প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আই ধৰিত্ৰীৰ সহনশীলতাত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
22 APR 2026 11:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আই ধৰিত্ৰীৰ সহশীলতাৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰেঃ
"यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥"
এই হিতোপদেশটোত কোৱা হৈছে যে, "যি মাটিত গছ-গছনি সদায় দৃঢ় আৰু স্থিৰভাৱে থিয় হৈ ৰৈছে, সেই পৃথিৱীয়ে আমাক সকলো আৰাম আৰু সম্পদ প্ৰদান কৰক। আমি পৃথিৱী মাতৃক প্ৰণাম জনাইছো।"
শ্ৰী মোদীয়ে কয় যে পৃথিৱী আমাৰ মাতৃ, মানৱতাৰ কল্যাণ পৃথিৱীৰ সংৰক্ষণৰ ওপৰত নিৰ্ভৰ কৰে। ধৰিত্ৰী সুৰক্ষা কেৱল আমাৰ সামূহিক কৰ্তব্য নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ প্ৰতি আমাৰ পবিত্ৰ প্ৰতিশ্ৰুতিও।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
"পৃথিৱী আমাৰ মাতৃ আৰু পৃথিৱীৰ সংৰক্ষণতে মানৱতাৰ কল্যাণ নিহিত হৈ আছে। পৃথিৱীক সুৰক্ষিত কৰি ৰখাটো কেৱল আমাৰ দায়িত্ব নহয়, বৰঞ্চ আগন্তুক প্ৰজন্মৰ প্ৰতি আমাৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতিও।
यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा।
पृथिवीं धेनुं प्रदुहां न उदिच्छन्तु नमोऽस्तु पृथिव्यै॥"
*********
MJPS/VJ/DD
(ৰিলিজ আই ডি : 2254399)
অতিথি কক্ষ : 60
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam