প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav AI Impact Summit 2026

উত্তৰপ্ৰদেশত এইচ চি এল-ফক্সকন অৰ্ধপৰিবাহী প্ৰকল্প স্থাপনৰ সময়ত আগবঢ়োৱা ভাষণৰ আভাস শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 21 FEB 2026 8:55PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰপ্ৰদেশত এইচচিএল-ফক্সকন অৰ্ধপৰিবাহী প্ৰকল্প স্থাপনৰ সময়ত আগবঢ়োৱা ভাষণৰ আভাস শ্বেয়াৰ কৰিছে।

এক্সৰ এলানি পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়;

উত্তৰপ্ৰদেশ ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বাবে এক ডাঙৰ কেন্দ্ৰ হ’বলৈ সাজু হোৱাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয়। এইচচিএল আৰু ফক্সকনৰ নতুন কাৰখানাসমূহে উত্তৰপ্ৰদেশৰ প্ৰযুক্তিৰ শক্তিশালী স্থান হিচাপে নতুন পৰিচয় আৰু অধিক শক্তিশালী কৰিব।

"এই দশকটো ভাৰতৰ প্ৰযুক্তিৰ দশক। সেউজ শক্তিৰ পৰা আৰম্ভ কৰি কৃত্ৰিম বুদ্ধিমত্তালৈকে এই দশকত ভাৰতে প্ৰযুক্তিৰ ক্ষেত্ৰত যি কৰিছে সেয়াই আমাৰ একবিংশ শতিকাৰ শক্তিৰ আধাৰ গঢ় দিব।"

"যোৱা ১১ বছৰত ভাৰতে বাৰে বাৰে প্ৰমাণ কৰি আহিছে যে আমি যি কৰিবলৈ মনস্থ কৰিছো সেয়া আমি লাভ কৰো। ইলেক্ট্ৰনিকছ নিৰ্মাণত ইয়াৰ মাত্ৰ এটাই নহয়, বহু উদাহৰণ আছে।"

****


MJPS/ST/DB


(ৰিলিজ আই ডি : 2239330) অতিথি কক্ষ : 27