তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

সুলভ প্ৰযুক্তি আৰু শক্তিশালী ডিজিটেল কণ্টেণ্ট পৰিতন্ত্ৰৰ বাবে চৰকাৰে গ্ৰহণ কৰা উদ্যোগক ৰেখাংকিত কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে উন্মোচন কৰিলে তিনিটা নতুন পদক্ষেপ

ইউটিউব-ৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰে ‘ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ’; ১৫,০০০ নিৰ্মাতা আৰু সংবাদ মাধ্যমৰ পেছাদাৰীসকলে বিনামূলীয়া প্ৰশিক্ষণ লাভ কৰিব

কেন্দ্ৰই মুকলি কৰিলে MyWAVES প্লেটফৰ্ম; WAVES OTT ত বিষয়বস্তু নিৰ্মাণ তথা সহভাগ কৰিবলৈ নাগৰিকসকলক শক্তিসমৃদ্ধ কৰিব

চৰকাৰে ইন-বিল্ট সুবিধা আৰু উন্নত প্ৰগ্ৰেম গাইড-ৰ সৈতে ছেট-টপ বক্স-ৰ প্ৰয়োজনীয়তা নাইকিয়া কৰি ডিডি ফ্ৰী ডিচ চেনেলসমূহৰ অভিগম্যতা সৰল কৰিছে

পোষ্ট কৰা হৈছে: 23 MAR 2026 4:08PM by PIB Guwahati

 

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে আজি ভাৰতৰ সংবাদ মাধ্যম, সম্প্ৰচাৰ আৰু ডিজিটেল খণ্ডক শক্তিশালী কৰাৰ লগতে সৃষ্টিশীল অৰ্থনীতিৰ প্ৰসাৰৰ লক্ষ্যৰে তিনিটা বৃহৎ পদক্ষেপৰ শুভাৰম্ভ কৰে। ইণ্ডিয়ান ইনষ্টিটিউট অব ক্ৰিয়েটিভ টেকন’লজিছ (আইআইচিটি)-ৰ জৰিয়তে গুগল আৰু ইউটিউব-ৰ সৈতে অংশীদাৰিত্বৰে ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ; MyWAVES, WAVES OTT-ৰ এটা নাগৰিক নিৰ্মাতা মঞ্চ; আৰু ডিডি ফ্ৰী ডিচ সেৱাৰ অভিগম্যতা বৃদ্ধিৰ বাবে টেলিভিছন চেট-ত ‘এডভান্সড ইলেক্ট্ৰনিক প্ৰগ্ৰেম গাইড’ (ইপিজি) আৰু ‘ইন-বিল্ট চেটেলাইট টিউনা’ৰ মুকলি কৰাৰ লক্ষ্য হৈছে ‘অৰেঞ্জ ইকনমী’ৰ প্ৰসাৰ কৰা, ৰাজহুৱা সম্প্ৰচাৰ শক্তিশালী কৰা, আৰু সংবাদ মাধ্যম আৰু বিনোদন খণ্ডত এআই দক্ষ কৰ্মবাহিনী গঢ়ি তোলা। এই অনুষ্ঠানত মন্ত্ৰালয়টোৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে এম এণ্ড ই উদ্যোগৰ গুৰুত্বপূৰ্ণ প্ৰতিনিধি, ইউটিউব ইণ্ডিয়া-ৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে।

সকলোৰে বাবে সুলভ প্ৰযুক্তি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ দৃষ্টিভংগীত আলোকপাত কৰি শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই পদক্ষেপসমূহে প্ৰযুক্তিক অধিক সুলভ আৰু প্ৰৱেশানুকূল কৰি তুলিব। তেওঁ লগতে কয় যে ইন-বিল্ট চেটেলাইট টিউনাৰ আৰু এক উন্নত প্ৰগ্ৰেম গাইড-ৰ সহায়ত এতিয়া নাগৰিকসকলে অতিৰিক্ত উপকৰণ অবিহনে সহজেই কন্টেন্ট লাভ কৰিব পাৰিব।

 

দ্বিতীয়টো পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত তেওঁ মাইৱেভছ-ক কন্টেন্ট ক্ৰিয়েটৰসকলৰ বাবে এক শক্তিশালী মঞ্চ বুলি অভিহিত কৰে, যিয়ে তেওঁলোকক কন্টেন্ট তৈয়াৰ, আপলোড আৰু শ্বেয়াৰ কৰিবলৈ সক্ষম কৰিব, যাৰ ফলত ভাৰতৰ ডিজিটেল পৰিতন্ত্ৰ শক্তিশালী হ’ব। কেন্দ্ৰীয় বাজেটৰ ঘোষণাৰ কথা উল্লেখ কৰি তেওঁ ‘অৰেঞ্জ ইকনমী’ক প্ৰসাৰিত কৰাৰ লগতে সৃষ্টিশীল খণ্ডক সহায় কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাত আলোকপাত কৰে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ইউটিউব-ৰ সহযোগত কাৰ্যকৰী হৈ থকা ‘ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ’ৰ অধীনত প্ৰায় ১৫ হাজাৰ যুৱক-যুৱতীক বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়া হ’ব।

তেওঁ ‘ক্ৰিয়েটৰ্ছ’ কৰ্ণাৰ’ পদক্ষেপ সন্দৰ্ভত মন্ত্ব্য কৰি কয়, ইয়াৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক লক্ষ্য কৰি, ইতিমধ্যে কিছুমান বিষয়বস্তুৱে ৩০ লাখতকৈয়ো অধিক দৰ্শন লাভ কৰিছে। তেওঁ সমগ্ৰ দেশৰ নিৰ্মাতাসকলক ভাৰতৰ চহকী সংস্কৃতি, পৰম্পৰা, আৰু আঞ্চলিক বৈচিত্ৰ্য প্ৰদৰ্শনৰ বাবে দূৰদৰ্শন আৰু মাইৱেভছ-ৰ দৰে প্লেটফৰ্মসমূহ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।

এই মঞ্চসমূহৰ লাভ উঠাবলৈ নিৰ্মাতাসকলক আহ্বান জনাই তেওঁ তেওঁলোকক নিজৰ অঞ্চলৰ কাহিনী উপস্থাপন কৰিবলৈ আৰু এক সজীৱ আৰু সমাৱেশী প্ৰচাৰ মাধ্যমৰ পৰিতন্ত্ৰত অৰিহণা যোগাবলৈ উৎসাহিত কৰে।”

নিৰ্মাতাসকলক শক্তিসমৃদ্ধ কৰা, অভিগম্যতাৰ সম্প্ৰসাৰণ কৰা

'এই তিনিটা পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত নেশ্যনেল এআই স্কিলিং ইনিচিয়েটিভ, মাইৱেভছ প্লেটফৰ্ম আৰু টেলিভিছন চেটত ইন-বিল্ড চেটেলাইট টিউনাৰ মুকলিৰ লগতে এডভান্সড ইলেক্ট্ৰনিক প্ৰগ্ৰেম গাইড সন্দৰ্ভত শ্ৰী সঞ্জয় জাজুৱে এই কথা উল্লেখ কৰে যে তিনিওটা পদক্ষেপেই এক উমৈহতীয়া নীতিগত দিশ প্ৰতিফলিত কৰে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে নিৰ্মাতাসকলৰ বাবে এক শক্তিশালী পৰিতন্ত্ৰ গঢ়ি তোলাৰ লগতে গুণগত সম্প্ৰচাৰৰ বিস্তৃত প্ৰৱেশানুকূলতা নিশ্চিত কৰা।

ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ-য়ে নিৰ্মাতাসকলৰ সামৰ্থ্য গঢ়ি তোলাত আৰু বিকাশশীল ডিজিটেল পৰিৱেশত তেওঁলোকক লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। MyWAVES -য়ে এটা সজীৱ ডিজিটেল পৰিতন্ত্ৰ সৃষ্টিত সহায় কৰিব, নাগৰিকসকলক বিষয়বস্তু সৃষ্টি, আপলোড আৰু অংশীদাৰী কৰিবলৈ সক্ষম কৰি তুলিব। ডিডি ফ্ৰী ডিছ-ৰ সৈতে জড়িত তৃতীয় পদক্ষেপে নাগৰিকসকলক ছেট-টপ বক্সৰ প্ৰয়োজন নোহোৱাকৈ বিষয়বস্তুত প্ৰৱেশ কৰাৰ অনুমতি দি উল্লেখযোগ্য মূল্য যোগ কৰে, যাৰ ফলত বিশেষকৈ দূৰৱৰ্তী অঞ্চলসমূহত প্ৰসাৰতা উন্নত হ’ব।

মূলতঃ প্ৰথমটো পদক্ষেপে মানুহক সক্ষম কৰি তুলিব, দ্বিতীয়টোৱে সুযোগ সম্প্ৰসাৰণ কৰিব, আৰু তৃতীয়টোৱে সকলোৰে বাবে বিষয়বস্তুৰ প্ৰৱেশ নিশ্চিত কৰিব।

এআইৰ জৰিয়তে নিৰ্মাতাসকলক শক্তিসমৃদ্ধ কৰা

নিৰ্মাতাসকলৰ ওপৰত অংশীদাৰিত্বৰ প্ৰভাৱ সন্দৰ্ভত কোৱাৰ সময়ত ইউটিউব ইণ্ডিয়া-ৰ পৰিচালন সঞ্চালক - গুঞ্জন ছোনীয়ে কয়, "আমি বিশ্বাস কৰোঁ যে এআই-য়ে ভাৰতৰ গতিশীল সৃষ্টিশীল অৰ্থনীতিৰ বাবে উল্লেখযোগ্য সুযোগ মুকলি কৰাৰ সম্ভাৱনা আছে। আকৰ্ষনীয় কাহিনী, নতুন দৰ্শকৰ মাজলৈ ইয়াৰ প্ৰসাৰৰ সম্প্ৰসাৰণ, আৰু প্ৰচাৰ মাধ্যমৰ ভৱিষ্যত গঢ় দিয়াত ভূমিকা পালন কৰা এই পদক্ষেপে ‘ডিজিটেল ইণ্ডিয়া’ৰ প্ৰতি আমাৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰে য’ত প্ৰযুক্তিয়ে সকলোৰে বাবে সক্ষমকাৰী হিচাপে কাম কৰে।”

ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে গুগল আৰু ইউটিউব-ৰ সৈতে অংশীদাৰিত্বৰে সৃষ্টিশীল আৰু সংবাদ মাধ্যমৰ খণ্ডসমূহৰ ১৫ হাজাৰ অংশগ্ৰহণকাৰীক প্ৰশিক্ষণ দিয়াৰ বাবে ৰাষ্ট্ৰীয় এআই দক্ষতা পদক্ষেপ-ৰ কথা ঘোষণা কৰিছে। এই পদক্ষেপ ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইচিটি)ৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে, আৰু ইয়াৰ লক্ষ্য হৈছে এনিমেশ্যন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স (এভিজিচি) আৰু মিডিয়া প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত এআই-ৰ সামৰ্থ্য শক্তিশালী কৰা।

এই এআই দক্ষতা কাৰ্যক্ৰম দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ২০২৬ চনৰ ২৩ মাৰ্চৰ পৰা ৩০ জুনলৈকে প্ৰথম পৰ্যায়ত গুগল কেৰিয়াৰ চাৰ্টিফিকেট আৰু গুগল ক্লাউড জেনেৰেটিভ এআই শিক্ষণ পথৰ জৰিয়তে বিস্তৃত পৰিসৰত বুনিয়াদী এআই শিক্ষণত গুৰুত্ব আৰোপ কৰা হ’ব। অংশগ্ৰহণকাৰীসকলে এআই এচেন্সিয়েলছ, প্ৰমপ্টিং এচেন্সিয়েলছ, ইনট্ৰডাকশ্যন টু জেনেৰেটিভ এআই, আৰু জেনেৰেটিভ এআই লীডাৰ পাথ-ৰ দৰে পাঠ্যক্ৰম গ্ৰহণ কৰিব। এই পৰ্যায়টো সফলতাৰে সম্পূৰ্ণ কৰাটো পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ বাবে বাধ্যতামূলক হ’ব।

২০২৬ চনৰ জুলাইৰ পৰা ডিচেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়টো পৰ্যায়ত সৃষ্টিশীল উদ্যোগৰ বাবে উন্নত, হাতে কামে আৰু প্ৰকল্পভিত্তিক বিশেষজ্ঞতাত গুৰুত্ব আৰোপ কৰা হ’ব। পাঠ্যক্ৰমত গল্প কথনৰ কলা, ইউটিউব-ৰ উত্তম পদ্ধতি, আৰু জেমিনি ৩, নেনো কল, ভিঅ’, আৰু ভাৰ্টেক্স এআই-ৰ দৰে এআই উপকৰণ ব্যৱহাৰ কৰি উন্নত প্ৰশিক্ষণৰ মডিউল অন্তৰ্ভুক্ত কৰা হ’ব। দেশৰ প্ৰধান চহৰসমূহত এই প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।

এই পদক্ষেপে নিৰ্মাতা, সংবাদ মাধ্যমৰ পেছাদাৰী, ছাত্ৰ-ছাত্ৰী আৰু বিকাশকসকলক ভৱিষ্যতৰ বাবে সাজু দক্ষতা গঢ়ি তোলাত সহায় কৰিব আৰু ডিজিটেল কন্টেন্ট আৰু উদ্ভাৱনৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে ভাৰতৰ উত্থানত অৰিহণা যোগাব।

MyWaves – WAVES OTT ৰ অধীনত নাগৰিক নিৰ্মাতা মঞ্চ

মন্ত্ৰালয়ে ৱেভছ অ’টিটি প্লেটফৰ্ম-ৰ ভিতৰত মাইৱেভছ নামৰ এটা নতুন বৈশিষ্ট্যও ঘোষণা কৰে যিয়ে নাগৰিকসকলক কন্টেন্ট তৈয়াৰ, আপলোড আৰু শ্বেয়াৰ কৰিবলৈ সক্ষম কৰিব। মাইৱেভছ-ক ব্যৱহাৰকাৰী-উৎপন্ন বিষয়বস্তু (ইউজিচি)-ৰ বাবে এটা গাঁথনিগত মঞ্চ হিচাপে আৰ্হি কৰা হৈছে, যিয়ে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ-ৰ দৰে ৰাষ্ট্ৰীয় পদক্ষেপসমূহত অংশগ্ৰহণকো সমৰ্থন কৰিব।

এই মঞ্চই কন্টেন্ট চোৱাৰ পৰা সক্ৰিয় কন্টেন্ট অংশগ্ৰহণলৈ পৰিৱৰ্তন ঘটায়, যাৰ ফলত WAVES OTT কেৱল চোৱাৰ বাবেই নহয়, নিৰ্মাণৰ বাবেও এক মঞ্চ হৈ উঠিছে। মাইৱেভছ-য়ে চুটি ভিডিঅ’, উলম্ব ভিডিঅ’ আৰু ধাৰাবাপিকতামূলক বিষয়বস্তুকে ধৰি একাধিক ৰূপক সমৰ্থন কৰিব, আৰু ভাৰতীয় ভাষাসমূহৰ ভিতৰত বহুভাষিক আন্তঃপৃষ্ঠ প্ৰদান কৰিব। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা উদীয়মান নিৰ্মাতা আৰু কাহিনীকাৰসকলৰ বাবে মাইৱেভছ-য়ে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে।

টেলিভিছন চেট-ত উন্নত ইপিজি আৰু ইন-বিল্ড চেটেলাইট টিউনাৰ

টেলিভিছন দৰ্শনক সহজ আৰু অধিক সুলভ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নতুন, ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ প্ৰগ্ৰেম গাইড (ইপিজি)ৰ সৈতে বিল্ট-ইন চেটেলাইট টিউনাৰযুক্ত টেলিভিছন চেট প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপৰ জৰিয়তে দৰ্শকে পৃথক চেট-টপ বক্সৰ প্ৰয়োজন নোহোৱাকৈ নিজৰ টেলিভিছন চেট-ত পোনপটীয়াকৈ ডিডি ফ্ৰী ডিচ চেনেল চাব পাৰিব, যাৰ ফলত অতিৰিক্ত খৰচ, তাঁৰ সংযোগ, আৰু একাধিক ৰিম’টৰ হেঁচা হ্ৰাস পাব। একে সময়তে নতুন উন্নত প্ৰগ্ৰেম গাইড-য়ে ব্যৱহাৰকাৰীসকলক সহজ আৰু স্বজ্ঞাত আন্তঃপৃষ্ঠৰ জৰিয়তে সহজে চেনেল আৰু প্ৰগ্ৰেম সূচীসমূহ একে ঠাইতে ব্ৰাউজ কৰাৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত সমগ্ৰ দেশৰ পৰিয়ালসমূহৰ বাবে সামগ্ৰিক দৰ্শনৰ অভিজ্ঞতা অধিক সুবিধাজনক হ’ব।

 

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ‘অৰেঞ্জ ইকনমী’ক প্ৰসাৰিত কৰাৰ বাবে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে এই প্ৰচেষ্টাসমূহৰ নেতৃত্ব দিছে, উন্নত সুলভতাৰ লগতে ৰাজহুৱা সম্প্ৰচাৰক শক্তিশালী কৰাৰ লগতে এম এণ্ড ই খণ্ডৰ বাবে এআই দক্ষ, ভৱিষ্যতৰ বাবে সাজু কৰ্মবাহিনী গঢ়ি তুলিছে। ৰাজহুৱা সম্প্ৰচাৰৰ উন্নতিৰ ক্ষেত্ৰত প্ৰসাৰ ভাৰতী-য়ে মূল ভূমিকা পালন কৰি আহিছে, আনহাতে আইআইচিটি-য়ে সৃষ্টিশীল খণ্ডৰ বাবে এআই দক্ষতা কাৰ্যসূচীক পৰিচালিত কৰিব, আৰু ৱেভছ অ’টিটি-য়ে ক্ৰিয়েট ইন ইণ্ডিয়া প্ৰত্যাহ্বান-ৰে সামঞ্জস্য স্থাপন কৰাকে ধৰি নাগৰিকসকলৰ অংশগ্ৰহণ আৰু বিষয়বস্তু সৃষ্টিৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

*****

Mahesh Kumar/ Vivek Vishwash/ Aparajita Priyadarshini/KB


(ৰিলিজ আই ডি : 2244199) অতিথি কক্ষ : 6