প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্যামজী কৃষ্ণ বাৰ্মাৰ জীৱনে সাহসিকতাক অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাষিতম্ শ্বেয়াৰ
পোষ্ট কৰা হৈছে:
30 MAR 2026 9:52AM by PIB Guwahati
প্ৰধানমন্ত্ৰীয়ে কয় যে মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ জীৱনৰ পৰা আমি সাহস আৰু সংকল্পৰ এক অসাধাৰণ অনুপ্ৰেৰণা লাভ কৰো। ‘ই দেশবাসীৰ মাজত ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পালন কৰাৰ ভাৱনা জাগ্ৰত কৰে’, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এটা সংস্কৃত শ্লোক শ্বেয়াৰ কৰে -
“विचित्रचरितोल्लेखचमत्कारितचेतनम्।
प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम्॥”
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
‘মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাৰ জীৱনৰ পৰা আমি সাহস আৰু দৃঢ়তাৰ অনুপ্ৰেৰণা লাভ কৰো। ই দেশবাসীৰ মাজত ৰাষ্ট্ৰৰ প্ৰতি তেওঁলোকৰ কৰ্তব্য পালন কৰাৰ মনোভাৱ জাগ্ৰত কৰে’।
विचित्रचरितोल्लेखचमत्कारितचेतनम्।
प्राप्यते किं यशः शुभ्रमनङ्गीकृत्य साहसम्॥”
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2246778)
অতিথি কক্ষ : 9