তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

অপাৰেচন সিন্দুৰৰ সময়ত চাৰি সপ্তাহৰ বাবে টিভি নিউজ চেনেলসমূহৰ টিআৰপি প্ৰকাশ স্থগিত ৰাখিবলৈ চৰকাৰৰ নিৰ্দেশ; সংকটজনক পৰিস্থিতিত জল্পনা-কল্পনা আৰু চাঞ্চল্যকৰ কভাৰেজ ৰোধ কৰাই এই ব্যৱস্থাৰ মূল উদ্দেশ্য

পোষ্ট কৰা হৈছে: 02 APR 2026 4:10PM by PIB Guwahati

অপাৰেচন সিন্দুৰৰ সময়ত কিছুমান টিভি নিউজ চেনেলে অযুক্তিসংগতভাৱে চাঞ্চল্যকৰ আৰু জল্পনা-কল্পনামূলক বিষয়বস্তু সম্প্ৰচাৰ কৰা পৰিলক্ষিত হৈছিল। সংঘাত বা সংকটৰ সময়ছোৱাত টিভি চেনেলসমূহৰ এনে আচৰণ পূৰ্বেও লক্ষ্য কৰা গৈছে। ইয়াৰ উপৰিও, বিশেষকৈ আক্ৰান্ত অঞ্চলত বন্ধু-বান্ধৱ আৰু পৰিয়াল থকা লোকসকলৰ মাজত ইয়াৰ দ্বাৰা আতংকৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বিদ্যমান।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে চৰকাৰে টিভি নিউজ চেনেলসমূহৰ বাবে টেলিভিছন ৰেটিং পইণ্ট (টিআৰপি)ৰ প্ৰতিবেদন চাৰি সপ্তাহৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল। এই নিৰ্দেশনা সকলো সংশ্লিষ্ট অংশীদাৰে বহুলভাৱে গ্ৰহণ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে এতিয়ালৈকে কোনো আপত্তি উত্থাপন হোৱা নাই।

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্য মন্ত্ৰী ড° এল মুৰুগানে এই তথ্য লোকসভাত শ্ৰী ইটালা ৰাজেন্দ্ৰই সোধা প্ৰশ্নৰ লিখিত উত্তৰত প্ৰকাশ কৰে।

 

*****

Mahesh Kumar/ Vivek Vishwash/AA


(ৰিলিজ আই ডি : 2248713) অতিথি কক্ষ : 14