গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (চিচিপিএ) হোটেল আৰু ৰেষ্টুৰেণ্টৰ খাদ্যৰ বিলত “এলপিজি মাচুল” আৰু অনুৰূপ মাচুল আৰোপ কৰাৰ দৰে অন্যায় কাৰ্য ৰোধ কৰিবলৈ জাৰি কৰিলে পৰামৰ্শাৱলী

হোটেল আৰু ৰেষ্টুৰেণ্টসমূহক ইন্ধন সম্পৰ্কীয় কৰ বিলত যোগ কৰাত বাধা আৰোপ কৰা হৈছে; গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ অধীনত ইয়াক অন্যায় কাৰ্য বুলি অভিহিত কৰা হৈছে

পোষ্ট কৰা হৈছে: 25 MAR 2026 4:01PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই (চিচিপিএ)  বহু হোটেল আৰু ৰেষ্টুৰেণ্টে  গ্ৰাহকৰ বিলত “এলপিজি চাৰ্জ”, “গেছ  চাৰ্জ” আৰু “ইন্ধনৰ খৰচ আদায়”ৰ দৰে অতিৰিক্ত কৰ  আৰোপ কৰাৰ বিষয়টো  গুৰুত্বসহকাৰে লক্ষ্য কৰিছে।  গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ অধীনত এনে কাৰ্যক অন্যায় বাণিজ্যিক কাৰ্য বুলি অভিহিত কৰিছে।   কৰ্তৃপক্ষই গ্ৰাহক সুৰক্ষা আইন ২০১৯ৰ ১০ নং ধাৰাৰ অধীনত নতুন পৰামৰ্শ জাৰি কৰি এনে কোনো অতিৰিক্ত মাচুল  আৰোপ নকৰিবলৈ  নিৰ্দেশ দিছে। লগতে  আৰু সকীয়াই দিছে যে নিৰ্দেশনা উলংঘা কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

নেচনেল কনজিউমাৰ হেল্পলাইন (এনচিএইচ)ত লাভ কৰা অভিযোগ আৰু সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত চিচিপিএই লক্ষ্য কৰিছে যে কিছুমান হোটেল আৰু ৰেষ্টুৰেণ্টে  গ্ৰাহকৰ বিলত এনে মাচুল  আৰোপ কৰিছে। ফলত  মেনুত প্ৰদৰ্শিত মূল্য আৰু প্ৰযোজ্য কৰতকৈ   খাদ্য আৰু পানীয়ৰ মূল্য অধিক হৈছে । এনে কাৰ্যৰ  ফলত স্বচ্ছতাৰ অভাৱ ঘটিছে  আৰু গ্ৰাহকৰ ওপৰত অযুক্তিকৰ খৰচ জাপি দিয়া হৈছে ।বহুতে বৰ্তমানৰ “এল পি জি চাৰ্জ” বা অনুৰূপ চাৰ্জ আৰোপ কৰি পূৰ্বতে উল্লেখ কৰা নিৰ্দেশনাসমূহ আওকাণ কৰাৰ প্ৰয়াস কৰিছে। চিচিপিএই স্পষ্ট কৰি দিছে যে ইন্ধন, এলপিজি, বিদ্যুৎ আৰু অন্যান্য পৰিচালনা ব্যয়ৰ দৰে খৰচ ব্যৱসায় চলোৱাৰ খৰচৰ অংশ আৰু ই  মেনুৰ সামগ্ৰীৰ মূল্য নিৰ্ধাৰণত প্ৰভাৱ পেলাব নোৱাৰে। এনে খৰচ আদায় কৰাটো আইনখনৰ ধাৰা ২(৪৭)ৰ অধীনত এক অন্যায় বাণিজ্যিক কাৰ্য হিচাপে গণ্য কৰা হয়।

ইয়াৰ পৰিপ্ৰেক্ষিতত  চিচিপিএই এনেধৰণৰ পৰামৰ্শ দিছে :

i. কোনো হোটেল বা ৰেষ্টুৰেণ্টে বিলত“এল পি জি চাৰ্জ”, “গেছ চাৰ্জ” বা অনুৰূপ চাৰ্জ আৰোপ কৰিব নোৱাৰিব।

ii. মেনুত প্ৰদৰ্শিত মূল্যই চূড়ান্ত মূল্য হ’ব, এইক্ষেত্ৰত প্ৰযোজ্য কৰহে আৰোপ কৰিব লাগিব, কোনো অতিৰিক্ত মাচুল নহয়।

iii. গ্ৰাহকক বিপথে পৰিচালিত কৰিব নোৱাৰিব বা কোনো অতিৰিক্ত মাচুল বা কৰ  দিবলৈ বাধ্য কৰোৱাব পৰা নাযাব।

পৰামৰ্শাৱলীত  লগতে কোৱা হৈছে যে বেলেগ বেলেগ নাম দি  এনে যিকোনো মাচুল  বা অতিৰিক্ত মাচুল আৰোপ কৰিলে সেই কাৰ্যই   ০৪.০৭.২০২২ তাৰিখৰ চিচিপিএ গাইডলাইন উলংঘা কৰিব লগতে গ্ৰাহক সুৰক্ষা আইন, ২০১৯ৰ অধীনত  তেতে অতিৰিক্ত মাচুল আদায় লোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

 

গ্ৰাহকৰ অভিযোগ নিৰাময়

যদি কোনো  গ্ৰাহকে এনে অন্যায় কাৰ্যৰ  সন্মুখীন হয়, তেন্তে  তেওঁলোকে এনেবোৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে :

i. হোটেল বা ৰেষ্টুৰেণ্টক বিলৰ পৰা  অতিৰিক্ত মাচুল   আঁতৰাবলৈ অনুৰোধ কৰক

ii. ১৯১৫ নম্বৰত ফোন কৰি বা এনচিএইচ মোবাইল এপৰ জৰিয়তে নেচনেল কনজিউমাৰ হেল্পলাইনত অভিযোগ দাখিল কৰক।

iii. ই-জাগৃতি পৰ্টেল (e-Jagriti portal)ৰ জৰিয়তে  সংশ্লিষ্ট গ্ৰাহক আয়োগৰ ওচৰত  অভিযোগ দাখিল কৰিব পাৰে ।

iv. জিলা আয়ুক্তৰ ওচৰত বা পোনপটীয়াকৈ চিচিপিএত অভিযোগ দাখিল কৰিব পাৰে।

সমগ্ৰ দেশতে এনেধৰণৰ অন্যায় কাৰ্যৰ ক্ষেত্ৰত তীক্ষ্ণ নজৰ ৰাখিছে চিচিপিএই। হোটেল আৰু ৰেষ্টুৰেণ্টৰ দ্বাৰা অন্যায় বা অকৰ্তৃত্বশীল মাচুল বা কৰ আৰোপ কৰাকে ধৰি যিকোনো নিয়ম উলংঘাৰ ঘটনাক গুৰুত্বসহকাৰে গ্ৰহণ কৰি  তাৰ মোকাবিলা কৰা হ’ব। লগতে গ্ৰাহকৰ স্বাৰ্থ ৰক্ষাৰ বাবে আইনখনৰ বিধান অনুসৰি চিচিপিএই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব।

(এই পৰামৰ্শাৱলী কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ ৱেবছাইট https://doca.gov.in/ccpa/guidelins.php ত উপলব্ধ)

 

***

RT/ ARC/DM


(ৰিলিজ আই ডি : 2245248) অতিথি কক্ষ : 21