প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰসিদ্ধ লেখক, চিন্তাবিদ তথা বুদ্ধিজীৱী শ্ৰী বলবীৰ পুঞ্জৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 19 APR 2026 12:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ লেখক, চিন্তাবিদ তথা গণ বুদ্ধিজীৱী শ্ৰী বলবীৰ পুঞ্জৰ বিয়োগত শোক প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে কয় যে বলবীৰ পুঞ্জ জী আছিল এজন প্ৰসিদ্ধ লেখক, চিন্তাবিদ আৰু গণ বুদ্ধিজীৱী, যি সংবাদ মাধ্যমৰ জগতখনলৈ প্ৰশংসনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ লেখাসমূহ বহুলভাৱে পঠিত আৰু ই ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ প্ৰবল আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁ উল্লেখ কৰে যে শ্ৰী পুঞ্জৰ সংসদীয় ভাষণবোৰ আছিল তথ্য আৰু মানৱীয় ভাবনাৰে সমৃদ্ধ।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে :

“বলবীৰ পুঞ্জ জী আছিল এজন প্ৰসিদ্ধ লেখক, প্ৰখৰ চিন্তাবিদ আৰু সন্মানীয় বুদ্ধিজীৱী। তেওঁ সংবাদ মাধ্যমৰ জগতখনলৈ প্ৰশংসনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ বহুলভাৱে পঠিত লেখাসমূহে ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ প্ৰৱল আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁৰ সংসদীয় ভাষণসমূহ আছিল তথ্য আৰু মানৱীয় ভাবনাৰে সমৃদ্ধ।

বলবীৰ পুঞ্জ জীয়ে বিজেপিক শক্তিশালী কৰাৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। বিশেষকৈ ছাত্ৰ-ছাত্ৰী, পেছাদাৰী, বিদ্যান আৰু বুদ্ধিজীৱীসকলক তেওঁ দলটোত জড়িত কৰিবলৈ উল্লেখনীয় ভূমিকা পালন কৰিছিল। তেওঁ গুজৰাটকে ধৰি বিভিন্ন ৰাজ্যৰ প্ৰভাৰী আছিল। সেই বিষয়ে তেওঁৰ লগত হোৱা মোৰ মত বিনিময়বোৰ মোৰ বাবে অবিস্মৰণীয় হৈ থাকিব। তেওঁৰ বিয়োগত অত্যন্ত মৰ্মাহত হৈছোঁ। তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। ওম শান্তি।”


*****

 

 

MJPS/SS/ST/KD


(ৰিলিজ আই ডি : 2253487) অতিথি কক্ষ : 12