প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
পোষ্ট কৰা হৈছে:
20 APR 2026 6:54PM by PIB Guwahati
মহামহিম ৰাষ্ট্ৰপতি লী,
দুয়োখন দেশৰ বিশিষ্ট প্ৰতিনিধিসকল,
সংবাদ মাধ্যমৰ বন্ধুসকল,
নমস্কাৰ!
ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।
বন্ধুসকল,
আঠ বছৰৰ ব্যৱধানৰ অন্তত কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । গণতান্ত্ৰিক মূল্যবোধ, বজাৰ অৰ্থনীতি, আইনৰ শাসনৰ প্ৰতি সন্মান জনোৱা আমাৰ দুয়োখন জাতিৰ ডি এন এত গভীৰভাৱে নিহিত হৈ আছে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিও আমাৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। এই ভাগ-বতৰা কৰা নীতিসমূহৰ ভিত্তিত যোৱা দশকত আমাৰ সম্পৰ্ক অধিক গতিশীল আৰু ব্যাপক হৈ পৰিছে।
আজি ৰাষ্ট্ৰপতি লীৰ ভ্ৰমণৰ জৰিয়তে আমি এই বিশ্বাসযোগ্য অংশীদাৰিত্বক ভৱিষ্যতৰ অংশীদাৰিত্বলৈ ৰূপান্তৰিত কৰিবলৈ সাজু হৈছো। চিপৰ পৰা জাহাজলৈকে, প্ৰতিভাৰ পৰা প্ৰযুক্তিলৈকে আৰু পৰিৱেশৰ পৰা শক্তিলৈকে আমি সকলো খণ্ডতে সহযোগিতাৰ নতুন সুযোগ উপলব্ধি কৰিম। আমি সকলোৱে মিলি আমাৰ দুয়োখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি নিশ্চিত কৰিম।
বন্ধুসকল,
ভাৰত আৰু কোৰিয়াৰ মাজত দ্বিপাক্ষিক বাণিজ্য আজি সাতাইশ বিলিয়ন ডলাৰ হৈছেগৈ। আমি আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছো , ২০৩০ চনৰ ভিতৰত এয়া পঞ্চাশ বিলিয়ন ডলাৰ হৈ পৰিব। দুয়োখন দেশৰ মাজত বিত্তীয় প্ৰবাহৰ সুবিধাৰ বাবে আমি ভাৰত-কোৰিয়া বিত্তীয় মঞ্চ আৰম্ভ কৰিছো। ব্যৱসায়িক সহযোগিতা শক্তিশালী কৰিবলৈ আমি এখন ঔদ্যোগিক সহযোগিতা সমিতি গঠন কৰিছো। গুৰুত্বপূৰ্ণ প্ৰযুক্তি আৰু যোগান শৃংখলত সহযোগিতা বৃদ্ধি কৰিবলৈ আমি অৰ্থনৈতিক সুৰক্ষা সম্পৰ্কীয় আলোচনা আৰম্ভ কৰিছো। কোৰিয়ান কোম্পানী বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ভাৰতত প্ৰৱেশৰ সুবিধাৰ বাবে আমি কোৰিয়ান ঔদ্যোগিক টাউনশ্বিপো স্থাপন কৰিম। তদুপৰি অহা বছৰৰ ভিতৰত আমি ভাৰত-কোৰিয়া বাণিজ্য চুক্তি উন্নীত কৰিম।
বন্ধুসকল,
আজি আমি আগন্তুক দশকৰ সফলতাৰ কাহিনীৰ ভেটি স্থাপন কৰিছো। এআই, অৰ্ধপৰিবাহী আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বক আৰু অধিক গভীৰ কৰিবলৈ আমি ভাৰত-কোৰিয়া ডিজিটেল সাকো মুকলি কৰিছো। আমি জাহাজ নিৰ্মাণ, বহনক্ষমতা, তীখা আৰু বন্দৰৰ দৰে খণ্ডতো বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছো।সংস্কৃতি আৰু সৃষ্টিশীল উদ্যোগৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে আমি চলচ্চিত্ৰ, এনিমেচন আৰু গেমিঙৰ ক্ষেত্ৰতো নতুন মাইলৰ খুঁটি স্থাপন কৰিম। আজিৰ ব্যৱসায়িক মঞ্চই এই সুযোগসমূহক স্পষ্ট ফলাফললৈ ৰূপান্তৰিত কৰাৰ এক মঞ্চ হিচাপে কাম কৰিব।
বন্ধুসকল,
ভাৰত আৰু কোৰিয়াৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি সাংস্কৃতিক সম্পৰ্ক আছে। অযোধ্যাৰ ৰাজকুমাৰী সুৰত্না আৰু কোৰিয়াৰ ৰজা কিম ছুৰোৰ কাহিনী দুটা সহস্ৰাব্দৰ আগৰ আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্যৰ এটা অংশ।
আজি ভাৰতত কে-পপ আৰু কে-ড্ৰামা অত্যন্ত জনপ্ৰিয় হৈ পৰিছে। একেদৰে কোৰিয়াতো ভাৰতীয় চিনেমা আৰু সংস্কৃতিৰ স্বীকৃতি গভীৰ হৈছে । আমি আনন্দিত হৈছো যে ৰাষ্ট্ৰপতি লী নিজেই ভাৰতীয় চিনেমাৰ প্ৰশংসক। এই সাংস্কৃতিক সংযোগক আৰু অধিক শক্তিশালী কৰিবলৈ আমি ২০২৮ চনত ভাৰত-কোৰিয়া বন্ধুত্ব মহোৎসৱৰ আয়োজন কৰিম। একে সময়তে মানুহৰ মাজত সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিবলৈ আমি শিক্ষা, গৱেষণা আৰু পৰ্যটনৰ ক্ষেত্ৰতো সহযোগিতাক প্ৰসাৰিত কৰিম।
বন্ধুসকল,
বিশ্বত চলি থকা উত্তেজনাপূৰ্ণ এই সময়ছোৱাত ভাৰত আৰু কোৰিয়াই একেলগে শান্তি তথা স্থিতিশীলতাৰ বাৰ্তা প্ৰেৰণ কৰিছে। আমি আনন্দিত যে আজি কোৰিয়াই আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা আৰু ভাৰত-প্ৰশান্ত মহাসাগৰৰ পদক্ষেপত যোগদান কৰিছে। আমাৰ ভাগ-বাটোৱাৰা কৰা প্ৰচেষ্টাৰ জৰিয়তে আমি শান্তিপূৰ্ণ, প্ৰগতিশীল আৰু সৰ্বাংগীন ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ উন্নয়নত অৰিহণা যোগাই যাম।সমসাময়িক বিশ্বজোৰা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্ব প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয় বুলিও আমি একমতত উপনীত হৈছো।
মহামহিম,
প্ৰায় এশ বছৰ আগতে ভাৰতৰ মহাকবি ৰবীন্দ্ৰনাথ ঠাকুৰে কোৰিয়াক "পূবৰ চাকি " বুলি উল্লেখ কৰিছিল। আজি আমি ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ দিশত কাম কৰাৰ সময়ত কোৰিয়াই এই যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশীদাৰ হিচাপে থিয় দিছে। আহক আমি আমাৰ অংশীদাৰিত্বৰ জৰিয়তে কেৱল আমাৰ দুয়োখন দেশৰে নহয়, সমগ্ৰ বিশ্বৰ প্ৰগতি তথা সমৃদ্ধিৰ পথ প্ৰশস্ত কৰোঁ।
আপোনালোকক অশেষ ধন্যবাদ।
*****
MJPS/ST/DM
(ৰিলিজ আই ডি : 2253972)
অতিথি কক্ষ : 7