প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ওমানৰ চুলতানৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত বিনিময়

প্ৰধানমন্ত্ৰীয়ে আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু পশ্চিম এছিয়া অঞ্চলত আঞ্চলিক সুস্থিৰতাৰ বিষয়ে আলোচনা কৰে

পোষ্ট কৰা হৈছে: 19 MAR 2026 4:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ কৰি উৎসৱৰ শুভেচ্ছা বিনিময় কৰে আৰু অঞ্চলটোৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে চুলতান হাইথাম বিন তাৰিকৰ সৈতে বাৰ্তালাপ কৰি ওমানৰ জনসাধাৰণক আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে। আলোচনাৰ সময়ত উভয় নেতাই উত্তেজনা হ্ৰাস আৰু পৰৱৰ্তী সময়ত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে আলোচনা আৰু কূটনীতিৰ অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাত সন্মতি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় নাগৰিককে ধৰি হাজাৰ হাজাৰ লোকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ বাবে ওমানৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰি ওমানৰ সাৰ্বভৌমত্ব তথা আঞ্চলিক অখণ্ডতা উলংঘনৰ পুনৰ নিন্দা কৰে। শ্ৰী মোদীয়ে লগতে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰত আৰু ওমান হৰমুজ প্রণালীৰ দ্বাৰা সুৰক্ষিত আৰু মুক্ত নৌ পৰিবহণৰ বাবে থিয় দি আছে

 

প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছেঃ

 

"মোৰ ভাতৃ চুলতান হাইথাম বিন তাৰিকৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপ কৰিলো আৰু ওমানৰ জনসাধাৰণক আগতীয়াকৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

আমি উত্তেজনা হ্ৰাস আৰু পৰৱৰ্তী সময়ত শান্তি তথা সুস্থিৰতা পুনৰুদ্ধাৰৰ বাবে আলোচনা আৰু কূটনীতক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত সন্মত হৈছো

ওমানৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতা উলংঘনৰ পুনৰ নিন্দা কৰাৰ লগতে ভাৰতীয় নাগৰিককে ধৰি হাজাৰ হাজাৰ লোকৰ সুৰক্ষিত প্ৰত্যাৱৰ্তনৰ বাবে ওমানৰ প্ৰচেষ্টাক প্ৰশংসা কৰো।

ভাৰত আৰু ওমান হৰমুজ জলপ্ৰণালীৰ মাজেৰে নিৰাপদ তথা মুক্ত নৌ পৰিবহণৰ বাবে থিয় দি আছে"

 

***

MJPS/PRK/MK


(ৰিলিজ আই ডি : 2242548) অতিথি কক্ষ : 10