তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

বৈচিত্ৰ্যময় গল্প কথন-ৰ প্ৰতি থকা এনএফডিচি-ৰ দায়বদ্ধতাক প্ৰতিফলিত কৰা মালয়ালম ছবি ‘আচাপ্পাৰ এলবাম’-ৰ কোচিত প্ৰিমিয়াৰ

পোষ্ট কৰা হৈছে: 22 APR 2026 2:44PM by PIB Guwahati

 

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম-য়ে ২০২৬ চনৰ ২১ এপ্ৰিলত কোচিত অনুষ্ঠিত এক তাৰকাখচিত অনুষ্ঠানত শেহতীয়া মালয়ালম ছবি "আচাপ্পাৰ এলবাম" (গ্ৰামপাৰ এলবাম)ৰ গ্ৰেণ্ড প্ৰিমিয়াৰৰ আয়োজন কৰে। ২০২৬ চনৰ ২৪ এপ্ৰিলত ছবিখনৰ দেশজোৰা মুক্তিৰ পূৰ্বে অনুষ্ঠিত এই প্ৰিমিয়াৰত এনএফডিচি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগডুম আৰু এনএফডিচি-ৰ মহা প্ৰৱন্ধক (পি এণ্ড ডি) শ্ৰী তৰুণ তাৰেজাৰ নেতৃত্বত চলচ্চিত্ৰ জগতৰ প্ৰবীণ আৰু তৰকা শিল্পীসকলে অংশগ্ৰহণ কৰে।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি এন এফ ডি চি-ৰ পৰিচালন সঞ্চালক শ্ৰী প্ৰকাশ মগডুমে কয়, "আচাপ্পাৰ এলবাম" হৈছে চিনেমাৰ অনন্য কণ্ঠক প্ৰতিপালন কৰা আমাৰ মিছনৰ প্ৰমাণ। প্ৰজন্মৰ গভীৰ আৱেগৰ সৈতে কল্পনাপ্ৰসূত সময়-ভ্ৰমণৰ ধাৰণা মিশ্ৰণেৰে নিৰ্মিত এই ছবিখনে সকলো বয়সৰ দৰ্শকৰ মাজত বিশেষ অনুৰণন ঘটোৱাৰ সম্ভাৱনা আছে। এনে অৰ্থপূৰ্ণ ছবিলৈ সমৰ্থন আগবঢ়াবলৈ এন এফ ডি চি সদায়ে প্ৰতিশ্ৰুতিবদ্ধ।" ভৱিষ্যতেও আমি ভাৰতৰ শিপাৰে সংপৃক্ত এনে আকৰ্ষণীয় কাহিনীসমূহৰ প্ৰসাৰ সাধনত সমৰ্থন আগবঢ়াই যাম, আমাৰ বৈচিত্ৰ্যময় সংস্কৃতিৰ সমৃদ্ধি বিশ্ব মঞ্চলৈ লৈ আগবঢ়াই নিম।

প্ৰিমিয়াৰত ছবিখনৰ সৃষ্টিশীলতাৰ মূল দিশটোক উজলাই তোলা হয়, য’ত পৰিচালক দীপ্তি শিৱন পিল্লাই, চিত্ৰানাট্য প্ৰণেতা সঞ্জীৱ শিৱন, আৰু মুখ্য অভিনেতা প্ৰিয়ংক নায়াৰ, অঞ্জনা আপুকুত্তন, আৰু সুধাংশু সঞ্জীৱ শিৱন আৰু ছবিখনৰ শিশু শিল্পীগৰাকীকে ধৰি অন্যান্য অভিনেতা-অভিনেত্ৰী আৰু কলাকুশলীসকলো উপস্থিত আছিল।

অনুষ্ঠানত ‘ড্ৰিম বিগ ফিল্মছ’-ৰ বিতৰক শ্ৰীযুত সুজিত নায়াৰেও যোগদান কৰে। এন এফ ডি চি-ৰ দ্বাৰা নিৰ্মিত এই ছবিখনে অতীতক পুনৰাই চোৱাৰ প্ৰতি থকা সাৰ্বজনীন আকৰ্ষণক অন্বেষণ কৰিছে আৰু ২০২৬ চনৰ ২৪ এপ্ৰিলত সমগ্ৰ দেশৰ ছবিগৃহত ছবিখনে মুক্তি লাভ কৰিব।

এন এফ ডি চি-ৰ বিষয়ে:

১৯৭৫ চনত স্থাপিত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম লিমিটেড (এন এফ ডি চি) হৈছে ভাৰতীয় চিনেমাৰ বিকাশৰ বাবে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনস্থ শীৰ্ষ সংস্থা। ই নিৰ্মাণ আৰু প্ৰচাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ভাৰতীয় ভাষাৰ ছবিৰ সংৰক্ষণলৈকে সমগ্ৰ চলচ্চিত্ৰ নিৰ্মাণৰ পৰিতন্ত্ৰটোক সমৰ্থন কৰে।

****

Mahesh Kumar/KB


(ৰিলিজ আই ডি : 2254768) অতিথি কক্ষ : 5