পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত ভাৰতৰ মূল খণ্ডসমূহৰ তথ্য প্ৰকাশ

এল পি জিৰ কোনো নাটনিৰ কথা কোৱা হোৱা নাই; কালি ৫২.৩ লাখৰো অধিক ঘৰুৱা চিলিণ্ডাৰ ডেলিভাৰী কৰা হয়

পিএছইউৰ অ’এমচিসমূহে আকস্মিক পৰিদৰ্শন তীব্ৰতৰ কৰিছে; ২১৯ জন এল পি জি বিতৰকক জৰিমনা বিহা হৈছে, ৫৬ জন বিতৰকক নিলম্বন কৰা হৈছে

২০২৬ চনৰ মাৰ্চ মাহৰ পৰা ৪.২৪ লাখতকৈ অধিক পিএনজি সংযোগ দিয়া হৈছে আৰু ৪.৬৬ লাখতকৈ অধিক গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে

সমগ্ৰ ভাৰতত বন্দৰৰ কাম-কাজ স্বাভাৱিক হৈ আছে আৰু কোনো ধৰণৰ অসুবিধাৰ খবৰ পোৱা নাই

অঞ্চলটোত ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰাৰ ওপৰত প্ৰচেষ্টা কেন্দ্ৰীভূত হৈ আছে

২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৮.৯৭ লাখ যাত্ৰীয়ে উক্ত অঞ্চলৰ পৰা ভাৰতলৈ যাত্ৰা কৰিছে

পোষ্ট কৰা হৈছে: 12 APR 2026 4:51PM by PIB Guwahati

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে মূল ক্ষেত্ৰসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু প্ৰস্তুতি নিশ্চিত কৰাৰ বাবে সমন্বিত ব্যৱস্থা গ্ৰহণ কৰি আছে। শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ শেহতীয়া ৰূপৰেখা তলৰ দাঙি ধৰা হল :

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে বৰ্তমানৰ ইন্ধন যোগানৰ পৰিস্থিতিৰ বিষয়ে শেহতীয়া তথ্য প্ৰকাশ কৰিছে, য’ত হৰমুজ প্ৰণালীক প্ৰভাৱিত কৰা পৰিস্থিতিৰ মাজত পেট্ৰলিয়ামজাত সামগ্ৰী আৰু এল পি জিৰ নিৰৱচ্ছিন্ন উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ইয়াত কোৱা আছে :

পৰামৰ্শ আৰু নাগৰিক সজাগতা

  • নাগৰিকসকলক পেট্ৰ’ল, ডিজেল আৰু এল পি জিৰ আতংকিত হৈ কৰা ক্ৰয়ৰ পৰা আঁতৰি থাকিবলৈ আৰু প্ৰকৃত তথ্যৰ বাবে কেৱল চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • এল পি জি গ্ৰাহকসকলক ডিজিটেল বুকিং প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ আৰু বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
  • নাগৰিকক বিকল্প ইন্ধন, যেনে- পিএনজি আৰু বৈদ্যুতিক বা ইণ্ডাকচন কুকটপ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়।
  • সাম্প্ৰতিক পৰিস্থিতিৰ সময়ত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি সংৰক্ষণ কৰিবলৈ আহ্বান জনোৱা হৈছে।

চৰকাৰী প্ৰস্তুতি আৰু যোগান ব্যৱস্থাপনা ব্যৱস্থা

  • বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জি যোগানক অগ্ৰাধিকাৰ দিছে, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানকো উচ্চ অগ্ৰাধিকাৰ দিয়া হৈছে।
  • চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও যুক্তিসংগত ব্যৱস্থা ৰূপায়ণ কৰিছে, য’ত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা, চহৰ অঞ্চলত বুকিঙৰ ব্যৱধান ২১ দিনৰ পৰা ২৫ দিনলৈ আৰু গ্ৰাম্য অঞ্চলত ৪৫ দিনলৈ বৃদ্ধি কৰা, যোগানৰ বাবে অঞ্চলসমূহক অগ্ৰাধিকাৰ দিয়া আদিও আছে।
  • এল পি জিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।
  • কয়লা মন্ত্ৰালয়ে কোল ইণ্ডিয়া আৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ আৰু মজলীয়া গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অতিৰিক্ত কয়লা যোগান ধৰিবলৈ নিৰ্দেশ দিছে।
  • ঘৰুৱা আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগৰ সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যসমূহক পৰামৰ্শ দিয়া হৈছে।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সৈতে সমন্বিত প্ৰচেষ্টা আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা

  • ৰাজ্য চৰকাৰসমূহক অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ৰ অধীনত যোগান নিৰীক্ষণ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ মজুত আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে।
  • ভাৰত চৰকাৰে ২৭.০৩.২০২৬ আৰু ০২.০৪.২০২৬ তাৰিখৰ পত্ৰৰ জৰিয়তে নাগৰিকসকলক পৰ্যাপ্ত ইন্ধনৰ উপলব্ধতাৰ বিষয়ে আশ্বস্ত কৰিবলৈ সক্ৰিয় ৰাজহুৱা যোগাযোগৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ আছে। এই প্ৰেক্ষাপটত ০২.০৪.২০২৬ (সচিব, এমওপিএনজিৰ অধ্যক্ষতাত) আৰু ০৬.০৪.২০২৬ তাৰিখে (আই এণ্ড বি আৰু গ্ৰাহক পৰিক্ৰমাৰ সচিবসকলৰ সৈতে এমওপিএনজিৰ সচিবৰ অধ্যক্ষতাত) বৈঠক অনুষ্ঠিত হয়, য’ত তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
    • দৈনিক সংবাদমেল অনুষ্ঠিত কৰা আৰু নিয়মীয়াকৈ ৰাজহুৱা পৰামৰ্শ জাৰি কৰা।
    • ছ’চিয়েল মিডিয়াত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু খণ্ডন কৰা।
    • জিলা প্ৰশাসনৰ দ্বাৰা দৈনিক বলৱৎকাৰী অভিযান তীব্ৰতৰ কৰা আৰু অ’এমচিৰ সৈতে সমন্বয়েৰে অভিযান আৰু পৰিদৰ্শন অব্যাহত ৰখা।
    • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰা।
    • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ আবণ্টিত অতিৰিক্ত এছ কে অ’ৰ বাবে এছ কে অ’ আবণ্টনৰ নিৰ্দেশ জাৰি কৰা।
    • পিএনজি গ্ৰহণ আৰু বিকল্প ইন্ধনক প্ৰসাৰ কৰা।
    • বিশেষকৈ ঘৰুৱা প্ৰয়োজনীয়তাৰ বাবে এল পি জি যোগানক অগ্ৰাধিকাৰ দিয়া আৰু যোগানৰ স্থিৰতা নিশ্চিত কৰিবলৈ ৫ কিলোগ্ৰাম এফ টি এল চিলিণ্ডাৰৰ লক্ষ্য নিৰ্ধাৰিত বিতৰণ।
  • সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে মজুত আৰু ক’লা বিপণন ৰোধ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ আৰু জিলা নিৰীক্ষণ সমিতি গঠন কৰিছে।
  • বৰ্তমান ২৪খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়মীয়াকৈ সংবাদমেল সম্বোধন কৰি আহিছে৷

বলৱৎকৰণ আৰু নিৰীক্ষণ ব্যৱস্থা

  • এল পি জি মজুত আৰু ক’লা বিপণন ৰোধৰ বাবে সমগ্ৰ দেশতে বলৱৎকাৰী ব্যৱস্থা চলি আছে। ১১.০৪.২০২৬ তাৰিখলৈকে সমগ্ৰ দেশতে ২৭০০ৰো অধিক অভিযান চলোৱা হৈছিল।
  • পি এছ ইউৰ তেল বিপণন কোম্পানীসমূহে আকস্মিক পৰিদৰ্শন শক্তিশালী কৰাৰ লগতে এয়া অব্যাহত ৰাখিছে; ইয়াৰ উপৰি তেওঁলোকে ২১৯টা এল পি জি বিতৰকক জৰিমনা বিহিছে আৰু এতিয়ালৈকে ৫৬টা বিতৰকক নিলম্বন কৰিছে।

এল পি জিৰ যোগান

ঘৰুৱা এল পি জি যোগানৰ অৱস্থা :

  • বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জি যোগানত প্ৰভাৱ পেলাইছে।
  • এল পি জি বিতৰকৰ ওচৰত ইয়াৰ নাটনি হোৱাৰ কোনো খবৰ পোৱা নাই।
  • সমগ্ৰ উদ্যোগটোত অনলাইন এল পি জি বুকিং প্ৰায় ৯৮%লৈ বৃদ্ধি পাইছে।
  • এল পি জিৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ ডেলিভাৰী প্ৰমাণীকৰণ ক’ড (ডি এ চি)ৰ ওপৰত ভিত্তি কৰি ডেলিভাৰী প্ৰায় ৯৩%লৈ বৃদ্ধি পাইছে।
  • ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ ডেলিভাৰী স্বাভাৱিক হৈয়েই আছে।
  • ১১.০৪.২০২৬ তাৰিখলৈকে ৫২.৩ লাখতকৈ অধিক ঘৰুৱা এল পি জি চিলিণ্ডাৰ ডেলিভাৰী কৰা হৈছে।

বাণিজ্যিক এল পি জিৰ যোগান আৰু আবণ্টনৰ ব্যৱস্থা :

  • মুঠ বাণিজ্যিক এল পি জি আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ পৰা প্ৰায় ৭০% লৈ বৃদ্ধি কৰা হৈছে, য’ত ১০% সংস্কাৰ ভিত্তিক আবণ্টনো অন্তৰ্ভুক্ত কৰা হৈছে।
  • ভাৰত চৰকাৰে ০৬.০৪.২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে জনাইছে যে প্ৰতিখন ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকক বিতৰণৰ বাবে ৫ কেজি এফটিএল চিলিণ্ডাৰৰ দৈনিক পৰিমাণ দুগুণ কৰা হৈছে। ২০২৬ চনৰ ২১ মাৰ্চ তাৰিখৰ পত্ৰত উল্লেখ কৰা ২০% সীমাৰ ওপৰত ২০২৬ চনৰ ২-৩ মাৰ্চৰ ভিতৰত প্ৰব্ৰজিত শ্ৰমিকসকলক দিয়া গড় দৈনিক যোগান (চিলিণ্ডাৰৰ সংখ্যা)ৰ ওপৰত ভিত্তি কৰি এই বৃদ্ধি কৰা হৈছে। এই ৫ কেজি এফটিএল চিলিণ্ডাৰসমূহ তেল বিপণন কোম্পানী (অ’এমচি)ৰ সহায়ত তেওঁলোকৰ ৰাজ্যৰ প্ৰব্ৰজিত শ্ৰমিকসকলকহে যোগান ধৰাৰ বাবে ৰাজ্য চৰকাৰৰ দায়িত্ব থাকিব।
  • বিগত ৮ দিনত পিএছইউৰ অ’এমচিয়ে ৫ কেজি এফটিএল চিলিণ্ডাৰৰ বাবে প্ৰায় ৩৩০০ সজাগতা শিবিৰৰ আয়োজন কৰিছে, য’ত ৩৫,৮০০ৰো অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।
  • ১১.০৪.২০২৬ তাৰিখে সমগ্ৰ দেশতে ১ লাখতকৈ অধিক ৫ কিলোগ্ৰাম এফটিএল চিলিণ্ডাৰ বিক্ৰী হৈছিল, আনহাতে ফেব্ৰুৱাৰী-২৬ত দৈনিক গড় আছিল ৭৭,০০০।
  • ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা আজিলৈকে ১৩ লাখতকৈ অধিক ৫ কেজিৰ ‘ফ্ৰী ট্ৰেড এল পি জি চিলিণ্ডাৰ’ বিক্ৰী কৰা হৈছে।
  • আই অ’ চি এল, এইচ পি চি এল আৰু বি পি চি এলৰ কাৰ্যবাহী সঞ্চালকৰে গঠিত তিনিজনীয়া সমিতিয়ে বাণিজ্যিক এল পি জি বিতৰণৰ পৰিকল্পনা কৰিবলৈ ৰাজ্যিক কৰ্তৃপক্ষ আৰু উদ্যোগ সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
  • ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা আজিলৈকে মুঠ ১,২০,৮৯৮ মেট্ৰিক টন (৬৩.৬ লাখতকৈ অধিক ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বাণিজ্যিক এল পি জি বিক্ৰী কৰা হৈছে।
  • ১১.০৪.২০২৬ তাৰিখে ৭৬৬৫ মেট্ৰিক টন বাণিজ্যিক এল পি জি (৪ লাখতকৈ অধিক ১৯ কেজি এল পি জি চিলিণ্ডাৰৰ সমতুল্য) বিক্ৰী কৰা হয়।

 

প্ৰাকৃতিক গেছ যোগান আৰু পিএনজি সম্প্ৰসাৰণৰ পদক্ষেপ

  • গ্ৰাহকক অগ্ৰাধিকাৰ দিয়া হৈছে, ঘৰুৱা পিএনজি আৰু চিএনজি পৰিবহনলৈ ১০০% যোগান নিশ্চিত কৰা হৈছে।
  • উপলব্ধ তথ্য আৰু নিৰ্ধাৰিত এল এন জি কাৰ্গোৰ আগমনৰ ভিত্তিত সাৰ উদ্যোগলৈ মুঠ গেছৰ আবণ্টন ৫% বৃদ্ধি কৰা হৈছে। এই বৃদ্ধি ০৯.০৪.২০২৬ৰ পৰা কাৰ্যকৰী হ’ব, তাৰ পিছত এই উদ্যোগসমূহক বিগত ছমাহৰ গড় গেছ ব্যৱহাৰৰ প্ৰায় ৯৫% আবণ্টন দিয়া হ’ব।
  • বাণিজ্যিক এলপিজিৰ উপলব্ধতাৰ সন্দৰ্ভত উদ্বেগসমূহৰ সমাধানৰ বাবে চিজিডি সত্তাসমূহক হোটেল, ৰেষ্টুৰেণ্ট, আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ বাবে পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • আইজিএল, এমজিএল, গেইল গেছ, আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে ঘৰুৱা আৰু বাণিজ্যিক পিএনজি সংযোগৰ বাবে প্ৰৰোচনা আগবঢ়াইছে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল আৰু কেন্দ্ৰীয় মন্ত্ৰালয়সমূহক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।
  • ভাৰত চৰকাৰে ১৮ মাৰ্চ, ২০২৬ তাৰিখৰ এখন পত্ৰৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% বাণিজ্যিক এল পি জি আবণ্টনৰ প্ৰস্তাৱ আগবঢ়াইছে। এই আবণ্টন এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী পৰিৱৰ্তনত তেওঁলোকৰ সহযোগিতাৰ অধীনত প্ৰদান কৰা হ’ব।
  • ইতিমধ্যে ২১খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ সৈতে জড়িত অতিৰিক্ত বাণিজ্যিক এলপিজি আবণ্টন লাভ কৰিছে।
  • পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে চিজিডি আন্তঃগাঁথনিৰ বাবে ত্বৰান্বিত অনুমোদন কাঠামো গ্ৰহণ কৰিছে। এই কাঠামো তিনি মাহৰ বাবে কাৰ্যকৰী হ’ব, যাৰ অধীনত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত প্ৰক্ৰিয়াকৰণ কৰা হ’ব।
  • ভাৰত চৰকাৰে ২৪ মাৰ্চ, ২০২৬ তাৰিখৰ গেজেটৰ জৰিয়তে অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ৰ অধীনত "প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰী বিতৰণ (পাইপলাইন আৰু অন্যান্য সুবিধা স্থাপন, নিৰ্মাণ, পৰিচালনা আৰু সম্প্ৰসাৰণৰ দ্বাৰা) আদেশ, ২০২৬" অধিসূচনা কৰিছে দেশখন। ইয়াৰ দ্বাৰা অনুমোদনৰ পলম আৰু ভূমিৰ প্ৰৱেশৰ সৈতে জড়িত বিষয়সমূহৰ সমাধান কৰা হ’ব, যাৰ ফলত আৱাসিক অঞ্চলকে ধৰি প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ উন্নয়ন ক্ষিপ্ৰ হ’ব। এই আদেশে পিএনজি নেটৱৰ্কৰ বিকাশ ত্বৰান্বিত কৰিব, শেষ মাইলৰ সংযোগ উন্নত কৰিব, আৰু পৰিষ্কাৰ ইন্ধনলৈ পৰিৱৰ্তনক সমৰ্থন কৰিব বুলি আশা কৰা হৈছে; যাৰ ফলত দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতি বৃদ্ধি পাব।
  • পিএনজিআৰবিয়ে পিএনজি সম্প্ৰসাৰণৰ গতি বৰ্তাই ৰাখিবলৈ ২০২৬ চনৰ ৩০ জুনলৈ ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ-২.০ বৃদ্ধি কৰিছে।
  • স্বচ্ছ, অধিক সুৰক্ষিত, আৰু স্বাৱলম্বী শক্তিৰ ভৱিষ্যতৰ প্ৰসাৰৰ বাবে ভাৰত চৰকাৰে এখন আৰ্হি খচৰা ৰাজ্যিক চিবিজি নীতি প্ৰস্তুত কৰিছে। এই আৰ্হি নীতিয়ে ৰাজ্যসমূহক চিবিজি উন্নয়নৰ বাবে নিজৰ বিনিয়োগকাৰী-বন্ধুত্বপূৰ্ণ আৰু ৰূপায়ণমুখী পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰিবলৈ এক বিস্তৃত, নমনীয় পথ প্ৰদৰ্শক কাঠামো হিচাপে কাম কৰাৰ লক্ষ্য ৰাখিছে। এই নীতি গ্ৰহণ কৰা ৰাজ্যসমূহক বাণিজ্যিক এল পি জিৰ অতিৰিক্ত আবণ্টনৰ পৰৱৰ্তী খণ্ডত অগ্ৰাধিকাৰ দিয়া হ’ব।
  • ২০২৬ চনৰ মাৰ্চ মাহলৈকে ৪.২৪ লাখৰো অধিক পিএনজি সংযোগ গেছৰ সৈতে সংযোগ কৰা হৈছে। ইয়াৰ উপৰি ৪.৬৬ লাখৰো অধিক গ্ৰাহকে নতুন সংযোগৰ বাবে পঞ্জীয়ন কৰিছে।
  • ১১.০৪.২০২৬ তাৰিখলৈকে ৩০,০০০ৰো অধিক পিএনজি গ্ৰাহকে এমৱাইপিএনজিডি.ইন ৱেবছাইটৰ জৰিয়তে নিজৰ এলপিজি সংযোগ আত্মসমৰ্পণ কৰিছে।

খাৰুৱা তেলৰ স্থিতি আৰু শোধনাগাৰৰ কাৰ্য্যকলাপ

  • সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ মজুতেৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে, আনহাতে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।
  • ঘৰুৱা ব্যৱহাৰ পূৰণৰ বাবে শোধনাগাৰৰ পৰা ঘৰুৱা এল পি জি উৎপাদন বৃদ্ধি কৰা হৈছে।
  • ভাৰত চৰকাৰে ০১.০৪.২০২৬ তাৰিখৰ আদেশৰ জৰিয়তে ভাৰতৰ পেট্ৰ’কেমিকেল কমপ্লেক্সকে ধৰি শোধনকাৰী কোম্পানীসমূহক ঔষধ বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ আদি জটিল খণ্ডসমূহৰ বাবে কিছুমান নূন্যতম পৰিমাণৰ চি-৩ আৰু চি-৪ ষ্ট্ৰিম উপলব্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে।কোম্পানীসমূহৰ বাবে দিনটোত ৮০০ মেট্ৰিক টনৰ ব্যৱস্থা কৰা হৈছে ওপৰৰ বিভাগসমূহৰ অন্তৰ্গত।

খুচুৰা ইন্ধনৰ উপলব্ধতা আৰু মূল্য নিৰ্ধাৰণৰ ব্যৱস্থা

  • সমগ্ৰ দেশতে খুচুৰা বিপণীসমূহ স্বাভাৱিকভাৱে চলি আছে।
  • মধ্যপ্ৰাচ্যৰ সংকটৰ ফলত খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে; কিন্তু গ্ৰাহকক সুৰক্ষা দিবলৈ ভাৰত চৰকাৰে পেট্ৰল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
  • ভাৰত চৰকাৰে ১১.০৪.২০২৬ তাৰিখৰ গেজেট অধিসূচনাৰ জৰিয়তে ডিজেলৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ৫৫.৫০ টকা আৰু প্ৰতি লিটাৰ এ টি এফৰ ৰপ্তানি শুল্ক ৪২ টকালৈ বৃদ্ধি কৰিছে যাতে ঘৰুৱা বজাৰত এই সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত কৰিব পাৰি।
  • পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা মূল্য অপৰিৱৰ্তিত হৈ আছে, আৰু খুচুৰা বিপণীত মূল্য বৃদ্ধি হোৱা নাই।

কেৰাচিনৰ উপলব্ধতা আৰু বিতৰণৰ ব্যৱস্থা

  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিয়মীয়া কোটাৰ উপৰি ৪৮,০০০ কিলোলিটাৰ কেৰাচিনৰ অতিৰিক্ত কোটা আবণ্টন দিয়া হৈছে।
  • ১৮খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অ’ আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে, আনহাতে হিমাচল প্ৰদেশ আৰু লাডাখে ইয়াৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰিছে।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে অঞ্চলটোত চলাচল কৰা ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে :

  • অঞ্চলটোৰ সকলো ভাৰতীয় নাৱিক নিৰাপদ আৰু বিগত ২৪ ঘন্টাত ভাৰতীয় পতাকা থকা কোনো জাহাজৰ সৈতে জড়িত কোনো ঘটনা সংঘটিত হোৱা নাই।
  • শ্বিপিং কণ্ট্ৰল ৰুম ২৪x৭ কাৰ্যক্ষম হৈ আছে আৰু ই আৰম্ভণিৰ পৰাই ৬,০৫৩টা কল আৰু ১২,৭৮৭টাতকৈও অধিক ই-মেইল চম্ভালিছে। যোৱা ২৪ ঘন্টাত ৮০টা ফোন আৰু ১১২টা ই-মেইল আহিছিল।
  • মন্ত্ৰালয়ে জাহাজ সঞ্চালকালয় (ডি জি জাহাজ)ৰ জৰিয়তে এতিয়ালৈকে ২০৮৪ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে; ইয়াৰে ৭৫ জন বিগত ২৪ ঘণ্টাত উপসাগৰীয় অঞ্চলৰ বিভিন্ন স্থানৰ পৰা উভতি আহিছে।
  • সমগ্ৰ ভাৰতবৰ্ষৰ বন্দৰসমূহে স্বাভাৱিকভাৱে কাম কৰি আছে, কোনো অসুবিধাৰ খবৰ পোৱা নাই।
  • মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় দূতাবাস, আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে অহৰহ সমন্বয় ৰক্ষা কৰি নাৱিকসকলৰ কল্যাণ নিশ্চিত কৰে আৰু সামুদ্ৰিক কাৰ্য্যকলাপ যাতে নিৰৱচ্ছিন্ন হয়।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

সমগ্ৰ অঞ্চলটোৰ ভাৰতীয় দূতাবাস আৰু কাৰ্যালয়সমূহে ভাৰতীয় সম্প্ৰদায়ৰ সৈতে অহৰহ যোগাযোগত আছে আৰু তেওঁলোকৰ সুৰক্ষা তথা কল্যাণৰ বাবে প্ৰয়োজনীয় সহায় আৰু পৰামৰ্শ আগবঢ়াই আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে ঃ

  • উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ উন্নয়নৰ ওপৰত চৰকাৰে নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে।
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ কৰি আছে যাতে তথ্যসমূহ ভালদৰে বিনিময় আৰু সমন্বয় কৰিব পাৰে।
  • অঞ্চলটোৰ ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ নিশ্চিত কৰাত প্ৰধান গুৰুত্ব আৰোপ কৰা হৈছে।
  • ভাৰতীয় দূতাবাস আৰু কাৰ্যালয়সমূহে ২৪ ঘণ্টীয়া হেল্পলাইন চলাই আছে আৰু ভাৰতীয় নাগৰিকসকলক সহায়ৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।
  • স্থানীয় চৰকাৰৰ নিৰ্দেশনা, বিমান আৰু ভ্ৰমণৰ অৱস্থা তথা কনছুলাৰ সেৱাৰ তথ্যকে ধৰি সময়ে সময়ে নতুন পৰামৰ্শ জাৰি কৰা হৈছে।
  • আমাৰ অভিযানসমূহ ভাৰতীয় সম্প্ৰদায়ৰ সংগঠন, পেছাদাৰী গোট, ভাৰতীয় কোম্পানী আৰু অঞ্চলটোৰ অন্যান্য অংশীদাৰসকলৰ সৈতে সক্ৰিয়ভাৱে জড়িত।
  • যিবোৰ দেশৰ আকাশমাৰ্গ মুকলি, সেইবোৰ দেশৰ পৰা বিমান সেৱা অব্যাহত আছে। ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা প্ৰায় ৮ লাখ ৯৭ হাজাৰ যাত্ৰী ভাৰতলৈ যাত্ৰা কৰিছে।
  • ইউ এ ইত বিমান সংস্থাসমূহে কাৰ্য্যকৰী আৰু নিৰাপত্তাৰ উদ্দেশ্যে ইউ এ ই আৰু ভাৰতৰ মাজত সীমিত অ-নিৰ্ধাৰিত বাণিজ্যিক বিমানৰ চলাচল অব্যাহত ৰাখিছে; আজি প্ৰায় ৯৫খন বিমান সেৱাৰ সম্ভাৱনা আছে।
  • চৌদি আৰব আৰু ওমানৰ বিভিন্ন বিমানবন্দৰৰ পৰা ভাৰতৰ গন্তব্যস্থানলৈ বিমান সেৱা অব্যাহত আছে।
  • কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ বাবে আজি কাটাৰ এয়াৰৱেজে ভাৰতলৈ প্ৰায় ৮–১০খন বিমানৰ চলাচল কৰোৱাৰ সম্ভাৱনা আছে।
  • কুৱেইটৰ আকাশমাৰ্গ বন্ধ। কুৱেইটৰ জাজিৰা এয়াৰৱেজ আৰু কুৱেইট এয়াৰৱেজে ছৌদি আৰবৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বাণিজ্যিক বিমান চলাই আছে। কুৱেইটৰ পৰা অহা ভাৰতীয় নাগৰিকসকলৰ বাবে চৌদি আৰবৰ জৰিয়তে যাতায়াতৰ সুবিধা কৰা হৈছে।
  • বাহৰেইনৰ আকাশমাৰ্গ মুকলি। বাহৰেইনৰ পৰা ভাৰতলৈ গালফ এয়াৰে সীমিত বিমান সেৱা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনা আছে; বৰ্তমান ই চৌদি আৰবৰ ডাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ অ-নিৰ্ধাৰিত বিমান চলায়। বাহৰেইনৰ পৰা ভাৰতলৈ ভাৰতীয় নাগৰিকৰ বাবে চৌদি আৰবৰ জৰিয়তে যাত্ৰাৰ সুবিধা প্ৰদান কৰা হৈছে।
  • ইৰাণৰ আকাশমাৰ্গ বন্ধ। আমি ভাৰতীয় নাগৰিকসকলৰ বাবে ইৰাণৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজান হৈ ভাৰতলৈ যাত্ৰাৰ সুবিধা লাভ কৰিছো।
  • ইজৰাইলৰ আকাশমাৰ্গ বন্ধ। ভাৰতীয় নাগৰিকসকলৰ বাবে জৰ্ডান আৰু ইজিপ্তৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অবিৰতভাৱে অব্যাহত ৰখা হৈছে।
  • ইৰাকৰ আকাশমাৰ্গ মুকলি, কিন্তু তাত সীমিত বিমান সেৱাৰহে অনুমতি আছে। ভাৰতীয় নাগৰিকসকলৰ বাবে জৰ্ডান আৰু চৌদি আৰবৰ মাজেৰে ভাৰতলৈ যাত্ৰাৰ সুবিধা অহৰহ কৰি থকা হৈছে।

 

*****

 

TM/KD


(ৰিলিজ আই ডি : 2251383) অতিথি কক্ষ : 9