প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা ফোন কল লাভ কৰে, বাৰ্তালাপৰ সময়ত দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰে আৰু পশ্চিম এছিয়া তথা হৰমুজ জলদ্বীপৰ বিষয়ে আলোচনা কৰে
प्रविष्टि तिथि:
14 APR 2026 9:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ পৰা এটা ফোন কল লাভ কৰে।
দুয়োগৰাকী নেতাই বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰি সকলো ক্ষেত্ৰতে ব্যাপক কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰে।
পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ত আলোচনা কৰি হৰমুজ জলদ্বীপ মুকলি কৰি ৰখা আৰু সুৰক্ষিত ৰখাৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰে।
শ্ৰী মোদীয়ে এক্সত লিখিছে;
'মোৰ বন্ধু ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ পৰা ফোন আহিল।আমি বিভিন্ন খণ্ডত আমাৰ দ্বিপাক্ষিক সহযোগিতাত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ।আমি সকলো ক্ষেত্ৰতে আমাৰ সৰ্বাংগীন বিশ্বজোৰা কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।আমি পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়তো আলোচনা কৰিলোঁ আৰু হৰমুজ জলদ্বীপ মুকলি কৰি ৰখা আৰু সুৰক্ষিত ৰখাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিলোঁ।
@POTUS
@realDonaldTrump”
****
MJPS/ST/DM
(रिलीज़ आईडी: 2252016)
आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam