তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ শ্ৰী চঞ্চল কুমাৰৰ
পোষ্ট কৰা হৈছে:
02 APR 2026 3:28PM by PIB Guwahati
শ্ৰী চঞ্চল কুমাৰে ২০২৬ চনৰ ১ এপ্ৰিল তাৰিখে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। তেওঁ বিহাৰ কেডাৰৰ ১৯৯২ চনৰ বেচৰ এজন জ্যেষ্ঠ আইএএছ বিষয়া। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে বিদায়ী সচিব শ্ৰী সঞ্জয় জাজু, মন্ত্ৰালয় আৰু বিভিন্ন সংবাদ মাধ্যমৰ গোটসমূহৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকলে তেওঁক আন্তৰিকতাৰে আদৰণি জনায়। শ্ৰী সঞ্জয় জাজুক এতিয়া উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ সচিব হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে।

ইয়াৰ পূৰ্বে শ্ৰী কুমাৰে উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় (ড’নাৰ) আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ত সচিব হিচাপে দায়িত্ব পালন কৰিছিল আৰু ভাৰত চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উচ্চ পদবীত দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। তদুপৰি, ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল)-ৰ পৰিচালন সঞ্চালক হিচাপেও তেওঁ কৌশলগত ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পসমূহত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে।

বিহাৰ চৰকাৰত তেওঁ একাধিক জিলাত জিলা দণ্ডাধীশ হিচাপে দায়িত্ব পালন কৰাৰ উপৰিও মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব আৰু মুখ্যমন্ত্ৰীৰ সচিবসহ বহুতো গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈ আহিছে।
শ্ৰী চঞ্চল কুমাৰে আইআইটি কানপুৰৰ পৰা বিটেক আৰু এমটেক ডিগ্ৰী তথা পাটনা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত পিএইচডি অৰ্জন কৰি তেওঁ নিজৰ প্ৰশাসনিক কেৰিয়াৰত এক দৃঢ় শৈক্ষিক আৰু নীতিগত ভিত্তি স্থাপন কৰিছে।
*****
Mahesh Kumar/ Vivek Vishwash/ Aparajita Priyadarshini/AA
(ৰিলিজ আই ডি : 2248712)
অতিথি কক্ষ : 17
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam