গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অসম ৰাইফলছৰ সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জ্ঞাপন

সাহসিকতা আৰু দেশপ্ৰেমক মূর্ত কৰি তেওঁলোকে উত্তৰ-পূবৰ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত আমাৰ সীমা সুৰক্ষিত কৰে

অসম ৰাইফলছৰ জোৱানসকলে তেওঁলোকৰ মানৱীয় সমৰ্থনৰ জৰিয়তে সম্প্ৰদায়ৰ মাজত বিশ্বাস বৃদ্ধি কৰে

ৰাষ্ট্ৰৰ সেৱাত নিজৰ জীৱন উৎসৰ্গা কৰা সাহসী অসম ৰাইফলছৰ জোৱানসকলক স্মৰণ কৰিছো

পোষ্ট কৰা হৈছে: 24 MAR 2026 11:11AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে অসম ৰাইফলছৰ সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়।

এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, ‘অসম ৰাইফলছৰ সাহসী জোৱান আৰু তেওঁলোকৰ পৰিয়ালবৰ্গক প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনাইছো।

মানৱীয় সমৰ্থনৰে সম্প্ৰদায়সমূহৰ মাজত বিশ্বাস গঢ়ি তোলাৰ লগতে বীৰত্ব আৰু দেশপ্ৰেমৰ প্ৰতীক এই জোৱানসকলে উত্তৰ-পূবৰ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ডত আমাৰ সীমা সুৰক্ষিত কৰে। দেশৰ সেৱাত নিজৰ জীৱন উৎসর্গা কৰা সাহসী অসম ৰাইফলছৰ জোৱানসকলক স্মৰণ কৰিছো।’

*****

RK / RR / PR / PS / MK


(ৰিলিজ আই ডি : 2244330) অতিথি কক্ষ : 10