প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে সংস্কৃত সুভাষিতম আগবঢ়াই দেৱী চন্দ্ৰঘণ্টাৰ ঐশ্বৰিক শক্তি আৰু কৃপাৰ বিষয়ে আলোকপাত কৰিছে

পোষ্ট কৰা হৈছে: 21 MAR 2026 8:05AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংস্কৃত সুভাষিতম আগবঢ়াই দেৱী চন্দ্ৰঘণ্টাৰ ঐশ্বৰিক শক্তি  কৃপাৰ বিষয়ে  আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে মা চন্দ্ৰঘণ্টাৰ  চৰণত আন্তৰিক প্ৰণাম জনাই  শক্তি আৰু প্ৰশান্তিৰ প্ৰতীক মাতৃ দেৱীয়ে সকলো ভক্তৰ ওপৰত নিজৰ অসীম আশীৰ্বাদৰ বৰষুণ অব্যাহত ৰাখিবলৈ প্ৰাৰ্থনা কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ প্ৰতিজন ব্যক্তিক এক সমৃদ্ধিশালী আৰু সৌভাগ্যৱান জীৱনৰে সবল কৰি তোলাৰ বাবে দেৱীৰ কৃপা বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:

"মা চন্দ্ৰঘন্টাক প্ৰণাম! সকলোকে শক্তিশালী, সমৃদ্ধিশালী আৰু সৌভাগ্যৱান জীৱনৰ বাবে  আশীৰ্বাদ দিবলৈ মাৰ ওচৰত প্ৰাৰ্থনা জনাইছো।"

पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता।

प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता॥"

সিংহত আৰোহণ কৰা  শক্তিশালী অস্ত্ৰধাৰী মাতৃ চন্দ্ৰঘণ্টাই আমাৰ ওপৰত কৃপা বৰ্ষণ  কৰক আৰু আমাৰ ওপৰত সন্তুষ্ট হওক।

 

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2243286) অতিথি কক্ষ : 13