পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
azadi ka amrit mahotsav

পশ্চিম এছিয়াৰ শেহতীয়া ঘটনাৱলীৰ প্ৰেক্ষাপটত আন্তঃমন্ত্ৰালয়ৰ ব্রিফিং অনুষ্ঠিত

চৰকাৰে জনসাধাৰণক আতংকিত হৈ অপ্রয়োজনীয় ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে, কিয়নো পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ আছে

এলপিজি চিলিণ্ডাৰৰ জমা কৰি ৰখা আৰু ক’লা বিপণন প্ৰতিহত কৰাৰ উদ্দেশ্যে ভূমি পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে

সমগ্ৰ ভাৰতবৰ্ষজুৰি বন্দৰসমূহৰ কাৰ্যকলাপ সুস্থিৰভাৱে চলি আছে

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী গাল্ফৰ সামুদ্ৰিক পৰিস্থিতিৰ ওপৰত নিবিড় পৰ্যবেক্ষণ অব্যাহত ৰাখিছে

ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে যোগাযোগ আৰু আলোচনা অব্যাহত ৰাখিছে

নাগৰিকসকলক অনুমোদিত অনলাইন প্লেটফৰ্মৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ বুকিং কৰিবলৈ অনুৰোধ জনোৱা হৈছে

পোষ্ট কৰা হৈছে: 13 MAR 2026 6:40PM by PIB Guwahati

ভাৰত চৰকাৰে আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেন্দ্ৰত পশ্চিম এছিয়াৰ পৰিস্থিতি সম্পৰ্কে তৃতীয়খন আন্তঃমন্ত্ৰালৰ সংবাদ মাধ্যম ব্রিফিং অনুষ্ঠিত কৰে। বিভিন্ন মন্ত্ৰালয়ে গ্ৰহণ কৰা প্ৰস্তুতিমূলক ব্যৱস্থাসমূহৰ বিষয়ে সংবাদ মাধ্যমক অবিৰতভাৱে অৱগত কৰি ৰাখিবলৈ ২০২৬ চনৰ ১১ আৰু ১২ মাৰ্চত এই বিষয়ত পূৰ্বৰ ব্রিফিংসমূহ আয়োজন কৰা হৈছিল। আজিৰ ব্রিফিঙত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, বন্দৰ-জাহাজ-জলপথ মন্ত্ৰালয় আৰু তথ্য-সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে বৰ্তমান পৰিস্থিতি আৰু চৰকাৰে গ্ৰহণ কৰি থকা সমন্বিত পদক্ষেপসমূহ সম্পৰ্কে বিস্তৃত তথ্য উপস্থাপন কৰে। এই ব্রিফিঙত শক্তি যোগানৰ প্ৰস্তুতি, সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচল, অঞ্চলটোত অৱস্থিত ভাৰতীয় নাগৰিকসকলৰ কল্যাণ, লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান সম্পৰ্কীয় ৰাজহুৱা যোগাযোগ আৰু নিৰীক্ষণ ব্যৱস্থাৰ দিশসমূহ সামৰি লোৱা হয়।

শক্তি যোগান আৰু ইন্ধনৰ উপলব্ধতা

বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু হৰমুজ জলদ্বীপ বন্ধ হোৱাৰ সম্ভাৱনাৰ ফলত যোগান ব্যৱস্থাত উদ্বেগ দেখা দিলেও পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ বিষয়াগৰাকীয়ে শক্তি যোগানৰ সাম্প্ৰতিক অৱস্থা আৰু পেট্ৰলিয়াম সামগ্ৰী তথা এলপিজিৰ অবিৰত উপলব্ধতা নিশ্চিত কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। মন্ত্ৰালয়ৰ মতে—

খাৰুৱা তেল:

  • বৰ্তমান ভাৰতৰ শোধন ক্ষমতা প্ৰায় ২৫৮ এমএমটিপিএ, যাৰ ফলত দেশখন বিশ্বৰ চতুৰ্থ বৃহত্তম শোধন কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। পেট্ৰ’ল আৰু ডিজেল উৎপাদনৰ ক্ষেত্ৰত দেশখন সম্পূৰ্ণ স্বাৱলম্বী, আৰু ঘৰুৱা চাহিদা পূৰণৰ বাবে এই দুয়োটা সামগ্ৰী আমদানি কৰাৰ কোনো প্ৰয়োজন নাই।
  • বৰ্তমান দেশৰ সকলো শোধনাগাৰেই উচ্চ পৰ্যায়ত কাম কৰি আছে, যাৰ ভিতৰত কিছুমানে আনকি ১০০ শতাংশ ক্ষমতাৰো অধিকত চলি আছে।
  • সকলো ভাৰতীয় শোধনাগাৰে পৰ্যাপ্ত পৰিমাণৰ খাৰুৱা তেলৰ মজুত বজাই ৰাখিছে আৰু বিভিন্ন আমদানিৰ উৎস আৰু জাহাজ চলাচল পথৰ জৰিয়তে যোগান অব্যাহতভাৱে লাভ কৰি আছে।

প্ৰাকৃতিক গেছ:

  • চৰকাৰে ইতিমধ্যে ২০২৬ চনৰ ৯ মাৰ্চত অত্যাৱশ্যকীয় সামগ্ৰী আইনৰ অধীনত প্ৰাকৃতিক গেছ নিয়ন্ত্ৰণ আদেশ জাৰি কৰি অগ্ৰাধিকাৰ খণ্ডসমূহৰ বাবে যোগান সুৰক্ষিত কৰিছে। পিএনজি আৰু চিএনজিৰ ক্ষেত্ৰত কোনো কৰ্তন নকৰাকৈ ১০০ শতাংশ যোগান অব্যাহত ৰখা হৈছে। সেই অনুসাৰে নাগৰিকসকলৰ আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। ঔদ্যোগিক আৰু বাণিজ্যিক গ্ৰাহকৰ ক্ষেত্ৰত যোগান প্ৰায় ৮০ শতাংশলৈ নিয়ন্ত্ৰণ কৰা হৈছে।
  • সমগ্ৰ ঘৰুৱা পিএনজি খণ্ডত প্ৰতিদিনে প্ৰায় ৩.৭৩ এমএমএছচিএম গেছ ব্যৱহাৰ কৰা হৈছে আৰু সকলো জিএসমূহত পৰ্যাপ্ত যোগান উপলব্ধ আছে।
  • বৰ্তমান দেশত ১.৫ কোটিতকৈ অধিক পৰিয়ালক ঘৰতে প্ৰাকৃতিক গেছ প্ৰদান কৰা হৈছে আৰু এই সেৱা কোনো বিঘ্ন নোহোৱাকৈ অব্যাহত থাকিব। বৰ্তমানৰ ভূ-ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৱাসিক গ্ৰাহকসকলক ঘৰুৱা পিএনজিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ উৎসাহিত কৰা হৈছে, যাতে এলপিজি চিলিণ্ডাৰৰ ওপৰত চাপ হ্ৰাস পায় আৰু সংৰক্ষিত চিলিণ্ডাৰসমূহ পিএনজি সুবিধা নথকা অঞ্চলসমূহলৈ প্ৰেৰণ কৰিব পৰা যায়।
  • উপলব্ধ তথ্য অনুসৰি দেখা গৈছে যে সমগ্ৰ দেশৰ প্ৰায় ৬০ লাখ পৰিয়ালে পিএনজি সংযোগৰ সুবিধা লাভ কৰাৰ পিছতো বৰ্তমান সেই সুবিধা ব্যৱহাৰ কৰা নাই। বৰ্তমানৰ পৰিস্থিতি লক্ষ্য কৰি এনে এলপিজি গ্ৰাহকসকলক তেওঁলোকৰ ৰন্ধা-বঢ়াৰ প্ৰয়োজনীয়তাৰ বাবে এলপিজিৰ পৰিৱৰ্তে ঘৰুৱা পিএনজিলৈ সলনি হ’বলৈ পৰামৰ্শ দিয়া হৈছে।
  • এলপিজি যোগান সম্পৰ্কীয় উদ্বেগ হ্ৰাস কৰাৰ উদ্দেশ্যে চৰকাৰে দেশৰ বিভিন্ন মহানগৰ আৰু নগৰ কেন্দ্ৰত অনুমোদিত চিটি গেছ বিতৰণ সত্তাসমূহৰ সৈতে সমন্বয় স্থাপন কৰি আক্ৰান্ত বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলক তৎক্ষণাত নতুন পিএনজি সংযোগ প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে। লগতে সংশ্লিষ্ট সকলো স্থানীয় সংস্থা, ঘাইপথ কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰসমূহক এই চিজিডি সত্তাসমূহৰ পাইপলাইন স্থাপনৰ বাবে প্ৰয়োজনীয় অনুমতি অতি শীঘ্ৰে প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই পদক্ষেপে শক্তি ব্যৱস্থাৰ বিকল্প উৎসসমূহৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
  • বাণিজ্যিক আৰু ঔদ্যোগিক গ্ৰাহকসকলে নতুন সংযোগ লাভৰ বাবে নিজৰ স্থানীয় চিটি গেছ বিতৰণ কোম্পানীৰ সৈতে যোগাযোগ কৰিব লাগিব।

খুচুৰা বিপণী

  • তেল বিপণন কোম্পানীসমূহৰ মতে, দেশজুৰি থকা প্ৰায় ১ লাখ খুচুৰা বিক্ৰয় কেন্দ্ৰৰ এটাতো ইন্ধনৰ অভাৱ বা শুকান অৱস্থাৰ কোনো ঘটনা পোৱা হোৱা নাই। চৰকাৰে জনসাধাৰণক আতংকিত ক্ৰয়ৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে, কিয়নো পেট্ৰ’ল আৰু ডিজেলৰ পৰ্যাপ্ত মজুত উপলব্ধ আৰু নিয়মীয়াকৈ যোগান অব্যাহত আছে।
  • শেহতীয়াকৈ তামিলনাডুৰ এখন ৰিটেইল আউটলেটত খোলা পাত্ৰত ইন্ধন বিক্ৰী কৰাৰ এটা ঘটনা ধৰা পৰাত তৎক্ষণাৎ সেই বিক্ৰী বন্ধ কৰি দিয়া হয়। জনসাধাৰণক খোলা পাত্ৰত পেট্ৰ’ল বা ডিজেল ল’বলৈ অনুৰোধ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে, কিয়নো এইটো বিপজ্জনক আৰু নিয়মবিৰোধী।
  • সকলো ৰিটেইল আউটলেট ডিলাৰক ইন্ধন বিতৰণৰ ক্ষেত্ৰত প্ৰযোজ্য সকলো গাইডলাইন কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু যিকোনো উলংঘাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সতর্ক কৰা হৈছে।

এলপিজি

  • দেশজুৰি থকা প্ৰায় ২৫,০০০ এলপিজি বিতৰক প্ৰতিষ্ঠানৰ এটাতো ঘৰুৱা এলপিজি যোগান সম্পূৰ্ণৰূপে বন্ধ হোৱা বা শুকান অৱস্থাৰ কোনো প্ৰতিবেদন পোৱা হোৱা নাই।
  • অৱশ্যে আতংকিত ক্ৰয়ৰ ফলত এলপিজি বুকিংৰ সংখ্যা বৃদ্ধি পাইছে।
  • দৈনিক বুকিংৰ সংখ্যা গড়ে ৫৫.৭ লাখৰ পৰা বৃদ্ধি পাই প্ৰায় ৭৬ লাখলৈ গৈছে।
  • তেল বিপণন কোম্পানীসমূহে প্ৰতিদিনে প্ৰায় ৫০ লাখ এলপিজি চিলিণ্ডাৰ গ্ৰাহকলৈ প্ৰেৰণ কৰি আছে। সকলো গ্ৰাহককে আতংকিত বুকিঙৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে।
  • অভিযোগ গ্ৰহণ আৰু সমাধানৰ বাবে পিএছইউ অইল মাৰ্কেটিং কোম্পানীসমূহৰ কল চেণ্টাৰ অধিক শক্তিশালী কৰা হৈছে; কল চেণ্টাৰৰ আসন সংখ্যা ৪০০ আৰু টেলিফোন লাইন সংখ্যা ৬৫০লৈ বৃদ্ধি কৰা হৈছে, যাৰ ফলত কল বিকল হোৱাৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব।
  • এলপিজি চিলিণ্ডাৰৰ জমা আৰু ক’লা বিপণন ৰোধ কৰাৰ উদ্দেশ্যে ভূমি পৰ্যায়ত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
  • এলপিজি চিলিণ্ডাৰৰ জমা আৰু ক’লা বিপণন ৰোধ কৰাৰ উদ্দেশ্যে ভূমি পৰ্যায়ৰ কৰ্তৃপক্ষই ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাধিক ঘটনাৰ প্ৰতিবেদনো পোৱা গৈছে –
  • সচিব (এমঅ’পিএনজি) আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিবে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ খাদ্য আৰু অসামৰিক যোগান সচিবসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰি যোগানৰ সামগ্ৰিক পৰিস্থিতি পৰ্যালোচনা কৰে।
  • ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰ আৰু জিলা প্ৰশাসনক এলপিজিকে ধৰি পেট্ৰলিয়াম সামগ্ৰীৰ জমা আৰু ক’লা বিপণন ৰোধৰ বাবে ব্যৱস্থা অধিক তীব্ৰতৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰীসকলেও পৰিস্থিতি পুনৰীক্ষণ কৰি জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে।
  • পৰিস্থিতিৰ নিবিড় নিৰীক্ষণৰ বাবে কেইবাখনো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে আৰু মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ আদি একাংশ ৰাজ্যই দৈনিক প্ৰেছ ব্রিফিং জাৰি কৰি আহিছে।
  • জ্যেষ্ঠ বিষয়াসকলে আৰু কিছুমান ঘটনা আৰু ৰাজ্য চৰকাৰসমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ উদাহৰণ সংবাদ মাধ্যমৰ সৈতে শ্বেয়াৰ কৰে। ঝান্সী (উত্তৰ প্ৰদেশ)ত ৫২৪টা চুৰি চিলিণ্ডাৰ উদ্ধাৰ, হাপুৰ (উত্তৰ প্ৰদেশ)ত ৩২টা চিলিণ্ডাৰ, কৰ্ণাটকৰ এখন হোটেলৰ পৰা ৪৬টা চিলিণ্ডাৰ, আৰু ছটাৰপুৰ (মধ্য প্ৰদেশ)ত ৩৮টা চিলিণ্ডাৰ জব্দ কৰাৰ দৰে ঘটনাৰ জৰিয়তে এলপিজি চিলিণ্ডাৰৰ ডাইভাৰচন আৰু অবৈধ ব্যৱহাৰ ৰোধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে বলবৎকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে।
  • পিএছইউ অইল মাৰ্কেটিং কোম্পানীসমূহেও ডিলাৰ আৰু বিতৰকসকলৰ আকস্মিক পৰিদৰ্শন সম্পাদনৰ বাবে সংশ্লিষ্ট বিষয়াসকলক সক্ৰিয় কৰি তুলিছে।

চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা অন্যান্য ব্যৱস্থা

  • চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈছে সমগ্ৰ দেশৰ পৰিয়ালসমূহক নিৰৱচ্ছিন্নভাৱে এলপিজি যোগান নিশ্চিত কৰা। একে সময়তে চিকিৎসালয়, শিক্ষানুষ্ঠান আৰু অন্যান্য অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত জটিল খণ্ডসমূহৰ বাবে যোগানো নিশ্চিত কৰা হৈছে।
  • বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উৎপাদনৰ তুলনাত শোধনাগাৰৰ পৰা ঘৰুৱা এলপিজি উৎপাদন ৩০ শতাংশতকৈ অধিক বৃদ্ধি কৰা হৈছে।
  • গ্ৰাহকৰ বাবে অগ্ৰাধিকাৰভিত্তিক বিতৰণ নিশ্চিত কৰাৰ উদ্দেশ্যে বাণিজ্যিক চিলিণ্ডাৰসমূহ ৰাজ্য চৰকাৰৰ নিষ্পত্তিত ৰখা হৈছে।
  • নিয়মীয়া আবণ্টনৰ ওপৰত ৪৮,০০০ কিল’লিটাৰ কেৰাচিনৰ অতিৰিক্ত আবণ্টন সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰদান কৰা হৈছে। কেৰাচিন বিতৰণৰ বাবে জিলাসমূহত উপযুক্ত স্থান চিনাক্ত কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক অনুৰোধ জনোৱা হৈছে।
  • এলপিজিৰ ওপৰত চাপ হ্ৰাস কৰাৰ উদ্দেশ্যে বিকল্প ইন্ধনৰ ব্যৱস্থাও সক্ৰিয় কৰা হৈছে। কয়লা মন্ত্ৰালয়ে কয়লা ইণ্ডিয়া আৰু ছিংগাৰেনী ক’লিয়েৰীক ক্ষুদ্ৰ, মজলীয়া আৰু অন্যান্য গ্ৰাহকক কয়লা বিতৰণৰ বাবে ৰাজ্যসমূহক অধিক পৰিমাণৰ আবণ্টন প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইতিমধ্যে এমঅ’ইএফচিচিয়ে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডসমূহক আতিথ্য আৰু ৰেষ্টুৰেণ্ট খণ্ডত কেৰাচিন আৰু কয়লাক বিকল্প ইন্ধন হিচাপে সীমিত সময়ৰ বাবে ব্যৱহাৰৰ পৰামৰ্শ প্ৰদান কৰিছে।

ৰাজহুৱা পৰামৰ্শ

  • নাগৰিকসকলক আতংকিত নহ’বলৈ স্পষ্টভাৱে পৰামৰ্শ দিয়া হৈছে। পৰিয়াল আৰু অত্যাৱশ্যকীয় খণ্ডসমূহৰ বাবে এলপিজিৰ উপলব্ধতা বজাই ৰখাৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।
  • এলপিজি চিলিণ্ডাৰসমূহ একাধিক ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সহজে বুকিং কৰিব পাৰি, য’ত অন্তৰ্ভুক্ত আছে—
  • আইভিআৰএছ কল
  • এছএমএছ বুকিং
  • হোৱাটছএপ বুকিং
  • অ’এমচিসমূহৰ মোবাইল এপ্লিকেচন
  • সেয়েহে গ্ৰাহকসকলক সাধাৰণতে কৰা ধৰণে ঘৰৰ পৰাই চিলিণ্ডাৰ বুকিং কৰিবলৈ পৰামৰ্শ দিয়া হৈছে আৰু অপ্ৰয়োজনীয়ভাৱে এজেন্সীলৈ যোৱা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে, যাতে অপ্রয়োজনীয় ভিৰৰ সৃষ্টি নোহোৱাকৈ ব্যৱস্থা সুসংহতভাৱে চলি থাকে।
  • লগতে গ্ৰাহকসকলক তেওঁলোকৰ ঘৰুৱা সাধাৰণ প্ৰয়োজনীয়তা অনুসৰিহে এলপিজি চিলিণ্ডাৰ বুকিং কৰিবলৈ আৰু আতংকিত বুকিঙৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনোৱা হৈছে। ব্যৱস্থাটোত পৰ্যাপ্ত পৰিমাণৰ এলপিজি যোগান উপলব্ধ আছে আৰু অ’এমচিসমূহে বটলিং প্লাণ্ট আৰু ডিপোসমূহত পৰ্যাপ্ত মজুত সংৰক্ষণ কৰি ৰাখিছে।
  • সংবাদ মাধ্যমক সঠিক তথ্য প্ৰচাৰত সহায় কৰিবলৈ আৰু চৰকাৰী উৎসৰ ওপৰত নিৰ্ভৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে, যাতে অপ্ৰয়োজনীয় আতংক সৃষ্টিৰ পৰা বিৰত থকা যায়।

সামুদ্ৰিক সুৰক্ষা আৰু জাহাজ চলাচলৰ কাৰ্যকলাপ

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী গাল্ফ অঞ্চলৰ সামুদ্ৰিক পৰিস্থিতি আৰু ভাৰতীয় নাৱিক আৰু জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পৰ্কে শেহতীয়া আপডেট প্ৰদান কৰে। মন্ত্ৰালয়ৰ মতে—

  • বৰ্তমান পাৰ্চী গাল্ফত ৬৬৮ জন ভাৰতীয় নাৱিকসহ ভাৰতীয় পতাকাৰ ২৪খন জাহাজ চলাচল কৰি আছে। হৰমুজ জলদ্বীপৰ পূব দিশত অৱস্থিত তিনিখন জাহাজত ৭৬ জন ভাৰতীয় নাৱিক আছে।
  • বহল গাল্ফ অঞ্চলত প্ৰায় ২৩,০০০ ভাৰতীয় নাৱিকে ব্যৱসায়িক, বন্দৰ আৰু সাগৰৰ পাৰৰ জাহাজসমূহত কৰ্মৰত হৈ আছে। ডিজি শ্বিপিঙে জাহাজৰ মালিক, আৰপিএছএল এজেন্সী আৰু ভাৰতীয় মিছনসমূহৰ সৈতে সমন্বয় অব্যাহত ৰাখিছে আৰু সকলো ভাৰতীয় জাহাজ আৰু ক্ৰুৰ ওপৰত সক্ৰিয়ভাৱে নিৰীক্ষণ চলাই আছে।
  • ২৪ ঘণ্টীয়া কণ্ট্ৰল ৰুম সক্ৰিয় কৰাৰ পিছৰে পৰা ডিজি শ্বিপিঙে ২,৪২৫টাতকৈ অধিক ফোন কল আৰু ৪,৪৪১টা ইমেইল চম্ভালিছে আৰু আৱদ্ধ হৈ থকা ২২৩ জনতকৈ অধিক ভাৰতীয় নাৱিকক নিৰাপদে ঘূৰি অহাৰ সুবিধা প্ৰদান কৰিছে।
  • ডিজি শ্বিপিঙে নিয়মীয়াকৈ এডভাইজাৰী জাৰি কৰি আহিছে।
  • ভাৰতীয় নাৱিক আৰু জাহাজসমূহক ডিজি শ্বিপিং ২৪×৭ হেল্পলাইন ব্যৱহাৰ কৰিবলৈ, কৰ্তৃপক্ষ আৰু ভাৰতীয় মিছনসমূহে জাৰি কৰা সুৰক্ষা পৰামৰ্শ অনুসৰণ কৰিবলৈ, যিকোনো ঘটনা তৎক্ষণাৎ প্ৰতিবেদন কৰিবলৈ আৰু জাহাজৰ পাৰৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  • সমগ্ৰ ভাৰতবৰ্ষত বন্দৰৰ কাম-কাজ স্বাভাৱিক আৰু সুস্থিৰভাৱে অব্যাহত আছে। মুখ্য বন্দৰ আৰু ৰাজ্যিক সামুদ্ৰিক ব’ৰ্ডসমূহৰ বাবে এছঅ’পি জাৰি কৰা হৈছে, ন’ডেল বিষয়াক একক যোগাযোগ বিন্দু হিচাপে নিযুক্তি দিয়া হৈছে আৰু এলপিজি জাহাজসমূহৰ বাবে অগ্ৰাধিকাৰভিত্তিক বাৰ্থিঙৰ ব্যৱস্থা কৰা হৈছে।
  • সুবিধা প্ৰদানৰ ব্যৱস্থাসমূহৰ ভিতৰত আছে অতিৰিক্ত কাৰ্গো সংৰক্ষণ, এড-হক বাৰ্থিং, নষ্ট হ’ব পৰা কাৰ্গোৰ অগ্ৰাধিকাৰভিত্তিক পৰিচালনা, শুল্ক বিভাগৰ সৈতে দ্ৰুত “বেক টু টাউন” গতি আৰু বৰ্ধিত বাংকাৰিং সমৰ্থন।
  • চলি থকা সংকটৰ সময়ছোৱাত তিনিজন ভাৰতীয় নাৱিকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে আৰু এজন নাৱিক সন্ধানহীন হৈ আছে। চাৰিজন আহত নাৱিকক চিকিৎসা প্ৰদান কৰি ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু মৃত্যুৰ অৱশিষ্ট ঘূৰাই পঠোৱাৰ বাবে প্ৰয়োজনীয় সমন্বয় অব্যাহত আছে।
  • বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে পাৰ্চী গাল্ফ অঞ্চলৰ সামুদ্ৰিক পৰিস্থিতিৰ ওপৰত নিবিড় নিৰীক্ষণ অব্যাহত ৰাখিছে।

অঞ্চলটোত ভাৰতীয় নাগৰিকৰ সুৰক্ষা

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়াত অৱস্থিত ভাৰতীয় নাগৰিকসকলৰ স্থিতি আৰু ভাৰতীয় সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠ যোগাযোগ বজাই ৰাখিবলৈ অঞ্চলটোত ভাৰতীয় মিছনসমূহে অব্যাহতভাৱে চলাই থকা প্ৰচেষ্টাসমূহৰ শেহতীয়া আপডেট শ্বেয়াৰ কৰে। ই উল্লেখ কৰে:

  • ভাৰতে পশ্চিম এছিয়াৰ দেশসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ আৰু আলোচনা অব্যাহত ৰাখিছে।
  • কালি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি মহামহিম ড° মাছুদ পেজেস্কিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।
  • এই বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইৰাণকে ধৰি অঞ্চলটোত অৱস্থিত ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি ভাৰতৰ অগ্ৰাধিকাৰৰ ওপৰত আলোকপাত কৰি শক্তি আৰু সামগ্ৰীৰ বাধাহীন পৰিবহণ নিশ্চিত কৰাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে।
  • প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সামগ্ৰিক নিৰাপত্তা পৰিস্থিতিৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰি সকলো সমস্যা আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ জৰিয়তে শান্তিপূৰ্ণভাৱে সমাধান কৰিব লাগিব বুলি ভাৰতৰ সুসংহত আৰু দায়িত্বশীল স্থিতি পুনৰবাৰ উল্লেখ কৰে।
  • কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইৰাণৰ বৈদেশিক মন্ত্ৰী মহামহিম ছৈয়দ আব্বাছ আৰাঘচিৰ সৈতে টেলিফোনযোগে আলোচনা কৰে আৰু এই সময়ত দ্বিপাক্ষিক বিষয়ৰ লগতে ব্ৰিকছ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰতো মত বিনিময় কৰা হয়।
  • ৪ মাৰ্চত স্থাপন কৰা এমইএ কণ্ট্ৰল ৰুমটোৱে এতিয়ালৈকে ৯০০তকৈ অধিক ফোন কল আৰু ২০০টা ইমেইল লাভ কৰিছে। দৈনিক লাভ কৰা কলৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে।
  • নিয়ন্ত্ৰণ কক্ষত পোৱা প্ৰশ্নসমূহ সমাধানৰ বাবে সংশ্লিষ্ট মিছনসমূহলৈ তৎক্ষণাত ফ্লেগ কৰা হৈছে। জৰুৰী ক্ষেত্ৰত নিয়ন্ত্ৰণ কক্ষই বাস্তৱ সময়ত মিছনসমূহৰ সৈতে সমন্বয় সাধন কৰে আৰু মিছনে সংশ্লিষ্ট ব্যক্তিজনৰ সৈতে যোগাযোগ স্থাপন নকৰালৈকে ফোন কৰাজনৰ সৈতে যোগাযোগ অব্যাহত ৰাখে।
  • বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে পশ্চিম এছিয়াৰ বিকাশশীল পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ অব্যাহত ৰাখিছে। অঞ্চলটোত অৱস্থিত ভাৰতীয় মিছন আৰু পোষ্টসমূহে ২৪×৭ হেল্পলাইন ব্যৱস্থা আৰু আয়োজক চৰকাৰসমূহৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে ভাৰতীয় সম্প্ৰদায়ক অব্যাহত সহায় প্ৰদান কৰি আছে।
  • ইউএই, কাটাৰ, ওমান আৰু ছৌদি আৰৱৰ পৰা বিমান সেৱা নিয়মীয়াকৈ চলি আছে। আনহাতে বাহৰেইন, কুৱেইট আৰু ইৰাকৰ পৰা ভাৰতীয় নাগৰিকসকলৰ বাবে আকাশমাৰ্গত কিছু নিষেধাজ্ঞা থাকিলেও ছৌদি আৰৱৰ মাজেৰে বিকল্প যাতায়তৰ সুবিধা উপলব্ধ কৰা হৈছে।
  • আজি পুৱা ওমানৰ সোহাৰ চহৰত সংঘটিত আক্ৰমণত দুজন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱালে। আহত ১১ জনৰ ভিতৰত ১০ জন ভাৰতীয়; ইয়াৰ ভিতৰত পাঁচজনক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হৈছে আৰু পাঁচজন চিকিৎসাধীন হৈ আছে যদিও কোনো গুৰুতৰ আঘাত পোৱা নাই।
  • এতিয়ালৈকে সংঘাতত ৫ জন ভাৰতীয় নাগৰিকে প্ৰাণ হেৰুৱাইছে আৰু এজন নাগৰিক নিৰুদ্দেশ হৈ আছে।
  • ১১ মাৰ্চৰ নিশা ইৰাকৰ জলসীমাত ছেফচি বিষ্ণু জাহাজত সংঘটিত আক্ৰমণৰ পিছত ১৫ জন ভাৰতীয় ক্ৰু মেম্বাৰক নিৰাপদে উলিয়াই আনি বৰ্তমান বাছৰাত ৰখা হৈছে। তেওঁলোকৰ প্ৰত্যাৱৰ্তন আৰু মৃত ভাৰতীয় নাগৰিকজনৰ মৃতদেহ ভাৰতলৈ পৰিবহণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা অব্যাহত আছে।

ৰাজহুৱা যোগাযোগ

ব্রিফিঙৰ সময়ত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তলত উল্লেখ কৰা বিষয়সমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে।

  • মিডিয়াত প্ৰকাশিত বাতৰি অনুসৰি ৰাজ্য চৰকাৰসমূহে জমা আৰু ব্লেক-মাৰ্কেটিংত লিপ্ত ব্যক্তিসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।
  • জনসাধাৰণক অনুমোদিত অনলাইন প্লেটফৰ্মসমূহৰ জৰিয়তে এলপিজি চিলিণ্ডাৰ বুকিং কৰিবলৈ আহ্বান জনোৱা হৈছে।
  • গ্ৰাহকসকলক ডিজিটেল কেলেংকাৰীৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আৰু চিলিণ্ডাৰ বুকিং কৰাৰ ক্ষেত্ৰত কেৱল চৰকাৰী ৱেবছাইট অথবা অনুমোদিত মোবাইল এপ্লিকেচন ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

সংবাদ মাধ্যমৰ সন্মিলনৰ সময়ত অৱগত কৰা অনুসৰি ভাৰত চৰকাৰে পশ্চিম এছিয়াৰ ঘটনাবলীৰ ওপৰত তীক্ষ্ণ আৰু অব্যাহত নিৰীক্ষণ অব্যাহত ৰাখিছে আৰু সংশ্লিষ্ট মন্ত্ৰালয় আৰু সংস্থাসমূহৰ মাজত ঘনিষ্ঠ সমন্বয় বজাই ৰাখিছে। শক্তি যোগানৰ সুৰক্ষা নিশ্চিত কৰা, ভাৰতীয় নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰা, সামুদ্ৰিক কাৰ্যকলাপ সুস্থিৰভাৱে অব্যাহত ৰখা আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰি আছে।

 

 

*****

MN/AA


(ৰিলিজ আই ডি : 2239999) অতিথি কক্ষ : 10