পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত আন্তঃ-মন্ত্ৰী পৰ্যায়ৰ সংবাদমেল
নাগৰিকসকলক ৰন্ধন গেছ চিলিণ্ডাৰ খৰধৰকৈ বুকিং নকৰিবলৈ অনুৰোধ; ৰন্ধন গেছ সংস্থাসমূহত ভিৰ প্ৰতিৰোধ কৰিবলৈ বুকিঙৰ বাবে ডিজিটেল পদ্ধতি ব্যৱহাৰৰ পৰামৰ্শ
চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে ঘৰুৱা ৰন্ধন গেছৰ নিৰবিচ্ছিন্ন যোগান নিশ্চিত কৰা
ৰন্ধন গেছৰ ঘৰুৱা উৎপাদন প্ৰায় ৩১ শতাংশ বৃদ্ধি
অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ তথা ক’লা বিপণন প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিশেষ পদক্ষেপ
দুখন ভাৰতীয় ৰন্ধন গেছ পৰিবাহী জাহাজৰ হৰমুজ জলপ্ৰণালী পাৰ অতিক্ৰম; ১৬-১৭ মাৰ্চত মুন্দ্ৰা আৰু কান্ডলাত উপস্থিত হোৱাৰ সম্ভাৱনা
সামুদ্ৰিক বাণিজ্যৰ ওপৰত কাম কাজৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ বন্দৰ, শ্বিপিং লাইন আৰু ৰচদপাতি সংক্ৰান্তীয় অংশীদাৰৰ সৈতে চৰকাৰৰ সহযোগ
নাগৰিকসকলক ভুল তথ্যৰ প্ৰতি সতৰ্ক থাকিবলৈ আৰু কেৱল প্ৰকৃত উৎস আৰু চৰকাৰী সূত্ৰসমূহৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ
আগন্তুক খৰিফ ২০২৬ৰ বাবে পৰ্যাপ্ত সাৰৰ ভাণ্ডাৰ উপলব্ধ
পশ্চিম এছিয়াৰ পৰিস্থিতিত এক অভিন্ন স্থিতি সন্দৰ্ভত ব্ৰিকছত অব্যাহত আলোচনা
পোষ্ট কৰা হৈছে:
14 MAR 2026 6:26PM by PIB Guwahati
ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাৱলীৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ বিষয়ে তথ্য প্ৰদান কৰিবলৈ আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত চতুৰ্থ আন্তঃ-মন্ত্ৰালয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ মত বিনিময় অনুষ্ঠিত কৰে। ইয়াৰ পূৰ্বে ২০২৬ চনৰ ১১,১২ আৰু ১৩ মাৰ্চতো একেধৰণৰ সংবাদমেল অনুষ্ঠিত হৈছিল। পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে শক্তি যোগান, সামুদ্ৰিক কাৰ্য্যকলাপ, অঞ্চলটোত ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ লগতে আনুষংগিক ব্যৱস্থা সম্পৰ্কীয় শেহতীযা তথ্য প্ৰকাশ কৰে।
শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বিষয়াই সংবাদ মাধ্যমক দেশৰ ইন্ধন যোগানৰ পৰিস্থিতি আৰু সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিত তথা হৰমুজ প্রণালীৰ সম্পৰ্কীয় ঘটনাৱলীৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰ’লিয়ামজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ নিৰন্তৰ উপলব্ধতা নিশ্চিত কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰে। মন্ত্ৰালয়ৰ মতেঃ
খাৰুৱা তেল/শোধনাগাৰসমূহ
- সকলো শোধনাগাৰত বৰ্তমান উচ্চ পৰ্যায়ত কাম কাজ অব্যাহত থকাৰ লগতে খাৰুৱা তেলৰ পৰ্যাপ্ত ভাণ্ডাৰ অটুট আছে। তদুপৰি, আমাৰ দেশ পেট্ৰ’ল আৰু ডিজেল উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঘৰুৱা চাহিদা পূৰণৰ বাবে পেট্ৰ’ল আৰু ডিজেল আমদানি কৰাৰ প্ৰয়োজন নাই।
খুচুৰা বিপণী
- তেল বিপণন কোম্পানীসমূহৰ কোনো খুচুৰা বিপণন কেন্দ্ৰত ইন্ধন শেষ হোৱাৰ কোনো ঘটনাৰ তথ্য পোৱা হোৱা নাই। চৰকাৰে জনসাধাৰণক খৰধৰকৈ ক্ৰয় নকৰিবলৈ পৰামৰ্শ দি কয় যে পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ হৈ থকাৰ লগতে যোগান নিয়মিতভাৱে অব্যাহত আছে।
প্ৰাকৃতিক গেছ
- অগ্ৰাধিকাৰপ্ৰাপ্ত খণ্ডসমূহৰ বাবে কোনো ব্যাঘাত অবিহনে ১০০% পি এন জি আৰু চি এন জিকে ধৰি যোগান অব্যাহত থকাটো সুনিশ্চিত কৰা হৈছে । গতিকে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকসকলৰ যোগান ৮০ শতাংশ নিয়ন্ত্ৰণ কৰা হৈছে।
- গেইলে দেশৰ প্ৰধান নগৰীয়া কেন্দ্ৰ/চহৰ যেনে দিল্লী, মুম্বাই, আহমেদাবাদ, হায়দৰাবাদ, চেন্নাই, বাংগালুৰু, লক্ষ্ণৌ, কানপুৰ, জয়পুৰ আদিত অনুমোদিত চিটি গেছ বিতৰণ (চিজিডি) প্ৰতিষ্ঠানসমূহৰ সৈতে ভিচি অনুষ্ঠিত কৰি এলপিজি যোগানৰ ওপৰত চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে তেওঁলোকক হোটেল আৰু ৰেষ্টুৰেণ্টৰ বাবে নতুন বাণিজ্যিক পিএনজি সংযোগ ত্বৰান্বিত কৰিবলৈ আৰু প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।
এলপিজি
- সাম্প্ৰতিক ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এলপিজিৰ যোগান এতিয়াও এক উদ্বেগৰ বিষয়।
- এল পি জি বিতৰকসকলৰ ক্ষেত্ৰত কোনো মজুত শেষ হোৱাৰ তথ্য পোৱা হোৱা নাই।
- আতঙ্কিত হৈ ক্ৰয় কৰাৰ বাবে এল পি জি বুকিঙৰ সংখ্যা বৃদ্ধি হৈছে। দৈনিক গড় বুকিং কালি ৫৫.৭লাখৰ পৰা কালি ৮৮.৮ লাখলৈ বৃদ্ধি হৈছে।
- গ্ৰাহকসকলৰ বাবে বাণিজ্যিক চিলিণ্ডাৰসমূহ অগ্ৰাধিকাৰমূলক বিতৰণৰ বাবে ৰাজ্য চৰকাৰৰ হাতত ৰখা হৈছে। ২৯খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰাহকসকলৰ বাবে বাণিজ্যিক এলপিজি উপলব্ধ কৰা হৈছে।
- বৰ্তমান চিলিণ্ডাৰৰ অনলাইন বুকিং হৈছে ৮৪।
ৰাজ্য চৰকাৰৰ দ্বাৰা অনুষ্ঠিত বৈঠকসমূহ
- পেট্ৰ’ল, ডিজেল আৰু এল পি জি-কে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানৰ পৰিস্থিতি নিৰীক্ষণ কৰাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
- হাৰিয়ানা আৰু গোৱাৰ সন্মানীয় মুখ্যমন্ত্ৰীসকলে ৰাজ্যখনত এলপিজিৰ চাহিদা আৰু যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু তেল কোম্পানীসমূহৰ শীৰ্ষ বিষয়াসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিছে।
- তেলেংগানাৰ মুখ্য সচিবে তেল বিপণন কোম্পানীসমূহৰ প্ৰতিনিধি আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলৰ সৈতে এলপিজি মজুতৰ স্থিতি, যোগান আৰু গ্ৰাহকসকলক বিতৰণৰ পৰ্যালোচনা কৰে।
- তেল কোম্পানীসমূহে অন্ধ্ৰ প্ৰদেশৰ অসামৰিক যোগান আয়ুক্তৰ সৈতেও বৈঠক অনুষ্ঠিত কৰাৰ লগতে তেওঁক আৰ টি এল পি জি, পি ডি এছ কে অ’ আৰু বাণিজ্যিক এল পি জিৰ সকলো শেহতীয়া তথ্য অৱগত কৰে।
- ১৭খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে আৰু বহুতো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে সংবাদমেলৰ আয়োজন কৰি আছে।
প্ৰয়োগৰ ব্যৱস্থা
- ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে পেট্ৰ’ল, ডিজেল আৰু এল পি জি-কে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুতকৰণ আৰু ক’লা বজাৰ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।
- মহাৰাষ্ট্ৰ আৰু ৰাজস্থানত খাদ্য আৰু অসামৰিক যোগান বিভাগ তথা তেল বিপণন কোম্পানীসমূহৰ যুটীয়া পৰীক্ষা দলে একাধিক স্থানত অভিযান চলায়। ৰাজহুৱা খণ্ডৰ তেল নিগমসমূহেও কালি ১৩০০ এল পি জি বিতৰকক পৰীক্ষা কৰে।
- উত্তৰ প্ৰদেশত, বিধি বলৱৎকাৰী দলসমূহে ১৪৮৩টা স্থানত অনুসন্ধান চলাই ২৪খন এজাহাৰ পঞ্জীয়ন কৰে (৪খন এল পি জি বিতৰকৰ বিৰুদ্ধে আৰু ২০খন কোনো ব্যক্তিৰ বিৰুদ্ধে), ৬জনক গ্ৰেপ্তাৰ কৰা হোৱাৰ লগতে ১৯জন ব্যক্তিৰ বিৰুদ্ধে গোচৰ আৰম্ভ কৰা হয়।
- অন্ধ্ৰ প্ৰদেশ (তিৰুপতি), বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটককে ধৰি কেইবাখনো ৰাজ্যতো এলপিজিৰ মজুতকৰণ আৰু ক'লা বিপণন নিয়ন্ত্ৰণ কৰিবলৈ অভিযান চলোৱা হৈছে।
অন্যান্য চৰকাৰী পদক্ষেপসমূহ
- চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে বিশেষকৈ পৰিয়াল আৰু চিকিৎসালয় তথা শিক্ষানুষ্ঠানৰ দৰে অগ্ৰাধিকাৰমূলক খণ্ডৰ বাবে নিৰবিচ্ছিন্ন ঘৰুৱা এলপিজি যোগান নিশ্চিত কৰা । শোধনাগাৰসমূহৰ পৰা এলপিজি উৎপাদনো প্ৰায় ৩১শতাংশ বৃদ্ধি কৰা হৈছে।
- ১৩.০৩.২০২৬তাৰিখৰ চি এ কিউ এম-ৰ নিৰ্দেশে এন চি আৰ-ৰ উদ্যোগ, হোটেল আৰু ৰেষ্টুৰেণ্টসমূহে প্ৰাকৃতিক গেছৰ ঠাইত এক মাহৰ বাবে অস্থায়ীভাৱে জৈৱ-ভাণ্ডাৰ/আৰ ডি এফ পেলেট ব্যৱহাৰৰ অনুমতি দিছে; বিকল্প উপলব্ধ নোহোৱা ঠাইত কয়লা বা কেৰাচিন ব্যৱহাৰ কৰিব পাৰি। যুক্তিসংগত ব্যৱস্থাৰ ভিতৰত আছে এলপিজি বুকিংৰ ব্যৱধান বৃদ্ধি (নগৰ অঞ্চলত ২৫দিন আৰু গ্ৰাম্য অঞ্চলত ৪৫দিনলৈকে)। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অতিৰিক্ত ৪৮,০০০ কে এল কেৰাচিন আবণ্টন কৰা হৈছে আৰু আতিথ্য খণ্ডত এল পি জি-ৰ ওপৰত চাপ হ্ৰাস কৰিবলৈ কেৰাচিন আৰু কয়লাৰ দৰে বিকল্প ইন্ধন ব্যৱহাৰ কৰা হৈছে।
- ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহক ডিজিটেল এল পি জি বুকিঙৰ প্ৰচাৰ কৰিবলৈ, আতঙ্কিত বুকিং নিৰুৎসাহিত কৰিবলৈ আৰু ডিলাৰশ্বিপলৈ অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ কোৱা হৈছে।
ৰাজহুৱা পৰামৰ্শ -
- নাগৰিকসকলক আতংকিত নহ'বলৈ পৰামৰ্শ দিয়া হৈছে। চৰকাৰে ঘৰুৱা আৰু অত্যাৱশ্যকীয় খণ্ডৰ বাবে এলপিজিৰ উপলব্ধতা বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।
- আই ভি আৰ এছ কল, এছ এম এছ, হোৱাট্ছআপ আৰু তেল বিপণন কোম্পানীসমূহৰ মোবাইল এপ্লিকেচনৰ দৰে ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এল পি জি চিলিণ্ডাৰ সহজে বুক কৰিব পাৰি। গ্ৰাহকসকলক ঘৰৰ পৰা চিলিণ্ডাৰ বুক কৰিবলৈ আৰু অপ্ৰয়োজনীয়ভাৱে এলপিজি বিতৰকসকলৰ ওচৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে।
- নাগৰিকসকলক এল পি জি সংস্থাসমূহত ভিৰ প্ৰতিৰোধ কৰিবলৈ আতঙ্কিত বুকিং পৰিহাৰ কৰিবলৈ আৰু বুকিংৰ বাবে ডিজিটেল পদ্ধতি ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
- গ্ৰাহকে য'তেই উপলব্ধ হয় তাত পি এন জি-ৰ দৰে বিকল্প ইন্ধন বাছি ল' ব পাৰে আৰু দশক ধৰি নিৰ্ভৰযোগ্যভাৱে এল পি জি যোগান ধৰি অহা তেল বিপণন কোম্পানীসমূহক বিশ্বাস কৰিবলৈ অনুৰোধ জনোৱা হয়।
- সংবাদ মাধ্যমসমূহক সঠিক তথ্য প্ৰচাৰ কৰিবলৈ আৰু চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এম অ' পি এণ্ড এন জি আৰু পি এছ ইউ অইল মাৰ্কেটিং কোম্পানীসমূহৰ ছ’চিয়েল মিডিয়া পৃষ্ঠাবোৰত বিশদ আপডেট উপলব্ধ।
সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ পৰিবহণ কাৰ্য্যকলাপ
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে সংবাদ মাধ্যমক পাৰস্য উপসাগৰীয় অঞ্চলত বৰ্তমানৰ সামুদ্ৰিক পৰিস্থিতি আৰু অঞ্চলটোত কাম কৰি থকা ভাৰতীয় নাবিক তথা জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ লোৱা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে। তেওঁ কয়ঃ
- যোৱা ২৪ ঘণ্টাত ভাৰতীয় নাবিকসকলৰ সৈতে জড়িত কোনো নতুন ঘটনাৰ খবৰ পোৱা হোৱা নাই। অঞ্চলটোৰ সকলো ভাৰতীয় নাবিক সুৰক্ষিত হৈ আছে।
- কালি পৰ্যন্ত পাৰ্চী উপসাগৰীয় অঞ্চলৰ (হৰমুজ জলপ্ৰণালীৰ পশ্চিমে)২৪খন জাহাজৰ ভিতৰত দুখন ভাৰতীয় পতাকাৰ এলপিজি বাহক-শিৱালিক আৰু নন্দা দেৱীয়ে-প্ৰায় ৯২,৭১২ মেট্ৰিক টন এলপিজি লৈ আজি পুৱা হোৰমুজ জলপ্ৰণালী পাৰ কৰে। তেওঁলোকে ক্ৰমে ১৬ আৰু ১৭মাৰ্চত মুন্দ্ৰা বন্দৰ আৰু কাণ্ডলা বন্দৰত উপস্থিত হোৱাৰ কথা আছে।
- পাৰস্য উপসাগৰীয় অঞ্চলত বৰ্তমান ৬১১জন নাবিকৰ সৈতে ২২খন ভাৰতীয় পতাকাৰ জাহাজ আছে। জাহাজ পৰিবহণৰ ডিজি-য়ে জাহাজৰ মালিক, আৰপিএছএল সংস্থা আৰু ভাৰতীয় মিছনৰ সৈতে পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে।
- যোৱা ২৪ঘণ্টাত ডিজি শ্বিপিং নিয়ন্ত্ৰণ কক্ষই নাবিক, পৰিয়াল আৰু সামুদ্ৰিক অংশীদাৰসকলৰ পৰা প্ৰায় ৩১২টা কল আৰু ৪৬০টা ইমেইল পৰিচালনা কৰিছে। যোৱা ১৫দিনত ই ২,৭৩৭ টা কল আৰু ৪,৯০০ তকৈও অধিক ইমেইল নিয়ন্ত্ৰণ কৰিছে।
- ডিজি শ্বিপিং-ৰ এটা দ্ৰুত সঁহাৰি দলে অৰ্হনিশে কাম কাজ কৰি আছে শ্বিপিং কোম্পানী, দূতাবাস, এমইএ আৰু পি এণ্ড আই ক্লাব বীমাকৰ্তাৰ সৈতে সমন্বয় কৰি আছে। প্ৰায় ১,৩০০জন নাবিক আৰু তেওঁলোকৰ পৰিয়ালৰ উদ্বেগৰ সমাধান কৰা হৈছে।
- যোৱা ২৪ঘণ্টাত সমগ্ৰ উপসাগৰৰ বিমানবন্দৰ আৰু আঞ্চলিক স্থানসমূহৰ পৰা ৩০ জন নাবিকক প্ৰত্যাৱৰ্তন কৰা হৈছে, যাৰ ফলত মুঠ প্ৰত্যাৱৰ্তনৰ সংখ্যা ২৫৩ জনলৈ বৃদ্ধি পাইছে।
- সামুদ্ৰিক বাণিজ্যৰ ওপৰত কাম কাজৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ চৰকাৰে বন্দৰ, শ্বিপিং লাইন আৰু ৰচদপাতি সম্পৰ্কীয় অংশীদাৰসকলৰ সৈতে কাম কৰি আছে।
- বন্দৰসমূহক এংকৰেজ, বাৰ্থ ভাড়া আৰু সংৰক্ষণ মাচুলৰ ৰেহাইৰ দৰে সাহায্য ব্যৱস্থা প্ৰদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কামৰাজাৰ বন্দৰত ২৫,০০০ এম টি বেৰাইট কাৰ্গোকে ধৰি কিছুমান ক্ষেত্ৰত লিজ সম্প্ৰসাৰণৰ অনুমতি দিয়া হৈছে।
- প্ৰধান বন্দৰসমূহে শক্তি যোগান নিশ্চিত কৰিবলৈ এলপিজি জাহাজসমূহক অগ্ৰাধিকাৰ দি আছে। যোৱা কেইদিনমানৰ ভিতৰত প্ৰধান বন্দৰসমূহত ছয়খন এল পি জি জাহাজ উপস্থিত হৈছে।
- বৰ্তমান পৰিবহন কৰিব নোৱাৰা উপসাগৰলৈ যোৱা মাল পৰিবাহী জাহাজসমূহৰ বাবে বন্দৰসমূহে সুৰক্ষিত লংগৰ অঞ্চলৰো ব্যৱস্থা কৰিছে।
- মন্ত্ৰালয়ে ভাৰতীয় নাবিকসকলৰ সুৰক্ষা আৰু কল্যাণ নিশ্চিত কৰিবলৈ এম ই এ, ভাৰতীয় মিছন, শ্বিপিং কোম্পানী আৰু অন্যান্য সামুদ্ৰিক অংশীদাৰসকলৰ সৈতে সমন্বয় কৰি পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে।
অঞ্চলটোত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া অঞ্চলত বাস কৰা বা ভ্ৰমণ কৰা ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণ সম্পৰ্কে এক বাৰ্তা প্ৰদান কৰিছিল আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতে ভাৰতীয় মিছনসমূহৰ নিৰন্তৰ সম্পৰ্কৰ ৰূপাংকন কৰিছিল। তেওঁ কৈছিলঃ
- সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা ভাৰতে নিৰন্তৰভাৱে উত্তেজনা হ্ৰাস আৰু আলোচনাৰ জৰিয়তে সমস্যা সমাধানৰ বাবে আহ্বান জনাইছে। ভাৰতে সামগ্ৰী আৰু শক্তিৰ নিৰন্তৰ পৰিবহণ নিশ্চিত কৰা আৰু শক্তি সুবিধাকে ধৰি অসামৰিক আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণ পৰিহাৰ কৰাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰিছে।
- ভাৰতে ৰাজনৈতিক আৰু কূটনৈতিক পৰ্যায়ত জিচিচি দেশ, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলকে ধৰি গুৰুত্বপূৰ্ণ অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। প্ৰধানমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ভাৰতীয় মিছনসমূহে ভাৰতৰ অগ্ৰাধিকাৰসমূহ, বিশেষকৈ শক্তি সুৰক্ষা আৰু সুৰক্ষিত সামুদ্ৰিক পৰিবহণৰ ওপৰত গুৰুত্ব দিবলৈ প্ৰতিপক্ষৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।
- শিৱালিক আৰু নন্দা দেৱীৰ উপৰি উপসাগৰীয় অঞ্চলত ভাৰতলৈ যোৱা আন কেইবাখনো জাহাজ সাজু হৈ আছে আৰু সুৰক্ষিত আৰু নিৰন্তৰ যাত্ৰা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে।
- সংঘাতৰ পৰা উদ্ভৱ হোৱা বিমান যাত্ৰাত বাধাৰ বাবে ইৰাণৰ কৰ্তৃপক্ষই যোৱা নিশা কোচিৰ পৰা আবদ্ধ হৈ থকা ইৰাণৰ নাগৰিকসকলক প্ৰত্যাৱৰ্তন কৰিবলৈ এখন চাৰ্টাৰ্ড বিমানৰ ব্যৱস্থা কৰে।
- ভাৰতত বৰ্তমান আগন্তুক খৰিফ ২০২৬ ঋতুৰ বাবে পৰ্যাপ্ত সাৰৰ ভাণ্ডাৰ আছে। ইউৰিয়া ভঁৰালসমূহ যোৱা বছৰতকৈ অধিক; ডিএপি ভঁৰালসমূহ প্ৰায় দুগুণ আৰু এনপিকে ভঁৰালসমূহো যথেষ্ট বেছি। ৰবি ঋতু সমাপ্ত হোৱাৰ লগে ঘৰুৱা ইউৰিয়া উৎপাদনে ব্যৱহাৰক অতিক্ৰম কৰিব বুলি আশা কৰা হৈছে, আনহাতে ইতিমধ্যে বিশ্বব্যাপী টেণ্ডাৰ দিয়া হৈছে আৰু মাৰ্চ মাহৰ শেষৰ ফালে যোগান ধৰা হ 'ব বুলি আশা কৰা হৈছে।
- বৰ্তমানৰ পৰিস্থিতিত কিছুমান সদস্য দেশৰ জড়িত হোৱাৰ বাবে শ্বেৰ্পা চেনেলৰ জৰিয়তে এক সাধাৰণ স্থিতিৰ ওপৰত ব্ৰিকছৰ ভিতৰত আলোচনা চলি আছে। ভাৰতে ব্ৰিকছৰ অধ্যক্ষ হিচাপে পৰামৰ্শৰ সুবিধা অব্যাহত ৰাখিছে আৰু উচ্চ পৰ্যায়ৰ কূটনৈতিক সম্পৰ্কৰ জৰিয়তে ৰাছিয়াকে ধৰি অংশীদাৰসকলৰ সৈতে জড়িত হৈ আছে।
- বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে। ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণ হৈছে সৰ্বোচ্চ অগ্ৰাধিকাৰ। প্ৰশ্নৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ কাৰ্য্যকৰী, আৰু মিছনসমূহে অৰ্হিনিশে হেল্পলাইন অব্যাহ ৰাখিছে, পৰামৰ্শ জাৰী কৰি আছে আৰু ভিছা, পৰিবহণ আৰু লজিষ্টিকেল সমৰ্থনত আবদ্ধ ভাৰতীয়সকলক সহায় কৰি আছে।
- ২৮ফেব্ৰুৱাৰীৰ পৰা প্ৰায় ১৭২,০০০যাত্ৰী অঞ্চলটোৰ পৰা ভাৰতলৈ উভতি আহিছে। ওমান, ছৌদি আৰৱ, ইউ এ ই আৰু কাটাৰৰ পৰা অহা বিমানৰ জৰিয়তে বিমান যোগাযোগ উন্নত হৈছে। বাহৰেইন, কুৱেইট আৰু ইৰাকৰ ভাৰতীয়সকলক ভিছা সম্প্ৰসাৰণ, পৰিবহণ ভিছা আৰু আগলৈ ভ্ৰমণৰ ক্ষেত্ৰত সহায় কৰা হৈছে।
- কালি ওমানৰ ছোহাৰত সংঘটিত এটা ঘটনাত দুজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাৰ লগতে দহজন আহত হয় যদিও আহত সকলৰ ভিতৰত কোনো এগৰাকীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাছিল। দূতাবাসে আঘাতপ্ৰাপ্ত ব্যক্তিসকলক সহায় কৰি থকাৰ লগতে ওমানী কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰে মৃতসকলক সোনকালে দেশলৈ ঘূৰাই অনাৰ সুবিধা প্ৰদান কৰিছে।
- জাহাজ চাফেছিয়া বিষ্ণুৰ সন্দৰ্ভত (১১মাৰ্চ, ইৰাকৰ উপকূলৰ ওচৰত), ১৫জন ভাৰতীয় কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰিত কৰা হয় আৰু তেওঁলোক বৰ্তমান বাশ্ৰাত আছে। মিছনটোৱে তেওঁলোকক সহায় কৰি আছে আৰু তেওঁলোকৰ ভাৰতলৈ সোনকালে ওভতাই অনাৰ লগতে মৃত ভাৰতীয় নাগৰিকগৰাকীৰ নশ্বৰদেহ প্ৰেৰণ কৰাৰ সমন্বয় সাধন কৰিছে।
- পূৰ্বৰ ঘটনাসমূহত পাঁচজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু এজন এতিয়াও সন্ধানহীন হৈ আছে। ওমান, ইৰাক আৰু ইউ এ ই-ৰ মিছনসমূহে নিৰুদ্দেশ হোৱা ব্যক্তিক বিচাৰি উলিয়াবলৈ আৰু নশ্বৰদেহ প্ৰত্যাৱৰ্তনৰ সুবিধা প্ৰদান কৰিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় সাধন কৰিছে।
ৰাজহুৱা যোগাযোগ
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিষয়াজনে জনসাধাৰণৰ মাজত প্ৰমাণিত তথ্যৰ প্ৰচাৰ নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা যোগাযোগ ব্যৱস্থাসমূহৰ বিষয়ে কয়। মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰেঃ
- এআই-সৃষ্টি কৰা ভিডিঅ' আৰু বিভ্রান্তিমূলক বাৰ্তাকে ধৰি ভুৱা তথ্য কিছুমান ছ'চিয়েল মিডিয়া হেণ্ডেলত প্ৰচাৰ কৰা হৈছে। নাগৰিকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু কেৱল প্ৰকৃত উৎস তথা চৰকাৰৰ চৰকাৰী সূত্ৰৰ ওপৰত নিৰ্ভৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
- এল পি জি ছিলিণ্ডাৰৰ বুকিং অনলাইন বা ডিজিটেল প্লেটফৰ্ম যেনে মোবাইল (এছ এম এছ), প'ৰ্টেল বা আই ভি আৰ এছ-ৰ জৰিয়তে কৰিব লাগে। গ্ৰাহকসকলক বিতৰকসকলৰ ওচৰলৈ শাৰীৰিকভাৱে নাযাবলৈ পৰামৰ্শ দিয়া হৈছে।
- ৰাজ্য চৰকাৰ আৰু জিলা পৰ্যায়ৰ সমিতিসমূহে তেল বিপণন কোম্পানীসমূহৰ (অ’এমচি) সৈতে সমন্বয়েৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু মজুতকৰণ তথা ক’লা বিপণনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।
- নাগৰিকসকলক খৰধৰকৈ বুকিং নকৰিবলৈ আৰু কেৱল স্বাভাৱিক ৰিফিল চক্ৰ অনুসৰি এলপিজি চিলিণ্ডাৰ বুক কৰিবলৈ অনুৰোধ জনোৱা হৈছে।
সংবাদমেলত জনোৱা অনুসৰি, ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে আৰু সংশ্লিষ্ট মন্ত্ৰালয় তথা সংস্থাসমূহৰ মাজত সমন্বয় বজাই ৰাখিছে। শক্তি যোগান সুৰক্ষিত কৰিবলৈ, ভাৰতীয় নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ, সামুদ্ৰিক কাৰ্য্যকলাপ বজাই ৰাখিবলৈ আৰু সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰী উপলব্ধ কৰি ৰাখিবলৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
***
MN/DD
(ৰিলিজ আই ডি : 2240559)
অতিথি কক্ষ : 9
ত এই ৰিলিজটো পঢ়ক:
English
,
Khasi
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam