ সৈতে শুল্ক আঁতৰোৱাৰ বিষয়টোও গ্ৰহণ কৰিছে যথা-
• এমএমএফ মূল্য শৃংখল:
ক. কেপ্ৰ’লেক্টাম
খ. নাইলনৰ চিপচ
• ৰেয়ন গ্ৰেড কাঠৰ পাল্প
• কপাহ
• কাঁচৰ সামগ্ৰী নিৰ্মাণৰ বাবে ইনপুট যথা ছ’ডা এছ (ছডিয়াম কাৰ্বনেট) (HS 283620), বৰিক এচিড/ ব’ৰন অক্সাইড (HS 281000), এলুমিনা (HS 281820), চেলেনিয়াম যৌগ (HS 280490), চেৰিয়াম অক্সাইড (HS 284610), জিৰকনিয়া ৰিফ্ৰেক্টৰীজ (HS 690390), চুলা বাৰ্নাৰ/ ব্যৱস্থা (HS 841620, 841780), পটাছিয়াম নাইট্ৰেট (HS 283421), পটাছিয়াম কাৰ্বনেট (HS 283640), আৰ্ছেনিক ট্ৰাইঅক্সাইড (HS 281129) আৰু বেৰিয়াম কাৰ্বনেট (HS 283660)
এণ্টি ডাম্পিং শুল্ক আঁতৰোৱা/ স্থগিত ৰখা
• তলৰ কিছুমান উৎপাদকে ইংগিত দিছে যে তেওঁলোকৰ কিছুমান ইনপুটৰ ওপৰত এণ্টি ডাম্পিং শুল্কে অস্থিৰ মূল্যৰ পোহৰত তেওঁলোকৰ উৎসৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব। তলৰ খণ্ডত সৃষ্টি হোৱা নিয়োগ, তলৰ খণ্ডত এমএছএমইৰ অংশগ্ৰহণ, যোগান শৃংখলত ব্যাঘাত জন্মা আদিৰ প্ৰতি লক্ষ্য ৰাখি আভ্যন্তৰীণ বিশ্লেষণ গ্ৰহণ কৰাৰ পিছত বস্ত্ৰ মন্ত্ৰালয়ে তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত এণ্টি ডাম্পিং শুল্ক আঁতৰোৱা/স্থগিত ৰখাৰ বাবেও ৰাজহ বিভাগক পৰামৰ্শ দিছে:
• ইলাষ্টোমেৰিক ফিলামেণ্ট সূতা (EFY)
• ভিস্কোজ ৰেয়ন ফিলামেণ্ট সূতা (VFY)
ৰাজ্য চৰকাৰৰ উত্তম পদ্ধতিৰ তথ্য প্ৰচাৰ
• ৰাজ্য চৰকাৰ আৰু ক্লাষ্টাৰ সংস্থাসমূহৰ সৈতে হোৱা বৈঠকত ৰাজ্যসমূহে গ্ৰহণ কৰা কিছুমান উত্তম পদ্ধতি অংশীদাৰসকলৰ মাজত প্ৰচাৰ কৰা হয়। ইয়াৰে কিছুমানৰ ভিতৰত আছিল
• এল পি জি বিতৰণৰ পৰ্যালোচনাৰ বাবে ডি এম/ডি চিৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ সমিতি
• পাইপযুক্ত প্ৰাকৃতিক গেছ (পিএনজি)লৈ ট্ৰেনজিট কৰিবলৈ এমএছএমই ইউনিটসমূহক উৎসাহিত কৰা
• ব্লু কলাৰ শ্ৰমিকৰ বাবে সামূহিক পাকঘৰ মুকলি কৰা
• কয়লাৰ পৰিৱৰ্তে কপাহৰ ডালৰ পৰা টৰেফাইড জৈৱবস্তুৰ দৰে বিকল্প ইন্ধনৰ ব্যৱহাৰ।
ৰপ্তানি ৰেমিচন আঁচনি
• অংশীদাৰসকলৰ পৰা কিছুমান পৰামৰ্শ বস্ত্ৰ খণ্ডৰ সৈতে জড়িত ৰপ্তানি ৰেমিছন আঁচনিৰ ওপৰত আছিল। এই আঁচনিসমূহৰ ভিতৰত আছে ৰপ্তানিকৃত সামগ্ৰীৰ ওপৰত শুল্ক আৰু কৰ ৰেমিচন (RODTEP) আৰু ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰ আৰু শুল্ক ৰেহাই (ROSCTL)।
• পৰামৰ্শসমূহৰ ভিতৰত আছে হাৰ বৃদ্ধি, হ্ৰাস পোৱা সময়ছোৱাৰ বাবে হাৰ পুনৰুদ্ধাৰ আৰু আঁচনিখনৰ কভাৰেজ বৃদ্ধি। এইবোৰ পৰীক্ষা কৰি উপযুক্ত কৰ্তৃপক্ষৰ ওচৰত লৈ যোৱা হৈছে।
বৈদেশিক বাণিজ্য নীতি (এফটিপি)/ ৰপ্তানি প্ৰসাৰ অভিযান (ইপিএম)ৰ সৈতে জড়িত প্ৰস্তাৱ
• অংশীদাৰসকলৰ পৰামৰ্শৰ সময়ত কিছুমান প্ৰস্তাৱ এফটিপি/ ইপিএমৰ সৈতে জড়িত। ইয়াৰ ভিতৰত সুতৰ সাহায্য, ৰপ্তানি প্ৰসাৰ মূলধনী সামগ্ৰী (ইপিচিজি) আঁচনি, অগ্ৰিম অনুমোদন (এএ) আদিৰ ওপৰত প্ৰস্তাৱ অন্তৰ্ভুক্ত।সকলো পৰামৰ্শ পশ্চিম এছিয়াৰ সংকটৰ সময়ত ৰপ্তানিকাৰকসকলক সুবিধা প্ৰদানৰ সৈতে জড়িত। বিষয়টো আভ্যন্তৰীণভাৱে পৰীক্ষা কৰি ডিজিএফটিৰ কাৰ্যালয়লৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰি পশ্চিম এছিয়াৰ বিকশিত পৰিস্থিতিৰ প্ৰেক্ষাপটত পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰে। মন কৰিবলগীয়া যে:
পৰামৰ্শ আৰু নাগৰিক সজাগতা
• পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই থকাৰ বাবে নাগৰিকসকলক আতংকিত হৈ পেট্ৰ’ল, ডিজেল আৰু এল পি জি ক্ৰয় নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
• উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰক।
• এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
• নাগৰিকসকলক বিকল্প ইন্ধন যেনে পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
• সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় প্ৰচেষ্টা চলাবলৈ সকলো নাগৰিককে অনুৰোধ জনোৱা হৈছে।
চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা
• চলি থকা ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে নিশ্চিত কৰিছে যে ঘৰুৱা এল পি জি, ঘৰুৱা পি এন জি আৰু চি এন জি (পৰিবহন)লৈ ১০০% যোগান ধৰা হৈছে।
• বাণিজ্যিক এল পি জিৰ বাবে চিকিৎসালয়, শিক্ষানুষ্ঠানক অগ্ৰাধিকাৰ দিয়া হৈছে। ইয়াৰ উপৰিও ফাৰ্মা, ষ্টীল, অটোম’বাইল, বীজ, কৃষি আদিকো অগ্ৰাধিকাৰ দিয়া হৈছে।ইয়াৰ উপৰিও প্ৰব্ৰজিত শ্ৰমিকক ৫ কিলোগ্ৰাম এফটিএলৰ যোগানো গড়ৰ ভিত্তিত দুগুণ কৰা হৈছে। ২০২৬ চনৰ ২ আৰু ৩ মাৰ্চত দৈনিক যোগান ধৰা হৈছে।
• চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগতকৰণ ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা আৰু যোগানৰ বাবে খণ্ডসমূহক অগ্ৰাধিকাৰ দিয়া আদি আছে।
• এল পি জিৰ চাহিদাৰ চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
• কয়লা মন্ত্ৰালয়ে কল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
• ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।
ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ সৈতে সমন্বিত প্ৰচেষ্টা
• ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায়ৰ বিৰুদ্ধে কাম কৰাৰ ক্ষমতা প্ৰদান কৰা হৈছে।
• চৰকাৰে পেট্ৰল, ডিজেল আৰু এলপিজিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে প্ৰাথমিক ভূমিকা পালন কৰিব লাগিব বুলি কৈছে । ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ একাধিক পত্ৰ আৰু ভিচিৰ জৰিয়তে একেখিনি কথা পুনৰবাৰ উল্লেখ কৰিছে।
• ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ সন্দৰ্ভত আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰসংগত ০২.০৪.২০২৬ তাৰিখে (সচিব, এম অ’ পি এন জিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এম অ’ পি এন জিৰ সচিবৰ অধ্যক্ষতাত) সভা আহ্বান কৰা হৈছিল, য’ত তলত উল্লেখ কৰা বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছিল।
o দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
o ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি / ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।
o জিলা প্ৰশাসকৰ দ্বাৰা দৈনিক বলৱৎকৰণ অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়ত অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা
o তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ আদেশ জাৰি কৰা
o ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰা।
o পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।
বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিতিশীলতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
• বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমেল অনুষ্ঠিত কৰি আছে।
বলৱৎকৰণ আৰু নিৰীক্ষণ কাৰ্য্য
• এল পি জিৰ অবৈধ মজুতকৰণ আৰু ক’লা ব্যৱসায় ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা অব্যাহত আছে। কালি সমগ্ৰ দেশত ২৮০০ৰো অধিক অভিযান চলোৱা হয়।
• ২০২৬ চনৰ মাৰ্চ মাহৰ পৰা সমগ্ৰ দেশত একাধিক অভিযানত ৬৭ হাজাৰৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হৈছে। ইয়াৰ উপৰিও ১১৬০ টাতকৈও অধিক এফআইআৰ পঞ্জীয়ন কৰা হৈছে, আৰু ২৭১ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
• পিএছইউ অ’এমচিসমূহে আচৰিত ধৰণৰ পৰিদৰ্শন শক্তিশালী আৰু অব্যাহত ৰাখিছে আৰু ৩১৬টা এলপিজি বিতৰকত শাস্তি প্ৰদান কৰিছে, আৰু ৭২টা এলপিজি বিতৰক কালিলৈকে স্থগিত ৰখা হৈছে।
• কালি ৪৬ জন এল পি জি বিতৰকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয়, ৬ জন বিতৰকক জৰিমনা বিহা হয়, আৰু ১ জন বিতৰকক নিলম্বন কৰা হয়।
এল পি জি যোগান
ঘৰুৱা এল পি জি যোগানৰ অৱস্থা:
• প্ৰচলিত ভূ-ৰাজনৈতিক পৰিস্থিতিৰ ফলত এল পি জি যোগানৰ প্ৰভাৱ অব্যাহত আছে।
• ঘৰুৱা পৰিয়াললৈ এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া হৈছে।
• এল পি জি বিতৰকত কোনো ধৰণৰ নাটনি হোৱাৰ খবৰ পোৱা হোৱা নাই।
• কালি উদ্যোগৰ ভিত্তিত অনলাইন এল পি জি চিলিণ্ডাৰ বুকিং ৯৯% লৈ বৃদ্ধি পাইছে।
• ডাইভাৰচন ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (DAC) ভিত্তিক ডেলিভাৰী প্ৰায় ৯৩% লৈ বৃদ্ধি কৰা হৈছে। গ্ৰাহকৰ পঞ্জীয়নভুক্ত মোবাইল নম্বৰত ডিএচি লাভ কৰা হয়।
বাণিজ্যিক এল পি জি যোগান আৰু আবণ্টনৰ ব্যৱস্থা:
• মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ-সংলগ্ন আবণ্টনো আছে।
• ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰব্ৰজিত শ্ৰমিকসকলক প্ৰদানৰ বাবে উপলব্ধ প্ৰতিখন ৰাজ্যত দৈনিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ পৰিমাণ ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি দুগুণ কৰা হৈছে, ২১.০৩.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে । এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলকহে যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়িত্বত আছে।
• ২৬ ফেব্ৰুৱাৰী মাহত মুঠ ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল ২১.৭ লাখ। ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা প্ৰায় ২০.৩২ লাখ - ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছে।
• কালি সমগ্ৰ দেশতে ৮২,০০০ – ৫ কেজিতকৈ অধিক এফটিএল চিলিণ্ডাৰ বিক্ৰী হয়।
• ২০২৬ চনৰ ৩ এপ্ৰিলৰ পৰা পিএছইউ অ’এমচিসমূহে ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰৰ বাবে ৯৩৫০টাতকৈও অধিক সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ১,৫৩,০০০ - ৫ কিলোগ্ৰামতকৈ অধিক এফটিএল চিলিণ্ডাৰো বিক্ৰী কৰা হৈছে।
• কালি ২২০ টাতকৈও অধিক শিবিৰৰ জৰিয়তে ৫৪৩৬ – ৫ কিলোগ্ৰাম এফটিএল বিক্ৰী কৰা হয়
• আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰ তিনিজনীয়া সমিতিয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
• এপ্ৰিল-২৬ মাহৰ ভিতৰত (২৭.০৪.২৬ লৈকে) মুঠ ১,৭৫,২০৫ মেট্ৰিক টন (১৯ কিলোগ্ৰাম এল পি জি চিলিণ্ডাৰৰ ৯২.২১ লাখতকৈ অধিক) বাণিজ্যিক এল পি জি বিক্ৰী হৈছে।
• ২৭.০৪.২০২৬ তাৰিখে ৯৫৭৮ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৫.০৪ লাখতকৈ অধিক - ১৯ কেজি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হয়
• এপ্ৰিল-২৬ মাহত (২৭.০৪.২০২৬ লৈকে) অটো এল পি জিৰ বিক্ৰী ৯৫০০ মেট্ৰিক টনতকৈ অধিক হৈছে, যিটো ফেব্ৰুৱাৰী-২৬ৰ ভিতৰত প্ৰায় ৫০০০ মেট্ৰিক টন বিক্ৰী হৈছিল।
• এপ্ৰিল-২৬ মাহত (২৭.০৪.২৬ লৈকে) পিএছইউ অ’এমচিসমূহে অটো এলপিজি বিক্ৰী গড়ৰ বিপৰীতে প্ৰায় ৩৫৩ মেট্ৰিক টন/দিন হৈছে। জানুৱাৰী-২৬ আৰু ফেব্ৰুৱাৰী-২৬ৰ ভিতৰত প্ৰায় ১৭৭ মেট্ৰিক টন প্ৰতিদিন। ইয়াৰ দ্বাৰা পিএছইউ অ’এমচিৰ অটো এলপিজি বিক্ৰী প্ৰায় ১০০% বৃদ্ধি পোৱাটো প্ৰতিফলিত হৈছে।
প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণ
খাৰুৱা তেলৰ অৱস্থান আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ
• সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
• ঘৰুৱা ব্যৱহাৰক সহায় কৰিবলৈ শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
• ঘৰুৱা বজাৰৰ বাবে পেট্ৰ’কেমিকেল ফিডষ্টক যোগানৰ উপলব্ধতা নিশ্চিত কৰিবলৈ আন্তঃমন্ত্ৰালয়ৰ যৌথ কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে। ইয়াৰ পাছতে চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশ অনুসৰি পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি তেল শোধনাগাৰ কোম্পানীসমূহক চেণ্টাৰ ফৰ হাই টেকন’লজি (চি এইচ টি)ৰ দ্বাৰা নিৰ্ধাৰিত জটিল খণ্ডসমূহৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি ৩ আৰু চি ৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি দিছে।
• ফাৰ্মাচিউটিকেল বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’ ৰাসায়নিক বিভাগ (ডিচিপিচি), উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগ (ডিপিআইআইটি)ৰ পৰা পোৱা অনুৰোধৰ ভিত্তিত ফাৰ্মা আৰু ৰাসায়নিক খণ্ডৰ কোম্পানীসমূহৰ বাবে এলপিজি পুলৰ পৰা ১০০০ মেট্ৰিক টন/দিনৰ ব্যৱস্থা কৰা হৈছে।
• ২০২৬ চনৰ ৯ এপ্ৰিলৰ পৰা মুম্বাই, কোচি, ভিজাগ, চেন্নাই আৰু মথুৰা শোধনাগাৰে কেমিকেল, ফাৰ্মা আৰু পেইণ্ট ইণ্ডাষ্ট্ৰীক ৮৩০০ মেট্ৰিক টনতকৈ অধিক প্ৰপাইলিন আৰু ৮৭০ মেট্ৰিক টনতকৈ অধিক বুটাইল এক্ৰিলেট বিক্ৰী কৰিছে।
খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা
• সমগ্ৰ দেশতে সকলো খুচুৰা বিপণী স্বাভাৱিকভাৱে চলি আছে।
• মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
• চৰকাৰে ১১-৪-২০২৬ৰ পত্ৰৰ জৰিয়তে ডিজেলৰ ওপৰত ৰপ্তানি শুল্ক ৫৫.৫০ টকা আৰু এ টি এফত ৪২ টকা প্ৰতি লিটাৰত বৃদ্ধি কৰিছে, ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিবলৈ এনে কৰা হৈছে ।
• উৰাবাতৰিৰ বাবে কিছুমান বিশেষ খুচুৰা বিপণীত আতংক ক্ৰয় কৰা দেখা যায়। জনোৱা হৈছে যে দেশৰ সকলো পেট্ৰ’ল পাম্পতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত আছে। পেট্ৰল আৰু ডিজেলৰ নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত আৰু পিএছইউ অ’এমচিৰ খুচুৰা বিপণীত কোনো মূল্য বৃদ্ধি হোৱা নাই।
কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা
• নিয়মীয়া আবণ্টনৰ ওপৰত ৰাজ্য/কেৰাষ্ট্ৰীয় কেন্দ্ৰসমূহক ৪৮,০০০ কেল কেৰাচিনৰ অতিৰিক্ত আবণ্টন প্ৰদান কৰা হৈছে।
• ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ আদেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে কোনো প্ৰয়োজনীয়তাৰ ইংগিত দিয়া নাই।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলোৱাৰ কাৰ্য্যকলাপ
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰস্য উপসাগৰৰ প্ৰচলিত সামুদ্ৰিক পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰে, য’ত অঞ্চলটোত ভাৰতীয় জাহাজ আৰু ক্ৰুৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিশদ বিৱৰণ দিয়া হয়। কোৱা হৈছে যে:
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে যাতে নাবিকৰ কল্যাণ আৰু নিৰৱচ্ছিন্ন সামুদ্ৰিক কাৰ্য্যকলাপ নিশ্চিত কৰিব পৰা যায়।
• অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক নিৰাপদে আছে আৰু বিগত ২৪ ঘণ্টাত ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো কূটাঘাত সংঘটিত হোৱা নাই।
• ডিজি শ্বিপিং কণ্ট্ৰল ৰুমৰ তথ্য : সক্ৰিয় হোৱাৰ পিছত কন্ট্ৰল ৰুমে ৭,৯২০টা কল আৰু ১৬,৮৩৮টাতকৈ অধিক ইমেইল চম্ভালিছে। বিগত ২৪ ঘন্টাত ১৪০টা ফোন আৰু ১৮০টা ইমেইল লাভ কৰিছে।
• প্ৰত্যাৱৰ্তনৰ তথ্যঃ মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি শিপিং)ৰ জৰিয়তে এতিয়ালৈকে ২৮০০ৰো অধিক ভাৰতীয় নাবিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে, য’ত সমগ্ৰ উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা যোৱা ২৪ ঘণ্টাত ২৪ জন নাবিকক নিৰাপদে প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিছে।
• বন্দৰ পৰিচালনাঃ সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে, কোনো ধৰণৰ অসুবিধাৰ তথ্য পোৱা হোৱা নাই।
অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নসমূহ নিৰীক্ষণ অব্যাহত ৰাখিছে, অঞ্চলটোত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাৰ ওপৰত কেন্দ্ৰীভূত প্ৰচেষ্টা চলাই আছে। জনোৱা হৈছিল যে:
• ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰালয়ত নিবেদিত বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে।
• তথ্যৰ বিনিময় আৰু প্ৰচেষ্টাসমূহৰ উন্নত প্ৰান্তিকীকৰণৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি থাকে।
• ভাৰতীয় দূতাবাস আৰু কনছুলেটসমূহে সময়মতে সহায় আগবঢ়াবলৈ ২৪ ঘণ্টাই হেল্পলাইন চলাই আছে আৰু আমাৰ নাগৰিকসকলক সক্ৰিয়ভাৱে সহায় কৰি আছে। স্থানীয় চৰকাৰৰ সৈতেও ঘনিষ্ঠ যোগাযোগত আছে।
• স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ পৰিস্থিতি, কনছুলাৰ সেৱা আৰু সমাজৰ বাবে গ্ৰহণ কৰা বিভিন্ন কল্যাণমূলক ব্যৱস্থাৰ সৈতে জড়িত তথ্যকে ধৰি নবীকৃত পৰামৰ্শ জাৰি কৰা হৈছে।
• ভাৰতীয় মিছনসমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁলোকে নিয়মিতভাৱে ভাৰতীয় সম্প্ৰদায়ৰ সংঘ, সংস্থা, পেছাদাৰী গোট, আৰু ভাৰতীয় কোম্পানীসমূহৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ উদ্বেগসমূহৰ সমাধান কৰি আছে।
• অঞ্চলটোৰ ভাৰতীয় নাবিকসকলৰ কল্যাণৰ প্ৰতি চৰকাৰে অত্যন্ত অগ্ৰাধিকাৰ দিছে। স্থানীয় কৰ্তৃপক্ষ আৰু সংস্থাসমূহৰ সৈতে সমন্বয়, কনছুলাৰ সাহায্য প্ৰদান, ভাৰতলৈ ঘূৰি অহাৰ অনুৰোধৰ বাবে সহায় কৰাকে ধৰি ভাৰতীয় মিছনে তেওঁলোকক সকলো সহায় আগবঢ়াইছে।
• ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ অঞ্চলটোৰ পৰা অতিৰিক্ত বিমান চলাচলৰ ফলত সামগ্ৰিক বিমানৰ পৰিস্থিতিৰ উন্নতি অব্যাহত আছে।
• ইউ এ ইত বিমান সংস্থাসমূহে ইউ এ ই আৰু ভাৰতৰ মাজত পৰিচালনা আৰু সুৰক্ষাৰ বিবেচনাৰ ভিত্তিত সীমিত বাণিজ্যিক বিমান চলাচল অব্যাহত ৰাখিছে, আজি ইউ এ ই আৰু ভাৰতৰ মাজত প্ৰায় ১০৫খন বিমান সেৱাৰ আশা কৰা হৈছে।
• চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
• কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ লগে লগে কাটাৰ এয়াৰৱেজে ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে। লগতে এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৱেও শীঘ্ৰে কাটাৰৰ পৰা ভাৰতলৈ বিমান সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে।
• কুৱেইটৰ আকাশমাৰ্গ মুকলি হৈ আছে । কুৱেইটৰ পৰা ভাৰতলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰিছে জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে।
• বাহৰেইনৰ আকাশমাৰ্গ মুকলি। বাহৰেইনৰ পৰা ভাৰতৰ বিভিন্ন গন্তব্যস্থানলৈ বিমান সেৱা চলাই আছে গালফ এয়াৰে।
• ইৰাকৰ আকাশমাৰ্গ মুকলি আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱাৰ ব্যৱস্থা আছে, যিবোৰ ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
• ইৰাণৰ আকাশমাৰ্গ মালবাহী আৰু চাৰ্টাৰ্ড বিমানৰ বাবে আংশিকভাৱে মুকলি হৈ আছে। ভাৰতীয় নাগৰিকসকলক ইৰাণলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু ইতিমধ্যে তাত থকাসকলক স্থল সীমান্ত পথেৰে যাত্ৰা কৰিবলৈ আহ্বান জনোৱা হৈছে, ভাৰতীয় দূতাবাসৰ সহায়ত। এই পৰ্যন্ত তেহৰাণত থকা ভাৰতীয় দূতাবাসে ২৪৬১ জন ভাৰতীয় নাগৰিকক স্থল সীমান্ত পথেৰে ইৰাণৰ বাহিৰলৈ লৈ যোৱাৰ সুবিধা প্ৰদান কৰিছে।
• ইজৰাইলৰ আকাশমাৰ্গ মুকলি হৈছে আৰু অঞ্চলটোৰ গন্তব্যস্থানসমূহলৈ সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰা হৈছে, যিবোৰ ভাৰতলৈ আগন্তুক যাত্ৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।
***
TM/DM
(ৰিলিজ আই ডি : 2256480)
অতিথি কক্ষ : 29
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam