ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ত পেক্স চিলিকাৰ সৈতে ভাৰতৰ অংশগ্ৰহণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কৌশলগত প্ৰযুক্তি সহযোগিতা অধিক শক্তিশালী কৰিছে
পেক্স চিলিকা পদক্ষেপৰ উদ্দেশ্য হৈছে বিশ্বজুৰি চিলিকন ষ্টেকক সুৰক্ষিত আৰু গণতান্ত্ৰিকভাৱে পৰিচালনা কৰা
ভাৰতৰ নিৰন্তৰ প্ৰগতিয়ে ছেমি কণ্ডাক্টৰ ক্ষেত্ৰত নেতৃত্বক শক্তিশালী কৰি তুলিছে: শ্ৰী অশ্বিনী বৈষ্ণৱ
পোষ্ট কৰা হৈছে:
20 FEB 2026 12:56PM by PIB Guwahati
ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬ৰ পঞ্চম দিনটোত ভাৰত আৰু আমেৰিকাৰ মাজত কৌশলগত প্ৰযুক্তি আৰু যোগান শৃংখলৰ সহযোগিতা শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ভাৰতে আনুষ্ঠানিকভাৱে পেক্স চিলিকা মিত্ৰতাত যোগদান কৰে। এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত দুয়োখন দেশৰ শীৰ্ষ চৰকাৰী বিষয়াসকল উপস্থিত হয়, যিয়ে এআই-চালিত বিশ্ব অৰ্থনীতিৰ শক্তি প্ৰদানকাৰী প্ৰযুক্তিগত আন্তঃগাঁথনি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে।
গুৰুত্বপূৰ্ণ খনিজ আৰু ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ পৰা উন্নত এআই প্ৰণালী আৰু স্থাপনৰ আন্তঃগাঁথনিলৈকে পেক্স চিলিকাক বিশ্বাসযোগ্য ৰাষ্ট্ৰসমূহৰ এক কৌশলগত মিত্ৰতা হিচাপে কল্পনা কৰা হৈছে, যিয়ে "চিলিকন ষ্টেক" ৰ সুৰক্ষাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই পদক্ষেপৰ উদ্দেশ্য হৈছে বৈশ্বিক যোগান শৃংখলত অত্যধিক ঘনত্ব হ্ৰাস কৰা, অৰ্থনৈতিক চাপ ৰোধ কৰা আৰু উদীয়মান প্ৰযুক্তিৰ বিকাশ আৰু পৰিচালনা মুক্ত, গণতান্ত্ৰিক সমাজৰ দ্বাৰা হোৱাটো নিশ্চিত কৰা।
সভাত ভাষণ প্ৰদান কৰি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এই মুহূৰ্তক কেৱল আনুষ্ঠানিক চুক্তিতকৈ বহু বেছি তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয়, "আমি কেৱল এখন সন্মিলন আয়োজন কৰা নাই, আমি ভৱিষ্যত নিৰ্মাণ কৰিছো। নৱ প্ৰজন্মৰ বাবে নতুন ভেটি আৰু নতুন সুযোগ সৃষ্টি কৰা হৈছে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
স্বাধীনতাৰ পিছত চক্রবৃদ্ধিৰ শক্তিৰ কথা উল্লেখ কৰি তেওঁ কয়, 'যদি আমি ১৯৪৭ চনৰ পৰা ভাৰতৰ বিকাশৰ দিশটো চাওঁ, আমি সকলোৱে চক্রবৃদ্ধিৰ প্ৰভাৱৰ কথা কল্পনা কৰিব পাৰো। দেশৰ ক্ৰমবৰ্ধমান ছেমি কণ্ডাক্টৰ সামৰ্থ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয়, "আজি ভাৰতৰ প্ৰতিভাৱান অভিযন্তাসকলে বিশ্বৰ সবাতোকৈ উন্নত দুই নেন'মিটাৰ চিপছ ডিজাইন কৰিছে। ছেমি কণ্ডাক্টৰ উদ্যোগত প্ৰায় ১০ লাখ নতুন দক্ষতাসম্পন্ন ব্যক্তিৰ প্ৰয়োজন হ'ব আৰু এয়া ভাৰতৰ বাবে এক বৃহৎ সুযোগ।
এই অনুষ্ঠানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্থিক বিকাশ, শক্তি আৰু পৰিৱেশ পৰিক্ৰমা বিভাগৰ সচিব জেকব হেলবাৰ্গে ঘোষণাটো "কেৱল কাগজৰ চুক্তি নহয়, বৰঞ্চ এক অংশীদাৰ ভৱিষ্যতৰ বাবে এক ৰোডমেপ" বুলি অভিহিত কৰে।
দুয়োখন দেশৰ গণতান্ত্ৰিক ইতিহাসৰ কথা উল্লেখ কৰি তেওঁ কয়, "আজি আমি যেতিয়া পেক্স চিলিকা ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছো, আমি অস্ত্ৰ-শস্ত্ৰৰ ওপৰত নিৰ্ভৰশীলতা আৰু ব্লেক মেইলিংক নুই কৰিছো। একলগে আমি পুনৰ দোহাৰিছো যে অৰ্থনৈতিক সুৰক্ষা হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা।
এই পদক্ষেপৰ আঁৰৰ বহল আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, "আমি ভৱিষ্যতৰ সকলো সম্পদ সুৰক্ষিত কৰি ৰাখিছো- পৃথিৱীৰ গভীৰতাত থকা খনিজ, আমাৰ গৱেষণাগাৰ আৰু নিৰ্মাণ ইউনিটসমূহত থকা চিলিকন ৱেফাৰ, আৰু মানৱীয় সামৰ্থ্যক উদঘাটন কৰিব পৰা বুদ্ধিমত্তা।
এই ভাবধাৰাৰ প্ৰতি সমৰ্থন জনাই ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গ'ৰে পেক্সিলিকাত ভাৰতৰ প্ৰৱেশক "কৌশলগত আৰু আৱশ্যকীয়" বুলি অভিহিত কৰে।
তেওঁ কয়, পেক্স চিলিকা হৈছে সেই মিত্ৰতা যিয়ে একবিংশ শতিকাৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিগত ব্যৱস্থাক সংজ্ঞায়িত কৰিব। ই সম্পূৰ্ণ চিলিকন ষ্টেক সুৰক্ষিত কৰিবলৈ ডিজাইন কৰা হৈছে, খনিৰ পৰা আৰম্ভ কৰি য'ত আমি গুৰুত্বপূৰ্ণ খনিজবোৰ খান্দি লওঁ, চিপ নিৰ্মাণ কৰা কাৰখানালৈ, আৰু ডাটা চেণ্টাৰলৈ য'ত আমি অত্যাধুনিক এআই ব্যৱহাৰ কৰো।
ইণ্ডিয়া এআই ইম্পেক্ট সন্মিলনত স্বাক্ষৰিত চুক্তিৰ পৰা এটা স্পষ্ট বাৰ্তা পোৱা গৈছে- কৃত্ৰিম বুদ্ধিমত্তা আৰু উন্নত প্ৰযুক্তিৰ ভৱিষ্যত কাকতালীয়ভাৱে এৰি দিয়া নহ'ব। স্বাধীনতা, অংশীদাৰিত্ব আৰু দীৰ্ঘকালীন স্থিতিস্থাপকতাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ ৰাষ্ট্ৰসমূহৰ দ্বাৰা ইয়াক সুপৰিকল্পিতভাৱে নিৰ্মাণ কৰা হ'ব।



***
Manish Shiva Zole / Kanishk Sharma/Dipankar
(ৰিলিজ আই ডি : 2238737)
অতিথি কক্ষ : 33