কেবিনেট
azadi ka amrit mahotsav

কেবিনেটে ০১.০১.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ডিয়াৰনেছ ভাট্টা আৰু পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফ (ডি আৰ)ৰ অতিৰিক্ত কিস্তিত অনুমোদন জনায়

পোষ্ট কৰা হৈছে: 18 APR 2026 3:13PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক ডিয়াৰনেছ এলাৱেন্স (ডি এ) আৰু পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফ (ডি আৰ)ৰ অতিৰিক্ত কিস্তি প্ৰদান কৰিবলৈ অনুমোদন জনাইছে। এয়া ০১.০১.২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। ই মূল্যবৃদ্ধিৰ ক্ষতিপূৰণ দিবলৈ, মূল দৰমহা/পেঞ্চনৰ ৫৮% বৰ্তমানৰ হাৰৰ তুলনাত ২% বৃদ্ধিক প্ৰতিনিধিত্ব কৰে।

ডিয়াৰনেছ ভাট্টা আৰু ডিয়ৰনেছ ৰিলিফ দুয়োটা বৃদ্ধিৰ বাবে ৰাজকোষত পৰিবলগীয়া প্ৰভাৱ বছৰি ৬৭৯১.২৪ কোটি টকা হ’ব। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ প্ৰায় ৫০.৪৬ লাখ কৰ্মচাৰী আৰু ৬৮.২৭ লাখ পেঞ্চনাৰ উপকৃত হ’ব।

সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শৰ ভিত্তিত গ্ৰহণ কৰা সূত্ৰ অনুসৰি এই বৃদ্ধি কৰা হৈছে ।

 

****

MJPS/DM


(ৰিলিজ আই ডি : 2253296) অতিথি কক্ষ : 25