প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ
পোষ্ট কৰা হৈছে:
28 MAR 2026 9:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ৰাউন প্ৰিন্স তথা চৌদি আৰৱৰ প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে বাৰ্তালাপ কৰে। তেওঁলোকে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰে। শ্ৰী মোদীয়ে আঞ্চলিক শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা পুনৰবাৰ উল্লেখ কৰে আৰু যাতায়াতৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা তথা আৰু জাহাজ পৰিবহণৰ পথ মুকলি আৰু সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে । “চৌদি আৰৱত ভাৰতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে অবিৰত সমৰ্থনৰ বাবে তেওঁক ধন্যবাদ জনাইছো”, শ্ৰী মোদীয়ে কয়।
শ্ৰী মোদীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
“চৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী মহামহিম প্ৰিন্স মহম্মদ বিন ছালমানৰ সৈতে পশ্চিম এছিয়াত চলি থকা সংঘাতৰ বিষয়ে আলোচনা কৰিলো।
আঞ্চলিক শক্তি আন্তঃগাঁথনিৰ ওপৰত হোৱা আক্ৰমণক ভাৰতে গৰিহণা দিয়াৰ কথা মই পুনৰবাৰ উল্লেখ কৰিলোঁ।
আমি জাহাজ পৰিবহনৰ স্বাধীনতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা আৰু জাহাজ চলোৱা পথ মুকলি তথা সুৰক্ষিত ৰখাৰ বিষয়ত একমত হ’লোঁ।
ছৌদি আৰৱত ভাৰতীয় লোকসকলৰ কল্যাণৰ বাবে আগবঢ়োৱা অবিৰত সহায়ৰ বাবে তেওঁক ধন্যবাদ জনাইছো”।
****
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2246594)
অতিথি কক্ষ : 9