প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
পোষ্ট কৰা হৈছে:
30 MAR 2026 9:34PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে বাৰ্তালাপ কৰে। "আমি ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলোঁ। অৰ্ধপৰিবাহী, জল প্ৰকল্প, সেউজ হাইড্ৰ'জেন আৰু প্ৰতিভাৰ গতিশীলতাৰ দৰে ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰিলোঁ", শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে পশ্চিম এছিয়া অঞ্চললৈ শান্তি ঘূৰাই অনা আৰু স্থিতিশীলতা পুনৰুদ্ধাৰ কৰাৰ প্ৰয়োজনীয়তাৰ কথা পুনৰবাৰ উল্লেখ কৰে।
শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
‘আজি নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে কথা পাতি আনন্দিত হৈছো।ভাৰত-নেদাৰলেণ্ডৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰিলো।
অৰ্ধপৰিবাহী, পানী যোগান প্ৰকল্প, সেউজ হাইড্ৰজেন আৰু প্ৰতিভাৰ গতিশীলতাৰ দৰে ক্ষেত্ৰত আমাৰ অংশীদাৰিত্বৰ সম্ভাৱনাৰ বিষয়ত আলোকপাত কৰিলো।
লগতে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ বিষয়ত মত বিনিময় কৰি অঞ্চলটোত শান্তি আৰু স্থিতিশীলতা পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিলো।”
@MinPres
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2247155)
অতিথি কক্ষ : 8