প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মহাবীৰ জয়ন্তী উপলক্ষে গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত নিজৰ ভাষণত আলোকপাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

পোষ্ট কৰা হৈছে: 31 MAR 2026 4:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান মহাবীৰ জয়ন্তী উপলক্ষে গুজৰাটৰ গান্ধীনগৰৰ কোবা তীৰ্থত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয়, জৈন ঐতিহ্য সংগ্ৰহালয় উদ্বোধনী অনুষ্ঠানত আলোকপাত কৰে। শ্ৰী মোদীয়ে কয়, ‘কোবা তীৰ্থ আধ্যাত্মিক শান্তিৰে সমৃদ্ধ, য’ত বহুতো জৈন মুনি আৰু সাধু-সন্তৰ তপস্যাই প্ৰকাশৰ বাট বিচাৰি পাইছিল আৰু য’ত সৃষ্টি তথা সেৱা প্ৰাকৃতিকভাৱে বিকশিত হয়।’

এক্সত এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছেঃ

‘ক্ষমতাক সেৱা আৰু সাধনা হিচাপে গণ্য কৰি কাম কৰিবলৈ আমি আমাৰ ইতিহাসৰ পৰা যি অনুপ্ৰেৰণা লাভ কৰো, সেই একেই অমূল্য ঐতিহ্য সংৰক্ষণ কৰা হৈছে আৰু গান্ধীনগৰৰ কোবা তীৰ্থৰ সম্ৰাট সম্প্ৰতি সংগ্ৰহালয়ত উপস্থাপন কৰা হৈছে।’

‘আজি যেতিয়া সমগ্ৰ বিশ্ব অস্থিৰতা আৰু অশান্তিৰ জুইত জ্বলি আছে, সেই সময়ত সম্ৰাট সম্প্ৰতি সংগ্ৰহালয়ৰ বাৰ্তা কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে অতি গুৰুত্বপূৰ্ণ।’

‘তালপাত আৰু ভোজপাতত চিত্ৰিত শতিকা পুৰণি বিৰল জ্ঞান কোবা তীৰ্থত সংৰক্ষণ আৰু সংকলিত কৰা হৈছে। এই প্ৰচেষ্টাই কেৱল আমাৰ অতীত আৰু বৰ্তমানক সংযোগ কৰাই নহয়, ই আমাৰ ভৱিষ্যতৰ বাবেও অতি উপযোগী।’

‘নৱকাৰ মহামন্ত্ৰ দিৱস উপলক্ষে দিল্লীত অনুষ্ঠিত ঐতিহাসিক অনুষ্ঠানত মই নটা সংকল্পৰ কথা কৈছিলো। আজি এই দশম সংকল্পটো আপোনালোক সকলোৱে যোগ কৰিছে…’

***

MJPS/VJ/HS


(ৰিলিজ আই ডি : 2247716) অতিথি কক্ষ : 17