পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতিৰ সন্দৰ্ভত আন্তঃমন্ত্ৰালয়ৰ সংবাদমেল

পিএনজিৰ সংস্কাৰৰ বাবে ৮খন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলক অতিৰিক্ত এলপিজি আৱণ্টন; ৩খন ৰাজ্যৰ আৱেদন বিবেচনাধীন

চিএইচটি আৱণ্টনৰ মতে ফাৰ্মাচিউটিকেল, খাদ্য আৰু ৰাজহুৱা বিতৰণ আৰু ৰাসায়নিক আৰু পেট্ৰ'কেমিকেলকে ধৰি গুৰুত্বপূৰ্ণ খণ্ডসমূহলৈ চি৩ আৰু চি৪ স্ৰোত যোগান ধৰাৰ অনুমতি চৰকাৰৰ

বিগত পাঁচ দিনত ৫৫,০০০ৰো অধিক পিএনজি সংযোগ গেছীকৰণ কৰা হৈছে

২৩ মাৰ্চৰ পৰা বিক্ৰী ৪.৩ লক্ষাধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ

পশ্চিম এছিয়াত চলি থকা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত চৰকাৰে গুৰুত্বপূৰ্ণ পেট্ৰ'কেমিকেল সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই প্ৰদান কৰিছে

পেট্ৰ'কেমিকেল কেঁচামাল আৰু আনুষংগিক সামগ্ৰী যেনে-প্লাষ্টিক, পেকেজিং, টেক্সটাইল, ফাৰ্মাচিউটিকেল, কেমিকেল, অটোমোবাইল যন্ত্ৰাংশ আৰু অন্যান্য নিৰ্মাণ খণ্ডৰ ওপৰত নিৰ্ভৰশীল খণ্ডক সুবিধা প্ৰদানৰ বাবে ৰেহাই

বাণিজ্য সুৰক্ষিত কৰিবলৈ আৰু ৰপ্তানিকাৰীসকলক সহায়ৰ পদক্ষেপ

আন্তঃমন্ত্ৰালয় সমন্বয়, ৰপ্তানিকাৰীক সুবিধা প্ৰদান, লজিষ্টিক সমৰ্থন আৰু লক্ষ্য নিৰ্ধাৰিত সাহায্য ব্যৱস্থা বাণিজ্যৰ ধাৰাবাহিকতা নিশ্চিত কৰিবলৈ আৰম্ভ কৰা হৈছে

বিগত ২৪ ঘন্টাত ১১ গৰাকী ভাৰতীয় নাৱিকসহ ৯৭৫ গৰাকী ভাৰতীয় নাৱিকক নিৰাপদে স্বদেশলৈ উভতাই অনা হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে; ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে

২৮ ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ৬,২৪,০০০ যাত্ৰী ভাৰতলৈ উভতি আহিছে; বিমানৰ পৰিস্থিতি ক্ৰমাত উন্নতি

পোষ্ট কৰা হৈছে: 02 APR 2026 6:19PM by PIB Guwahati

পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে নাগৰিকসকলক নিয়মীয়াকৈ শেহতীয় তথ্য প্ৰদানৰ প্ৰয়াস অব্যাহত ৰাখিছে। এই সন্দৰ্ভত আজি নেচনেল মিডিয়া চেণ্টাৰত এক সংবাদমেল অনুষ্ঠিত হয়। ইয়া'ত পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলে ইন্ধনৰ উপলব্ধতা, সামুদ্ৰিক কাৰ্যকলাপ, অঞ্চলটোত ভাৰতীয় নাগৰিকক প্ৰদান কৰা সাহায্য আৰু সামগ্ৰিক সুস্থিৰতা বজাই ৰখাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু শুল্ক বোৰ্ড (চি বি আই চি), বিত্ত মন্ত্ৰালয় আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বিষয়াসকলেও অংশগ্ৰহণ কৰে। চি বি আই চিয়ে কৰ আৰু শুল্ক সম্পৰ্কীয় হস্তক্ষেপৰ বিষয়ে উল্লেখ কৰে। আনহাতে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে পশ্চিম এছিয়াত চলি থকা বিসংগতিৰ পৰিপ্ৰেক্ষিতত বাণিজ্য সুৰক্ষিত কৰিবলৈ আৰু ৰপ্তানিকাৰীসকলক সহায় কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে।

ইন্ধন যোগান আৰু উপলব্ধতা

হৰমুজ প্ৰণালী বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ক ইন্ধন যোগানৰ পৰিস্থিতি আৰু পেট্ৰলিয়াম সামগ্ৰী আৰু এল পি জিৰ অবিৰত উপলব্ধতা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰা হয়। মন্ত্ৰালয়ে এইদৰে কয়ঃ

খাৰুৱা তেল আৰু শোধনাগাৰ:

সকলো শোধনাগাৰে পৰ্যাপ্ত খাৰুৱা তেলৰ তথ্যৰে উচ্চ ক্ষমতাৰে কাম কৰি আছে আৰু পেট্ৰল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত ৰখা হৈছে।

সংকটৰ পূৰ্বৰ স্তৰৰ তুলনাত শোধনাগাৰৰ পৰা ঘৰুৱা এলপিজি উৎপাদন বৃদ্ধি কৰা হৈছে।

খুচুৰা বিপণী:

  • খুচুৰা বিপণীসমূহত নিয়মীয়াকৈ পেট্ৰ’ল আৰু ডিজেলৰ যোগান ধৰি ৰখা হৈছে।
  • মধ্যপ্ৰাচ্যৰ সংকটৰ বাবে খাৰুৱা তেলৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে। ইয়াৰ পৰা ঘৰুৱা গ্ৰাহকক ৰক্ষা কৰিবলৈ ভাৰত চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ আবকাৰী শুল্ক প্ৰতি লিটাৰত ১০ টকা হ্ৰাস কৰিছে।
  • ঘৰুৱা বজাৰত যাতে নাটনি নহয় তাৰ বাবে ভাৰত চৰকাৰে ডিজেলত প্ৰতি লিটাৰত ২১.৫০ টকা আৰু বিমান ইন্ধনত প্ৰতি লিটাৰত ২৯.৫০ টকা ৰপ্তানি শুল্ক আৰোপ কৰিছে।
  • উৰাবাতৰিৰ বাবে কিছুমান অঞ্চলত আতংকিত হৈ ক্ৰয় কৰা দেখা গৈছে। দেশৰ সকলো পেট্ৰ’ল পাম্পতে পৰ্যাপ্ত পৰিমাণৰ পেট্ৰ’ল আৰু ডিজেলৰ মজুত থকা বুলি পুনৰবাৰ অৱগত কৰা হৈছে।
  • পেট্ৰ'ল আৰু ডিজেলৰ বাবে নিয়মীয়া খুচুৰা মূল্য অপৰিৱৰ্তিত। পিএছইউ ওএমচিৰ পৰা পেট্ৰ'লত প্ৰতিলিটাৰত ২৪.৪০টকা আৰু ৰন্ধন গেছত প্ৰতি লিটাৰত ৪.৫০ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ১০৪.৯৯ টকাসহ মুঠ ১,৫০,০০০ কোটি টকা উদ্ধাৰ কৰিবলৈ বাকী আছে।
  • নাগৰিকসকলক উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ চৰকাৰে পুনৰবাৰ পৰামৰ্শ দিছে । ৰাজ্য চৰকাৰসমূহক নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত প্ৰকৃত তথ্য দাঙি ধৰিবলৈ অনুৰোধ জনোৱা হৈছে।

 

প্ৰাকৃতিক গেছ

  • পৰিবহণৰ বাবে ঘৰুৱা পিএনজি আৰু চিএনজিক শীৰ্ষ অগ্ৰাধিকাৰ দি ১০০ শতাংশ যোগান নিশ্চিত কৰা হৈছে।
  • ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ বাবে যোগানৰ অনুপাত প্ৰায় ৮০ শতাংশ।
  • ভাৰত চৰকাৰে চিজিডিসকলক ৰেষ্টুৰেণ্ট, হোটেল আৰু কেণ্টিনৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ পিএনজি সংযোগক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিছে।
  • বৰ্তমান চলি থকা ইউৰিয়া উদ্যোগসমূহলৈ গেছৰ যোগান সুস্থিৰ, যিটো যোৱা ৬ মাহৰ গড় ব্যৱহাৰৰ প্ৰায় ৭০-৭৫ শতাংশ। অতিৰিক্ত এল এন জি কাৰ্গো আৰু পুনৰ গেছিফাইড এল এন জিৰ ব্যৱস্থাও কৰা হৈছে।
  • সাৰ উদ্যোগকে ধৰি সকলো উদ্যোগিক গ্ৰাহকক গেছ বিপণন কোম্পানীসমূহক তেওঁলোকৰ অতিৰিক্ত গেছৰ প্ৰয়োজনীয়তাৰ বিষয়ে ‘স্পট বেচিছ’ত অৱগত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে কোম্পানীসমূহে সেই অনুসৰি গেছৰ ব্যৱস্থা কৰিব পাৰে।
  • আইজিএল, এমজিএল, গেইল গেছ আৰু বিপিচিএলৰ দৰে চিজিডি কোম্পানীয়ে আৱাসিক আৰু বাণিজ্যিক পিএনজি সংযোগ গ্ৰহণৰ বাবে বিভিন্ন উদগনি আগবঢ়াইছে।
  • ভাৰত চৰকাৰে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ক চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় আৱেদনৰ অনুমোদন প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ অনুৰোধ জনাইছে।
  • ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জিৰ ক্ষেত্ৰত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ অতিৰিক্ত ১০% আবণ্টনৰ প্ৰস্তাৱ আগবঢ়াইছে; কিন্তু চৰ্তটো হ’ল এল পি জিৰ পৰা পি এন জিলৈ দীৰ্ঘম্যাদী ৰূপান্তৰ প্ৰক্ৰিয়াত সংশ্লিষ্ট ৰাজ্যসমূহক সহায় কৰা উচিত। ইয়াৰ পৰিপ্ৰেক্ষিতত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে কেইবাখনো ৰাজ্যৰ পৰা আবেদন লাভ কৰিছে, যিয়ে চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সংস্কাৰমূলক পদক্ষেপ গ্ৰহণ কৰিছে। সেই অনুসৰি উক্ত ৰাজ্যসমূহৰ কিছুমানৰ বাবে অতিৰিক্ত গেছ আবণ্টনৰ পৰামৰ্শ দিয়া হৈছে।
  • PNGRB (Petroleum and Natural Gas Regulatory Board) vide an order dated 23.03.2026 য়ে সকলো চিজিডি সংস্থাক ৫ দিনৰ ভিতৰত আৱাসিক বিদ্যালয়-মহাবিদ্যালয়, হোষ্টেল, কমিউনিটি পাকঘৰ, অংগনবাড়ী পাকঘৰ ইত্যাদি, য'ত পাইপলাইনৰ আন্তঃগাঁথনি নিকটতম অঞ্চলত উপলব্ধ, পিএনজি সংযোগ প্ৰদানৰ বাবে ৫ দিনৰ ভিতৰত সকলো প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিছে।
  • পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে ২৪.০৩.২০২৬ তাৰিখৰ এখন পত্ৰযোগে জনাইছে যে ৩ মাহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাৰ অধীনত অনুমোদনৰ সময়সীমা হ্ৰাস কৰা হৈছে আৰু চিজিডি আন্তঃগাঁথনিৰ সৈতে জড়িত আবেদনসমূহ অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰা হ’ব।
  • ভাৰত চৰকাৰে ২৪.০৩.২০২৬ তাৰিখৰ গেজেট অধিসূচনাযোগে ‘অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫’ৰ অধীনত প্ৰাকৃতিক গেছ আৰু পেট্ৰলিয়াম সামগ্ৰীৰ যোগান আনিছে। এই আদেশে সমগ্ৰ দেশতে পাইপলাইন স্থাপন আৰু সম্প্ৰসাৰণৰ বাবে এক সুশৃংখলিত আৰু সময়সীমাবদ্ধ কাঠামো প্ৰদান কৰিছে। ইয়াৰ দ্বাৰা অনুমোদন লাভ আৰু ভূমি অধিগ্ৰহণত পলম হোৱাৰ সমস্যাটো সমাধান হ’ব আৰু আৱাসিক অঞ্চলকে ধৰি সমগ্ৰ দেশতে প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনিৰ দ্ৰুত সম্প্ৰসাৰণ সম্ভৱ হ’ব। আশা কৰা হৈছে যে ইয়াৰ ফলত পিএনজি নেটৱৰ্কৰ সম্প্ৰসাৰণ ত্বৰান্বিত হ’ব, ‘লাষ্ট-মাইল’ বা পেৰিফেৰেল সংযোগ উন্নত হ’ব আৰু স্বচ্ছ শক্তিলৈ পৰিৱৰ্তনত সহায়ক হ’ব। ইয়াৰ দ্বাৰা দেশৰ শক্তি সুৰক্ষা শক্তিশালী হ’ব আৰু ভাৰতৰ গেছ ভিত্তিক অৰ্থনীতিও আগুৱাই নিব।
  • প্ৰতিৰক্ষা মন্ত্ৰালয়ে ২৭.০৩.২০২৬ তাৰিখৰ পত্ৰৰ ভিত্তিত হ্ৰস্বম্যাদী নীতি সংশোধনী জাৰি কৰিছে। এই সংশোধনী ৩০.০৬.২০২৬ পৰ্যন্ত কাৰ্যকৰী হ’ব আৰু ইয়াৰ লক্ষ্য হৈছে প্ৰতিৰক্ষা বিভাগৰ অধীনত সকলো আৱাসিক অঞ্চল আৰু ইউনিট লাইনত পিএনজি আন্তঃগাঁথনি স্থাপনৰ কাম ক্ষিপ্ৰতাৰে কৰা।
  • পিএনজিআৰবিৰ অধ্যক্ষই ৩০.০৩.২০২৬ তাৰিখে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি চিজিডি সংস্থাসমূহক ডি-পিএনজি সংযোগ প্ৰদানৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও পিএনজি সম্প্ৰসাৰণৰ গতি বজাই ৰাখিবলৈ ‘ৰাষ্ট্ৰীয় পিএনজি ড্ৰাইভ ২.০’ কাৰ্যসূচীৰ সময়সীমা (যিটো ০১.০১.২০২৬ৰ পৰা ৩১.০৩.২০২৬লৈ নিৰ্ধাৰিত আছিল) এতিয়া ৩০.০৬.২০২৬লৈ বৃদ্ধি কৰা হৈছে।
  • বিগত পাঁচ দিনত ১১০টা ভৌগোলিক এলেকাত ৫৫,০০০ৰো অধিক পিএনজি সংযোগৰ গেছীকৰণ কৰা হৈছে।

এল পি জি

  • বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিয়ে এল পি জিৰ যোগানত প্ৰভাৱ পেলাইছে।

ঘৰুৱা এল পি জি যোগান:

* এল পি জি বিতৰক বা বিতৰণ কেন্দ্ৰত এল পি জিৰ নাটনিৰ কোনো খবৰ পোৱা নগ’ল।

* উদ্যোগ অনুযায়ী কালি অনলাইন এল পি জি চিলিণ্ডাৰ বুকিঙৰ হাৰ ৯৫ শতাংশলৈ বৃদ্ধি।

* বিতৰক পৰ্যায়ত এল পি জিৰ ডাইভাৰচন বা অপব্যৱহাৰ ৰোধ কৰিবলৈ ‘ডেলিভাৰী অথেণ্টিকেচন ক’ড’ (ডি এ চি) ভিত্তিক যোগানৰ হাৰ ৫৩ শতাংশ (ফেব্ৰুৱাৰী-২০২৬)ৰ পৰা কালিলৈকে ৮৫ শতাংশলৈ বৃদ্ধি পাইছে।

* এলপিজি চিলিণ্ডাৰৰ যোগান নিয়মীয়াকৈ প্ৰদান কৰি থকা হৈছে।

বাণিজ্যিক এল পি জি যোগান:

*১.০৪.২০২৬ তাৰিখৰ এক নিৰ্দেশৰ জৰিয়তে ভাৰত চৰকাৰে ভাৰতৰ পেট্ৰ'কেমিকেল কমপ্লেক্সকে ধৰি শোধনাগাৰ কোম্পানীসমূহক ফাৰ্মাচিউটিকেল বিভাগ, খাদ্য আৰু ৰাজহুৱা বিতৰণ বিভাগ, ৰাসায়নিক আৰু পেট্ৰ'কেমিকেল বিভাগ আদিৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ বাবে নিৰ্দিষ্ট পৰিমাণৰ চি৩ আৰু চি৪ ষ্ট্ৰীম উপলব্ধ কৰাৰ অনুমতি প্ৰদান কৰিছে।

* ইতিমধ্যে চৰকাৰে গ্ৰাহকক আংশিক বাণিজ্যিক এল পি জি যোগান (২০%) পুনৰ আৰম্ভ কৰিছে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ১৮.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত পিএনজি নেটৱৰ্ক সম্প্ৰসাৰণৰ উদ্দেশ্যে ব্যৱসায়ৰ সুচলতাসংস্কাৰৰ অধীনত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অতিৰিক্ত ১০% বাণিজ্যিক এলপিজি আবণ্টন দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে।

* ভাৰত চৰকাৰে ২১.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত ৰাজ্যসমূহক অতিৰিক্ত ২০% বাণিজ্যিক এল পি জি আবণ্টনৰ অনুমোদন জনাইছে। ইয়াৰ ফলত মুঠ আবণ্টন ৫০%লৈ বৃদ্ধি পাব (পিএনজি সম্প্ৰসাৰণ সংস্কাৰৰ অধীনত ১০% আবণ্টনকে ধৰি)। এই অতিৰিক্ত ২০% আবণ্টন ৰেষ্টুৰেণ্ট, ধাবা, হোটেল, উদ্যোগিক কেন্টিন, খাদ্য প্ৰক্ৰিয়াকৰণ/দুগ্ধ উদ্যোগ, ৰাজ্য চৰকাৰ বা স্থানীয় সংস্থাৰ দ্বাৰা পৰিচালিত ৰাজসাহায্যযুক্ত কেন্টিন/খাদ্য বিপণী, সামূহিক পাকঘৰ আৰু প্ৰব্ৰজিত শ্ৰমিকৰ বাবে ৫ কেজি এফটিএল চিলিণ্ডাৰ আদি খণ্ডলৈ অগ্ৰাধিকাৰ ভিত্তিত প্ৰদান কৰা হব।

* ভাৰত চৰকাৰে ২৭.০৩.২০২৬ তাৰিখৰ এখন পত্ৰৰ ভিত্তিত বাণিজ্যিক এল পি জি খণ্ডলৈ অতিৰিক্ত ২০ শতাংশ আবণ্টন দিয়াৰ সিদ্ধান্ত লৈছে (সংস্কাৰৰ বাবে দিয়া ১০ শতাংশ আবণ্টনকে ধৰি মুঠ বাণিজ্যিক আবণ্টন সংকটৰ পূৰ্বৰ স্তৰৰ ৭০ শতাংশলৈ লৈ)। এই অতিৰিক্ত ২০ শতাংশ আবণ্টন উদ্যোগসমূহৰ বাবে নিৰ্ধাৰণ কৰা হব আৰু তীখা, অটোমোবাইল, বস্ত্ৰ, ৰং, ৰাসায়নিক আৰু প্লাষ্টিক উদ্যোগক অগ্ৰাধিকাৰ দিয়া হব। ইয়াৰে বিশেষ উত্তাপনৰ উদ্দেশ্যে এল পি জিৰ প্ৰয়োজন হোৱা প্ৰচেছিং উদ্যোগসমূহক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া হব।

* ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা সমগ্ৰ দেশতে প্ৰব্ৰজিত শ্ৰমিকক ৪.৩ লাখতকৈ অধিক ৫ কেজি এফটিএল চিলিণ্ডাৰ বিক্ৰী কৰা হৈছে।

* অধিকাংশ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে ভাৰত চৰকাৰৰ নীতি-নিৰ্দেশনা মানি অঘৰুৱা এল পি জি আবণ্টনৰ নিৰ্দেশ জাৰি কৰিছে। ২০২৬ চনৰ ১৪ মাৰ্চৰ পৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাণিজ্যিক কোম্পানীসমূহে মুঠ ৬০,৩৭০ মেট্ৰিক টন এলপিজি ক্ৰয় কৰিছে।

কেৰাচিন

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ নিয়মীয়াকৈ আবণ্টন দিয়াৰ উপৰিও ৪৮,০০০ কিলোলিটাৰ কেৰাচিন আবণ্টন দিয়া হৈছে।

প্ৰতিখন জিলাত সৰ্বাধিক দুটা পিএছঅছাৰ্ভিচ ষ্টেচনত ৫,০০০ লিটাৰ পৰ্যন্ত পিডিএছ এছকেঅমজুত ৰখাৰ অনুমতি দিয়া হৈছে।

১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে এছ কে অআবণ্টনৰ বাবে নিৰ্দেশ জাৰি কৰিছে। তদুপৰি হিমাচল প্ৰদেশ আৰু লাডাখে উল্লেখ কৰিছে যে বৰ্তমান তেওঁলোকৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত এছ কে অৰ কোনো প্ৰয়োজনীয়তা নাই।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভূমিকা

• অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৫৫ আৰু এল পি জি নিয়ন্ত্ৰণ আদেশ, ২০০০ অনুসৰি ৰাজ্য চৰকাৰসমূহক যিকোনো ধৰণৰ জমা আৰু ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ ক্ষমতা প্ৰদান কৰা হৈছে। পেট্ৰ’ল, ডিজেল আৰু এল পি জিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ মূল ভূমিকা আছে। ভাৰত চৰকাৰে কেইবাখনো চিঠিৰ জৰিয়তে আৰু ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলক এই বিষয়টো সোঁৱৰাই দিছে।

• সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সকলো মুখ্য সচিব, অতিৰিক্ত মুখ্য সচিব/প্ৰধান সচিব/সচিবক তলত দিয়া কথাসমূহ মানি চলিবলৈ অনুৰোধ জনোৱা হৈছে—

  • ৰাজ্য/জিলা পর্যায়ত দৈনিক সংবাদমেলৰ ব্যৱস্থা প্রতিষ্ঠানিক কৰি নিয়মীয়াকৈ ৰাজহুৱা জাননী জাৰি কৰা।
  • বিশেষ নিয়ন্ত্ৰণ কক্ষ/হেল্পলাইন স্থাপন কৰা।
  • ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভুৱা বাতৰি/ভুল তথ্য সক্ৰিয়ভাৱে নিৰীক্ষণ আৰু প্ৰতিহত কৰা।

Ø জিলা প্ৰশাসনৰ জৰিয়তে দৈনিক ড্ৰাইভ আৰু চোৱাচিতাৰ কাম-কাজ শক্তিশালী কৰা আৰু তেল বিপণন কোম্পানীসমূহৰ সৈতে সমন্বয়ত অনুসন্ধান আৰু পৰিদৰ্শন কাৰ্য্যকলাপ অব্যাহত ৰখা।

Ø নিজ নিজ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত বাণিজ্যিক এল পি জি আবণ্টনৰ বাবে আদেশ জাৰি কৰা।

Ø ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে অতিৰিক্ত এছ কে অ’ আবণ্টনৰ বাবে আদেশ জাৰি কৰা।

Ø চিজিডি নেটৱৰ্ক সম্প্ৰসাৰণৰ কাম ক্ষিপ্ৰ কৰা; ইয়াৰ ভিতৰত আছে ‘ৰাইট অৱ ৱে’/‘ৰাইট অৱ ইউজ’ পাৰ্মিট আৰু ২৪ ঘণ্টীয়া কামৰ পাৰ্মিটৰ সমস্যা ক্ষিপ্ৰ কৰা।

Ø পিএনজিৰ ব্যৱহাৰ আৰু বিকল্প ইন্ধনৰ প্ৰচাৰত সহায় কৰা।

Ø পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সৈতে সমন্বয়ৰ বাবে উচ্চ পদস্থ নডেল বিষয়া নিযুক্তি দিয়া।

Ø ১৭খন ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশে বৰ্তমানে নিয়মীয়াকৈ সংবাদমেল অনুষ্ঠিত কৰি আছে।

আইনী ব্যৱস্থা

সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এলপিজিৰ অবৈধ জমা আৰু কলা বজাৰ ৰোধৰ বাবে অভিযান অব্যাহত আছে। কালি ২,৬০০ৰো অধিক অভিযান চলোৱা হয় আৰু ৭০০ৰো অধিক চিলিণ্ডাৰ জব্দ কৰা হয়।

মসৃণ যোগান নিশ্চিত কৰিবলৈ আৰু যিকোনো অবৈধ জমা বা কলা বিপণন পৰীক্ষা কৰিবলৈ দৈনিক খুচুৰা বিপণী আৰু এলপিজি বিতৰকত আকস্মিক পৰিদৰ্শন কৰে।

এতিয়ালৈকে এলপিজি বিতৰকসকলক ৬০০তকৈও অধিক কাৰণ দেখুৱাই জাননী জাৰি কৰিছে।

 

 

অন্যান্য চৰকাৰী ব্যৱস্থা

যুদ্ধৰ পৰিস্থিতিৰ মাজতো চৰকাৰে ঘৰুৱা এল পি জি আৰু পি এন জিক শীৰ্ষ অগ্ৰাধিকাৰ দিছে। চিকিৎসালয় আৰু শিক্ষানুষ্ঠানকো অধিক অগ্ৰাধিকাৰ দিয়া হৈছে।

চৰকাৰে ইতিমধ্যে যোগান আৰু চাহিদা দুয়োটা দিশতে কেইবাটাও ব্যৱস্থা ৰূপায়ণ কৰিছে। ইয়াৰ ভিতৰত শোধনাগাৰৰ উৎপাদন বৃদ্ধি কৰা; যোগানৰ ক্ষেত্ৰত বিভিন্ন খণ্ডক অগ্ৰাধিকাৰ দিয়া।

এলপিজিৰ চাহিদাৰ ওপৰত চাপ কমোৱাৰ বাবে কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন উপলব্ধ কৰা হৈছে।

কয়লা মন্ত্ৰালয়ে ইতিমধ্যে ল ইণ্ডিয়াআৰু চিংগাৰেনী কলিয়াৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য শ্ৰেণীৰ গ্ৰাহকক বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক কয়লা যোগান ধৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

ৰাজ্যসমূহক ঘৰুৱা আৰু বাণিজ্যিক দুয়োটা শ্ৰেণীৰ গ্ৰাহকৰ বাবে নতুন পিএনজি সংযোগ লাভৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিবলৈ পৰামৰ্শ দিয়া হৈছে।

জনসাধাৰণৰ বাবে পৰামৰ্শ

পেট্ৰ, ডিজেল আৰু এল পি জিৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা হাতত লৈছে। গতিকে পেট্ৰল আৰু ডিজেল ক্ৰয় কৰি এল পি জি বুকিং কৰাৰ সময়ত আতংকিত হৈ কিনা বা অতিৰিক্ত বুকিং কৰাৰ পৰা বিৰত থাকক।

উৰাবাতৰিৰ পৰা সাৱধান হওক আৰু সঠিক তথ্যৰ বাবে কেৱল চৰকাৰী বা প্ৰতিষ্ঠানিক উৎসৰ ওপৰত নিৰ্ভৰ কৰক।

এল পি জিৰ ক্ষেত্ৰত নাগৰিকলৈ অনুৰোধ

Ø বুকিঙৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰক।

Ø এল পি জি বিতৰক বা যোগানকাৰীৰ ওচৰলৈ ব্যক্তিগতভাৱে যোৱা এৰক।

নাগৰিকক বিকল্প ইন্ধন, যেনে পিএনজি, ইণ্ডাকচন বা বৈদ্যুতিক কুকটপ আদি ব্যৱহাৰ কৰিবলৈ অনুৰোধ কৰা হৈছে।

বৰ্তমানৰ পৰিস্থিতিত সকলো নাগৰিককে দৈনন্দিন ব্যৱহাৰত শক্তি বা ইন্ধন ৰাহি কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

 

কৰ আৰু শুল্ক ব্যৱস্থা

পৰিস্থিতিৰ পৰিৱৰ্তনৰ পৰিপ্ৰেক্ষিতত গ্ৰহণ কৰা কৰ আৰু শুল্ক সম্পৰ্কীয় পদক্ষেপৰ বিষয়ে চি বি আই চিয়ে সংবাদ মাধ্যমক অৱগত কৰে। ইয়াত কোৱা হৈছে:

  • বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে পেট্ৰ'কেমিকেল খণ্ডৰ কিছুমান সামগ্ৰীৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
  • পশ্চিম এছিয়াৰ সংঘাত আৰু বিশ্ব যোগান শৃংখলা বিঘ্নিত হোৱাৰ পৰিপ্ৰেক্ষিতত, গুৰুত্বপূৰ্ণ পেট্ৰ'কেমিকেল সামগ্ৰীসমূহত তিনি মাহৰ বাবে অৰ্থাৎ ২০২৬ৰ ৩০ জুনলৈকে সাময়িকভাৱে সম্পূৰ্ণ শুল্ক ৰেহাই দিয়া হৈছে।
  • দেশীয় উদ্যোগৰ বাবে অত্যাৱশ্যকীয় পেট্ৰ'কেমিকেল ইনপুটসমূহৰ নিৰন্তৰ উপলব্ধতা সুনিশ্চিত কৰা, নিম্ন স্তৰৰ খণ্ডসমূহৰ ওপৰত ব্যয়ৰ চাপ হ্ৰাস কৰা আৰু সমগ্ৰ দেশতে যোগানৰ স্থায়িত্ব ৰক্ষা কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  • পেট্ৰ'কেমিকেল কেঁচামাল আৰু মধ্যৱৰ্তী সামগ্ৰীসমূহৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন খণ্ড যেনে-প্লাষ্টিক, পেকেজিং, বস্ত্ৰ, ঔষধ, ৰাসায়নিক, অটোমোবাইল সামগ্ৰী আৰু অন্যান্য নিৰ্মাণ উদ্যোগে ইয়াৰ দ্বাৰা লাভান্বিত হ'ব বুলি আশা কৰা হৈছে।
  • এই ব্যৱস্থাই চূড়ান্ত উৎপাদিত সামগ্ৰীৰ উপভোক্তাসকলক সকাহ দিব বুলি আশা কৰা হৈছে।
  • এই তিনিমাহৰ সময়ছোৱাত আনুমানিক ৰাজহ লোকচানৰ পৰিমাণ প্ৰায় ১৮০০ কোটি টকা।
  • সংশ্লিষ্ট মন্ত্ৰালয়, উদ্যোগৰ অংশীদাৰ আৰু বাণিজ্যিক প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
  • পৰৱৰ্তী খণ্ডৰ উদ্যোগসমূহৰ বাবে গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ চিনাক্ত কৰা হৈছে আৰু এই সামগ্ৰীসমূহৰ ওপৰত শুল্ক নিৰ্ধাৰিত সময়ৰ বাবে শূন্যলৈ হ্ৰাস কৰা হৈছে।
  • এই ব্যৱস্থাৰ দ্বাৰা এই খণ্ডসমূহৰ বাবে মূল্যৰ স্থায়িত্ব সুনিশ্চিত কৰা, যোগান শৃংখলা শক্তিশালী কৰা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন অব্যাহত ৰখাৰ বাবে সহায় কৰা হ'ব।

 

বাণিজ্য আৰু ৰপ্তানিকাৰীক সহায়ৰ ব্যৱস্থা

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে সংবাদ মাধ্যমক পশ্চিম এছিয়াৰ বাণিজ্যৰ ওপৰত প্ৰতিকূল প্ৰভাৱৰ মোকাবিলা কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। ইয়াৰ ভিতৰত যোগান শৃংখলা সুৰক্ষিত কৰা, ৰপ্তানিকাৰকসকলক সহায় কৰা আৰু সময়মতে হস্তক্ষেপৰ জৰিয়তে বাণিজ্যৰ ধাৰাবাহিকতা নিশ্চিত কৰা আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয়ৰ মতেঃ

  • বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ বাণিজ্য বিভাগে ভাৰতৰ বাণিজ্য, লজিষ্টিক আৰু যোগান শৃংখলত পশ্চিম এছিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰভাৱৰ মোকাবিলা কৰিবলৈ সময়োচিত, সক্ৰিয় আৰু সমন্বিত পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ ৰপ্তানি, আমদানি আৰু যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত এই অঞ্চলৰ কৌশলগত গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি, বাণিজ্যৰ ধাৰাবাহিকতা সুনিশ্চিত কৰিবলৈ, ৰপ্তানিকাৰকসকলৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ আৰু গুৰুত্বপূৰ্ণ যোগান শৃংখলাৰ স্থায়িত্ব বজাই ৰাখিবলৈ এক সামগ্ৰিক চৰকাৰী দৃষ্টিভংগী গ্ৰহণ কৰা হৈছে।
  • ভাৰতৰ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ গুৰুত্বৰ পৰিপ্ৰেক্ষিতত এই কৰিড'ৰত হোৱা বিসংগতিৰ ফলত মালবাহী সামগ্ৰী পৰিবহণ, বীমা ব্যয়, ডেলিভাৰী সময়সূচী আৰু ৰপ্তানিকাৰীৰ কামৰ মূলধনৰ চক্রত প্ৰভাৱ পৰিব। সেয়ে বাণিজ্য বিভাগে বাস্তৱ-কালীন নিৰীক্ষণ, সংশ্লিষ্ট পক্ষৰ সমন্বয় আৰু উদ্ভৱ হোৱা বাধাসমূহৰ সমাধানৰ বাবে এটা প্ৰতিষ্ঠানিক ব্যৱস্থা প্ৰৱৰ্তন কৰিছে।
  • ২ মাৰ্চ, ২০২৬ত বাণিজ্য বিভাগে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ আৰু প্ৰয়োজনীয় হস্তক্ষেপ সমন্বয়ৰ বাবে এখন আন্তঃমন্ত্ৰালয় দল গঠন কৰে। আইএমজিৰ অধীনত  পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, চিবিআইচি, ৰিজাৰ্ভ বেংক, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু ৰে'ল মন্ত্ৰালয়ক সামৰি লোৱা হৈছে।
  • আইএমজিয়ে তিনিটা মূল ক্ষেত্ৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। সেয়া হৈছে যোগান শৃংখলা আৰু লজিষ্টিকৰ ধাৰাবাহিকতা বজাই ৰখা, গুৰুত্বপূৰ্ণ ৰপ্তানি আৰু আমদানিৰ নিৰীক্ষণ কৰা আৰু প্ৰতিৰোধমূলক প্ৰশমনমূলক ব্যৱস্থা গ্ৰহণ কৰা আদি। ইয়াৰ ফলত জাহাজ পৰিবহণৰ পথ, মালবাহী বাহনৰ বৃদ্ধি, বীমাৰ উপলব্ধতা, শুল্ক পৰিশোধ আৰু কাৰ্গো পৰিবহণৰ সৈতে জড়িত সমস্যাসমূহৰ সময়মতে সমাধানৰ নিশ্চয়তা প্ৰদান কৰা হৈছে।
  • এক বিশেষ পশ্চিম এছিয়া সংকটৰ সহায়কাৰী ডেস্কৰ ব্যৱস্থা কৰা হৈছে, য'ত এটা টোল ফ্ৰী হেল্পলাইন আৰু ই-মেইল ভিত্তিক অভিযোগ নিষ্পত্তি ব্যৱস্থা আছে, যাতে বিঘ্নিত পৰিস্থিতিৰ সন্মুখীন হোৱা ৰপ্তানিকাৰীক সময়মতে সহায় কৰিব পৰা যায়। কৃষিজাত আৰু অন্যান্য সময় সংবেদনশীল ৰপ্তানিৰ বিশেষ প্ৰয়োজনীয়তা পূৰণৰ বাবে ক্ষয়শীল কাৰ্গোৰ বাবে এক ফ'কাচড উপ-গোট গঠন কৰা হৈছে।
  • এই অঞ্চলত ভাৰতীয় মিছনসমূহক ক্ষেত্ৰীয় পৰ্যায়ৰ মতামত আৰু সমৰ্থনৰ বাবে নিয়োজিত কৰা হৈছে যাতে সমস্যাসমূহ সমাধান কৰিব পৰা যায় আৰু ৰপ্তানিকাৰী আৰু অংশীদাৰসকলৰ সৈতে সময়মতে সমন্বয় সুনিশ্চিত কৰিব পৰা যায়।
  • চিবিআইচিৰ সৈতে সমন্বয় সাধন কৰি, শুল্ক সম্পৰ্কীয় হস্তক্ষেপ আৰম্ভ কৰা হৈছে, য'ত প্ৰত্যাৱৰ্তিত কাৰ্গো পৰিচালনা কৰা, নিয়মীয়া শুল্ক ক্লিয়াৰেন্স সুবিধা সমিতিৰ বৈঠক অনুষ্ঠিত কৰা আৰু প্ৰভাৱিত ক্ষেত্ৰত পুনৰ চহৰলৈ যাতায়াতৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা। এই পদক্ষেপসমূহে প্ৰক্ৰিয়াগত বাটকটীয়া দূৰ কৰাত সহায় কৰিছে আৰু মালবাহী সামগ্ৰীসমূহৰ চলাচল সুচল কৰি তুলিছে।
  • বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় আৰু জাহাজ পৰিবহণ সঞ্চালকালয়ৰ সৈতে সমন্বয় সাধন কৰি বন্দৰসমূহত কাৰ্যকৰী ধাৰাবাহিকতা সুনিশ্চিত কৰা, জাহাজ পৰিবহণ সম্পৰ্কীয় মূল্য নিৰ্ধাৰণৰ স্বচ্ছতা বৃদ্ধি কৰা আৰু স্বৈৰাচাৰী মালবাহী প্ৰক্ৰিয়া নিবাৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। উপযুক্ত ক্ষেত্রত ভঁৰাল, ৰখাৰ সময় আৰু কিছুমান কনটেইনাৰ সম্পৰ্কীয় মাচুলৰ ৰেহাইৰ ব্যৱস্থাও কৰা হৈছে।
  • ৰেল মন্ত্ৰালয়, কনক'ৰ আৰু আইচিডি অপাৰেটৰসকলৰ সৈতে বাণিজ্য বিভাগে ঘনিষ্ঠভাৱে কাম কৰি কণ্টেইনাৰ উপলব্ধতা, আভ্যন্তৰীণ পৰিবহণ আৰু ৰুট বিঘ্নিত ৰপ্তানি সামগ্ৰী পৰিচালনাৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। বিকল্প ৰুটৰ বিকল্পসমূহ, য'ত উপযুক্ত পৰিবহণ পথ অন্তৰ্ভুক্ত কৰা হৈছে, সেইবোৰ নিৰন্তৰভাৱে পৰীক্ষা কৰা হৈছে আৰু যিমান সম্ভৱ, বিলম্ব আৰু অনিশ্চয়তা হ্ৰাস কৰিবলৈ সক্ষম কৰা হৈছে।
  • বাণিজ্য বিভাগৰ দ্বাৰা সমন্বিত এক গুৰুত্বপূৰ্ণ হস্তক্ষেপ হৈছে ৰপ্তানি প্ৰোৎসাহন অভিযানৰ অধীনত ৰপ্তানি সুবিধা প্ৰদানৰ বাবে ৰিলিফ, স্থিতিস্থাপকতা আৰু লজিষ্টিক হস্তক্ষেপৰ সূচনা কৰা, যিটো ১৯ মাৰ্চ, ২০২৬ তাৰিখে ইচিজিচিৰ সৈতে ন'ডেল এজেন্সী হিচাপে আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে এমএছএমই ৰপ্তানিকাৰীক উন্নত বিপদ সুৰক্ষা, প্ৰিমিয়াম স্থিৰতা আৰু বিশেষ সমৰ্থন প্ৰদান কৰা হয়, য'ত প্ৰয়োজন সাপেক্ষে অতিৰিক্ত যোগান-সংক্ৰান্তীয় অতিৰিক্ত মাচুল পৰিশোধৰ বাবেও সাহায্য প্ৰদান কৰা হয়। ৰেলীফ উদ্যোগটো ৰপ্তানিৰ গতিশীলতা ৰক্ষা কৰাৰ লগতে নিশ্চিত কৰে যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰা উদ্ভূত বাহ্যিক শ্বক আৰু বিঘ্নৰ দ্বাৰা ক্ষুদ্ৰ ৰপ্তানিকাৰকসকল অপ্ৰতিৰোধ্যভাৱে প্ৰভাৱিত নহয়।
  • ৰপ্তানিকাৰীৰ বোজা লাঘৱ কৰিবলৈ বাণিজ্য নীতি আৰু প্ৰক্ৰিয়াগত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অগ্রিম অনুমোদন আৰু ইপিচিজি অনুমোদন থকা ৰপ্তানিকাৰীক ৰপ্তানিৰ বাধ্যবাধকতা পূৰণৰ বাবে অতিৰিক্ত সময় দিয়া হৈছে, যাৰ ফলত তেওঁলোকৰ নিয়ন্ত্রণৰ বাহিৰত থকা চালান বিলম্বৰ ফলত উদ্ভৱ হোৱা অসুবিধাৰ পৰা ৰক্ষা কৰা হৈছে।
  • ৰোডটেপৰ হাৰ ১০০ শতাংশলৈ পুনৰুদ্ধাৰে ব্যয়ৰ প্ৰতিযোগিতামূলকতাক আৰু অধিক সমৰ্থন কৰিছে আৰু অনিশ্চয়তাৰ সময়ছোৱাত ৰপ্তানি খণ্ডক আস্থা প্ৰদান কৰিছে। সমান্তৰালভাৱে, ডিজিএফটিয়ে ৰপ্তানিৰ বাবে কাৰ্য্যকৰী পুঁজি মুকলি কৰি ৰপ্তানিকাৰীসকলৰ বাবে লিকুইডিটি উন্নত কৰিবলৈ ৰপ্তানি বাধ্যবাধকতা ৰেহাই প্ৰমাণপত্ৰৰ ত্বৰান্বিত জাৰিৰ বাবে দেশজুৰি অভিযান আৰম্ভ কৰিছে।
  • খণ্ডবিশেষ সহায়ক ব্যৱস্থাও গ্ৰহণ কৰা হৈছে ৰত্ন আৰু অলংকাৰ আৰু কৃষি ৰপ্তানিৰ দৰে ক্ষেত্ৰত, য'ত বিসংগতিৰ প্ৰভাৱ বিশেষভাৱে গুৰুত্বপূৰ্ণ।
  • বাণিজ্য বিভাগে ৰপ্তানি প্ৰচাৰ পৰিষদ, ঔদ্যোগিক সংস্থা, লজিষ্টিক অংশীদাৰ আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহৰ সৈতে ঘনিষ্ঠভাৱে যোগাযোগ অব্যাহত ৰাখিছে। ইয়াৰ দৃষ্টিভংগী ব্যৱহাৰিক, সঁহাৰিমূলক আৰু সমাধানমুখী, বাণিজ্যৰ সুবিধা, ক্ষীপ্ৰ অভিযোগ নিষ্পত্তি আৰু উদ্ভৱ হোৱা বিপদৰ নিৰন্তৰ নিৰীক্ষণৰ ওপৰত গুৰুত্ব আৰোপেৰে অব্যাহত আছে।
  • ভাৰতৰ বাণিজ্যিক পৰিৱেশ-প্ৰণালী স্থিতিস্থাপক, সক্ৰিয় আৰু প্ৰতিযোগিতামূলক কৰি ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বাণিজ্য বিভাগে অংশীদাৰ মন্ত্ৰালয় আৰু সংস্থাসমূহৰ সৈতে সমন্বয় ৰাখি এই প্ৰত্যাহ্বানমূলক সময়ছোৱাত ৰাষ্ট্ৰীয় বাণিজ্যিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ আৰু ৰপ্তানিকাৰীসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি থাকিব।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিবহণ সম্পৰ্কীয় কাৰ্য্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জনাইছে যে অঞ্চলটোত চলাচল কৰা ভাৰতীয় জাহাজ আৰু নাৱিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ৰ মতে:

  • সামুদ্ৰিক বাণিজ্যৰ ধাৰাবাহিকতা বজাই ৰাখি বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে জাহাজ, বন্দৰৰ কাৰ্যকলাপ আৰু ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ বিষয়সমূহ তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আছে।
  • অঞ্চলটোত নিয়োজিত সকলো ভাৰতীয় নাৱিক সুৰক্ষিত। ২৪ ঘণ্টাত কোনো ভাৰতীয় পতাকা থকা জাহাজৰ সৈতে জড়িত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই।
  • পশ্চিম পাৰস্য উপসাগৰত ভাৰতীয় পতাকাযুক্ত ১৮খন জাহাজ আছে, ৪৮৫জন ভাৰতীয় নাৱিকক কঢ়িয়াই অনা হৈছে। জাহাজ সঞ্চালকালয়ে জাহাজৰ মালিক, আৰপিএছএল আৰু বহিঃৰাজ্যৰ ভাৰতীয় মিছনৰ সৈতে সমন্বয়ৰে পৰিস্থিতি সক্ৰিয়ভাৱে নিৰীক্ষণ কৰি আছে।
  • জাহাজ সঞ্চালকালয়ৰ নিয়ন্ত্ৰণ কক্ষ ২৪x৭ কাৰ্যক্ষম আৰু ইয়াৰ আৰম্ভণিৰ পৰাই ৪,৮৮৫টা ফোন কল আৰু ৯৯৩৪টা ইমেইলৰ উত্তৰ দিছে। যোৱা ২৪ ঘন্টাত ১১৬টা ফোন কল আৰু ৩৫৫টা ইমেইল লাভ কৰিছে।
  • জাহাজ সঞ্চালকালয়ে এতিয়ালৈকে ৯৭৫জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰি অহাৰ ব্যৱস্থা কৰিছে, ইয়াৰে ১১ জন যোৱা ২৪ ঘণ্টাত ঘূৰি আহিছে।

· সমগ্ৰ ভাৰতত বন্দৰসমূহৰ কাম-কাজ স্বাভাৱিক অৱস্থাত আছে, বিগত ২৪ ঘণ্টাত কোনো যান-জঁটৰ বাতৰি পোৱা নাই। গুজৰাট, মহাৰাষ্ট্ৰ, গোৱা, কেৰালাম, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ ৰাজ্যিক সামুদ্ৰিক বোৰ্ডসমূহে সুচাৰুৰূপে কাম কৰাৰ কথা নিশ্চিত কৰিছে।

  • বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, ভাৰতীয় মিছন আৰু সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় বজাই ৰাখিছে যাতে নাৱিকসকলৰ সুৰক্ষা, কল্যাণ আৰু নিৰবচ্ছিন্ন সামুদ্ৰিক কাৰ্যকলাপ সুনিশ্চিত হয়।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

অঞ্চলটোত বসবাস কৰা ভাৰতীয় জনগোষ্ঠীৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা হৈছে আৰু তেওঁলোকৰ সুৰক্ষা আৰু সামগ্ৰিক কল্যানৰ বাবে প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে আৰু সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰিঃ

  • তেহৰাণত থকা ভাৰতীয় দূতাবাসই এতিয়ালৈকে ৮৪৫জন ভাৰতীয় ছাত্ৰ-ছাত্ৰীকে ধৰি ১২০০জন ভাৰতীয় নাগৰিকক আৰ্মেনিয়া আৰু আজাৰবাইজানৰ স্থল সীমান্তৰ মাজেৰে ইৰাণৰ পৰা বাহিৰলৈ যাবলৈ সুবিধা প্ৰদান কৰিছে। ইয়াৰে ৯৯৬ জনে আৰ্মেনিয়াত আৰু ২০৪ জনে আজাৰবাইজানত প্ৰৱেশ কৰিছে।
  • কেইবাজনো ভাৰতীয় নাগৰিকক ইৰানৰ ভিতৰতে নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হৈছে।
  • ইৰানৰ পৰা ভাৰতীয় নাগৰিকৰ সুৰক্ষিত প্ৰৱেশৰ ক্ষেত্ৰত সহায় আগবঢ়োৱাৰ বাবে আৰ্মেনিয়া আৰু আজাৰবাইজানৰ কৰ্তৃপক্ষক মন্ত্ৰালয়ে ধন্যবাদ জ্ঞাপন কৰে।
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উপসাগৰীয় আৰু পশ্চিম এছিয়া অঞ্চলৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা, সুৰক্ষা আৰু কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছে।
  • ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল, দূতাবাস আৰু কনচুলেটৰ সৈতে নিয়মীয়া সমন্বয় ৰক্ষা কৰি ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালক সহায় কৰিবলৈ এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যকৰী কৰা হৈছে।
  • সমগ্ৰ অঞ্চলটোত ভাৰতীয় মিছন আৰু পোষ্টে ২৪x৭ হেল্পলাইন কাৰ্য্যকৰী কৰি আছে আৰু ভাৰতীয় সম্প্ৰদায়ৰ সংস্থা, সংগঠন আৰু কোম্পানীৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।
  • ভাৰতীয় নাগৰিক, ছাত্ৰ-ছাত্ৰী, নাৱিক আৰু ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ বাবে নিয়মীয়াকৈ পৰামৰ্শৱলী জাৰি কৰা হৈছে আৰু স্থানীয় চৰকাৰৰ সৈতে মিচনসমূহে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিছে।
  • এই মিছনসমূহে ভাৰতীয় নাগৰিকসকলে উত্থাপন কৰা বিভিন্ন বিষয়ৰ ওপৰত সক্ৰিয়ভাৱে কাম কৰি আছে। ইয়াৰ ভিতৰত ভিছাৰ সুবিধা প্ৰদান, কনছুলাৰ সেৱা, চুবুৰীয়া দেশসমূহৰ মাজেৰে পাৰ হৈ যোৱা আৰু প্ৰয়োজন সাপেক্ষে লজিষ্টিক সহযোগিতা আদি আছে।
  • উপসাগৰীয় অঞ্চলত ভাৰতীয় শিক্ষাৰ্থীৰ কল্যাণক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু তেওঁলোকৰ শৈক্ষিক বৰ্ষ যাতে প্ৰভাৱিত নহয় তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে।
  • JEE আৰু NEET পৰীক্ষাৰ সৈতে জড়িত সমস্যাসমূহ সমাধানৰ বাবে স্থানীয় কৰ্তৃপক্ষ, ভাৰতীয় বিদ্যালয়, CBSE, ICSE, কেৰালা বোৰ্ড আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সৈতে মিছনসমূহে সমন্বয় সাধন কৰিছে।
  • মিছনসমূহে অঞ্চলটোত থকা জাহাজৰ ভাৰতীয় কৰ্মীসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে। তেওঁলোকে স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন, কনছুলাৰ সহায়, পৰিয়ালৰ সৈতে যোগাযোগ আৰু ভাৰতলৈ উভতি অহাৰ সুবিধা প্ৰদানৰ দৰে সহায় আগবঢ়াই আছে।
  • ২৮ ফেব্ৰুৱাৰীৰ পৰা এই অঞ্চলৰ পৰা ভাৰতলৈ অতিৰিক্ত বিমান চলাচল কৰাৰ লগতে প্ৰায় ৬,২৪,০০০ যাত্ৰীয়ে ভাৰতলৈ উভতি আহিছে।
  • ইউএইত সীমিত সংখ্যক অনিৰ্ধিাৰিত বিমান চলাচল অব্যাহত আছে আৰু প্ৰায় ৯০খন বিমানেৰে ভাৰতলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে।
  • ছৌদি আৰৱ আৰু ওমানৰ বিভিন্ন বিমান বন্দৰৰ পৰা ভাৰতৰ বিভিন্ন স্থানলৈ বিমান চলাচল কৰি আছে।
  • কাটাৰৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি হোৱাৰ পৰিপ্ৰেক্ষিতত কাটাৰ এয়াৰৱেজে আজি ভাৰতলৈ প্ৰায় ৮-১০খন বিমানৰ চলাচল কৰিব বুলি আশা কৰা হৈছে।
  • কুৱেট আৰু বাহৰেইনৰ আকাশমাৰ্গ বন্ধ ৰখা হৈছে, জাজীৰা এয়াৰৱেজ আৰু গাল্ফ এয়াৰে ছৌদি আৰৱৰ দাম্মাম বিমানবন্দৰৰ পৰা ভাৰতলৈ বিমান চলাচল কৰি আছে।
  • আকাশমাৰ্গৰ সীমাবদ্ধতাৰ বাবে, ভাৰতীয় নাগৰিকসকলক বিকল্প পথৰ জৰিয়তে সুবিধা প্ৰদান কৰা হৈছে, সেইবোৰ হৈছেঃ
  • ইৰানৰ পৰা আৰ্মেনিয়া আৰু আজাৰবাইজানৰ মাজেৰে ভাৰতলৈ।
  • ইজৰাইলৰ পৰা মিচৰ আৰু জৰ্দান হৈ ভাৰতলৈ।
  • ইৰাকৰ পৰা জৰ্দান আৰু ছৌদি আৰৱৰ মাজেৰে ভাৰতলৈ।
  • কুৱেট আৰু বাহৰেইনৰ পৰা ছৌদি আৰৱ হৈ ভাৰতলৈ।
  • ইউএইৰ উম আল কুৱেইনত হোৱা আক্ৰমণত এজন ভাৰতীয় নাগৰিক আহত হৈছে আৰু বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে আৰু বাণিজ্য দূতাবাসে তেওঁক সকলো প্ৰয়োজনীয় সাহায্য আগবঢ়াইছে।

*****

MN/DB


(ৰিলিজ আই ডি : 2248699) অতিথি কক্ষ : 8