প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ অধীনত বাসগৃহৰ উপৰিভাগত সৌৰ শক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিয়ালৰ সংখ্যাই ৩০ লাখ স্পৰ্শ কৰাত প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

प्रविष्टि तिथि: 23 FEB 2026 8:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ ৩০ লাখ পৰিয়ালক বাসগৃহৰ উপৰিভাগত সৌৰ শক্তি ব্যৱস্থাৰে শক্তিশালী কৰাৰ কৃতিত্বক প্ৰশংসা কৰি ইয়াক ভাৰতৰ পৰিষ্কাৰ শক্তি যাত্ৰাৰ এক প্ৰশংসনীয় মাইলৰ খুঁটি বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে বাসগৃহৰ উপৰিভাগত সৌৰ শক্তি ব্যৱস্থা গ্ৰহণ কৰা সকলো অংশীদাৰক প্ৰশংসা কৰি উল্লেখ কৰে যে এই পদক্ষেপে নাগৰিকৰ মাজত সঞ্চয়, বহনক্ষমতা আৰু আত্মনিৰ্ভৰশীলতা বৃদ্ধি কৰিছে।

শ্ৰী মোদীয়ে এই আঁচনিখনক এক শক্তি-সুৰক্ষিত, সেউজ আৰু দূৰদৃষ্টিসম্পন্ন ভাৰত গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ এক অবিচ্ছেদ্য অংশ আখ্যা দিয়ে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে পোষ্ট কৰিছে;

"ভাৰতৰ পৰিষ্কাৰ শক্তি যাত্ৰাৰ এয়া এক প্ৰশংসনীয় মাইলৰ খুঁটি!

এই আঁচনিৰ পৰা উপকৃত হোৱা তথা বাসগৃহৰ উপৰিভাগত সৌৰ শক্তি ব্যৱস্থা গ্ৰহণ কৰাৰ জৰিয়তে সঞ্চয়, বহনক্ষমতা আৰু আত্মনিৰ্ভৰশীলতা ত্বৰান্বিত কৰা সকলোকে অভিনন্দন।

এই আঁচনিখন শক্তি-সুৰক্ষিত, সেউজ আৰু দূৰদৃষ্টিসম্পন্ন ভাৰত গঢ়ি তোলাৰ বাবে আমাৰ প্ৰচেষ্টাৰ এক অংশ।

#30LakhsPMSuryaGhar”

***

MJPS/ST/DD


(रिलीज़ आईडी: 2254111) आगंतुक पटल : 47
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam