ভাৰতীয় নিৰ্বাচন আয়োগ
৫ ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচন আৰু উপ-নিৰ্বাচনৰ বাবে ১,১১১ গৰাকী কেন্দ্ৰীয় পৰ্যবেক্ষক নিয়োগ
পোষ্ট কৰা হৈছে:
17 MAR 2026 1:55PM by PIB Guwahati
১. ভাৰতৰ নিৰ্বাচন আয়োগে (ই চি আই) অসম, কেৰালা, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচন আৰু ৬ খন ৰাজ্যৰ উপ-নিৰ্বাচনৰ বাবে ১,১১১ গৰাকী পৰ্যবেক্ষক নিয়োগ কৰিছে।
২. উল্লেখ্য যে মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী জ্ঞানেশ কুমাৰে সাধাৰণ নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সময়ত দৃঢ়তাৰে কৈছিল যে নিৰ্বাচন হিংসা আৰু প্ৰলোভন-মুক্তভাৱে অনুষ্ঠিত কৰা হ’ব, যাতে প্ৰতিগৰাকী ভোটদাতাই ভয় বা অনুগ্ৰহ অবিহনে ভোটদান কৰিব পাৰে। সেই অনুসৰি পৰ্যবেক্ষকসকলে এই উদ্দেশ্য পূৰণ কৰাটো নিশ্চিত কৰাৰ বাবে আয়োগৰ চকু আৰু কাণ হিচাপে কাম কৰিব।
৩. চলিত বিধানসভাৰ নিৰ্বাচন আৰু উপ-নিৰ্বাচনত নিযুক্ত ১,১১১ গৰাকী পৰ্যবেক্ষকৰ সবিশেষ তলত দিয়াধৰণৰঃ
|
বিধানসভা নিৰ্বাচন/উপ-নিৰ্বাচন ২০২৬ত নিয়োজিত সাধাৰণ আৰু আৰক্ষী পৰ্যবেক্ষকৰ সংখ্যা
|
|
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
|
বিধানসভাৰ আসনৰ সংখ্যা
|
নিযুক্ত সাধাৰণ পৰ্যবেক্ষকৰ সংখ্যা
|
নিযুক্ত আৰক্ষী পৰ্যবেক্ষকৰ সংখ্যা
|
নিযুক্ত ব্যয় পৰ্যবেক্ষকৰ সংখ্যা
|
|
অসম
|
১২৬
|
৫১
|
৩৫
|
৫০
|
|
কেৰালা
|
১৪০
|
৫১
|
১৭
|
৪০
|
|
|
|
|
|
|
|
তামিলনাডু
|
২৩৪
|
১৩৬
|
৪০
|
১৫১
|
|
পশ্চিমবংগ
|
২৯৪
|
২৯৪
|
৮৪
|
১০০
|
|
পুডুচেৰী
|
৩০
|
১৭
|
৪
|
১৭
|
|
উপ-নিৰ্বাচন
|
৮
|
৮
|
৮
|
৮
|
|
মুঠ
|
৮৩২
|
৫৫৭
|
১৮৮
|
৩৬৬
|
৪. আয়োগে নিৰ্দেশ দিছে যেপৰ্যবেক্ষকসকল কাইলৈ, অৰ্থাৎ ২০২৬ চনৰ ১৮ মাৰ্চৰ ভিতৰত নিজ নিজ বিধানসভা সমষ্টিত উপস্থিত হ’ব।
৫. পৰ্যবেক্ষকসকলে উপস্থিত হোৱাৰ পিছত তেওঁলোকৰ যোগাযোগৰ সবিশেষ ৰাজহুৱা কৰিব আৰু প্ৰাৰ্থী, ৰাজনৈতিক দল বা তেওঁলোকৰ প্ৰতিনিধি তথা যিকোনো সাধাৰণ নাগৰিকক তেওঁলোকৰ নিৰ্বাচন সম্পৰ্কীয় অভিযোগ শুনিবলৈ সাক্ষাৎ দিয়াৰ বাবে প্ৰতিদিনে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰিব।
৬. মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাত আয়োগক সহায় কৰিবলৈ আয়োগে সংবিধানৰ অনুচ্ছেদ ৩২৪ আৰু জনপ্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ধাৰা ২০বি-ৰ দ্বাৰা প্ৰদান কৰা ক্ষমতাৰ অধীনত কেন্দ্ৰীয় পৰ্যবেক্ষক নিযুক্তি দিয়ে। তেওঁলোকে ক্ষেত্ৰ পৰ্যায়ত নিৰ্বাচনী প্ৰক্ৰিয়াৰ দক্ষ আৰু ফলপ্ৰসূ ব্যৱস্থাপনাও নিৰীক্ষণ কৰে।
**********
PK/GDH/RP/HS
(ৰিলিজ আই ডি : 2241222)
অতিথি কক্ষ : 20