বিত্ত মন্ত্ৰালয়
পশ্চিম এছিয়াত চলি থকা সংঘাতৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰৰ গুৰুত্বপূৰ্ণ পেট্ৰোকেমিকেল সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই
ৰেহাইৰ ফলত পেট্ৰোকেমিকেল ফিডষ্টক আৰু মধ্যৱৰ্তী সামগ্ৰী যেনে প্লাষ্টিক, পেকেজিং, বস্ত্ৰ, ফাৰ্মাচিউটিকেল, ৰাসায়নিক পদাৰ্থ, অটোমোটিভ উপাদান, অন্যান্য উৎপাদন খণ্ডৰ ওপৰত নিৰ্ভৰশীল খণ্ডবোৰ উপকৃত হ'ব আৰু চূড়ান্ত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকসকলক সকাহ প্ৰদান কৰিব
পোষ্ট কৰা হৈছে:
02 APR 2026 9:03AM by PIB Guwahati
পশ্চিম এছিয়াত চলি থকা সংঘাত আৰু ইয়াৰ ফলস্বৰূপে বিশ্বৰ যোগান শৃংখলত হোৱা ব্যাঘাতৰ পৰিপ্ৰেক্ষিতত, ভাৰত চৰকাৰে ২০২৬ চনৰ ৩০ জুনলৈকে গুৰুত্বপূৰ্ণ পেট্ৰোকেমিকেল সামগ্ৰীৰ ওপৰত সম্পূৰ্ণ শুল্ক ৰেহাই প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
ঘৰুৱা উদ্যোগৰ বাবে গুৰুত্বপূৰ্ণ পেট্ৰোকেমিকেল ইনপুটৰ নিৰন্তৰ উপলভ্যতা নিশ্চিত কৰা, ডাউনষ্ট্ৰিম খণ্ডসমূহত ব্যয়ৰ চাপ হ্ৰাস কৰা আৰু দেশত যোগানৰ স্থিৰতা সুৰক্ষিত কৰাৰ বাবে এই ব্যৱস্থাটো এক অস্থায়ী আৰু লক্ষ্যযুক্ত ৰেহাই হিচাপে লোৱা হৈছে।
এই ৰেহাইৰ ফলত পেট্ৰোকেমিকেল ফিডষ্টক আৰু মধ্যৱৰ্তী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন খণ্ডৰ লাভ হ'ব বুলি আশা কৰা হৈছে । যাৰ ভিতৰত আছে প্লাষ্টিক, পেকেজিং, বস্ত্ৰ, ফাৰ্মাচিউটিকেল, ৰাসায়নিক, অটোমোটিভ উপাদান আৰু অন্যান্য উৎপাদন খণ্ড। ই চূড়ান্ত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকসকলকো সকাহ প্ৰদান কৰিব।
সামগ্ৰীসমূহৰ বিশদ তালিকা সংযুক্ত কৰা হৈছে।
NB/KMN/MK
(ৰিলিজ আই ডি : 2248253)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
Marathi
,
English
,
Urdu
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam